ৰমন মেগছেছে বঁটা

ৰমন মেগছেছে বঁটা ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত প্ৰতি বছৰে আগবঢ়োৱা আন্তৰ্জাতিক বঁটা। এই বঁটা আন্তৰ্জাতিক বুজা-পৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, সমাজ সেৱা, উজ্জীৱিত নেতৃত্ব, চৰকাৰী সেৱা আৰু ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হয়। এই বঁটা ১৯৫৮ চনৰ পৰা প্ৰদান কৰি অহা হৈছে। ১৯৫৭ চনৰ এপ্ৰিল মাহত নিউয়ৰ্ক চিটিৰ ৰকফেলাৰ ব্ৰাদাৰ ফাণ্ডৰ ট্ৰাষ্টি সকলে ফিলিপাইন চৰকাৰৰ লগত লগ লাগি এই বঁটা প্ৰদান কৰিছিল।এই বঁটাক এছিয়াৰ নোবেল বঁটা হিচাপেও অভিহিত কৰা হয়। এছিয়া মহাদেশৰ দেশ সমূহৰ ব্যক্তি বা সংস্থাকহে এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

ৰমন মেগছেছে বঁটা
Medallion with an embossed image of Ramon Magsaysayl facing right in profile.
বিৱৰণ আন্তৰ্জাতিক বুজা-পৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, সমাজ সেৱা, উজ্জীৱিত নেতৃত্ব, চৰকাৰী সেৱা আৰু ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ্ট সেৱাৰ বাবে আগবঢ়োৱা বঁটা
দেশ এছিয়া মহাদেশৰ সকলো দেশ
প্ৰদান কৰোঁতা ৰমন মেগছেছে বঁটা ফাউণ্ডেচন
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল ১৯৫৮
ৱেবচাইট http://www.rmaf.org.ph

উদ্দেশ্য

ৰমন মেগছেছে বঁটা ফিলিপাইনৰ সপ্তম ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত প্ৰতি বছৰে আগবঢ়োৱা হয়। ৰমন মেগছেছে ফাউণ্ডেচনে প্ৰতিবছৰে এছিয়াৰ ব্যক্তি বা সংস্থাক নিজ নিজ ক্ষেত্ৰসমূহলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে এই বঁটা প্ৰদান কৰে। প্ৰথমে এই বঁটা ছয়টা শ্ৰেণীত আগবঢ়োৱা হৈছিল যদিও ২০০৯ চনৰ পৰা পাঁচটা শ্ৰেণীত বঁটা প্ৰদান বন্ধ কৰা হয়। এই শ্ৰেণী কেইটা হ'ল:

  • চৰকাৰী সেৱা (১৯৫৮–২০০৮)
  • সমাজ সেৱা (১৯৫৮–২০০৮)
  • ৰাজহুৱা নেতৃত্ব (১৯৫৮–২০০৮)
  • সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি (১৯৫৮–২০০৮)
  • শান্তি আৰু আন্তৰ্জাতিক বুজা-পৰা (১৯৫৮–২০০৮)
  • উজ্জীৱিত নেতৃত্ব (২০০১– )
  • অশ্ৰেণীকৃত (২০০৯– )

ইতিহাস

১৯৫৭ চনৰ মে মাহত ফিলিপাইন দেশৰ সাতজন বিখ্যাত নাগৰিকক ৰমন মেগছেছে ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক ট্ৰাষ্টি হিচাপে বাছনি কৰা হৈছিল। ইয়াৰ বাবে এক লাভ নিৰপেক্ষ সংগঠন এটা গঠন কৰি এই বঁটা প্ৰদান কাৰ্য সমাধা কৰা হৈছিল। পিছলৈ গোটেই এছিয়াৰ বিখ্যাত লোকক ইয়াৰ ট্ৰাষ্টি পদ দিয়া হৈছিল।

ৰমন মেগছেছে বঁটা ফাউণ্ডেচনে এছিয়া মহাদেশ ব্যক্তি বা সংস্থাক নিজ নিজ ক্ষেত্ৰসমূহলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে এই বঁটা প্ৰদান কৰে। ইয়াৰ বাবে দেহৰ বৰণ, লিংগ বা ৰাষ্ট্ৰীয়তালৈ ভেদা-ভেদ কৰা নহয়।

বঁটা প্ৰাপক

ৰমন মেগছেছে বঁটা এছিয়া মহাদেশৰ বিভিন্ন দেশৰ নাগৰিকে লাভ কৰিছে। লগতে চাকৰিসূত্ৰে এছিয়া মহাদেশত বাস কৰা বা এছিয়া মহাদেশত বহু সময় কটোৱা আন মহাদেশৰ নাগৰিককো এই বঁটা প্ৰদান কৰা হৈছে।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

ৰমন মেগছেছে বঁটা উদ্দেশ্যৰমন মেগছেছে বঁটা ইতিহাসৰমন মেগছেছে বঁটা বঁটা প্ৰাপকৰমন মেগছেছে বঁটা তথ্য উৎসৰমন মেগছেছে বঁটা বাহ্যিক সংযোগৰমন মেগছেছে বঁটাএছিয়ানিউয়ৰ্কনোবেল বঁটাফিলিপাইন

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ লোকবাদ্যকথা-ভাগৱতজ্যামিতিপদ (ব্যাকৰণ)একচেটীয়া বজাৰফাকে জনগোষ্ঠীভেঁকুৰহোমাৰখামটি ভাষাঅব্যয় পদযতীন গোস্বামীসৌৰজগতমহাভাৰতলোকভাষাগঙ্গা নদীৰাজনীতিভাৰতীয় দৰ্শনঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাকৃষ্ণহেমকোষগুৱাহাটী (লোকসভা সমষ্টি)চক্ৰধ্বজ সিংহ (নাটক)ফলৰ তালিকাদ্বিতীয় বিশ্বযুদ্ধসাঁচিপাতৰজনীকান্ত বৰদলৈওজাপালিগোলকীয় উষ্ণতা বৃদ্ধিৰাষ্ট্ৰসংঘএ পি জে আব্দুল কালামসমাজকনকলতা বৰুৱামিঠু বৰুৱাযুধিষ্ঠিৰকলিতা জনগোষ্ঠীছোৱাইন ফ্লুদেউলহেম সৰস্বতীমৰিগাঁও জিলাপৰিৱেশ অধ্যয়নমই আৰু নেফামহা মৃত্যুঞ্জয় মন্দিৰআমেৰিকা যুক্তৰাষ্ট্ৰভগদত্তবিষ্ণু২৬ এপ্ৰিলহাবুংঅলিম্পিকহৰিবৰ বিপ্ৰপাতব-দ্বীপপৰিয়ালওডিছীচামগুৰি সত্ৰদিহানামঅসমীয়া উপন্যাসকলিকতাচ্যু-লিক-ফাৰুক্মিণী হৰণ নাটনাগালেণ্ডব্ৰহ্মপুত্ৰ নদবুঢ়া চাপৰি অভয়াৰণ্যকলিমাহুঁচৰিঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকালভিতা২৪ এপ্ৰিলকাঞ্চন (উপন্যাস)তাল (বাদ্যযন্ত্ৰ)বিবাহকামৰূপী উপভাষাআকবৰকপৌ ফুল🡆 More