আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (ইংৰাজী: International Monetary Fund) বা চমুকৈ আই এম এফ হৈছে ১৮৮খন সদস্য ৰাষ্ট্ৰৰে গঠিত এক আন্তঃৰাষ্ট্ৰীয় সংস্থা। সংস্থাটোৰ প্ৰধান কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিত অৱস্থিত। মুদ্ৰাৰ বিষয়ত গোলকীয় সহযোগিতা বৃদ্ধি, বিত্তীয় স্থিৰতা, আন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰত সহযোগ, ৰোজগাৰ বৃদ্ধি, দীৰ্ঘম্যাদী অৰ্থনৈতিক উন্নয়ন আৰু বিশ্বত দৰিদ্ৰতা হ্ৰাসকৰণ সংস্থাটোৰ মূল উদ্দেশ্য। ১৯৪৪ চনত ব্ৰেটন ৱুডছ কনফাৰেঞ্চত আন্তঃৰাষ্ট্ৰীয় ধন আদায় ব্যৱস্থাটোৰ পুনৰ্গঠনৰ উদ্দেশ্যেৰে ২৯খন সদস্য ৰাষ্ট্ৰৰে গঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ১৯৪৫ চনতহে আনুষ্ঠানিক ৰূপ পায়। সদস্য ৰাষ্ট্ৰসমূহে এক সংৰক্ষণ ব্যৱস্থাৰ যোগেদি এটা নিধিলৈ বৰঙনি আগবঢ়াইছিল আৰু প্ৰায়োজনীয়তাত ভোগা দেশসমূহে এই নিধিৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰিছিল। ২০১০ চনত সেই সময়ৰ বিনিময় হাৰৰ হিচাপত নিধিটোত প্ৰায় ৭৫৫.৭ বিলিয়ন আমেৰিকান ডলাৰ জমা আছিল।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি
International Monetary Fund
চমু  নাম IMF
প্ৰতিষ্ঠা ২৭ ডিচেম্বৰ ১৯৪৫ (৭৮ বছৰ আগত) (1945-12-27)
ধৰণ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংস্থা
প্ৰধান  কাৰ্যালয় ৱাশ্বিংটন ডি চি, আমেৰিকা যুক্তৰাষ্ট্ৰ
স্থানাংক 38°32′N 77°01′W / 38.53°N 77.02°W / 38.53; -77.02 77°01′W / 38.53°N 77.02°W / 38.53; -77.02
সদস্যপদ ১৮৮খন ৰাষ্ট্ৰ
আনুষ্ঠানিক  ভাষা ইংৰাজী
মেনেজিং ডাইৰেক্টৰ খ্ৰীষ্টিন লাগাৰ্ডে (Christine Lagarde)
মূল  ক্ষমতা ব’ৰ্ড অফ গভৰ্ণৰছ
ৱেবছাইট imf.org

উক্ত নিধি আৰু অন্যান্য কাৰ্যাৱলীৰ জৰিয়তে আই এম এফে সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নৰ হকে কাম কৰে। সংস্থাটোৰ আৰ্টিকলছ অফ এগ্ৰীমেণ্টত উল্লেখ থকা মতে ইয়াৰ উদ্দেশ্যসমূহ হৈছে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি, আন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰ,ৰ্বেলেঞ্চ অফ পেমেণ্টৰ সমতা স্থাপনৰ অৰ্থে সদস্য ৰাষ্ট্ৰসমূহক বিত্তৰ যোগানকে ধৰি ৰোজগাৰ আৰু বিনিময় হাৰৰ স্থিৰতা।

ইতিহাস

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি 
ৱাশ্বিংটন ডিচিত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয়

১৯৪৪ চনত মূলতে ব্ৰেটন ৱুডছ ব্যৱস্থাৰ (ইংৰাজী: Bretton Woods system) এক অংশ হিচাপে আই এম এফ স্থাপন কৰা হৈছিল। মহা মন্দাৱস্থাৰ সময়ত ৰাষ্ট্ৰসমূহে পতনমুখী অৰ্থনীতিসমূহৰ অৱস্থা উন্নীত কৰাৰ উদ্দেশ্যেৰে বেহা-বেপাৰৰ বাধা-নিষেধ বঢ়াই তোলে। ফলস্বৰূপে জাতীয় মুদ্ৰাসমূহৰ মান নিম্নগামী হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ অৱনতি ঘটে।

আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সহযোগৰ পতনে এক উন্নীতকৰণ পদক্ষেপৰ প্ৰয়োজনীয়তাৰ জন্ম দিয়ে। ইয়াৰ ফলত ৪৫খন দেশৰ চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰস্থিত ব্ৰেটন ৱুডছত এক আলোচনাত মিলিত হয় আৰু আই এম এফৰ প্ৰতিষ্ঠা কৰে।

প্ৰথমাৱস্থাত, ১৯৪৫ চনৰ ২৭ ডিচেম্বৰত ২৯খন সদস্য ৰাষ্ট্ৰৰে আই এম এফৰ আৰম্ভণি ঘটে। ১৯৪৬ চনলৈ এই সংখ্যা ৩৯ লৈ বৃদ্ধি পায়। ১৯৪৭ চনৰ ১ মাৰ্চৰ পৰা সংস্থাটোৱে নিজৰ কাম কাজ আৰম্ভ কৰে আৰু ৮ মে’ত ফ্ৰান্সে প্ৰথমে সংস্থাটোৰ পৰা ঋণ গ্ৰহণ কৰে।

সদস্য ৰাষ্ট্ৰসমূহ

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি 
  সংস্থাটোৰ সদস্য ৰাষ্ট্ৰ
  আৰ্টিকল VIII-ৰ ধাৰা ২, ৩ আৰু ৪ গ্ৰহণ নকৰা সদস্য ৰাষ্ট্ৰসমূহ

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সকলো সদস্য ৰাষ্ট্ৰ স্বতন্ত্ৰ নহয় আৰু সেয়ে ৰাষ্ট্ৰসংঘৰ সদস্যও নহয়। ইয়াৰ ভিতৰত এৰুবা, কিউৰাকাও, হংকং, মাকাও আৰু ক’ছ’ভ’ উল্লেখযোগ্য।

প্ৰাক্তন সদস্যৰ ভিতৰত আছে কিউবা আৰু চীন। অৱশ্যে চীনশাসিত টাইৱান আই এম এফৰ সূচীভুক্ত।

কিউবাৰ বাহিৰেও ৰাষ্ট্ৰসংঘৰ সদস্যৰ ভিতৰত আই এম এফৰ সদস্যভুক্ত নোহোৱা দেশসমূহ হৈছে এণ্ডোৰা, লাইকটেনষ্টাইন, মোনাকো, নাওৰো আৰু উত্তৰ কোৰিয়া।

চেক’শ্লাভিয়াক ১৯৫৪ চনত বৰ্খাস্ত কৰা হৈছিল যদিও ১৯৯০ চনত দেশখনত পুনৰ অন্তৰ্ভুক্ত কৰা হয়।

টোকা আৰু তথ্যসংগ্ৰহ

    টোকা
a. ^ There is no world-wide consensus on the status of the Republic of Kosovo: it is recognised as independent by 110 countries, while others consider it an autonomous province of Serbia. See: International recognition of Kosovo.
    তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

নক্ষত্ৰভাৰতৰ সংবিধানৰ প্ৰস্তাৱনামৌখিক পৰম্পৰালক্ষ্মীনন্দন বৰাউপনিষদবেদব্যাসগীতি-ৰামায়ণগদ্যঅসমীয়া ভাষাৰ শব্দসম্ভাৰসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাতাল (বাদ্যযন্ত্ৰ)দেউৰী জনগোষ্ঠীআত্মাএৰিষ্ট'টলঅৰুণোদইজীৱনীৱেবছাইটওজাপালিসৰ্বশিক্ষা অভিযানঅসমৰ মন্ত্ৰ-সাহিত্যবাবৰবেটুপাতস্বদেশী আন্দোলনমিচিং জনগোষ্ঠীআবেগঅসমত দেখা পোৱা মাছৰ তালিকালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদাননলবাৰী জিলাফৰাচী বিপ্লৱমই আৰু নেফাতেজপুৰখেৰাইমোৰো এটা সপোন আছেপাইথেগাৰাছকাঞ্চন (উপন্যাস)লিংগ (জৈৱিক)ফেইচবুকপঞ্চায়তী ৰাজমাটিউদাৰনৈতিকতাবাদঅসমৰ চলচ্চিত্ৰইউনিক’ডনগাঁও (লোকসভা সমষ্টি)সাম্যবাদদ্বিতীয় বিশ্বযুদ্ধএডাম স্মিথগুৰু আসনকুমাৰীত্বহীৰেন ভট্টাচাৰ্যসংঘাতশ্ৰীমদ্ভগৱতগীতাৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)তথ্য প্ৰযুক্তিজামুগুৰিহাটপদ (ব্যাকৰণ)শৰাইঘাট দলংস্বৰাজব্ৰহ্মপুত্ৰ নদকীৰ্তন-ঘোষাকবিতাবুলু ফিল্মনিৰ্মলপ্ৰভা বৰদলৈনাহৰৰ গীতহৰিদত্তভাৰতীয় দৰ্শনঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাগৌতম বুদ্ধৰুক্মিণী হৰণ নাটঅনুবাদশুৱালকুছিশালস্তম্ভ ৰাজবংশভগদত্তৰাভা ভাষাসমাজতত্ত্বদেৱকান্ত বৰুৱাঅসমীয়া সাহিত্যআলি আঃয়ে লৃগাংযোগ দৰ্শনহস্তীবিদ্যাৰ্ণৱ🡆 More