লখিমী সবাহ

লখিমী সবাহ অসমীয়া লোকসকলে পালন কৰা এক উল্লেখযোগ্য কৃষিভিত্তিক লোক-অনুষ্ঠান। কৃষিকাৰ্যৰ আৰম্ভণি আৰু সামৰণিৰ সময়ত অসমীয়া মহিলাসকলে লোকবিশ্বাস আৰু পৰম্পৰাগত ৰীতি-নীতিৰে এই উৎসৱ পালন কৰে। লখিমী সবাহ সাধাৰণতে উজনি অসমৰ কিছুসংখ্যক গাঁ‌ৱত পালন কৰা হয়। বৰষুণৰ কামনাৰে জেঠ-আহাৰ মাহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। লখিমী সবাহৰ সৈতে জড়িত লোকবিশ্বাস অনুসৰি, শস্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী বা লখিমী ধান চপোৱাৰ পাছত পথাৰৰ পৰা অন্তৰ্ধান হয় আৰু ওখ পৰ্বতত স্থিতি লয়গৈ। মানুহৰ প্ৰতি সন্তুষ্ট হ’লে তেওঁ বাৰিষা বৰষুণৰ ৰূপত পুনৰ পথাৰলৈ নামি আহে আৰু সেয়ে লখিমীক আদৰাৰ উদ্দেশ্যেৰে মহিলাসকলে বিভিন্ন স্তুতি গীত আৰু নাম গায়।

গছে সৰু সৰু পাতে ভিৰে খালে
 মাণিকীমধুৰী লাগে;
লোকৰে দেশলৈ নেযাবা লক্ষ্মী আই
 ভঁৰালটি ভৰিব লাগে।

লখিমী সবাহৰ বাবে সাধাৰণতে গাঁৱৰ নামঘৰত ৰাইজৰ সৈতে শোভাযাত্ৰা কৰি এজনী ঋতুমতী নোহোৱা ছোৱালী বা এগৰাকী আয়তীয়ে কলৰ থুৰি, আমপাত আদি ভৰোৱা নতুন মাটিৰ টেকেলি লৈ নদীত পানী তুলিবলৈ যায়। আন দুগৰাকী তিৰোতাই ক্ৰমে এখন জাকৈ, এটা চাউল ভৰ্তি দুণৰি লগত নিয়ে। এজন কিশোৰে কলপটুৱা বা বাঁহৰ কাঠিৰে সজা এখন দোলাও কঢ়িয়াই লৈ যায়। নদীত পানী তুলি লগত নিয়া টেকেলিত ভৰাই অনা হয়। আন এগৰাকী মহিলাই নদীত তিনিবাৰ জাকৈৰে চবিয়ায় আৰু জাকৈত উঠা বন-বোকা দোলাখনত থয়। জাকৈৰে চবিয়াওঁতে মাছ উঠি অহাটো শুভ লক্ষণ বুলি ভবা হয়। পানী তুলি আহি ৰাইজে তিনিবাৰ নামঘৰ প্ৰদক্ষিণ কৰে আৰু পানীখিনি মণিকূটৰ ওচৰত থয়। নাম-প্ৰসংগ আদি কৰাৰ সময়ত সমবেত ৰাইজৰ গাত সেই পানী ছটিয়াই দিয়াৰ লগতে জাকৈত তুলি অনা বন-বোকাখিনি আৰু দুণৰিত থকা চাউলখিনি সকলোৰে মাজত বিতৰণ কৰি দিয়া হয়। গাঁওবাসীয়ে সেই দ্ৰব্যখিনি সভক্তিৰে ভঁৰালত ৰাখে। এনে কৰিলে গৃহলৈ লখিমীৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়।

তাই আহোমসকলৰ লখিমী সবাহ আয়োজন কিছু পৃথক। তেওঁলোকে ব্যক্তিগতভাৱে আয়োজন কৰিলে ভঁৰালৰ সন্মুখত আৰু ৰাজহুৱাকৈ হ'লে মুকলি ঠাইত এই অনুষ্ঠান পাতে। এই উৎসৱত তেওঁলোকে ‘লাওখাইমী’ (লখিমী) দেৱীৰ লগতে তেওঁৰ পিতৃ হুচুংখোড়াক পূজা কৰে। এই অনুষ্ঠানত এবিধ নৈবেদ্য আগবঢ়োৱা হয় আৰু তিৰোতাসকলে দোলা, দুণৰি বা দোণ, আঁহত বা বৰগছৰ পাত ভৰোৱা টেকেলি আদি লৈ পানী তুলিবলৈ যায় পানী তোলোঁতে উঠি অহা বস্তুবিলাক সকলোৱে ভাগ-বিতৰণ কৰি ঘৰলৈ লৈ যায়। এই বস্তবিলাক ভক্তিভাবেৰে সংৰক্ষণ কৰি ৰখা হয়।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ জনগোষ্ঠীগোলাঘাটনৱকান্ত বৰুৱাকথা কবিতাশব্দ প্ৰদূষণস্বাভাৱিক সংখ্যানগাঁও জিলানাঙলধেমাজি জিলাজুবিন গাৰ্গকামৰূপ জিলাজৱাহৰলাল নেহৰুপলাশীৰ যুদ্ধবিহুৰ বাদ্যযন্ত্ৰদৌল গোবিন্দ মন্দিৰনাৰীহয়গ্ৰীৱ মাধৱ মন্দিৰদ্য টাইমছ অৱ ইণ্ডিয়াঅসমৰ বাঁহ-বেতৰ শিল্পমাটিৰেখাসংমিশ্ৰিত মীন-পালনপঞ্চায়তী ৰাজপ্ৰাকৃতিক পৰিৱেশসিন্ধী ভাষানাৰী সবলীকৰণমাটিৰ হিচাপমিত্ৰদেৱ মহন্তঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগকুলধৰ শইকীয়াতোলনি বিয়াআহোম ৰাজবংশঅপভ্ৰংশওজাপালিহেপাটাইটিছ বিবৰপেটাঅশোকৰ অনুশাসনঅম্বুবাচীকামৰূপী লিপিমানস ৰাষ্ট্ৰীয় উদ্যানসালোক সংশ্লেষণদিনৰজনীগন্ধাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকামদন কামদেৱ দেৱালয়ভাইৰাছঅসম বিধানসভাবাজেটসংক্ৰমণবিহুগীতশৰাইঘাটৰ যুদ্ধআনন্দ চন্দ্ৰ আগৰৱালামৰিগাঁও জিলাহাজং জনগোষ্ঠীবেলি ফুলমূৰাৰা, ৰঙিয়াচাচনি মেৰবিলউত্তৰ-পূব ভাৰতখনিকৰ (নাট)দশৰথৱিকিমিডিয়া ফাউণ্ডেশ্যনভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামহাসাগৰবিহুৰ খাদ্যউমানন্দঅসমৰ ৰাজ্যিক প্ৰতীকসমূহকমলাবাৰী সত্ৰপদ্মনাথ গোহাঞি বৰুৱাপ্ৰকৃতিবিষ্ণুপ্ৰসাদ ৰাভাউত্তৰ গুৱাহাটীসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাঅসমৰ নদীসমূহৰ তালিকাযকৃৎঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকা🡆 More