মানুহৰ কংকাল

মানুহৰ কংকাল (ইংৰাজী: human skeleton)জন্মৰ সময়ত মুঠতে ৩০০ ডাল হাড়েৰে গঠিত৷ পূৰ্ণবয়স্ক হোৱাৰ পৰ্য্যায়লৈকে কিছুমান হাড় ইডালে সিডালৰ লগত যোৰ খাই শৰীৰত মুঠ ২০৬ ডাল হাড় হয়গৈ৷ মানুহৰ দেহত থকা হাড়ৰ ঘনত্ব ত্ৰিছ বছৰ বয়সৰ সময়ত সৰ্বাধিক হয় বুলি জনা যায়৷ মানুহৰ কংকালটোক দুটাভাগত ভাগ কৰিব পাৰি-অক্ষীয় কংকাল (axial skeleton) আৰু এপেণ্ডিকুলাৰ কংকাল (appendicular skeleton)৷ অক্ষীয় কংকাল মূলত: মানুহৰ ৰাজহাড় বা মেৰুদণ্ড(vertebral column), কামিহাড় (rib cage) আৰু লাওখোলা (skull) ৰে গঠিত৷ এপেণ্ডিকুলাৰ কংকাল অক্ষীয় কংকালৰ সৈতে সংযোজিত হৈ থাকে আৰু ই প্ৰধানকৈ 'pectoral girdle', 'pelvic girdle' আৰু upper আৰু lower limb ৰ হাড়েৰে গঠিত৷

মানুহৰ কংকাল

মানুহৰ কংকালে ঘাইকৈ ছটা মূল কাৰ্য্য সমাধা কৰে; অৱলম্বন (support), চলাচল (movement),প্ৰতিৰক্ষা (protection), ৰক্তকোষৰ সৃষ্টি, আয়নৰ সংৰক্ষণ (storage of ions) আৰু অন্ত:স্ৰাবী পৰিচালন (endocrine regulation)৷

মানুহৰ কংকালটোত লিংগভেদে অন্য প্ৰাইমেট সমূহত দেখা পোৱাৰ দৰে উল্লেখযোগ্য পাৰ্থক্য (Sexual dimorphism) দেখা নাযায় যদিও কিছু ক্ষেত্ৰত ব্যতিক্ৰম নোহোৱা নহয়৷ উদাহৰণস্বৰূপে, বাহ্যিক গঠনৰ ফালৰ পৰা পুৰুষ আৰু মহিলাৰ কংকালৰ কিছু পাৰ্থক্য দেখা পোৱা যায়৷

শাখাসমূহ

অক্ষীয় কংকাল

অক্ষীয় কংকালত মুঠ ৮০ ডাল হাড় আছে৷ ই প্ৰধানকৈ মানুহৰ মেৰুদণ্ড (vertebral column),১২ যোৰ কামিহাড় (rib cage),বুকুৰ ষ্টাৰনাম (Human sternum) আৰু লাওখোলা (skull) অংশৰে গঠিত৷ মানু্হৰ দেহটো পোণ কৰি ৰখা ত অক্ষীয় কংকালে সহায় কৰে৷ ই মূৰৰ আৰু দেহৰ ওপৰৰ অংশৰ পৰা দেহৰ ওজন নিম্নাংশলৈ বিতৰণ কৰে৷

মানুহৰ ৰাজহাড়ৰ পাঁচটা অংশ থাকে৷ ইয়াৰ একেবাৰে ওপৰৰ অংশটো ডিঙিৰ ৰাজহাড় (cervical vertebra) ৰে তললৈ ক্ৰমান্বয়ে বুকুৰ ( thoracic), lumbar, sacral আৰু coccygeal ৰাজহাড় থাকে৷ ডিঙিৰ ৰাজহাড়ে মেৰুদণ্ড আৰু ক্ৰেনিয়াম (cranium) ক সংযোজিত কৰে৷ Sacral আৰু coccygeal vertebras মিলি (fused) "sacral bone" বা "coccygeal bone" গঠন কৰে৷ এই 'sacral bone' এ মেৰুদণ্ডৰ সৈতে দেহৰ নিম্নাংশৰ হাড়ক (pelvic bone) সংযোজিত কৰে৷

এপেণ্ডিকুলাৰ কংকাল

এপোনণ্ডিকুলাৰ কংকাল মুঠ ১২৬ ডাল হাড়েৰে গঠিত৷ ই প্ৰধানকৈ 'pectoral girdle', limb আৰু pelvic girdle ৰে গঠিত৷ ই মানুহৰ শৰীৰটোৰ চলন আৰু শৰীৰৰ অংগসমূহৰ প্ৰতিৰক্ষাত সহায় কৰে৷

কাৰ্য্যসমূহ

মানুহৰ কংকাল 

মানু্হৰ কংকালটোৱে ছটা মূল কাৰ্য্য সমাধা কৰে- অৱলম্বন (support), চলন (movement),প্ৰতিৰক্ষা (protection), ৰক্তকোষৰ সৃষ্টি, আয়নৰ সংৰক্ষণ (storage of ions) আৰু অন্ত:স্ৰাবী পৰিচালন (endocrine regulation)৷

অৱলম্বন (support)

কংকালে শৰীৰটোৰ আকৃতি আৰু পোন হৈ থাকিবলৈ অৱলম্বন দিয়ে৷ তাৰোপৰি ভিতৰৰ গঠন যেনে ৰিব কে'জ আদিয়ে বিভিন্ন অংগসমূহ যথাস্থানত ধৰি ৰখাত সহায় কৰে৷

চলন (movement)

কংকালৰ হাড়সমূহৰ মাজৰ সংযোজন (joints) সমূহে শৰীৰটোক চলাচল কৰাত সহায় কৰে৷

প্ৰতিৰক্ষা (protection)

কংকালে মানুহৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অংগক প্ৰতিৰক্ষা প্ৰদান কৰে৷

  • মূৰৰ লাওখোলাই মগজু, চকু আৰু কাণক প্ৰতিৰক্ষা দিয়ে ৷
  • ৰাজহাড়ে স্নায়ুৰজ্জু (spinal cord) ক বচাই ৰাখে৷
  • ৰিব কে'জে মানুহৰ হাওঁফাওঁ, হৃদযন্ত্ৰ আৰু ৰক্তধমনীসমূহক প্ৰতিৰক্ষা দিয়ে৷
  • 'clavicle' আৰু 'scapula' মানুহৰ কান্ধদুখনক অৱলম্বন দিয়ে৷
  • 'ilium' য়ে মানুহৰ পাচকযন্ত্ৰ আৰু নিম্নাংশক প্ৰতিৰক্ষা দিয়ে৷
  • ভৰিৰ 'পেটেলা' আৰু হাতৰ 'আলনা' নামৰ হাড়ে ক্ৰমান্বয়ে আঁঠু আৰু বাহুক অৱলম্বন দিয়ে৷

ৰক্তকোষৰ সৃষ্টি

মানুহৰ কংকালৰ হাড়ৰ অস্থি মজ্জা (bone marrow ) ত থকা কলাত ' haematopoiesis' নামৰ প্ৰক্ৰিয়াৰ যোগেদি ৰক্তকোষসমূহৰ সৃষ্টি হয়৷

আয়নৰ সংৰক্ষণ (storage of ions)

হাড়ত কেলচিয়াম সংৰক্ষিত হৈ থাকে আৰু ই কেলচিয়ামৰ মেটাবলিজমত অংশ লয়৷ মানুহৰ হাড়ৰ মজ্জাত আইৰণ সংৰক্ষণ হৈ থাকে৷

অন্ত:স্ৰাবী পৰিচালন (endocrine regulation)

হাড়ৰ কোষসমূহে অষ্টিঅ'কেলচিন (osteocalcin) নামৰ এবিধ হ'ৰমণ নি:সৰণ কৰে৷ এই হ'ৰমণে গ্লুক'জৰ পৰিচালন (regulation of blood sugar (glucose)) ত সহায় কৰে৷


লাওখোলা

মানুহৰ লাওখোলাত থকা nuchal crest, mastoid processes, supraorbital margin, supraorbital ridge, আৰু mental eminence ৰ ক্ষেত্ৰত লিংগপাৰ্থক্য দেখা পোৱা যায়৷

দীৰ্ঘ হাড় (Long bones )

এই হাড়সমূহ সাধাৰণতে পুৰুষৰ ক্ষেত্ৰত মহিলাতকৈ আকাৰত ডাঙৰ হোৱা দেখা যায়৷

পেলভিছ (pelvis)

মানুহৰ পেলভিছ অংশৰ আকৃতি পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত বেলেগ হোৱা দেখা যায়৷ সেইবাবে অচিনাক্ত কংকালৰ লিংগ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত এই অংশৰ পৰিক্ষা কৰা হয়৷ এই প্ৰক্ৰিয়াটোক Phenice method বুলি কোৱা হয়৷

ৰোগ

মানুহৰ কংকালৰ ৰোগসমূহৰ ভিতৰত অষ্টিঅ'প'ৰ'ছিছ উল্লেখযোগ্য৷ তাৰোপৰি কিছু ক্ষেত্ৰত scoliosis ৰোগো দেখা যায়৷

অষ্টিঅ'প'ৰ'ছিছ

ই মানু্হৰ হাড়ত হোৱা এটা ৰোগ৷ এই ৰোগ হ'লে ৰোগীৰ fracture হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ এই ৰোগত ৰোগীৰ bone mineral density (BMD) কমি আহে আৰু ফলত হাড়ৰ গঠন দুৰ্বল হৈ পৰে৷

তথ্যসূত্ৰ

Tags:

মানুহৰ কংকাল শাখাসমূহমানুহৰ কংকাল কাৰ্য্যসমূহমানুহৰ কংকাল ৰোগমানুহৰ কংকাল তথ্যসূত্ৰমানুহৰ কংকালইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ নৃ-প্ৰজাতীয় গাঁথনিনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগনৰকাসুৰএৰিষ্ট'টলবিশ্ব স্বাস্থ্য সংস্থাবিষুৱ ৰেখামানৱ ভূগোলঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাইয়াণ্ডাবু সন্ধিঅসমৰ ইতিহাসআন্তৰ্জাতিক শ্ৰমিক দিৱসআহোম ৰাজ্যইষ্ট ইণ্ডিয়া কোম্পানীৰঙিয়া ৰেলৱে সংমণ্ডলগদ্যমোহনদাস কৰমচান্দ গান্ধীভাৰতৰ জাতীয় পতাকামানস ৰাষ্ট্ৰীয় উদ্যানঅম্বুবাচীসাধুকথামানচিত্ৰকৰতল কমল কমল দল নয়নৰসায়ন বিজ্ঞানবকুল ফুলৰ দৰে (গ্ৰন্থ)ভগদত্তমাজুলীবিশ্বনাথ চাৰিআলিৱিকিমিডিয়া ফাউণ্ডেশ্যনঋতুঅসমৰ পৰম্পৰাগত খেল-ধেমালিমহেঞ্জোদাৰোইজৰাইললক্ষ্মীধৰ শৰ্মাকোষ (জীৱবিজ্ঞান)সন্ধিইংৰাজী ভাষাজ'মাট'সৌৰভ কুমাৰ চলিহাঅসমৰ পৰম্পৰাগত সাজ-পাৰউদ্বিগ্নতাপৃথুঅসমীয়া ব্যাকৰণউৎসৱশ্বিলংচ্যু-কা-ফাগুণাভিৰাম বৰুৱাআৰবী ভাষাসমাৰ্থক শব্দযতীন্দ্ৰ নাথ দুৱৰাম'হৰ শিঙৰ পেঁপাগাঁও পঞ্চায়তগুৱাহাটীব্লগনিৰ্মলপ্ৰভা বৰদলৈলুৰিন জ্যোতি গগৈএলবাৰ্ট আইনষ্টাইনবাণীকান্ত কাকতিঅসমীয়া লিপিৰ বুৰঞ্জীঅযোধ্যা (পৌৰাণিক নগৰ)বিশ্ব বেংকযোগ দৰ্শনযৌগিক সংখ্যাআলি আঃয়ে লৃগাংকাৰ্বি ভাষাশিৱসাগৰ পুখুৰীমদন কামদেৱ দেৱালয়যৌন সংগমবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসকামৰূপ ৰাজ্যৰংঘৰহিন্দী ভাষা🡆 More