অসীমত যাৰ হেৰাল সীমা: অসমীয়া উপন্যাস

অসীমত যাৰ হেৰাল সীমা প্ৰয়াত ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্মনামেৰে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস৷ এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণ তথা জন্মান্তৰবাদৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৫ চনৰ ১৫ জুলাইত। অসমৰ আগশাৰীৰ থিয়েটাৰ গোষ্ঠী কহিনুৰ থিয়েটাৰে, এই উপন্যাসখন প্ৰথমতে ১৯৮৩ চনত (নাট্যৰূপ নাট্যসম্ৰাট প্ৰফুল্ল বৰা) আৰু ২০০৮ চনত(নাট্যৰূপ হেমন্ত দত্ত) মঞ্চস্থ কৰিছিল৷

অসীমত যাৰ হেৰাল সীমা  
লেখক ভুৱন মোহন বৰুৱা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ সামাজিক উপন্যাস,কল্পকাহিনী
মিডিয়া প্ৰকাৰ মুদ্ৰণ

লেখকৰ পৰিচয়

১৯১৪ চনত ব্ৰিটিছ ভাৰতৰ প্ৰদেশ অসমৰ ৰাজধানী শ্বিলঙত ভুৱন মোহন বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ভৈৰৱ চন্দ্ৰ বৰুৱা। তেখেতৰ মাক আছিল প্ৰখ্যাত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ কন্যা। যোৰহাটৰ প্ৰিঞ্চ অৱ ৱেলচ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা পাঠ্যক্ৰম সমাপ্ত কৰি ডিগবৈত তেল কোম্পানীৰ চাকৰিত যোগদান কৰে। এঘাৰ বছৰ চাকৰি কৰাৰ অন্তত তেখেতে পুনৰ শ্বিলঙলৈ উভতি যায়।

বৰুৱাই অসম চৰকাৰৰ অধীন চলচ্চিত্ৰ বিত্তীয় ব্যৱস্থাপক সমিতি (Film Finance Board)ৰ এজন সদস্য হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও তেখেত এজন শিল্পী ৰূপেও জনাজাত আছিল। তেখেতে বহুতো নাটক পৰিচালনা কৰিছিল।

তেখেত অবিবাহিত আছিল, পৰিয়ালত দুজন ভাই ককাই আৰু দুগৰাকী ভগ্নী আছিল।

অসম চৰকাৰে তেখেতৰ কৰ্মৰ প্ৰতি সন্মান জনাই শিল্পী পেঞ্চন আগবঢ়াইছিল।

১৯৯৮ চনৰ ১০ মে’ত তেখেতে শ্বিলঙত দেহত্যাগ কৰে।

কাহিনীৰ সাৰাংশ

এটা সপোনক আধাৰ কৰি “অসীমত যাৰ হেৰাল সীমা” উপন্যাসখনৰ কাহিনীয়ে গতি কৰিছে। উপন্যাসখনৰ আৰম্ভণিতে কাহিনীকাৰৰ নিজাকৈ এটা সৰু সপোন। আধৰুৱা সপোনটোৱে পূৰ্ণতা পোৱাৰ আগতেই তাত কাহিনীকাৰৰ বাস্তৱ জীৱনৰ চাৰি বন্ধুৱে দখল দিয়ে।( বন্ধুবৰ্গৰ এজন প্ৰফেছৰ, এজন কবি, এজন ডাক্তৰ আৰু আনজন কাহিনীকাৰৰ দৰেই কেৰাণী)। উদ্দেশ্য পাঁচ বন্ধুৱে লগ হৈ এক অভিনৱ অৱসৰ বিনোদন উপভোগ কৰা। জনসমাগম এৰি দিহিঙৰ বুকুৱেদি নাৱেৰে উজাই গৈ কোনোবা অজান মুলুকলৈ ঢাপলি মেলাৰ প্ৰয়াস। প্ৰায় এমাহজোৰা এই আয়োজন। নাৱেৰে উজাই গৈ পোন্ধৰ দিন পাৰ হোৱাৰ পাছত তেওঁলোকে জনপ্ৰাণীহীন অটব্য অৰণ্যৰ মাজত হঠাৎ অভাৱনীয়ভাৱে সাক্ষাৎ পায় সভ্য সমাজৰ ছাঁটো নপৰা কিছু আদিম আদিবাসীৰ। কৌতূহলৰ বশৱৰ্তী হৈ তেওঁলোকে নাও এৰি পাৰলৈ নামি পৰিল। সেই আদিম মানুহখিনিৰ আটাইতকৈ বয়সস্থজনে তেওঁলোকৰে এজন নাৱৰীয়াৰ সৈতে দুই চাৰিটা কথা বিনিময় কৰাত সক্ষম হ’ল। তেওঁলোকক পাই মানুহজাক সুখী হ’ল। গোটেইবোৰে লগ হৈ ভোজ-ভাত খালে। নিশাটো তাতে কটালে। পুৱা পুনৰ যাত্ৰা আৰম্ভ কৰিব খোজাতহে লেঠাটো লাগিল। নাৱৰীয়াকেইজনে বিদ্ৰোহ কৰিছে। তেওঁলোক আৰু আগলৈ নাযায়। তাৰপৰা আগলৈ আৰু উজাই গ’লে হেনো ভয়ংকৰ বিপদত পৰিব লগা হ’ব। তাৰপৰা কোনো কেতিয়াও উজাই যোৱা নাই। মৰসাহেৰে কোনো গ’লেও সি আৰু ঘূৰি অহা নাই। কালিকা লগা ঠাই-গোসাঁনী আছে। গ’লেই নিশ্চিত মৰণ। প্ৰায় জেদ কৰিয়েই পাঁচ বন্ধুৱে নাও মেলি দিলে। প্ৰকৃতিৰ অপৰূপ শোভা চাই চাই আগবাঢ়োঁতেই নিশাৰ আন্ধাৰত কোবাল বতাহ-বৰষুণ-ধুমুহাই তেওঁলোকক উটুৱাই নি ক’ৰবাত পেলায়গৈ। দিনৰ পোহৰত নিশাৰ ভয়াৱহতাৰ কথা পাহৰি অলপ সুস্থিৰ হ’ব খোজোঁতেই বন্ধুবৰ প্ৰফেছৰে আন এক চমক দিয়ে। ধুমুহাৰ তাণ্ডৱে তেওঁক ওভতাই লৈ যায় তেৰশ বছৰ পুৰণি তেওঁৰ জন্মভূমিলৈ, অতীত জীৱনলৈ। মূল কাহিনী আৰম্ভ হয় তাৰ পৰা।

তেৰশ বছৰ পুৰণি প্ৰফেছৰৰ জন্মভূমিৰ নাম আছিল “কমলনগৰ” আৰু তাৰ মাজেৰে বৈ যোৱা নৈখনৰ নাম আছিল “কাঞ্চনমতী”। প্ৰায় পঁচিছ হাজাৰ মানুহৰ বাসভূমি এই কমলনগৰৰ আয়তন দীঘলে দহ মাইল আৰু বহলে আঠ মাইলতকৈ বেছি নহয়। কমল-নগৰক পূবৰপৰা পশ্চিমলৈ এডাল সৰলৰেখাৰ দৰে বৈ যোৱা কাঞ্চনমতীয়ে সমানে দুভাগ কৰিছে। কিন্তু দুয়োটা ভাগ প্ৰায় সমান হ’লেও, উত্তৰপাৰৰ তুলনাত দক্ষিণপাৰত মানুহৰ দুগুণ বসতি আছিল। কাঞ্চনমতীৰ ওপৰত ইটাৰে গঢ়া বিৰাট পকীদলংখনৰ নাম আছিল “বগা-দলং”। কমলনগৰৰ লগত ৰাজধানী বা ৰজাৰ সম্পৰ্ক ৰক্ষা কৰিছিল কেৱল মাত্ৰ এজন ৰাজবিষয়াই। বছৰেকত মাথোঁ এবাৰ ৰাজ-দৰবাৰলৈ গৈ কৰ আৰু কমলনগৰৰ ভাল-বেয়া, আয়-ব্যয় আদি সকলো বছৰটোৰ কাৰণে জনাই আহিব লগাত পৰিছিল। গোটেই নগৰৰ শান্তি, সমৃদ্ধি একান্তভাৱে নিৰ্ভৰ কৰিছিল এই প্ৰধান ৰাজবিষয়াৰ ওপৰত। প্ৰকৃততে তেৱেঁই আছিল কমল নগৰৰ একছত্ৰী অধিপতি।

”ৰঙাটিলা”ৰ বাসিন্দা লক্ষ্মীনাৰায়ণ প্ৰধান আৰু প্ৰথম ৰাজবিষয়া। অশোক দ্বিতীয় ৰাজবিষয়া। অশোকৰ আবাসস্থলৰ নাম “ৰূপালীপাম”। অশোকৰ পত্নী উমা আৰু দুই কন্যা মণি-আৰতি। লক্ষ্মীনাৰায়ণৰ একমাত্ৰ কন্যা গৌৰী। মাতৃহীনা গৌৰী উমাৰ বৰ আদৰৰ। আটায়ে লগ হৈ মাঘবিহু উপলক্ষে খেলমাটিত হোৱা ম’হযুঁজ চাবলৈ যায়। ইপিনে কৈশোৰৰ অভিন্ন লগ চন্দনক লগত লৈ অশোকেও বকুলপুৰৰ পৰা বাহিৰে বাহিৰে খেলমাটিত ভৰি দিয়েগৈ। তাতেই প্ৰথম গৌৰীৰ সৈতে মুখামুখি হয় চন্দনৰ। সেই প্ৰথম দৰ্শনৰ পৰাই চন্দন আৰু গৌৰীৰ মাজত অহি-নকুল সম্পৰ্ক। কিন্তু দিন বাগৰাৰ লগে লগে চন্দন-গৌৰীৰ হৃদয়ত মৰমৰ বা বলে। ভালপোৱাৰ সুবাসে দুয়োকো আবৰি আনে। তেনেতে তাত বিধি-পঠালি দিয়ে শুকুলাই। শুকুলা চন্দনৰ মৰমৰ ঘোঁৰাজনীৰ নাম। ইফালে আত্মগৌৰৱতেই হওক বা অহংকাৰতেই হওক গৌৰীয়ে কাকো সুধিব নোৱাৰে শুকুলাৰ কথা। অভিমানত গৌৰীৰ মনত ঈৰ্ষাৰ সৃষ্টি হয়। আনহাতে আকৌ চন্দনৰ প্ৰেমৰ জুইকুৰাত ইন্ধন যোগায় চম্পাই। চন্দনৰ আজন্ম লগৰী চম্পা। কমলনগৰৰ আটাইতকৈ ৰূপৱতী-গুণৱতী ছোৱালীজনী হ’ল চম্পা। চন্দনৰ আশৈশৱ লগৰী চম্পা। চন্দনৰ প্ৰতি চম্পাৰ বুকুত বৈ থাকে নেদেখা কাঞ্চনমতী এখন। কোনেও তাৰ ভূ-কে নাপায়। দিনবোৰ সুকলমে সুখ-শান্তিৰে গৈ থাকে। উমাই চন্দন-গৌৰীৰ কাজিয়াখনৰ নিষ্পত্তি ঘটাওঁ বুলি লওঁতেই কমলনগৰক দুৰ্য্যোগে বেঢ়ি ধৰে। ৰাজধানীৰপৰা বাতৰি আহে দেশখন মহা-পৰাক্ৰমী শত্ৰুৰ কবলত পৰাৰ। ৰাজধানীৰ উত্তৰ, পশ্চিম, পূব সকলোফালে শত্ৰুৱে প্ৰতিখন নগৰকে আক্ৰমণ কৰিছে। তাতোকৈ মৰ্মান্তিক খৰবটো হ’ল এটা শক্তিশালী দল আগবাঢ়িছে কমলনগৰৰ ফালে। ৰাজধানীৰপৰা ন্যূনতমো সাহায্য পোৱাৰ আশা নাই। ল’ৰা-বুঢ়া-ডেকা-গাভৰু সকলোৱে মিলি শক্তিয়ে আঁটেমানে শত্ৰুৰ স’তে যুঁজ দিয়ে। যুঁজত লক্ষ্মীনাৰায়ণৰ মৃত্যু হয়। যুঁজৰ নিষ্ঠুৰতাই ন বছৰীয়া শ্যামকো ৰেহাই নিদিলে। ল’ৰা-বুঢ়া-ডেকা-ডেকেৰী কোনো বাদ নগ’ল। হাজাৰ হাজাৰ মানুহ মৰি ভূত হ’ল। তথাপি ৰণত শত্ৰুৰ পৰাজয় হ’ল। কিন্তু এই ৰণে কমলনগৰৰ প্ৰাণ কাঢ়ি নিলে। চন্দন চিৰজীৱনলৈ ঘুণীয়া হ’ল। কমলনগৰ মৰিশালিত পৰিণত হ’ল। শত্ৰুৰ বাণে বুকু বিন্ধি যোৱা চম্পাই মৃত্যুৰ ওচৰত হাৰ মানিলে। কিন্তু মৃত্যুৰ আগে আগে চন্দনে উপলব্ধি কৰে চম্পাৰ আপুৰুগীয়া প্ৰেম। জীয়াই থাকোঁতে এদিনলৈ চম্পাক বুজি নোপোৱা চন্দনে মৃত্যুৰ পাছত বুজি উঠে চম্পাৰ হাঁহিৰ আৱৰণৰ অৰ্থ। কালৰ কুটিল গতিয়ে নিঃশেষ কৰি পেলায় কমলনগৰৰ অস্তিত্ব।

চৰিত্ৰসমূহ

লক্ষ্মীনাৰায়ণ, অশোক, চন্দন, পাৰ্বতী, উমা, গৌৰী, চম্পা, ৰমা, ৰাধা, ৰূপহী, জয়া, মতি, তিলক, কেতেকী, মুকুতা, যদু খুৰা, নবীন আতৈ, আৰতি, মণি, যশোদা, আইদেউতা, বকুলীবাই, বৃন্দা, মনোহৰ বুঢ়া, আনন্দ, দেবযানী, ৰাম, শ্যাম, ডাক্তৰ, প্ৰফেচৰ, ফুকন, কবি লগতে লেখক।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

অসীমত যাৰ হেৰাল সীমা লেখকৰ পৰিচয়অসীমত যাৰ হেৰাল সীমা কাহিনীৰ সাৰাংশঅসীমত যাৰ হেৰাল সীমা চৰিত্ৰসমূহঅসীমত যাৰ হেৰাল সীমা তথ্য সংগ্ৰহঅসীমত যাৰ হেৰাল সীমা বাহ্যিক সংযোগঅসীমত যাৰ হেৰাল সীমাঅসমঅসমীয়া উপন্যাসকহিনুৰ থিয়েটাৰভুৱন মোহন বৰুৱা

🔥 Trending searches on Wiki অসমীয়া:

ফিফা বিশ্বকাপছ'ভিয়েট সংঘতাল (বাদ্যযন্ত্ৰ)কামৰূপ ৰাজ্যস্বৰূপ সম্পত২০২৩গণৰাজ্য দিৱস (ভাৰত)মহা মৃত্যুঞ্জয় মন্দিৰপোৱামক্কাশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘশ্ৰী সূৰ্য পাহাৰতেজপুৰপৰ্যাবৃত্ত তালিকাভৌতিক সংস্কৃতিজয়সাগৰ পুখুৰীজেং বিহুনৱবিধা ভক্তিঈয়াৰুইঙ্গমকলিমাকমলাকান্ত ভট্টাচাৰ্য্যমহাভাৰতমিডিয়াৱিকিশিমলুসতী সাধনীৰুক্মিণী হৰণ নাটফাট বিহুতাম্ৰেশ্বৰী মন্দিৰকলবিজ্ঞানঅৰুণোদয় আঁচনিবিশেষ শিক্ষানেপালকীৰ্তন-ঘোষাপৰিয়ালচুটিগল্পলিংগভিত্তিক অধ্যয়নগাঁও পঞ্চায়তঅসমীয়া লিপিৰ বুৰঞ্জীভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫অসমৰ বিলসমূহৰ তালিকালোকবিশ্বাসসংস্কৃত ভাষাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাউদাৰনৈতিকতাবাদইণ্টাৰনেট২৬ মাৰ্চদিনলিপিফ্ৰান্সইছলামবাংলাদেশৰ মুক্তিযুদ্ধৰঘুনাথ চৌধাৰীভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাভাৰতৰ প্ৰধানমন্ত্ৰীনৱ-বৈষ্ণৱ ধৰ্মডিব্ৰুগড়অলিম্পিকৰামমোহন ৰায়নাৰীবাদ আৰু সমতাশিশু সাহিত্যভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যকালিদাসনাৰীচৰক সংহিতালক্ষ্মীনন্দন বৰাফৰাচী বিপ্লৱভাৰতৰ শাস্ত্ৰীয় নৃত্যগৰু বিহুনলবাৰী জিলাশিৱসাগৰ জিলামধ্যাহ্ন ভোজন আঁচনিমোৰ জীৱন সোঁৱৰণসংস্কৃত সাহিত্যসন্ধি🡆 More