অংগনবাদী

অংগনবাদী (ইংৰাজী: Anganwadi) হৈছে ভাৰতৰ এক প্ৰকাৰৰ গ্ৰাম্য শিশু যত্ন কেন্দ্ৰ। শিশুৰ ক্ষুধা আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰত চৰকাৰে ১৯৭৫ চনত এই কাৰ্যসূচী আৰম্ভ কৰিছিল। হিন্দী ভাষাত অংগনবাদী বা অংগনৱাড়ীৰ অৰ্থ হৈছে ‘চোতালৰ আশ্ৰয়’।

অংগনবাদী
উৰিষ্যাৰ এক অংগনবাদী কেন্দ্ৰ

এটি সাধাৰণ অংগনবাদী কেন্দ্ৰই এখন গাঁৱত প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদান কৰে। ই ভাৰতীয় জনস্বাস্থ্য সেৱা প্ৰণালীৰ এটা অংশ। প্ৰাথমিক স্বাস্থ্য সেৱা কাৰ্যকলাপবোৰৰ ভিতৰত আছে গৰ্ভনিৰোধকৰ বিষয়ে পৰামৰ্শ দিয়া আৰু যোগান ধৰা, পুষ্টি আৰু পৰিপূৰকৰ বিষয়ে শিক্ষা দিয়া, লগতে শিশুসকলৰ বাবে প্ৰাক-প্ৰথমিক বিদ্যালয় ৰূপে কাম কৰা। কেন্দ্ৰবোৰ অ'ৰেল ৰিহাইড্ৰেচন চল্ট (অ'আৰএছ), প্ৰাথমিক ঔষধ আৰু গৰ্ভনিৰোধকৰ বাবে কোষ্ঠাগাৰ হিচাপেও ব্যৱহাৰ কৰা হ'ব পাৰে। ৩১ জানুৱাৰী ২০১৩-ৰ তথ্য অনুসৰি, ১৩.৭ লাখ অনুমোদিত অংগনবাদী কেন্দ্ৰৰ ভিতৰত প্ৰায় ১৩.৩ লাখ অংগনবাদী কেন্দ্ৰ কাৰ্যৰত হৈছে। এই কেন্দ্ৰবোৰে পৰিপূৰক পুষ্টি, অনানুষ্ঠানিক প্ৰাক-প্ৰথমিক বিদ্যালয় শিক্ষা, পুষ্টি আৰু স্বাস্থ্য শিক্ষা, টিকাকৰণ, স্বাস্থ্য পৰীক্ষা আৰু ৰেফাৰেল সেৱা প্ৰদান কৰে। ইয়াৰে অন্তিম তিনিটা সেৱা ৰাজহুৱা স্বাস্থ্য প্ৰণালীৰ সৈতে একত্ৰিত হৈ প্ৰদান কৰা হয়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাপুষ্টিহীনতাভাৰতভাৰত চৰকাৰহিন্দী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া শিশু আলোচনীসমূহৰ তালিকাশিৱসাগৰ জিলাকাৰ্বি ভাষাফুটবলঅসমৰ কাঁহ শিল্পকালিকা পুৰাণনাৰী সবলীকৰণমঙ্গলদৈ (লোকসভা সমষ্টি)গড়মূৰ সত্ৰভঠেলিপালি ভাষামাইলছ ব্ৰনছনছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)হেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)মানৱ উন্নয়ন সূচকঅসমীয়া ব্যাকৰণচিলাৰায়ব্যষ্টিবাদী অৰ্থনীতিস্বদেশী আন্দোলনযোৰহাটসৌৰজগতঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তমাটিছ'ভিয়েট সংঘঅশোকৰ অনুশাসনজ্যোতিপ্ৰসাদ আগৰৱালামামণি ৰয়ছম গোস্বামীজ'মাট'চুটিগল্পনিচুকনি গীতসংঘাতঅসমৰ চলচ্চিত্ৰদীৰ্ঘেশ্বৰী দেৱালয়পৰম্পৰাপূৰবী বৰমুদৈবিপন্ন প্ৰজাতিকুলিগণিতমানচিত্ৰশব্দঅতুল চন্দ্ৰ হাজৰিকাঅসমীয়া লোক কবিতাফাট বিহুহুঁচৰিমদন কামদেৱ দেৱালয়অসমীয়া গালি-গালাজউমাচল শিলালিপিনগাঁও (লোকসভা সমষ্টি)উত্তৰ-পূব ভাৰতমহিলাৰ বিৰুদ্ধে হিংসাঅসীমত যাৰ হেৰাল সীমাকানাই বৰশী বোৱা শিলালিপিঅসমৰ ৰাজ্যিক প্ৰতীকসমূহআলাবৈৰ ৰণঅলিম্পিকহাজং জনগোষ্ঠীঅব্যয় পদশিক্ষা মনোবিজ্ঞাননীলমণি ফুকন (কনিষ্ঠ)মামণি ৰয়ছম গোস্বামীৰ উপন্যাসমহকামৰূপ ৰাজ্যমিয়া খলিফাঅসমীয়া ভাষা আন্দোলনঅসমীয়া খাদ্যাভ্যাসবাঁহীবেটুপাতআমেৰিকা যুক্তৰাষ্ট্ৰবিশ্বনাথ ঘাটবিষুৱ ৰেখাঘৰ শালিকা🡆 More