বিশ্ব বাণিজ্য সংস্থা

বিশ্ব বাণিজ্য সংস্থা (ইংৰাজী: World Trade Organization) বা চমুকৈ ডব্লিউ টি অ’ (WTO) হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উদাৰীকৰণৰ উদ্দেশ্যৰে গঠিত এক আন্তৰ্জাতিক সংগঠন। ১৯৪৮ চনত গঠন হোৱা জেনেৰেল এগ্ৰীমেণ্ট অন টেৰিফছ এণ্ড ট্ৰেড (General Agreement on Tariffs and Trade) বা চমুকৈ গেট (GATT) এই সংগঠনটোৰ পূৰ্বসূৰী আছিল। ১৯৯৪ চনৰ ১৫ এপ্ৰিলত হোৱা ১২৩খন দেশৰ স্বাক্ষৰ সম্বলিত মাৰাকেক চুক্তি অনুযায়ী ১৯৯৫ চনৰ ১ জানুৱাৰীত আনুষ্ঠানিকভাৱে বিশ্ব বাণিজ্য সংস্থাৰ জন্ম হয়। সংস্থাটোৱে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক বিনিময় নিয়ন্ত্ৰণ কৰাৰ বাবে এক প্ৰণালী যুগুতোৱাৰ লগতে বিবাদসমূহ মীমাংসা কৰি চুক্তি অনুযায়ী কাৰ্যসমূহ চলাই নিয়াৰ বাবে প্ৰচেষ্টা হাতত লয়। :fol.9–10

বিশ্ব বাণিজ্য সংস্থা
বিশ্ব বাণিজ্য সংস্থা
বিশ্ব বাণিজ্য সংস্থা
  সদস্য ৰাষ্ট্ৰ
  ইউৰোপিয়ান ইউনিয়নে প্ৰতিনিধিত্ব কৰা সদস্য ৰাষ্ট্ৰ
  নিৰীক্ষণকাৰী দেশ
  বৰ্হিৰাষ্ট্ৰ

চমু  নাম ডব্লিউ টি অ' (WTO)
প্ৰতিষ্ঠা জানুৱাৰী ১, ১৯৯৫
ধৰণ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংগঠন
উদ্দেশ্য মুক্ত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য
প্ৰধান  কাৰ্যালয় চেণ্টাৰ উইলিয়াম ৰেপাৰ্ড, জেনেভা, ছুইজাৰলেণ্ড
স্থানাংক 46°07′N 6°05′E / 46.12°N 6.09°E / 46.12; 6.09 6°05′E / 46.12°N 6.09°E / 46.12; 6.09
সেৱা  ক্ষেত্ৰ বিশ্বজোৰা
সদস্যপদ ১৬০খন সদস্য ৰাষ্ট্ৰ
আনুষ্ঠানিক  ভাষা ইংৰাজী, ফৰাচী, স্পেনিছ
ৰবাৰ্ট’ এজভিড’ (Roberto Azevêdo)]],
বাজেট ২০১১ চনত ১৯৬ মিলিয়ন চুইছ ফ্ৰাঁ (প্ৰায় ২০৯ আমেৰিকান ডলাৰ)
কৰ্মচাৰী ৬৪০
ৱেবছাইট www.wto.org

দ্বিতীয় বিশ্বযুদ্ধৰ পিছতেই আন্তৰ্জাতিক অৰ্থনৈতিক সহযোগিতাৰ উদ্দেশ্যে স্থাপিত অন্যান্য সংগঠন, যেনে ব্ৰেটন উডছ সংস্থা অৰ্থাৎ ৱৰ্ল্ড বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সৈতে সংস্থাটোৰ পূৰ্বসূৰী গেটৰ স্থাপনা কৰা হয়। একে সময়তে বাণিজ্যিক বিষয়সমূহৰ লগতে নিয়োগ, বিনিয়োগ, পণ্যদ্ৰব্যৰ চুক্তি আৰু নিষিদ্ধ ব্যৱসায়িক কাৰ্যকলাপ ইত্যাদিৰ নিৰীক্ষণ তথা নিয়ন্ত্ৰণৰ বাবে আন্তৰ্জাতিক বাণিজ্য সংস্থা নামৰ এক সংগঠনো প্ৰস্তাৱিত হয়। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে আন কেইবাখন ৰাষ্ট্ৰৰ সহমত নোপোৱাত এই প্ৰস্তাৱ ৰদ কৰা হয়। ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থা এটা নোহোৱাৰ বাবে গেটক বিশ্ব বাণিজ্য সংস্থালৈ ৰূপান্তৰ কৰা হয়।

কাৰ্যাৱলী

আন্তৰ্জাতিক বাণিজ্য সংস্থাটোৱে নিম্নলিখিত কাৰ্যাৱলী পালন কৰে।

  • অন্তৰ্ভুক্ত চুক্তিসমূহৰ ৰূপায়ণ, প্ৰশাসন আৰু কাৰ্যকৰিতা চোৱাচিতা কৰে।
  • আন্তঃৰাষ্ট্ৰীয় মতানৈক্যসমূহ দূৰ কৰি বুজাপৰালৈ অহাৰ বাবে এক ফ’ৰাম প্ৰদান কৰে।
  • ইয়াৰোপৰি বাণিজ্যিক নীতিসমূহৰ পুনৰীক্ষণ কৰি নীতিসমূহৰ যুক্তিযুক্ততা তথা স্বচ্ছতা নিশ্চিত কৰাটো সংস্থাটোৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাম।
  • সংস্থাটোৰ নীতি অনুযায়ী উন্নয়নশীল দেশ তথা নিম্ন আয়ৰ দেশসমূহলৈ কাৰিকৰী সহযোগিতা তথা প্ৰশিক্ষণ আগবঢ়োৱা।
  • বিশ্ব বাণিজ্য সংস্থাই গোলকীয় অৰ্থনৈতিক নীতিসমূহ হাতত লোৱাত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু আন্তঃৰাষ্ট্ৰীয় পুনৰ্গঠন আৰু উন্নয়ন বেংক তথা ইয়াৰ প্ৰতিনিধি সংস্থাসমূহৰ সৈতে যথোপযুক্ত সহযোগিতা আগবঢ়াই

সদস্য ৰাষ্ট্ৰ আৰু নিৰীক্ষণকাৰী দেশসমূহ

সংস্থাটোৰ ১৬০খন সদস্য ৰাষ্ট্ৰৰ লগতে ২৪খন নিৰীক্ষণকাৰী দেশ আছে।ৰাষ্ট্ৰসমূহৰ লগতে ইউৰোপিয়ান ইউনিয়নো ডব্লিউ টি অ’ৰ সদস্য। কিছুসংখ্যক আন্তৰ্জাতিক সংগঠনকো নিৰীক্ষণকাৰীৰ মৰ্যাদা দিয়া হৈছে। ২০০৭ চনৰ পৰিসংখ্যা অনুযায়ী সংস্থাটোৰ সদস্যসমূহে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ৯৬.৪% আৰু আন্তঃৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনৰ ৯৬.৭% প্ৰতিনিধিত্ব কৰে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কামৰূপ ৰাজ্যমৌখিক ইতিহাসস্বাধীনতা দিৱস (ভাৰত)শিশু সাহিত্যনিমাতী কইনাতাজমহলশাক-পাচলিনগাঁও জিলাএৰিষ্ট'টলঅসমৰ চলচ্চিত্ৰযোগাসনজোনবিল মেলা২০২১ৰ অসম বিধানসভা নিৰ্বাচনব্ৰহ্মপুত্ৰ উপত্যকামহা মৃত্যুঞ্জয় মন্দিৰঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তমিঠু বৰুৱাবসন্ত ঋতুআহোম ৰাজবংশথাই ভাষাজোৰোণঅসমৰ পৰম্পৰাগত খেল-ধেমালিপ্ৰকৃতিৰাতি বিহুভবেন্দ্ৰ নাথ শইকীয়াচৰকাৰৰংজল প্ৰদূষণনিৰোদ চৌধুৰীঅসমৰ সত্ৰসমূহৰ তালিকাঅৰুণাচল প্ৰদেশফকৰা যোজনাঅসমৰ পোক - পৰুৱাপৰ্যাবৃত্ত তালিকামৰিগাঁও জিলাবিপৰীতাৰ্থক শব্দজাতনামঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাপৰিমেয় সংখ্যাক্ষপ্ৰথম বিশ্বযুদ্ধকবিৰত্ন সৰস্বতীঅতুল চন্দ্ৰ হাজৰিকাচৰাইসিন্ধু সভ্যতাবৰগীতকুলিসৌৰজগতঘৰ শালিকাসালোক সংশ্লেষণমধ্যাহ্ন ভোজন আঁচনিঈয়াৰুইঙ্গমসাত বিহুছাইমন কমিশ্যনদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাদুৰ্গাজৱাহৰলাল নেহৰুঅসমত দেখা পোৱা মাছৰ তালিকাআলাবৈৰ ৰণজেতুকাগোৱালপৰীয়া লোকগীতসিন্ধী ভাষাবিজ্ঞানঅসমীয়া প্ৰতিদিনপদ্মনাথ গোহাঞি বৰুৱাদ্য টাইমছ অৱ ইণ্ডিয়াঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাবুলু ফিল্মবহনক্ষম ভূমি ব্যৱস্থাপনাহিমবাহৰুক্মিণীঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা🡆 More