ছিৰাজ ১৯৪৮ চনত মুক্তি পোৱা ষষ্ঠ অসমীয়া কথাছবি। ছবিখন যুটীয়াভাবে পৰিচালনা কৰিছিল বিষ্ণু ৰাভা আৰু ফণী শৰ্মাই। প্ৰযোজনা কৰিছিল তেজপুৰৰ চিত্ৰাৱলী পিকচাৰ্চে। লক্ষ্মীধৰ শৰ্মাৰ চুটিগল্প, সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন 'ছিৰাজ'ৰ আধাৰত পৰিচালকদ্বয়ে চিত্ৰনাট্য ৰচনা কৰিছিল। ছবিখনে সেই সময়ৰ অসমীয়া সমাজত ছাপ বহুৱাবলৈ সক্ষম হৈছিল। অসমৰ শিল্প-কলা জগতৰ কেবাগৰাকীও অগ্ৰণী ব্যক্তিৰ অৱদানেৰে পুষ্ট এই ছবিখনে প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰিছিল। বৰ্তমান এই ছবিখনৰ প্ৰিণ্ট পাবলৈ নাই। ষাঠী দশকত কলিকতাৰ ষ্টুডিঅ'ৰপৰা ছবিখনৰ নিগেটিভখিনিও হেৰাই যায়।
ছিৰাজ | |
---|---|
পৰিচালক | বিষ্ণুপ্ৰসাদ ৰাভা ফণী শৰ্মা |
চিত্ৰনাট্য | বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা |
কাহিনী | লক্ষ্মীধৰ শৰ্মা |
প্ৰযোজক | চিত্ৰাৱলী পিক্চাৰ্চ লিমিটেড |
অভিনয়ত | ফণী শৰ্মা ভৱ হাজৰিকা ভূপেন হাজৰিকা কল্পনা ভট্টাচাৰ্য্য তেৱাৰী |
চিত্ৰগ্ৰহণকাৰী | সুধীশ ঘটক |
সম্পাদনা | কমল গাংগুলী |
সংগীত পৰিচালক | বিষ্ণুপ্ৰসাদ ৰাভা |
প্ৰযোজনা কোম্পানী | কালী ফিল্ম ষ্টুডিঅ' (বৰ্তমানৰ নাম চিনে টেক্নিচিয়ান ষ্টুডিঅ') |
পৰিবেশক | কাশীপ্ৰসাদ বিহানী, নগাঁও |
মুক্তি | ১৯৪৮ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
১৯৪৬ চনত ফণী শৰ্মাই ফিল্ম শিল্পৰ এটা স্থায়ী বুনিয়াদ ৰচনাৰ অৰ্থে এটা ৰাজহুৱা চিত্ৰ নিৰ্মাণ উদ্যোগ গঢ়াৰ পৰিকল্পনা কৰে। 'চিত্ৰাৱলী পিকচাৰ্চ লিমিটেড' নাম দি গঠন কৰা এই উদ্যোগৰ বাবে ৰাইজৰ মাজত কোম্পানীৰ অংশ বিক্ৰী কৰি টকা সংগ্ৰহ কৰিছিল। ছবিৰ নিৰ্মাণৰ কাম ধন সংগ্ৰহৰ গতিৰ সমান্তৰাল ভাৱে চলিছিল। দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ 'ছিৰাজ' নামৰ গল্পৰ আধাৰত চিত্ৰনাট্য প্ৰস্তুত কৰে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই। তেওঁলোককে ছবি পৰিচালনাৰো ভাৰ দিয়া হয়। ছবিখনৰ বহিৰ্দৃশ্যৰ অংশগ্ৰহণ কৰা হৈছিল তেজপুৰৰ দাঁতি-কাষৰীয়া ঠাইত। অন্তৰ্দৃশ্যৰ শ্বুটিং হৈছিল কলিকতাৰ 'কালী ফিল্ম ষ্টুডিঅ'ত। ছবিৰ সংগীতৰ দায়িত্ব দিয়া হৈছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ হাতত। কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই দিয়া সুৰ স্ক্ৰীপ্টৰ লগত সংগতি নথকা বাবে শেষ মুহূৰ্তত ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্য্যৰ সুৰ দিয়া দুটাকৈ গান ছবিত অন্তৰ্ভুক্ত কৰা হয়। এওঁলোক দুয়োকে সহকাৰী সংগীত পৰিচালক কৰি দিয়া হয়। ছবিখন নিৰ্মাণৰ কালত টকাৰ নাটনি হোৱাত চন্দ্ৰধৰ গোস্বামীয়ে নিজৰ 'নিপন' নামৰ জাহাজখন বিক্ৰী কৰি ২০,০০০ টকা যোগ দিয়ে। তাতো ছবিখন সম্পূৰ্ণ নোহোৱাত নগাঁৱৰ কাশীপ্ৰসাদ বিহানীৰপৰা টকা লৈ ছবিখন সম্পূৰ্ণ কৰা হয়। ভাৰত স্বাধীন হোৱাৰ ঠিক আগমুহূৰ্তত কলিকতা, নোৱাখালিত সাম্প্ৰদায়িক সংঘৰ্ষ হৈ থকাৰ সময়চোৱাতে কলিকতাত ছবিখনৰ কাম চলি আছিল। সেয়েহে নানা বেমেজালীৰ মাজৰে ছবিৰ কাম কৰিবলগীয়া হৈছিল।
দুখীয়া পৰিয়ালৰ ছোৱালী সাবিত্ৰীৰ লগত ভাল পোৱা গঢ়ি উঠে ধনীৰ দুলাল কন্দৰ্পৰ। কিন্তু কন্দৰ্পৰ পৰিয়ালে কথা বেছি আগ নাবাঢ়োঁতেই কন্দৰ্পক কলিকতালৈ পঠিয়াই দি সাৱিত্ৰীৰ বিয়া ঠিক কৰি দিয়ে আন এজনৰ লগত। বিয়াৰ দিনা ৰাতি সাৱিত্ৰী পলাই যায়। সাৱিত্ৰীয়ে আশ্ৰয় পায় এগৰাকী ইছলাম ধৰ্মী মানুহ ছিৰাজৰ ঘৰত। ছিৰাজৰ ভনী ফাতেমাই গম পায় যে সাৱিত্ৰী অন্ত:সত্তা। এটা সময়ত এগৰাকী কন্যা সন্তানৰ জন্ম দি সাৱিত্ৰীৰ মৃত্যু হয়। ফাতেমাই ছোৱালীজনীৰ নাম দিয়ে নুৰ, ছিৰাজে নাম দিয়ে সীতা।
আনহাতে কন্দৰ্পৰ মাকে সাৱিত্ৰীৰ বিষয়ে মিছা কন্দৰ্পৰ আগত মিছা কথা কয়। কন্দৰ্পই ধনী ঘৰৰ জীয়ৰী সৰযুৰ লগত বিয়াত বহে। ঘটনাক্ৰমে কন্দৰ্পই সীতাক লগ পায় আৰু সাৱিত্ৰীৰ বিষয়ে প্ৰকৃত সত্য জানিবলৈ পায়। কন্দৰ্পই সীতাক ছিৰাজৰ ওচৰৰপৰা আনি কলিকতাত থকা বন্ধু সুবিমল ফুকনৰ ওচৰত ৰাখে। সুবিমল ফুকনৰ ভাগিনীয়েক অনিলৰ লগত সীতাৰ বিয়াৰ দিন ঠিৰ কৰা হয়। তেনেতে কন্দৰ্পৰ পত্নী সৰযুৱে সীতাৰ প্ৰকৃত পৰিচয় জানিবলৈ পায় আৰু কন্দৰ্পৰ প্ৰতি বিদ্ৰোহী হৈ উঠে। সুবিমল ফুকনেও অনিলৰ বাবে সীতাক বিয়া কৰাবলৈ অমান্তি হয়। ছিৰাজে জাতি, ধৰ্মৰ ওপৰৰ এখন সমাজৰ স্বাৰ্থত সীতাক বিয়া কৰাবলৈ অনুৰোধ কৰে। কিন্তু ফুকন নিজৰ মতত অবিচল হৈ থাকে। ছিৰাজে সীতাক আকৌ নিজৰ ঘৰলৈ লৈ যাবলৈ ওলায়, কিন্তু নতুন প্ৰজন্মৰ নৱ চিন্তাৰ বাহক অনিলে সমাজৰ বিপৰীতে ওলাই আহি সীতাক গ্ৰহণ কৰে। এই ন-দম্পতীক প্ৰথমে আশীৰ্বাদ দিবলৈ আগবাঢ়ি আহে সৰযু।
ছিৰাজে দৰ্শকৰপৰা প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। গৰুগাড়ীৰে ছিৰাজ চাবলৈ আহি ভীৰৰ বাবে টিকট নাপাই দূৰ-দূৰণিৰ দৰ্শকসকলে চিনেমাহলৰ ওচৰতে ৰাতিটো কটাই পিছদিনাহে ছবি চাই ঘৰলৈ উভতিছিল। দুখজনক ভাৱে ৰাইজৰ সঁহাৰি সত্ত্বেও ছবিখনৰ নিৰ্মাতা 'চিত্ৰাৱলী পিকচাৰ্চে' লাভৰ মুখ দেখা নাপালে। ছবিখনৰ পৰিবেশনাৰ দায়িত্ব অন্যৰ হাতত থকা বাবে লাভৰ টকা মূল প্ৰযোজকৰ ওচৰলৈ অহা নাছিল।
|
|
|
(তথ্যছকত উল্লেখ নথকা)
ছিৰাজৰ সংগীত পৰিচালক আছিল বিষ্ণু ৰাভা। তেওঁৰ সহকাৰী ৰূপে দায়িত্ব পালন কৰিছিল ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্যই। সহকাৰী সংগীত পৰিচালক দুগৰাকীয়ে গীত আৰু সুৰ ৰচনা কৰাৰ উপৰিও কণ্ঠদানো কৰিছিল।
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম সুৰː ভূপেন হাজৰিকা" | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | |||||||
2. | "কঁপি উঠে কিয় তাজমহল সুৰː ভূপেন হাজৰিকা" | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | |||||||
3. | "আৰু নবজাবি বীণ বাটৰুৱা, নবজাবি তোৰ বীণ সুৰː শিৱ ভট্টাচাৰ্য" | শিৱ ভট্টাচাৰ্য | শিৱ ভট্টাচাৰ্য | |||||||
4. | "বাবু ঘৰেৰ চাকুৰী অলকাৰে নকৰী, হাড় ভেঙ্গে কৰি কামজাৰী সুৰː শিৱ ভট্টাচাৰ্য" | শিৱ ভট্টাচাৰ্য | শিৱ ভট্টাচাৰ্য | |||||||
5. | "কোন বনৰে কুমলী বিৰিণা বতাহতে হালেজালে" | নিৰুপমা |
লক্ষ্মীধৰ শৰ্মাৰ ’চিৰাজ’ নামৰ গল্পটোৰ আধাৰত নিৰ্মিত ছবিখনৰ প্ৰতি ৰাইজৰ প্ৰবল সঁহাৰি দেখি ফণী শৰ্মাই এই গল্পটোৰ একাংকিকা নাট্য ৰূপ দিয়ে। চিৰাজ নাটকৰ কাহিনীভাগ লক্ষ্মীধৰ শৰ্মাৰ কাহিনীতকৈ কিছু বেলেগ৷ নতুনত্ব দিয়া এই নাটখনো দৰ্শকে আঁকোৱালি লয়। ফণী শৰ্মাৰ ’চিৰাজ’ত ভুৱা আভিজাত্য আৰু জাত-পাতৰ বিচাৰ আমাৰ সমাজৰ প্ৰগতিৰ অন্তৰায়- এই দুই সমস্যাক মূলতঃ ফুটাই তোলা হৈছে৷ আৰ্থিক দীনতাই সমাজৰ সাধাৰণ মানুহক ইমানেই দুৰ্বল কৰি পেলায় যে তেওঁলোকে সপোন দেখিবলৈয়ো ভয় কৰে৷ ধনী আৰু দুখীয়াৰ মাজত যে এটা সাংঘাতিক তফাৎ সেই কথাটো ফণী শৰ্মাৰ ’চিৰাজ’ নাটকত ফুটি উঠিছে৷ নামভূমিকাত ফণী শৰ্মাৰ অভিনয় বৰ্তমান এক কিংবদন্তী স্বৰূপ হৈ পৰিছে। [উদ্ধৃতিৰ প্ৰয়োজন]
১৯৮৮ চনত ভূপেন হাজৰিকাই 'ছিৰাজ' পুনৰ্নিমান কৰে। ভূপেন হাজৰিকাই ফণী শৰ্মাক লৈ 'ছিৰাজ' আকৌ নিৰ্মাণ কৰাৰ আশা কৰিছিল যদিও[উদ্ধৃতিৰ প্ৰয়োজন], তেখেতৰ মৃত্যু হোৱাত 'ছিৰাজ'ৰ ৰিমেক-ত নাম ভূমিকাত অভিনয় কৰে নিপন গোস্বামীয়ে। এইখন ছবিয়ে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ'ল।
This article uses material from the Wikipedia অসমীয়া article ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ), which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.