নাটক জয়মতী কুঁৱৰী

জয়মতী কুঁৱৰী (ইংৰাজী: Joymoti Kunwari) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য বুৰঞ্জীমূলক নাটক। এই নাটকত বেজবৰুৱাই অসম বুৰঞ্জীৰ যুগৰ চিত্ৰ আকোঁতেও শ্বেইক্সপীয়েৰৰ চৰিত্ৰ আৰু চিত্ৰৰ ছাঁ পৰিছে। ইয়াৰ জৰিয়তে বেজবৰুৱাই অসমীয়া নাট্য সাহিত্যৰ সমৃদ্ধি সাধনত অশেষ অৰিহণা যোগাইছিল।

জয়মতী কুঁৱৰী
লিখক লক্ষ্মীনাথ বেজবৰুৱা
চৰিত্ৰসমূহ জয়মতী
গদাপাণি
ডালিমী
প্ৰথম প্ৰদৰ্শনৰ ঠাই অসম
মূল ভাষা অসমীয়া
শৈলী বুৰঞ্জীমূলক

লেখকৰ পৰিচয়

লক্ষ্মীনাথ বেজবৰুৱা (ইংৰাজী: Laksminath Bezbarua; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক,গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে।

সমালোচনা

বেজবৰুৱাৰ আটাইকেইখন বুৰঞ্জীমূলক নাটকতে শ্বেইক্সপীয়েৰৰ নাটকৰ প্ৰভাৱ অসীম। শ্বেইক্সপীয়েৰৰ নাটকৰ আৰ্হিতে বেজবৰুৱাই নাটকবোৰত উপ-কাহিনীৰ সংযোগ কৰিছে। এই নাটকখনত সেউতী আৰু দিলিহিয়াল ফুকন সংক্ৰান্ত এটা উপ-কাহিনী সংযোগ কৰি বিষয়বস্তুৰ সৰ্বজনীনতা বৃদ্ধি কৰিবলৈ যত্ন কৰিছিল। শ্বেইক্সপীয়েৰৰ দৰে বেজবৰুৱায়ো এই নাটক খনত সহধৰ্মিতা আৰু বৈপৰীত্যৰ ভিত্তিত চিত্ৰাংকন কৰিছে। বৰগোহাঁই আৰু বুঢ়াগোহাঁই চৰিত্ৰ দুটা বৈপৰীত্যৰ ভিত্তিত অংকন কৰাৰ বিপৰীতে ৰাজমাও আৰু বৰগোহাঁই চৰিত্ৰ দুটা সহধৰ্মিতাৰ ভিত্তিত বেজবৰুৱাই অংকন কৰিছে।

চৰিত্ৰ

  • ডালিমী : জয়মতী কুঁৱৰী নাটকখনৰ এটা উল্লেখযোগ্য নাৰী চৰিত্ৰ হৈছে ডালিমী। এই চৰিত্ৰটোত শ্বেইক্সপীয়েৰৰ ‘The Tempest’ নামৰ নাকখনৰ মিৰেণ্ডা নামৰ চৰিত্ৰটোৰ প্ৰভাৱ আছে। মিৰেণ্ডাই যিদৰে বাস কৰা নিৰ্জন দ্বীপটোত ফাৰ্ডিনাণ্ডক লগ পায় আৰু প্ৰথম দৰ্শনতে ভাল পাই পেলায়, ঠিক সেয়া নগা পাহাৰৰ হাবিৰ মাজত ডাঙৰ হোৱা ডালিমীও গদাপাণিৰ প্ৰতি আকৃষ্ট হয়। ড॰ পোনা মহন্তই ডালিমী চৰিত্ৰটোৰ বিষয়ে কৈছে, “মিৰেণ্ডা-ডালিমীৰ সাদৃশ্যক বেছি দূৰ আগুৱাই নিব নোৱাৰি। মিৰেণ্ডা আৰু ফাৰ্ডিনাণ্ডৰ প্ৰেম ডেকা-গাভৰুৰ সাধাৰণ প্ৰেম – যি প্ৰেম শেষত বিয়াত পৰিণত হৈছেগৈ; কিন্তু গদাপাণি-ডালিমীৰ প্ৰেম ডেকা-গাভৰুৰ যৌন প্ৰেমৰ পৰা বহু ওপৰত। ডালিমী যেন তেজ-মঙহৰ ছোৱালী নহয়, তাই যেন এটি কবিতা, এটা সপোন। ”
  • খুহুতীয়া পণ্ডিত : এই নাটকৰ খুহুতীয়া পণ্ডিতৰ চৰিত্ৰটো বেজবৰুৱাদেৱে শ্বেইক্সপীয়েৰৰ ‘কিং লীয়েৰৰ’ ফুল চৰিত্ৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে। ফুলৰ কথাবোৰে লীয়েৰৰ মনত খোৰাক যোগোৱাৰ দৰেই খুহুতীয়া পণ্ডিতৰ কথাবোৰেও বুঢ়াগোহাঁইৰ মনৰ খোৰাক যোগাইছে।

লগতে চাওক

তথ্য সংগ্ৰহ

Tags:

নাটক জয়মতী কুঁৱৰী লেখকৰ পৰিচয়নাটক জয়মতী কুঁৱৰী সমালোচনানাটক জয়মতী কুঁৱৰী লগতে চাওকনাটক জয়মতী কুঁৱৰী তথ্য সংগ্ৰহনাটক জয়মতী কুঁৱৰীইংৰাজী ভাষালক্ষ্মীনাথ বেজবৰুৱা

🔥 Trending searches on Wiki অসমীয়া:

ভক্তি ৰত্নাৱলীভাৰতীয় নাগৰিকত্ব আইনআলাবৈৰ ৰণজীৱনীলোকবিশ্বাসকামাখ্যা মন্দিৰমেঘালয়ছোৱাইন ফ্লুকালিকা পুৰাণখামটি জনগোষ্ঠীঅসমৰ কাঁহ শিল্পচামগুৰি সত্ৰপ্ৰাকৃতিক দুৰ্যোগনদীউইলিয়াম শ্বেইকছপীয়েৰলক্ষ্মীনন্দন বৰাকুলধৰ শইকীয়াবিবাহবৰ্মণ ৰাজবংশবড়ো ভাষামানুহৰ কংকালসোণোৱাল কছাৰীকলিকতাখোলঅলিম্পিকভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহজল প্ৰদূষণপাঠ পৰিকল্পনাযুধিষ্ঠিৰঅসমীয়া গীতি সাহিত্যশকুন্তলাদুৰ্যোগখামটি ভাষাশামুকবৃত্তপ্ৰেমচন্দঅসম চুক্তিপাৰিজাত হৰণ নাটকেশৱ মহন্তআৰ্দ্ৰতাটুক্ৰেশ্বৰী দেৱালয়কেতেকী ফুলবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনসংস্কৃতিপোৱামক্কাছক্ৰেটিছশাক-পাচলিমামৰে ধৰা তৰোৱালতৎসমনাগালেণ্ডডিগবৈ তেল শোধনাগাৰপুৰাণআলোচনীযকৃৎঅসমৰ ৰাজ্যপালসকলৰ তালিকাহেপাটাইটিছ বিবনফুলস্বাধীনতা দিৱস (ভাৰত)একচেটীয়া বজাৰৰাজ্যসভাকাকৈজানা সংৰক্ষিত বনাঞ্চলমহমে ডাম মে ফিকৰ্কট ক্ৰান্তিভাৰত ৰত্নযৌন সংগমবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যযতি-চিনপৰ্যটনসাধুকথামেখেলা চাদৰযোৰানামহৰপ্পানৱ-বৈষ্ণৱ ধৰ্মশোণিত কুঁৱৰী🡆 More