গৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকা

গৱেষণাৰ সংজ্ঞা:

  • গৱেষণা শব্দটোৰ অৰ্থ হ'ল বিচৰা বা অনুসন্ধান কৰা। এই অৰ্থত এই সংস্কৃত শব্দটোৰ ব্যৱহাৰ 'ঋকবেদ'ৰ সময়ৰ পৰা পোৱা গৈছে। শব্দটো গৱ (গৌ শব্দৰ পৰা হোৱা গো- শব্দৰ লগত যুক্ত) শব্দৰ পৰা উদ্ভূত।
  • গৱেষণা হ'ল জ্ঞানৰ সমৃদ্ধিৰ বাবে কৰা পদ্ধতিগত অনুসন্ধান।
  • ডি শ্লাৰিংগাৰ আৰু এম ষ্টিফেনচনৰ মতে, "গৱেষণা হ'ল জ্ঞানৰ শুদ্ধতা অথবা জ্ঞান বৃদ্ধিৰ উদ্দেশ্যে হোৱা বিষয়, বস্তু অথবা প্ৰতীক আদিৰ এনে প্ৰয়োগ, য'ত গৱেষণাই কোনো নতুন তত্ত্ব প্ৰণয়ন কৰে অথবা নতুন কলাৰ অনুশীলন কৰে।"
  • জে ফ্ৰেন্সিছ ৰুমেলৰ মতে গৱেষণা হ'ল এনে এক প্ৰকাৰৰ প্ৰচেষ্টা, যাৰ জৰিয়তে জ্ঞানৰ আৱিষ্কাৰ, জ্ঞানৰ বিকাশ আৰু জ্ঞানৰ সত্য প্ৰতিপন্ন কৰা হয়। উদ্দেশ্য আৰু গঠনৰ দিশৰ পৰা গৱেষণাৰ গোটেই প্ৰক্ৰিয়াটোৱেই হ'ল সত্যান্বেষণৰ প্ৰক্ৰিয়া।
  • ক্লিফৰ্ড উদিৰ মতে গৱেষণাত কোনো স্বৰূপ উদ্‌ঘাটন, তাৰ মূল্যায়ন আৰু প্ৰয়োজন সাপেক্ষে পুনৰ উদ্‌ঘাটন আদি বিভিন্ন দিশ জড়িত হৈ থাকে। সেই কাৰণে গৱেষণাকৰ্মৰ সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰাক্ -কল্পনা অথবা লাভ কৰিবলগীয়া সিদ্ধান্তৰ পূৰ্বানুমান, তথ্য সংগ্ৰহ, সংৰক্ষণ, পৰীক্ষণ আৰু মূল্যায়ন আদি কাৰ্য সম্পন্ন কৰা হয়। পিছৰ পৰ্যায়ত কোনো সমাধান অথবা সিদ্ধান্তত উপনীত হ'বলৈ তথ্যৰ সংযোজন বিয়োজনো ঘটোৱা হয়। আৰু সামৰণিত সংযোজন- বিযোজন প্ৰক্ৰিয়াৰ মাজেৰে নিষ্কাশিত তথ্যৰ লগত সতৰ্কতাৰে প্ৰাক-কল্পনাৰ তুলনা কৰি নতুন সিদ্ধান্তত উপনীত হ'বলৈ প্ৰয়াস কৰা হয়।
  • ৰেডুমেন আৰু মেৰীয়ে গৱেষণাক নতুন জ্ঞান আহৰণৰ এক প্ৰকাৰ পদ্ধতিগত প্ৰয়াস বুলি অভিহিত কৰিছে।
  • ডি মাৰিংগাৰ আৰু এম ষ্টিফেন্‌চনে “এনচাইক্লপেডিয়া অব চ'ছিয়েল ছাইঞ্চ”ত কৈছে যে গৱেষণা হ'ল জ্ঞানৰ শুদ্ধতা অথবা বৃদ্ধিৰ উদ্দেশ্যে হোৱা বিষয়, বস্তু অথবা প্ৰতীক আদিৰ এনে প্ৰয়োগ, য'ত গৱেষণাই কোনো নতুন তত্ত্ব প্ৰণয়ন কৰে অথবা নতুন কলাৰ অনুশীলন কৰে।
  • জীন ডব্লিউ বেটছয়ে কৈছে, যে গৱেষণা হ'ল একপ্ৰকাৰ পদ্ধতিগত আৰু বস্তুনিষ্ঠ বিশ্লেষণ। ইয়াত পৰ্যবেক্ষণৰ এনে কিছুমান নিয়ন্ত্ৰণৰ দ্বাৰা তথ্য-প্ৰমাণ সংৰক্ষণ কৰা হয়, যাৰ বিকাশ সাধন কৰি আকাংক্ষিত ফলাফল অথবা সম্ভাব্য সমাধান সূত্ৰত উপনীত হ'ব পাৰি। ইয়াৰ জৰিয়তে শেষ সিদ্ধান্তত কোনো সাধাৰণ নীতি বা তত্ত্বত উপনীত হ'ব পৰা যায়।

অসমীয়া ভাষাত প্ৰাপ্ত গৱেষণামূলক গ্ৰন্থ

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯শিশু সাহিত্যমহাভাৰতভাওনাৰিয়ান পৰাগকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক্ষহীৰেন গোহাঁইসাধাৰণ আপেক্ষিকতাবাদবিশ্ব পৰিৱেশ দিৱসমানস ৰাষ্ট্ৰীয় উদ্যানভগ্নাংশ (গণিত)আয়ুৰ্বেদকোচ ৰাজবংশীউপভাষাজাতনামপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শন২৮ মাৰ্চসাহিত্যৰ সমাজতত্ত্বহিউৱেন-চাংকৃষ্ণপ্লাষ্টিকনামচিংঢোলষ্ট্ৰবেৰীসপ্তকাণ্ড ৰামায়ণঅসমৰ পৰম্পৰাগত সাজ-পাৰকোচ ৰাজবংশমাধৱ কন্দলিসংখ্যামণিপুৰ সংঘৰ্ষ ২০২৩অসমৰ মন্ত্ৰ-সাহিত্যকপিৰাইটচন্দ্ৰযান-৩আব্ৰাহামিক ধৰ্মৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানঅসম সাহিত্য সভাবতাহকামৰূপ ৰাজ্যকনকলতা বৰুৱাসন্ধিধোদৰ আলিবিজ্ঞাপনভাৰতীয় শিল্পকলাআন্তৰ্জাতিক নাৰী দিৱসপৰিৱেশ অধ্যয়নকোৰআনএৰিষ্ট'টলপ্ৰথম বিশ্বযুদ্ধকাৰেণ উলেনবেকছুনামি৩১ মাৰ্চপদ্ম পুৰাণজুইসাহিত্য সমালোচনামানুহমে ডাম মে ফিঅসম বিধানসভাদৰিদ্ৰতাভাৰতৰ নিৰ্বাচন আয়োগফেইচবুকতিৱা জনগোষ্ঠীঅসমৰ জনগোষ্ঠীমহা মৃত্যুঞ্জয় মন্দিৰজনপ্ৰব্ৰজনঅসীমত যাৰ হেৰাল সীমানাৰায়ণদেৱগাঁওবুঢ়া (নাটক)বাগ্‌ধ্বনিহিমালয়ইৰাকপৰ্যাবৃত্ত তালিকানিৰুপমা বৰগোহাঞিপৰিৱেশ তন্ত্ৰডিম্পু বৰুৱাচাহেবপুৰাৰ বৰষুণ🡆 More