যাদৱ পায়েং

যাদৱ পায়েং (ইংৰাজী: Jadav Payeng) অসমৰ এগৰাকী পৰিৱেশ কৰ্মী। মুলাই তেখেতৰ উপনাম। তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামকৰণ কৰা হৈছে। ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৫ কিলোমিটাৰ। ১৯৮০ চনত তেখেতে অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। বৰ্তমান সেই অৰণ্যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায়। কেইবিধমান মূল্যবান উদ্ভিদ হ'ল: অৰ্জুন, এজাৰ, গোলমোহৰ, কৰৈ, মজ, শিমলু আদি। প্ৰাণীৰ ভিতৰত গঁড়, ঢেঁকীয়াপতীয়া বাঘ, হৰিণা, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই, শগুন আদিয়েই প্ৰধান। নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ (ফৰেষ্ট মেন অৱ ইণ্ডিয়া) উপাধি প্ৰদান কৰিছে। ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

যাদৱ পায়েং
যাদৱ পায়েং
যাদৱ পায়েং
জন্ম যাদৱ পায়েং
১৯৬৩
অসম, ভাৰত
অন্য নাম মুলাই
পেচা অৰণ্য নিৰ্মাতা
সক্ৰিয় হৈ থকা সময় ১৯৮০ চনৰ পৰা বৰ্তমানলৈ
দাম্পত্যসঙ্গী বিনীতা পায়েং
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী বঁটা (২০১৫)
কমনৱেলথ পইণ্টছ্ অৱ লাইট বঁটা (২০২০)

কৰ্ম জীৱন

১৯৭৯ চনত ষোল্ল বছৰ বয়সত যাদৱ পায়েঙে বানপানীয়ে উটুৱাই অনা বহু সাপ মৃত্যুমুখত পৰা প্ৰত্যক্ষ কৰে আৰু অন্তৰত দুখ পায়। ১৯৮০ চনত গোলাঘাট জিলাৰ বন বিভাগে ককিলামুখাৰ পৰা ৫ কিলোমিটাৰ দূৰত ঔনামুখ চাপৰিৰ ২০০ হেক্টৰ অঞ্চলত বৃক্ষৰোপণৰ আঁচনি গ্ৰহণ কৰে। পাঁচ বছৰত সম্পূৰ্ণ হোৱা এই প্ৰকল্পত মুলাইও আছিল এজন কৰ্মী। প্ৰকল্প শেষ হোৱাৰ পিছত আনবোৰ কৰ্মী গুছি গ'লেও মুলাইয়ে অধিক গছ ৰোৱা আৰু সেইবোৰৰ চোৱা-চিতা কৰা কাম আৰম্ভ কৰে।

এতিয়া 'মুলাই কাঠনিবাৰী' নামৰে জনা যোৱা হাবিখনত ঢেঁকীয়াপতীয়া বাঘ, এশিঙীয়া গঁড়, এশৰো অধিক হৰিণা, শহাপহু, বান্দৰ আৰু অনেক প্ৰজাতিৰ চৰাই আছে। তাত থকা কেইবাহাজাৰো গছৰ ভিতৰত শিমলু, বাঁহ, শিশু, ডিমৰু, ভেলকৰ, অৰ্জুন, এজাৰ, বগৰী, গমাৰি, সোণাৰু, কৃষ্ণচূড়া, চেগুন আদি প্ৰধান। ৫৫০ হেক্টৰজুৰি কেৱল বাঁহ গছেই আছে।

১০০টা হাতীৰ এটা জাক প্ৰতিবছৰে হাবিখনলৈ আহে আৰু প্ৰায় ছমাহমান সময় থাকে। যোৱা কেইটামান বছৰত হাবিখনত জাকটোৰ ১০টা পোৱালিও জন্ম হৈছে। ২০০৮ চনত হাতীৰ এটা জাকে হাবিখনৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৰ ঔনাচাপৰি গাঁৱত সম্পত্তিৰ হানি কৰিছিল আৰু সেই হাতীজাকৰ সন্ধান কৰোঁতেই বন বিভাগে এই হাবিখনৰ কথা জানিবলৈ পায়।

কেইবছৰমান আগতে চোৰাং চিকাৰীয়ে হাবিখনত থকা গঁড় হত্যা কৰিবলৈ চেষ্টা চলায় যদিও মুলাইয়ে বন বিষয়াক এই কথা জনায়। বন বিষয়া আহি চোৰাং চিকাৰীয়ে পাতি থোৱা বিভিন্ন বস্তু জব্দ কৰে।

যাদৱ পায়েঙে হাবিখনৰ চোৱা-চিতা আৰু ভালকৈ কৰিবলৈ আৰু অসমৰ আন ঠাইত এনে কাম আৰম্ভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। ব্ৰহ্মপুত্ৰ নদীৰ আন এটা চাপৰিতো গছ ৰোৱা তেওঁৰ আন এটা লক্ষ্য।

ব্যক্তিগত জীৱন

'মুলাই অৰণ্য'তে পঁজাঘৰ সাজি পত্নী বিনীতা পায়েং, দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰ সৈতে মিচিং জনগোষ্ঠীয় যাদৱ পায়েঙে বাস কৰে। গৰু আৰু ম'হৰ গাখীৰ বিক্ৰী কৰাই তেখেতৰ একমাত্ৰ জীৱিকা। শেহতীয়া সাক্ষাৎকাৰ এটাত তেওঁ কয় যে তেওঁৰ প্ৰায় ১০০টা মান গৰু আৰু ম'হ বাঘে বধ কৰিছে। কিন্তু ইয়াৰ বাবে তেওঁ হাবি-বন ধ্বংস কৰা মানুহকহে দোষাৰোপ কৰে।

সন্মান আৰু স্বীকৃতি

যাদৱ পায়েং 
২০১৫ চনৰ ৮ এপ্ৰিলত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰাৰ মুহূৰ্ত
  • ২০১২ চনৰ ২২ এপ্ৰিলৰ দিনা ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালৰ পৰিবেশ বিজ্ঞান বিভাগে যাদৱ পায়েঙক সন্মান জনাবলৈ এখন জনসভাৰ আয়োজন কৰে। সেইদিনা তেখেতে বিশ্ববিদ্যালয় চৌহদত প্ৰতীকী ৰূপত পাঁচজোপা বৃক্ষৰোপণ কৰে। ৰমন মেগছেছে বঁটা বিজয়ী, জলমানৱ ৰূপে খ্যাত ৰাজেন্দ্ৰ সিং আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুধীৰ কুমাৰ সোপোৰিয়ে অংশ লোৱা এটা প্ৰশ্নোত্তৰ অনুষ্ঠানত পায়েঙে তেখেতৰ অভিজ্ঞতাৰ বৰ্ণনা কৰে। এই অনুষ্ঠানতে উপাচাৰ্য সোপোৰিয়ে তেখেতক 'ভাৰতৰ অৰণ্য মানৱ' (Forest man of India) আখ্যা দিয়ে।
  • ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।
  • ২০২০ চনত যাদৱ পায়েঙক ১২৮ সংখ্যক "কমনৱেলথ পইণ্টছ্ অৱ লাইট এৱাৰ্ড" বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। পৰিৱেশ সুৰক্ষালৈ আগবঢ়োৱা স্বেচ্ছামূলক অৱদানৰ বাবে ৰাণী দ্বিতীয় এলিজাবেথে তেওঁক এই স্বীকৃতি দিয়ে। ১১ মাৰ্চত হ'বলগীয়া এক অনুষ্ঠানত ব্ৰিটিছ উপ-উচ্চায়ুক্ত লিক্ লয়ে তেখেতক এই সন্মান প্ৰদান কৰিব।

মেক্সিকোত বৃক্ষৰোপণ

২০২০ চনৰ ডিচেম্বৰত যাদৱ পায়েঙে মেক্সিকোৰ 'আজটেকা'নামৰ বেচৰকাৰী সংস্থা এটাৰ সৈতে এখন বিশেষ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি পায়েঙৰ সহযোগিতাত উত্তৰ আমেৰিকাৰ মেক্সিকো দেশৰ আঠ লাখ হেক্টৰ ভূমিত সত্তৰ লাখ গছপুলি ৰোৱাৰ সিদ্ধান্ত লোৱা হয়। ২০২১ চনত যাদৱ পায়েঙক মেক্সিকো চৰকাৰে দহবছৰৰ বাবে ভিছা প্ৰদান কৰে। বিশেষ কৰ্মটো সম্পাদন কৰাৰ উদ্দেশ্যেৰে পায়েঙে ২০২১ চনত মেক্সিকোলৈ তিনিমাহৰ বাবে গমন কৰিব। এই বিদেশ-যাত্ৰা বছৰেকীয়া হ'ব। মেক্সিকোৰ পৰিৱেশ আৰু জলবায়ু ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহতহে গছ ৰোৱাৰ বাবে অনুকূল। পায়েংৰ এই কৰ্মত দেশখনৰ এক লাখ শিক্ষাৰ্থীয়ে প্ৰতি দিনাই অংশগ্ৰহণ কৰিব। এই সন্দৰ্ভত পায়েঙে কয় যে, “The Mexico government has provided me visa for 10 years. I shall be in Mexico for three months every year -- September, October and November -- That time is suitable to plant trees in Mexico. I will have to involve myself with one lakh students per day for the massive plantation drive.” পায়েঙে অসমৰ পৰা মেক্সিকোত ৰুবৰ বাবে তামোল আৰু নাৰিকলৰ পুলি লৈ যাব।

জনপ্ৰিয় মাধ্যমত

যাদৱ পায়েং 
শিশুৰ বাবে যুগুত কৰা এখন কিতাপৰ বেটুপাতত পায়েঙৰ ছবি

যাদৱ পায়েঙৰ জীৱন আৰু কৰ্ম-আধাৰিত এখনি সচিত্ৰ ইংৰাজী ভাষাৰ গ্ৰন্থ ২০১৯ চনৰ ১৫ মাৰ্চত প্ৰকাশ হৈ ওলায়। গ্ৰন্থখনৰ নাম হৈছে 'The Boy who grew a forest: The True Story of Jadav Payeng' (অৰণ্য গঢ়া ল'ৰাজন: যাদৱ পায়েঙৰ সঁচা কাহিনী)। শিশু-কিশোৰৰ বাবে যুগুতোৱা এই বিশেষ গ্ৰন্থখনৰ লেখিকা হৈছে ছ'ফিয়া গোলজ্ (Sophia Gholz)। ৩২ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ ভিতৰৰ ছবিসমূহ আঁকিছে কায়লা হাৰেনে। গ্ৰন্থখনে কেইবাটাও পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰে ভিতৰত ফ্লৰিডা ষ্টেট বুক বঁটা (সোণৰ পদক), গ্ৰীণ আৰ্থ বুক বঁটা, ইউৰেকা অকাহিনীমূলক শিশু গ্ৰন্থৰ সন্মান আদি প্ৰধান। গ্ৰন্থখনে পাঠক-সমালোচকৰ পৰাও ইতিবাচক মন্তব্য লাভ কৰে। আমেৰিকান আলোচনী "বুকলিষ্ট"-এ কয় যে, “পায়েঙৰ কাহিনীটো স্বতঃস্ফূৰ্ততাৰে কোৱা হৈছে আৰু সুন্দৰকৈ চিত্ৰিত কৰা হৈছে। পাঠকসকলে কিতাপখনৰ জৰিয়তে নিজস্ব দৃঢ়তাৰ শক্তিৰ উমান পাব।” (“Payeng’s story is eloquently told and beautifully illustrated. It will inspire readers to recognize the power of individual determination…”)।

তথ্য সংগ্ৰহ

Tags:

যাদৱ পায়েং কৰ্ম জীৱনযাদৱ পায়েং ব্যক্তিগত জীৱনযাদৱ পায়েং সন্মান আৰু স্বীকৃতিযাদৱ পায়েং জনপ্ৰিয় মাধ্যমতযাদৱ পায়েং তথ্য সংগ্ৰহযাদৱ পায়েং বাহ্যিক সংযোগযাদৱ পায়েংঅসমঅৰ্জুন গছইংৰাজী ভাষাএজাৰএশিঙীয়া গঁড়জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ঢেঁকীয়াপতীয়া বাঘনতুন দিল্লীপদ্মশ্ৰীব্ৰহ্মপুত্ৰভাৰত চৰকাৰযোৰহাট জিলাশিমলু

🔥 Trending searches on Wiki অসমীয়া:

২৪ এপ্ৰিলস্বাধীনতা দিৱস (ভাৰত)ধাতু আৰু অধাতুচকলংঋণাত্মক অখণ্ড সংখ্যাভীমৰাও ৰামজী আম্বেদকাৰহনুমানঅসমৰ মাছঅসমৰ পৰম্পৰাগত সাজ-পাৰপাৰিজাত হৰণ নাটলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীৰঙিয়াশ্ৰীমদ্ভগৱতগীতামানস ৰাষ্ট্ৰীয় উদ্যানশোণিত কুঁৱৰীঅসমঅসমীয়া যুক্তাক্ষৰদানৱ ৰাজবংশদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাকীৰ্তন ঘোষা সংকলনসাম্যবাদভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাপিম্পৰা গুচোৱাগণেশমহা মৃত্যুঞ্জয় মন্দিৰভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানমই আৰু নেফাযতীন বৰামেখেলা চাদৰথাই ভাষাশিৱসাগৰ জিলাকলাতথ্য প্ৰযুক্তিভাৰতীয় দৰ্শনসংস্কৃতিভূমি প্ৰদূষণবৰষুণজাপিউপভাষাআহোম ৰাজবংশজন গণ মনকাঞ্চন (উপন্যাস)বেদযোৰহাট জিলাঅসমত দেখা পোৱা মাছৰ তালিকাফকৰা যোজনাপ্লেটোঅসমৰ লোকগীতধতুৰাভগদত্তপাইথাগোৰাছৰ উপপাদ্যস্বাস্থ্যঅসমৰ সমস্যাগৱেষণাকাল সংহতিসেউজ গৃহ প্ৰভাৱবাৰেচহৰীয়া ভাওনা মহোৎসৱজিকিৰজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকামহাসাগৰবতৰসাগৰ দেখিছা (কবিতা সংকলন)চৰ্যাপদমৰিগাঁও জিলাঅসমৰ চলচ্চিত্ৰঅসম আন্দোলনঅসমৰ লোকবাদ্যভাৰতৰ ইতিহাসগোলাঘাটনামচিংশচীন তেণ্ডুলকাৰদুৰ্গা পূজা🡆 More