অজন্তা গুহাসমূহ

অজন্তা গুহা ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ গভীৰ খাড়া গিৰিখাতৰ শিল কাটি খনন কৰা প্ৰায় ৩০ টা গুহা-স্তম্ভ। এইসমূহত পোৱা ছবি আৰু ভাস্কৰ্য সেইসময়ৰ বৌদ্ধ ধৰ্মীয় শিল্পৰ উৎকৃষ্ট নিদৰ্শন। অজন্তাৰ দেৱালৰ চিত্ৰসমূহত বুদ্ধৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ কাহিনী বৰ্ণিত হৈছে। গুহাসমূহ মহাৰাষ্ট্ৰৰ ঔৰংঙ্গাবাদ জিলাৰ জলগাঁও ৰেলষ্টেশ্যনৰ কাষত থকা, আজিন্তা বা অজন্তা গাঁৱৰ সীমাত অৱস্থিত (২০ ডিগ্ৰী ৩০ মিনিট উত্তৰ অক্ষাংশ আৰু ৭৫ ডিগ্ৰী ৪০ মিনিট পূৰ্ব দ্ৰাঘিমাংশ)।

ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
অজন্তা গুহা
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
অজন্তা গুহাসমূহ
অজন্তা গুহাসমূহ

দেশ অজন্তা গুহাসমূহ ভাৰত
ধৰণ সাংস্কৃতিক ১
মাপকাঠি i, ii, iii, vi
উদ্ধৃতি ২৪২
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া -পেছিফিক
স্থানাংক 20°33′09″N 75°42′02″E / 20.552377°N 75.700436°E / 20.552377; 75.700436 75°42′02″E / 20.552377°N 75.700436°E / 20.552377; 75.700436
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৩ (৭ম অধিবেশন)

চীনা পৰিব্ৰাজক হিউয়েন চাঙৰ ভ্ৰমণলিপিত অজন্তাৰ বৰ্ণনা আছে। গুহাসমূহ দীৰ্ঘকাল অৰণ্যৰ আঁৰত বিস্মৃত অৱস্থাত পৰি আছিল। ১৮১৯ চনত, এইসমূহ পুণৰ নতুনকৈ আৱিষ্কৃত হয়। অজন্তা আৰু ওচৰত থকা ইলোৰা ভাৰতৰ অন্যতম প্ৰধান পৰ্যটনকেন্দ্ৰ।

১৯৮৩ চনত অজন্তা গুহাসমূহ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাপে অন্তৰ্ভুক্ত হয়। এই বৌদ্ধ গুহাসমূহ দুটি পৰ্বত নিৰ্মিত হৈছিল। প্ৰথম পৰ্বৰ নিৰ্মাণকাৰ্য আৰম্ভ হয় খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতাব্দীত। দ্বিতীয় পৰ্ব গুপ্ত যুগত৷ পঞ্চম আৰু ষষ্ঠ শতাব্দীত আৰু বহুতো নতুন সংযোজন ইয়াৰ লগত যুক্ত হয়। এই গুহাসমূহত উন্নত মানৰ চিত্ৰকলা আৰু ফ্ৰেস্কো দেখা যায়, ই শ্ৰীলঙ্কাৰ সিগিৰয়া (Sigiriya) চিত্ৰকলা আৰু স্থাপত্যকলাৰ অনুকৰণ। ইয়াত মুঠ ৩০ টা প্ৰস্তৰখোদিত গুহা স্মাৰক বিদ্যমান, যিটো বৌদ্ধ ধৰ্মীয় চিত্ৰকলাৰ এক অনন্য নিদৰ্শন।

আলোকচিত্ৰ



তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ


Tags:

বুদ্ধভাৰতমহাৰাষ্ট্ৰ

🔥 Trending searches on Wiki অসমীয়া:

আৰ্যভট্টৰাজনীতিঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাঅসমৰ লোকবাদ্যবচন (ব্যাকৰণ)ভাৰতীয় নাগৰিকত্ব আইনবাল্য বিবাহসমোচ্চাৰিত শব্দলোক-সংগীতযোৰহাট জিলাউইলিয়াম শ্বেইকছপীয়েৰঅসম আন্দোলনভাৰতৰ উপৰাষ্ট্ৰপতিমৃণাল কলিতাসংগীত নাটকঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিমোৰ জীৱন সোঁৱৰণমাইলছ ব্ৰনছনযৌন সংগমউমাচল শিলালিপিবিল গেট্‌ছঅৰ্থব্যৱস্থাধাতু আৰু অধাতুগণিতদীৰ্ঘেশ্বৰী দেৱালয়হিন্দী ভাষাচকলংচৰ্যাপদলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰঅভিযাত্ৰীভগদত্তফুলগুৰি ধেৱাশব্দমৰুদ্যানঅসম বৈভৱ বঁটাঅসমৰ পৰম্পৰাগত সাজ-পাৰপিঠাঅসমৰ গামোচাৰাজনৈতিক দলঅসমীয়া লোক-সংস্কৃতিএৰিষ্ট'টলঅপভ্ৰংশঅসমৰ সমস্যাৱিকিমিডিয়া ফাউণ্ডেশ্যনআহোম ৰাজ্যমিচিং ভাষাওডিছীঅসীমত যাৰ হেৰাল সীমাতেজসাত বিহুশ্ৰীমদ্ভগৱতগীতাসেউজ গৃহ প্ৰভাৱশিৱসাগৰচকৰি ফেঁটী বুৰঞ্জীকছাৰী ৰাজ্যবতৰভট্টদেৱজেতুকাউদ্ভিদঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাশৰাইঘাটৰ যুদ্ধঅণুবীক্ষণ যন্ত্ৰপাকস্থলীহিউৱেন-চাংকালিকা পুৰাণআলেকজেণ্ডাৰ গ্ৰাহাম বে'লমণিপুৰমনালিছাঅসমৰ ৰেচম শিল্পডিমাছা জনগোষ্ঠীবিশ্বনাথ ঘাটকামৰূপী লিপি🡆 More