কম্পিউটাৰ হাৰ্ডৱেৰ

এটি কম্পিউটাৰক সাধাৰণতে দুভাগত ভাগ কৰা হয়: হাৰ্ডৱেৰ আৰু চফ্টৱেৰ। হাৰ্ডৱেৰ হৈছে সেইখিনি অংশ, যাক চকুৰে দেখা যায় আৰু স্পৰ্শ কৰিব পৰা যায়। উদাহৰণ স্বৰূপে মনিটৰ, মাউচ, মাডাৰবৰ্ড, হাৰ্ড ডিস্ক ইত্যাদি। বিভিন্ন কম্পিউটাৰ হাৰ্ডৱেৰ অংশৰে এটি ব্যক্তিগত কম্পিউটাৰ তৈয়াৰ কৰা হয়। তাৰ পাছত ইয়াত অপাৰেটিং চিষ্টেম ইনষ্টল কৰা হয় আৰু ব্যৱহাৰকাৰীৰ প্ৰয়োজন অনুসৰি বিভিন্ন চফ্টৱেৰ ইনষ্টল কৰা হয়।

কম্পিউটাৰ হাৰ্ডৱেৰ
আধুনিক ব্যক্তিগত কম্পিউটাৰৰ হাৰ্ডৱেৰসমূহ:
1. মনিটৰ
2. মাডাৰবৰ্ড
3. চি পি ইউ
4. RAM
5. এক্সপান্সন কাৰ্ড
6. শক্তি বিতৰণ ইউনিট
7. অপ্টিকেল ডিস্ক ড্ৰাইভ
8. হাৰ্ড ডিস্ক ড্ৰাইভ
9. কীবৰ্ড
10. মাউচ

কম্পিউটাৰ হাৰ্ডৱেৰৰ শ্ৰেণীবিভাজন

হাৰ্ডৱেৰসমূহক বিভিন্ন ধৰণে শ্ৰেণীবিভাজন কৰিব পৰা যায়। ইয়াত প্ৰক্ৰিয়াকৰণৰ স্তৰ অনুসৰি শ্ৰেণীবিভাজিত কৰা হৈছে:

  1. ইনপুট যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক নিৰ্দেশ প্ৰদান কৰিব পাৰি অৰ্থাৎ ইনপুট দিব পাৰি, সেইবোৰক ইনপুট যন্ত্ৰ বোলা হয়। যেনে: কীবৰ্ড, মাউচ আদি।
  2. প্ৰক্ৰিয়াকৰণ যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক প্ৰদত্ত নিৰ্দেশ প্ৰচেচ বা প্ৰক্ৰিয়া কৰা হয়, তাকে প্ৰক্ৰিয়াকৰণ বা প্ৰচেচিং যন্ত্ৰ বোলা হয়। কীবৰ্ডৰ সহায়ত প্ৰদান কৰা নিৰ্দেশ কীবৰ্ড পোৰ্টৰ মাধ্যমত মাডাৰবৰ্ড পাইগৈ, য’ত তাক প্ৰচেচ কৰা হয়। সেয়ে মাডাৰবৰ্ড হৈছে এটা প্ৰক্ৰিয়াকৰণ যন্ত্ৰ।
  3. আউটপুট যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক প্ৰদত্ত নিৰ্দেশৰ ফলাফল দেখা যায়, সেইবোৰক আউটপুট যন্ত্ৰ বোলা হয়। যেনে: মনিটৰ, প্ৰিণ্টাৰ আদি।
  4. সংৰক্ষণ যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা প্ৰকৃয়াকৃত তথ্য বা ফলাফল সংৰক্ষণ কৰা হয়, সেইবোৰক সংৰক্ষণ বা ষ্টোৰেজ যন্ত্ৰাংশ বোলা হয়। যেনে: চিডি ৰোম, হাৰ্ড ডিস্ক আদি।

তথ্যসূত্ৰ

Tags:

অপাৰেটিং চিষ্টেমকম্পিউটাৰকম্পিউটাৰ মাউচ

🔥 Trending searches on Wiki অসমীয়া:

পাল ৰাজবংশহেমকোষয়ুৰি গেগেৰিনভূমিদান প্ৰথামহাকাব্যযৌতুকশ্বজিবু নোংমা পানবাযতি-চিনভাষাবিজ্ঞানবৰ্মণ ৰাজবংশভূপেন্দ্ৰ সংগীতহিচাপবিদ্যাকোৰআনযোৰহাট জিলাডিমাছা ভাষাচৰ্যাপদৰেখাদ্বিতীয় বিশ্বযুদ্ধছক্ৰেটিছনতুন দিল্লীদৈনিক অসমলাক্সেমবাৰ্গআৰ্লিং হালেণ্ডঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৱিকিমামণি ৰয়ছম গোস্বামীৰ উপন্যাসঅসমচিপাহী বিদ্ৰোহ ১৮৫৭স্নায়ুকোষবৈচাগুবধকাব্যম'লশব্দ প্ৰদূষণসাঁচিগছহাজং জনগোষ্ঠীভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাজ্যামিতিঅসমৰ তেল শোধনাগাৰদেওধনী নৃত্যসমাজতত্ত্বতেজপুৰশিৱসাগৰৰ শিৱদৌললক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানহিন্দ স্বৰাজহেম সৰস্বতীঅসমৰ মহকুমাসমূহৰ তালিকাঅসম আৰক্ষীভটিমাভাৰতীয় ৰেলচন্দ্ৰপ্ৰভা শইকীয়ানীগণতন্ত্ৰসন্ধ্যাৰাগ (চলচ্চিত্ৰ)কেঁচুধাতুব্ৰহ্মপুত্ৰ নদজল প্ৰদূষণবিশ্ব বাণিজ্য সংস্থালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীচ'মাংকানএম ভেঙ্কায়াহ নাইডুমাটিহীৰেন গোহাঁইচিলাৰায়সুভাষ চন্দ্ৰ বসুঅৰুণোদইচ্যু-খ্ৰং-ফাদেৱকান্ত বৰুৱাপৰিমেয় সংখ্যাঅসমৰ ইতিহাসপৰ্যটনঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাছ'ভিয়েট সংঘবড়ো সাহিত্য সভাঅসমৰ কুঁহিলা শিল্প🡆 More