মহেঞ্জোদাৰো

মহেঞ্জো-দাৰো বা মহেঞ্জোদাৰো (/moʊˌhɛndʒoʊ ˈdɑːroʊ/; উৰ্দু: موئن جو دڑو) হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে মৃত লোকৰ টিলা। ২৫০০ খ্ৰীষ্টপূৰ্বত স্থাপিত এই ঠাইখণ্ড সিন্ধু সভ্যতাৰ এক বৃহত্তম ক্ষেত্ৰ আৰু প্ৰাচীন ইজিপ্ট, মেচ'পটেমিয়া আদি সভ্যতাৰ সমসাময়িক বিশ্বৰ প্ৰধানতম প্ৰাচীন নগৰসমূহৰ অন্যতম। সিন্ধু সভ্যতাৰ পতনৰ পিছত ১৯শ খ্ৰীষ্টপূৰ্বত এই ঠাইখণ্ড পৰিত্যক্ত হৈ পৰে আৰু ১৯২০ চনলৈকে অনাৱিষ্কৃত হৈ পৰি থাকে। পৰৱৰ্তী কালত এই ঠাইত উল্লেখনীয়ভাৱে খননকাৰ্য চলোৱা হয় আৰু ১৯৮০ চনত ইয়াক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। এই স্থান বৰ্তমান ভূমিস্খলন আৰু অনুপযুক্ত মেৰামতিৰ কাৰণে সংকটাপন্ন অৱস্থাত আছে।

ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
মহেঞ্জোদাৰো
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
মহেঞ্জোদাৰো
দেশ পাকিস্তান
ধৰণ সাংস্কৃতিক
মাপকাঠি ii, iii
উদ্ধৃতি ১৩৮
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া পেছিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮০ (৪ৰ্থ অধিবেশন)

ইতিহাস

নগৰখনৰ প্ৰকৃত নাম জানিব পৰা হোৱা নাই। মহেঞ্জোদাৰোৰ ইৰাৱথাম মহাদেৱন ছীল-মোহৰটোত চলোৱা বিশ্লেষণৰ ওপৰত ভিত্তি কৰি নগৰখনৰ নাম কুক্কুটৰ্ম ("কুকুৰাৰ [কুক্কুট] নগৰ [ৰ্ম]") হ'ব পাৰে বুলি ধাৰণা কৰা হৈছ। খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ সলনি ধৰ্মীয় কাৰণত কুকুৰা পালন কৰাৰ লগতে কুকুৰা যুঁজে নগৰখনৰ বাবে ধৰ্মীয় আৰু পৰম্পৰাগত বৈশিষ্ট্য বহন কৰিছিল বুলি অনুমান কৰা হয়। পৰৱৰ্তী কালছোৱাত বিশ্বজুৰি প্ৰসাৰ লাভ কৰা কুকুৰাৰ ঘৰচীয়াকৰণৰ উদ্ভৱো মহেঞ্জোদাৰোৰ পৰা হ'ব পাৰে বুলি ঠাৱৰ কৰা হৈছে।

সিন্ধ্ৰি ভাষাত এই ঠাইখণ্ডৰ বৰ্তমানৰ নাম মহেঞ্জোদাৰোৰ অৰ্থ হৈছে মৃত লোকৰ টিলা বা মোহন অৰ্থাৎ শ্ৰীকৃষ্ণৰ টিলা।

অৱস্থিতি

মহেঞ্জোদাৰো 
মহেঞ্জোদাৰোৰ নৃত্যৰতা যুৱতী

মহেঞ্জোদাৰো সিন্ধু নদীৰ পশ্চিমে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ লাৰকানা জিলাত অৱস্থিত।

তথ্য সংগ্ৰহ

  • Chaudhury, N. C. Mohenjo-Daro and the Civilization of Ancient India with References to Agriculture. Calcutta: W. Newman & Co, 1937.
  • Mackay, E. J. H., ed. (1937). Further Excavations At Mohenjo-daro: Being an official account of Archaeological Excavations at Mohenjo-Daro carried out by the Government of India between the years 1927 and 1931.
  • Marshall, John Hubert, ed. (1931). Mohenjo-Daro and the Indus Civilization: Being an official account of Archaeological Excavations at Mohenjo-Daro carried out by the Government of India between the years 1922 and 1927. Arthur Probsthain
  • McIntosh, Jane (2008). The Ancient Indus Valley: New Perspectives. ABC-CLIO, 2008. আই.এচ.বি.এন. 978-1-57607-907-2

বাহ্যিক সংযোগ

মহেঞ্জোদাৰো  মহেঞ্জোদাৰো ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা

Tags:

মহেঞ্জোদাৰো ইতিহাসমহেঞ্জোদাৰো অৱস্থিতিমহেঞ্জোদাৰো তথ্য সংগ্ৰহমহেঞ্জোদাৰো সহায়ক গ্ৰন্থপঞ্জীমহেঞ্জোদাৰো বাহ্যিক সংযোগমহেঞ্জোদাৰোen:Help:IPA for Englishউৰ্দু ভাষাপাকিস্তানপ্ৰাচীন ইজিপ্টমেচ'পটেমিয়াসিন্ধু সভ্যতাৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

শ্বজিবু নোংমা পানবাশোভা ব্ৰহ্মমে ডাম মে ফিমৌখিক লোকসাহিত্যইছলামলখিমী সবাহধেমাজি জিলাঅসমৰ জাতীয় গীতযোৰানামবৰদৈচিলামোগল সাম্ৰাজ্যপোহৰভূপেন্দ্ৰ সংগীতঅৰ্কিডউদাৰনৈতিকতাবাদঈয়াৰুইঙ্গমস্বদেশী আন্দোলনবলকামৰূপ ৰাজ্যনেপোলিয়ন বোনাপাৰ্টঅসমীয়া বৰ্ণমালানিৰ্ম্মল ভকতঅসমীয়া ব্যাকৰণইতিহাসৰামমোহন ৰায়মহা মৃত্যুঞ্জয় মন্দিৰৰামায়ণপ্ৰদূষণতোলনি বিয়াজোনবিৰি (অলংকাৰ)বিশেষ শিক্ষাপাইথেগাৰাছমৌলানা আব্দুল হামিদ খান ভাসানীভূতাপীয় শক্তিবৰাক নদীমাজুলীবিহুগীতবধকাব্যভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসত্ৰৱিকিঅনুবাদভটিমানগাঁও কুইজ ফ'ৰামঅসমৰ মন্ত্ৰ-সাহিত্যলক্ষ্মীনাথ বেজবৰুৱাৰমন্যাসবাদগঙ্গা নদীভাৰত ৰত্নৰীমা দাসকৃষ্ণঅভিজ্ঞানম শকুন্তলমবিহুপ্ৰাৰ্থনা সমাজভ্ৰাম্যমাণ থিয়েটাৰদক্ষিণপাট সত্ৰনীলমণি ফুকন (জ্যেষ্ঠ)শিৱনাথ বৰ্মনলিংগভিত্তিক অধ্যয়নৰম্বাছশিৱ পুৰাণঅসমত দেখা পোৱা স্তন্যপায়ী প্ৰাণীসমূহনামঘৰপাঠ্যক্ৰমউপভাষাঅসমৰ পৰম্পৰাগত খেল-ধেমালিযৌতুকৰাজ্যসভাঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাজ্যোতিপ্ৰসাদ আগৰৱালানাগৰিকত্বছ'ভিয়েট সংঘবাগ্‌ধ্বনিসমাজতত্ত্ব🡆 More