ভূমিদান প্ৰথা

ভাৰতবৰ্ষত ব্ৰাহ্মণ আৰু ধৰ্মীয় অনুষ্ঠান- প্ৰতিষ্ঠানৰ নামত ভূমিদান কাৰ্য অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। গুপ্ত যুগতেই ভূমিদান সম্পৰ্কীয় আটাইতকৈ বেছি তথ্যপাতি পোৱা গৈছে। ভূমিদান সম্পৰ্কীয় তথ্য পাতি সাধাৰণতে তামৰ ফলি বা শিলত খোদিত কৰা হৈছিল। অসমতো খ্ৰীঃ চতুৰ্থৰ পৰা দ্বাদশ শতিকালৈকে ৰাজত্ব কৰা বৰ্মণ, শালস্তম্ভ আৰু পাল বংশৰ ৰজাসকলে বিস্তৃত পৰিমাণে ভূমিদান কৰি তামৰ ফলি মৰোৱাইছিল। এইদৰে দান দিয়া মাটিৰ স্থায়ী হিচাপ ৰাখিবৰ কাৰণে তামৰ বা শিলৰ সকলো কথা, যেনে- দান দিয়া ৰজাৰ নাম, দান লোৱাজনৰ নাম আৰু ঠিকনা, তেওঁৰ বংশগত পৰিচয় মাটিৰ পৰিমাণ আৰু অৱস্থিতি, ইয়াৰ সীমা ইত্যাদি লিখি ৰখাৰ ব্যৱস্থা কৰা হৈছিল। এই ফলিসমূহে সমসাময়িক অসমৰ কৃষি ব্যৱস্থাৰ উপৰি অৰ্থনৈতিক অৱস্থাৰো বিভিন্ন তথ্য দাঙি ধৰে। এই ফলি সমূহৰ যোগেদি সমসাময়িক কৃষি ব্যৱস্থা, কৰ ব্যৱস্থা, কৃষি আৰ্থসামাজিক সকলো দিশৰে তথ্য পাব পাৰোঁ। সাধাৰণতে ৰজাই নিজৰ যশ, খ্যাতি আৰু আশীৰ্বাদ লাভৰ কাৰণে ব্ৰাহ্মণ ধৰ্মীয় অনুষ্ঠানলৈ ভূমি দান কৰিছিল। এতিয়ালৈকে উদ্ধাৰ হোৱা প্ৰায় বিলাক লিপিয়েই কম-বেছি পৰিমাণে এই কথা প্ৰতীয়মান কৰে। অৱশ্যে মাটি-বাৰী দান কৰি ব্ৰাহ্মণসকলৰ বসতি স্থাপন কৰাটোও ৰজাসকলৰ উদ্দেশ্য আছিল। ভূতি বৰ্মনে ২০০ জনতকোয়ো অধিক ব্ৰাহ্মণক মাটি দান কৰিছিল। ১০,০০০ একক পৰিমাণৰ শস্য উৎপাদন কৰিব পৰা মাটিও দান দিয়াৰ উদাহৰণ আছে। লিপি সমূহৰ পৰা জানিব পৰি গৈছে যে কেতিয়াবা কেতিয়াবা বিশেষ কামত পাৰ্গত আৰু পাৰদৰ্শিতা দেখুওৱাৰ কাৰণেও মাটি দান কৰা হৈছিল। উদাহৰণস্বৰূপে, ধৰ্মপালৰ শুভাংকৰ পাতক লিপিত হিমাংগ নামৰ ব্ৰাহ্মণজনক  তেওঁৰ পাৰদৰ্শিতাৰ কাৰণে ৰজাই মাটি দান কৰাৰ উল্লেখ আছে। এনেদৰে দান কৰা মাটি বিগ্ৰহৰ নামত বা বিগ্ৰহৰ পূজাৰী ব্ৰাহ্মণৰ নামত নাইবা বিগ্ৰহৰ নাম  উল্লেখ নকৰাকৈ ধৰ্ম কাৰ্যৰ বাবে ব্ৰাহ্মণক দিয়া হৈছিল। ফলত অকল ব্ৰাহ্মণক দান দিয়া মাটি-বাৰীক লৈয়ে অগ্ৰহাৰ প্ৰথাৰ প্ৰচলন হয় আৰু ইয়াৰ সকলো প্ৰকাৰৰ হিচাপ-নিকাচ আৰু শাসন সম্পৰ্কীয় কাম-কাজৰ বাবে 'অগ্ৰহাৰিক' নামৰ এজন বিষয়াৰ অধীনত এটা কাৰ্যালয় প্ৰতিষ্ঠা কৰা হয়। 'কৰণ' সকলে মাটি দান কৰাৰ সকলো তথ্য পঞ্জীয়ন কৰি সংৰক্ষিত কৰে। দান কৰা মাটি কৰমুক্ত বা ভূমিছিদ্ৰ আৰু এই ভূমিৰ মালিকীস্বত্বক 'ব্ৰহ্মদেয়' বোলা হৈছিল। এনেদৰে দান দিয়া মাটিত আগৰে পৰা বসতি কৰা ৰায়তৰ পৰা চৰকাৰী খাজনা আদায়ৰ স্বত ভোগ কৰিছিল। কোনো লোককে উচ্ছেদ কৰাৰ কথা ভবা নহৈছিল। ৰায়ত নথকা খেতিৰ মাটি দান হিচাপে পালে দান গ্ৰহণকাৰীয়ে সাধাৰণতে তাত ৰায়ত বহুৱাই খেতি কৰিছিল। ইয়াৰ উপৰি কেতিয়াবা কোনো উক্ত পদবীধাৰী বিষয়াই ৰজাৰ হৈ ধৰ্মীয় গৃহ বা আশ্ৰয়স্থলী আৰু মাটি দান কৰিছিল। যিহেতু সকলো ভূমি ৰজাৰ দ্বাৰা প্ৰদান কৰা হৈছিল। মাটিৰ গৰাকী ৰজা নিজে আছিল। অৰণ্য, খনি ইত্যাদি ৰাজ্যৰ সম্পদ আছিল। তেজপুৰ আৰু বৰগাওঁ লিপিত ব্যক্তিগত দাতাৰ কথা উল্লেখ আছে যিয়ে ৰজাৰ পৰা ঘৰ, ধাননি পথাৰ, চৰণীয়া পথাৰ সহ ভূমি লাভ কৰিছিল। লিপিসমূহৰ পৰা জানিব পাৰি যে, ভূমি সমূহীয়া আৰু ব্যক্তিগত ভোগৰ বাবেও দান কৰা হৈছিল। ব্যক্তিগতভাৱে ভোগ কৰা ভূমিক 'একভোগ' আৰু সমূহীয়াভাৱে ভোগ কৰা ভূমিক 'গণভোগ' বোলা হৈছিল।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

মালিনী থানলে'ভ লাণ্ডাউটেক্‌ট'নিক প্লেটমাৰ্টিন লুথাৰ কিং, কনিষ্ঠগঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)মাতৃভাষাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যতথ্য জনাৰ অধিকাৰ আইন, ২০০৫নিৰ্মলপ্ৰভা বৰদলৈমাইলছ ব্ৰনছনযোগ দৰ্শনমাধৱদেৱবানপানীসংঘাতভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাভাৰত-আৰ্য ভাষা পৰিয়ালঅসমীয়া খাদ্যাভ্যাসঅসমৰ সমস্যাবৰষুণঅসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰমুখমৈথুনঘিলামৰাপ্ৰাকৃতিক পৰিৱেশডিব্ৰুগড়পিঠাবচন (ব্যাকৰণ)ব-দ্বীপআৰুবাকীৰ্তন ঘোষা সংকলনআন্তৰ্জাতিক নাৰী দিৱসসনামহী ধৰ্মলখিমপুৰ (লোকসভা সমষ্টি)নৱকান্ত বৰুৱাঅভিযন্তাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাকাৰ্বি জনগোষ্ঠীবহনক্ষম উন্নয়নৰ লক্ষ্যঅনুবাদপ্ৰকৃতিকানাই বৰশী বোৱা শিলালিপিবিহুৰ সাজ-পোচাক আৰু অলংকাৰজ্ঞানপীঠ বঁটামাৰ্ক্সবাদনীলপৱন বৰুৱাৰমজানলীলা গগৈভাৰতফিজিৰ শ্ৰুতিকথাবিবাহকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানহৰি-হৰ যুদ্ধনামচিংৰাষ্ট্ৰসংঘভূটানপোৱামক্কাচন্দ্ৰপ্ৰভা শইকীয়ানীইৰানক্ৰমবিকাশচম্পু কাব্যহয়গ্ৰীৱ মাধৱ মন্দিৰসাধাৰণ আপেক্ষিকতাবাদভগ্নাংশ (গণিত)বিষ্ণুলখিমপুৰ জিলাখ্ৰীষ্টান ধৰ্মঅসমীয়া যুক্তাক্ষৰগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাঅসমউদাৰনৈতিকতাবাদসিন্ধু সভ্যতাবিহু নৃত্যসংস্কৃত সাহিত্যআনন্দৰাম ঢেকিয়াল ফুকন🡆 More