পাঠ পৰিকল্পনা

শিক্ষণ প্ৰক্ৰিয়াত পাঠ-পৰিকল্পনাৰ ভূমিকা অপৰিসীম। শিক্ষণ কাৰ্যৰ সফলতানিৰ্ভৰ কৰে প্ৰণালীবদ্ধ পাঠ পৰিকল্পনাৰ ওপৰত। শিক্ষণৰ বাবে কৌশল আৰু পদ্ধতি এইদুয়োটাৰেই প্ৰয়োজন। শিক্ষণে পূৰ্বৱৰ্তী স্তৰ, কাৰ্যকৰী স্তৰ আৰু উত্তৰৱৰ্তী স্তৰ এই তিনিপৰ্যায়ত ক্ৰিয়া কৰে। পূৰ্বৱৰ্ত্তী স্তুৰ হ'ল শিক্ষকে নিজকে সকলো দিশতে প্ৰস্তুত কৰি লোৱা। পাঠ একোটি আদান-প্ৰদান কৰাৰ পথ, আদান-প্ৰদানৰ পদ্ধতি, শিক্ষণ-শিকন প্ৰক্ৰিয়াত অন্তৰ্দৃষ্টি প্ৰদান পাঠ-পৰিকল্পনাৰ অবিহনে সম্ভৱ নহয়।

পাঠ পৰিকল্পনা

পাঠ-পৰিকল্পনাই শিক্ষকক তলত দিয়া ধৰণেৰে সহায় কৰে

  1. শিক্ষণ ব্যৱস্থাক মানি চলিবলৈ৷
  2. শিক্ষণ উদ্দেশ্যত উপনীত হ’বলৈ৷
  3. শিক্ষণ-শিকনৰ পৰিৱেশত উপযুক্তভাৱে খাপ খাবলৈ৷
  4. শিক্ষাদান ফলপ্ৰসূ আৰু আনন্দ দায়ক কৰিবলৈ৷
  5. শ্ৰেণীকোঠা নিয়ন্ত্ৰণ, অভিৰোচন ইত্যাদি বিষয়ত শিক্ষকক পাঠ পৰিকল্পনাই সহায় কৰে৷

ইয়াৰ উপৰি অবিৰত আৰু সামগ্ৰিক মূল্যায়ন কৰি ছাত্ৰ-ছাত্ৰীক নিদানমূলক শিক্ষণৰ যোগেদি অৰ্হতা আয়ত্ত কৰণত পাঠ পৰিকল্পনাই সহায় কৰে। এক কথাত ক’বলৈ গ’লে পাঠ পৰিকল্পনা হৈছে ফলপ্ৰসু শিক্ষণৰ চাবি-কাঠি।

কোনো এটা পাঠৰ পাঠ পৰিকল্পনা তৈয়াৰ কৰোঁতে শিক্ষকে তলত দিয়া দিশসমূহৰ প্ৰতি লক্ষ্য ৰখাটো বাঞ্ছনীয়ঃ

  1. পাঠৰ উদ্দেশ্য।
  2. পাঠটিত কি কি শিকণীয় দিশ আছে।
  3. পাঠটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক কি কি অৰ্হতা প্ৰদান কৰিবলৈ বিচৰা হৈছে।
  4. সেই অৰ্হতাসমূহ প্ৰদান কৰিবৰ বাবে শিক্ষকে কি কি কাৰ্য সম্পাদন কৰিব।
  5. কেনে ধৰণৰ সমল সামগ্ৰী বা শিক্ষণ-শিকন সামগ্ৰী ব্যৱহৃত হ’ব।
  6. মূল্যায়নৰ আহিলা আৰু প্ৰক্ৰিয়া কেনেকুৱা হ’ব৷ ইত্যাদি

উল্লিখিত বিষয় সমূহলৈ লক্ষ্য কৰিলে বুজা যায় যে পাঠ প্ৰদানৰ আগেয়ে শিক্ষকৰ নিজা প্ৰস্তুতি অবিহনে শিক্ষণ প্ৰক্ৰিয়া কেতিয়াও ফলপ্ৰসূ হ’ব নোৱাৰে। অৰ্থাৎ পূৰ্বৱৰ্তী স্তৰত শিক্ষকে পাঠ্য বিষয়ৰ জ্ঞান সম্পূৰ্ণৰূপে আয়ত্ত কৰিহে প্ৰদান কৰিবলৈ আগবাঢ়িব লাগে।

পাঠ-পৰিকল্পনা এটি তৈয়াৰ কৰিবৰ বাবে নিম্নোক্ত তিনিটা স্তৰ ধাৰ্য কৰা হৈছে। (গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুমোদিত)

  1. প্ৰস্তাৱনা (Introduction)
  2. উপস্থাপন (Presentation)
  3. সমাপ্তিকৰণ (Closure)

পাঠ পৰিকল্পনাৰ বিভিন্ন স্তৰ সমূহ-

ক) তথ্যৰ চিনাক্তকৰণ- এই শিতানত বিদ্যালয়ৰ নাম, শ্ৰেনী, শিক্ষাৰ্থীৰ সংখ্যা, গড় বয়স, সময়, তাৰিখ, বিষয়, পাঠ, পাঠ্যপুথি, শিক্ষকৰ নাম সন্নিৱিষ্ট কৰা হয়।

খ) সাধাৰণ উদ্দেশ্য- এই শিতানত পাঠৰ উদ্দেশ্য সন্নিৱিষ্ট কৰা হয়। যেনে- জ্ঞান, বোধ, প্ৰয়োগ, কৌশল আদি।

গ) শিক্ষণীয় সজুঁলি- শিক্ষন শিকন কাৰ্যত ব্যৱহাৰ হোৱা সজুঁলি সমূহৰ নাম উল্লেখ কৰা হয়। যেনে- কৃষ্ণ ফলক, খৰি মাটি আদি।

ঘ) প্ৰস্তাৱনা- প্ৰস্তাৱনাত শিক্ষাৰ্থীৰ পূৰ্বজ্ঞানৰ ধাৰণা, শিক্ষকৰ কাৰ্যাৱলী আৰু শিক্ষাৰ্থী সকলৰ কাৰ্যাৱলী সন্নিৱিষ্ট কৰা হয়।

ঙ) উপস্থাপন- পাঠ পৰিকল্পনাৰ উপস্থাপন শিতানত শিক্ষনীয় বিষয়, শিক্ষণৰ বিশেষ উদ্দেশ্য, শিক্ষকৰ কাৰ্যাৱলী, শিক্ষাৰ্থীৰ কাৰ্যাৱলীৰ লগতে আকাংক্ষিত শিক্ষনৰ ফলাফলৰ কথা উল্লেখ কৰা হয়।

চ) সামৰণি- ই পাঠ পৰিকল্পনাৰ অন্তিম স্তৰ। এই পৰ্যায়ত শিক্ষকে পাঠৰ সাৰংশ চমু বিৱৰণ দিয়ে। ইয়াত কেৱলৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ কাৰ্যাৱলী উল্লেখ থাকে। পাঠ পৰিকল্পনাই শিক্ষকক বিশেষ এটা শ্ৰেণীৰ বাবে নিজকে প্ৰস্তুত কৰাত সহায় কৰে৷ পাঠ একোটাক প্ৰণালীবদ্ধভাৱে ছাত্ৰ-ছাত্ৰীৰ মাজলৈ আগবঢ়াই দিয়ে৷ যিয়ে ছাত্ৰ-ছাত্ৰীক অৰ্হতা আয়ত্ত কৰাত সহায় কৰে৷

Tags:

🔥 Trending searches on Wiki অসমীয়া:

তলাতল ঘৰমৃণাল কলিতামিচিং জনগোষ্ঠীবিষুৱ ৰেখাতিৱা জনগোষ্ঠীআকবৰৰাসোৎসৱযতীন বৰামানস ৰাষ্ট্ৰীয় উদ্যানকমলাকান্ত ভট্টাচাৰ্য্যঅসমৰ পৰম্পৰাগত সাজ- পাৰশ্ৰীমদ্ভগৱতগীতাবহনক্ষম ভূমি ব্যৱস্থাপনাঅসমৰ ৰেচম শিল্পবিবাহভূমিকম্পযৌন সংগমঅসমীয়া সাহিত্যত মালিতামূলা গাভৰুভাওনাউৎসৱঅষ্ট্ৰেলিয়াস্বৰাজসংস্কৃতিপাৰিপাৰ্শ্বিক সংঘাতগণতন্ত্ৰবিদ্যুৎভূপেন হাজৰিকাচ্যু-কা-ফাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকালোকাচাৰপুঁজিবাদৰঙিয়া ৰেলৱে সংমণ্ডলপৃথুলিখন পদ্ধতিঅসহযোগ আন্দোলননুৰ জাহান (মোগল সম্ৰাজ্ঞী)সূৰ্যবিশেষ শিক্ষাধানঅসমৰ চলচ্চিত্ৰঅংগৰাগ মহন্তভাৰতৰ ৰাষ্ট্ৰপতিচাইকেলঅসম সাহিত্য সভাগুগলৱিকিপিডিয়া২৬ এপ্ৰিলকালিদাসভাৰতীয় মহাকাশ গৱেষণা সংস্থাশিশুৰ খেল-ধেমালিকোষ (জীৱবিজ্ঞান)পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰবাল্য বিবাহৰাইমনা ৰাষ্ট্ৰীয় উদ্যানহিমালয়অসম গণ পৰিষদবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণলখিমপুৰ জিলাঅযোধ্যা (পৌৰাণিক নগৰ)প্ৰকৃতিগাখীৰভাৰতৰ প্ৰধানমন্ত্ৰীভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনসত্ৰহেম বৰুৱা (ত্যাগবীৰ)বৰদৈচিলাশোণিত কুঁৱৰীসম্পাদনাজিকিৰকবিতাপাণিনি🡆 More