গ্ৰন্থ ৰামানুজন আৰু তেওঁৰ গণিত: গ্ৰন্থ

ৰামানুজন আৰু তেওঁৰ গণিত (ইংৰাজী: Ramanujan Aaru teur Gonit) হৈছে ভাৰতীয় তথা অসমীয়া গণিতজ্ঞ, গণিত অধ্যাপক, লেখক নয়নদীপ ডেকা বৰুৱাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ। সঞ্জীৱন প্ৰকাশনৰ পৰা ২০২১ চনৰ জানুৱাৰী মাহত প্ৰথম প্ৰকাশিত গ্ৰন্থখনত গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জীৱনকাহিনী আৰু তেওঁৰ গাণিতিক অৱদানৰ বিষয়ে বৰ্ণনা কৰা আছে। গ্ৰন্থখন লেখকে কোনো ব্যক্তিবিশেষৰ সলনি 'গণিতৰ প্ৰতি আগ্ৰহী সকলো ছাত্ৰ-ছাত্ৰীলৈ'কে কিতাপখন আগবঢ়াইছে।

ৰামানুজন আৰু তেওঁৰ গণিত  
গ্ৰন্থ ৰামানুজন আৰু তেওঁৰ গণিত: বিৱৰণ, লেখকৰ চমু পৰিচয়, তথ্য উৎস
লেখক নয়নদীপ ডেকা বৰুৱা
প্ৰচ্ছদ শিল্পী ৰিতুপৰ্ণ বৰা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক
প্ৰকাৰ জীৱনী
প্ৰকাশক সঞ্জীৱন
প্ৰকাশ জানুৱাৰী,২০২১
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১০২
আই.এচ.বি.এন. 978-81-950015-3-8

বিৱৰণ

ৰামানুজনৰ জীৱনীভিত্তিক কিতাপখনৰ তথ্যসমূহ গৱেষণালব্ধ। লেখকৰ বাস্তৱ জীৱনৰ অভিজ্ঞতা তথা সংগৃহীত উপাদানৰ পৰিষ্কাৰ বিশ্লেষণে এই জীৱনী সাহিত্যক প্ৰতিটো দিশতে কৰি তুলিছে গৱেষণালব্ধ। লেখক নয়নদীপ ডেকা বৰুৱা হৈছে ৰামানুজনৰ টোকাবহীবোৰ সম্পাদনা কৰা প্ৰখ্যাত গণিতজ্ঞ ব্ৰুচ চি বাৰ্ণ্টৰ সৈতে গৱেষণা কৰি অহা এজন ব্যক্তি। কিতাপখনৰ বকলাত উল্লেখ আছে, “ডেকা বৰুৱা ব্যক্তিগতভাৱেও ৰামানুজনৰ প্ৰবল অনুৰাগী। তেওঁৰ গৱেষণাৰ এক বৃহৎ অংশ হৈছে ৰামানুজনৰ দ্বাৰা অনুপ্ৰাণিত গণিত।” ৰামানুজনৰ বিস্ময়কৰ গণিতৰ সৈতে তেওঁ কিদৰে চিনাকি হৈছিল, আগ্ৰহান্বিত হৈছিল, আৰু তেনে বিষয়তে গৱেষণাৰ মন বান্ধিছিল, সেই বিষয়ে কিতাপখনৰ পাতনিত উল্লেখ কৰিছে। “... ময়ো হাইস্কুলত পঢ়ি থাকোঁতে শুনিছিলো, দুই-এটা প্ৰবন্ধও বাতৰি-কাকত, আলোচনী আদিত পঢ়িছিলোঁ। কিন্তু ৰামানুজনে কেনেধৰণৰ অংক কৰিছিল, গণিতৰ কেনেকুৱা নতুন ধাৰণা অৱতাৰণা কৰিছিল, কি কাৰণে তেওঁক বিশ্বৰ মহান গণিতজ্ঞসকলৰ এজন বুলি ধৰা হয়, সেই ধাৰণা তেতিয়া স্পষ্ট কৰিবলৈ সুযোগ পোৱা নাছিলো। .."বুলি পাতনিত উল্লেখ কৰি লেখকে নিজে পাই অহা অভাৱ দাঙি ধৰিছে। উল্লেখযোগ্য যে কিতাপখন লিখাৰ উদ্দেশ্য বেকত কৰি পাতনিত লেখকে এনেদৰে লিখিছে “আনুষ্ঠানিকভাৱে কেৱল এফ এলৈকে পঢ়িলেও ৰামানুজনে নিজে নিজে উল্লিখিত কঠিন বিষয়বোৰতো অসাধাৰণ চিন্তাৰে, সুতীক্ষ্ণ পৰ্যৱেক্ষণ ক্ষমতাৰে, অসামান্য বৰঙণি আগবঢ়াই গণিতৰ ক্ষেত্ৰখন সমৃদ্ধ আৰু প্ৰভাৱিত কৰি গ’ল। আগ্ৰহী পঢ়ুৱৈয়ে, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে, বিষয়বোৰৰ সম্পৰ্কে অধিক পঢ়ি শিকিবলৈ আগ্ৰহী হ’ব বুলি কিতাপৰ শেষলৈ কেইখনমান গ্ৰন্থৰ নাম সন্নিৱিষ্ট কৰা হৈছে।”

“ৰামানুজন আৰু তেওঁৰ গণিত”ত ৰামানুজনক এজন মানৱীয় দোষ-গুণ সম্পন্ন ব্যক্তি হিচাপে তুলি ধৰি লেখকে গণিত আৰু সাহিত্যৰ সুসমন্বয় ঘটোৱা কিতাপখন সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ বাবে সুখপাঠ্য। গণিতদ্ৰষ্টা ৰামানুজনৰ কেইবাটাও ঘটনা,যিসমূহ মুখ বাগৰি অথবা অতিৰঞ্জিত হৈ জনমানসত প্ৰচলিত হৈ আহিছে, সেইসমূহৰ সঠিক বিৱৰণ কিতাপখনত উপলব্ধ। কিতাপখনত ব্যৱহৃত তথ্য-উৎসৰ বিস্তৰ উল্লেখ প্ৰসংগসমূহত কৰি গৈছে।

কিতাপখনত সৰ্বমুঠ চৈধ্যটা অধ্যায় সন্নিৱিষ্ট আছে। ইয়াৰে প্ৰথম আঠটা জীৱনীভিত্তিক আৰু তাৰ পিছৰ চাৰিটা গণিতভিত্তিক। ৰামানুজনঃ সংক্ষিপ্ত জীৱন চৰিত শীৰ্ষক প্ৰথম অধ্যায়ত ৰামানুজনৰ চমু জীৱনী ৰচনা, তাৰ পিছতে কিদৰে দৰিদ্ৰতাৰ চাপত তেওঁ ফলিত অংক কৰি কৰি টোকাবহীত ফলাফলসমূহ ৰাখি গৈছিল, পিছত কেতিয়া আৰু কেনেকৈ সেইসমূহ গণিতৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰি বৰ্তমানেও সংৰক্ষণ হৈ আহিছে সেই যাত্ৰা বৰ্ণাইছে ৰামানুজনৰ টোকাবহীবোৰ, ৰামানুজনৰ হেৰুওৱা টোকাবহীবোৰ, আৰু ৰামানুজনৰ ফলিখন প্ৰভৃতি অধ্যায় তিনিটাত। পঞ্চমটি অধ্যায়, ৰামানুজন আৰু জানকীত দৃঢ়মনা, স্বাধীনচিতীয়া, মৰমিয়াল, মহানুভৱী পত্নী জানকীৰ জীৱন-চিত্ৰক আলোকপাত কৰিছে। পৰ্য্যায়ক্ৰমে ৰামানুজনৰ অসুখত ৰামানুজনৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য, গৱেষণা সহিতে কষ্টসহিষ্ণু গুণৰ অধিকাৰী ৰামানুজনজন আৰু ৰামানুজন, কলিনেট হাউছ আৰু ১৭২৯ সংখ্যাটোত ১৭২৯ সংখ্যাটোৰ ঘটনাটোৰ বিশদ বিৱৰণ অতিৰঞ্জিত নকৰাকৈ প্ৰামাণিক ৰূপত তুলি ধৰি মানুহ ৰামানুজনজনক প্ৰতিভাত কৰিছে।

ৰামানুজন আৰু পাই, ৰামানুজন আৰু বিভাজনতত্ত্ব, ৰামানুজন আৰু সৰ্বজনীন দ্বিঘাত ৰূপ আৰু ৰজাৰ্ছ-ৰামানুজন অভেদ, ফলন আৰু অবিৰত ভগ্নাংশ, এই চাৰিটা হৈছে গণিত-ভিত্তিক অধ্যায়। গণিত ক্ষেত্ৰৰ লগ জড়িত হোৱা-নোহোৱা নিৰ্বিশেষে সকলো শ্ৰেণীৰ পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ গণিতৰ(ৰামানুজনৰ) বিষয়বস্তুৰ এনে আলোচনা অসমীয়া কিতাপত এয়ে প্ৰথম।

বিশ্বৰ বিভিন্ন মহান ব্যক্তিয়ে ৰামানুজন সম্পৰ্কে আগবঢ়োৱা অভিমত কিছু সন্নিৱিষ্ট আছে সামৰণি শীৰ্ষক অধ্যায়়ত।

জীৱনভিত্তিক আৰু গণিতভিত্তিক অধ্যায়সমূহৰ লগতে কিতাপখনৰ শেহৰ ফালে সহায় লোৱা নিৰ্বাচিত গ্ৰন্থপঞ্জী শীৰ্ষক অধ্যায়ত লেখকে সংযোগ কৰিছে কুৰিখন প্ৰসংগ পুথি। একেবাৰে শেষত আছে বাৰখন বিশেষ আলোকচিত্ৰৰ ভঁৰালেৰে প্ৰাসংগিক ফটো শীৰ্ষক এটি অধ্যায়।

লেখকৰ চমু পৰিচয়

নয়নদীপ ডেকা বৰুৱা বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এজন অধ্যাপক। ৰামানুজনৰ গণিতৰ সৈতে জড়িত কৰ্মৰাজিৰ বাবে তেওঁ জনাজাত। বিশেষকৈ তেওঁ সহযোগীসকলৰ সৈতে লগ লাগি বিভিন্ন পদ্ধতিৰে বিভিন্ন বিভাজন ফলনৰ ৰামানুজন-সদৃশ সৰ্বাংগসম সম্পৰ্ক (Ramanujan type congruences)ৰ বিকাশ সাধন কৰিছে। ২০০৬-০৭ বৰ্ষত এবছৰৰ বাবে তেওঁ আৰবানা-চেম্পেইনৰ ইলিন'ই বিশ্ববিদ্যালয়ত ব্ৰুচ চি বাৰ্ণ্টৰ সৈতে কাম কৰিছিল। ২০০৫-০৬ চনত তেওঁ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৰা এটা BOYSCAST ফেলোশ্বিপ লাভ কৰিছিল।

তথ্য উৎস

লগতে চাওক

Tags:

গ্ৰন্থ ৰামানুজন আৰু তেওঁৰ গণিত বিৱৰণগ্ৰন্থ ৰামানুজন আৰু তেওঁৰ গণিত লেখকৰ চমু পৰিচয়গ্ৰন্থ ৰামানুজন আৰু তেওঁৰ গণিত তথ্য উৎসগ্ৰন্থ ৰামানুজন আৰু তেওঁৰ গণিত লগতে চাওকগ্ৰন্থ ৰামানুজন আৰু তেওঁৰ গণিতইংৰাজী ভাষানয়নদীপ ডেকা বৰুৱাশ্ৰীনিবাস ৰামানুজন

🔥 Trending searches on Wiki অসমীয়া:

অজন্তা গুহাসমূহবৰাইল পৰ্বতছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)জয়মতী কুঁৱৰী (নাটক)হনুমানভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যশ্বজিবু নোংমা পানবা২৯ মাৰ্চঅৰ্পণা কোঁৱৰহেম সৰস্বতীনামঘোষাঅসমৰ তেল শোধনাগাৰঅসমৰ চলচ্চিত্ৰমনোবিজ্ঞান২৭ মাৰ্চদেওধাই অসম বুৰঞ্জীআমেৰিকা যুক্তৰাষ্ট্ৰঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅসম বৈভৱ বঁটাদশম স্কন্ধৰ আদিছোৱাভাৰত-চীন যুদ্ধযাদৱ পায়েংপাল ৰাজবংশমালিতামাধৱ কন্দলিকৃষ্ণবৰদলৈ ট্ৰফীপৰিস্থিতি বিজ্ঞানমৌন ওঁঠ মুখৰ হৃদয়গুৱাহাটীমণিৰাম দেৱানমনকৰনিৰুপমা বৰগোহাঞিনিউটনৰ গতিৰ সূত্ৰঅসমীয়া যুক্তাক্ষৰচৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়গৌতম বুদ্ধপাঠ্যক্ৰমৰাজনৈতিক দলচীনসুমিত্ৰা চৰত ৰামদঁতাল হাতীৰ উঁয়ে খোৱা হাওদামহা মৃত্যুঞ্জয় মন্দিৰগুৱাহাটী উচ্চ ন্যায়ালয়তাপগতি বিজ্ঞানহাজং জনগোষ্ঠীতেজদেওধনী নৃত্যযোৰানামজোনবিল মেলাচুতীয়া ৰাজ্যজয়মতী কুঁৱৰীএলক'হলঁ (চন্দ্ৰবিন্দু)ব্ৰাহ্ম সমাজগণিতঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাকোষ (জীৱবিজ্ঞান)শৰাইঘাট দলংঅংগনবাদীশৰ্মা মন্ত্ৰীসভাবঙালী ভাষাপ্ৰাকৃতিক পৰিৱেশবন্দে মাতৰম্‌নিৰ্ম্মল ভকতপৰিসংখ্যানৰোৱা সত্ৰঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলবুলু ফিল্মগামখাৰুললিত কলা একাডেমীচৰিত পুথিনগেন শইকীয়াৰুক্মিণী হৰণ নাট🡆 More