গোলাঘাট জিলা: অসমৰ এখন জিলা

গোলাঘাট জিলা অসমৰ ৩৫খন জিলাৰ ভিতৰত অন্যতম। জিলাৰ সদৰ ঠাই গোলাঘাট নগৰ। এই জিলাৰ চাৰিটা মহকুমা হ'ল গোলাঘাট, ধনশিৰী, বোকাখাত আৰু মেৰাপানী। জিলাখনৰ মাটিকালি ৩,৫০২ কিলোমিটাৰ। ১৯৮৭ চনত জিলা ঘোষিত হোৱা এই জিলাৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ১০,৬৬,৮৮৮ জন। ইয়াৰে ৫,৪৩,১৬১ জন পুৰুষ আৰু ৫,২৩,৭২৭ গৰাকি মহিলা।


গোলাঘাট জিলা
—  অসমৰ জিলা  —
গোলাঘাট জিলা: গোলাঘাট নামৰ উৎপত্তি, ইতিহাস, প্ৰশাসনিক বিভাজন
অসমত গোলাঘাটৰ অৱস্থান
অসমত গোলাঘাটৰ অৱস্থান
দেশ গোলাঘাট জিলা: গোলাঘাট নামৰ উৎপত্তি, ইতিহাস, প্ৰশাসনিক বিভাজন ভাৰত
ৰাজ্য অসম
প্ৰশাসনিক বিভাগ উজনি অসম
স্থাপিত ১৫ আগষ্ট ১৯৮৭ (1987-08-15)
সদৰ গোলাঘাট
মহকুমা গোলাঘাট, বোকাখাত, ধনশিৰী, মেৰাপানী
চৰকাৰ
 - লোকসভা সমষ্টি কলিয়াবৰ
 - বিধানসভা সমষ্টি বোকাখাত (৯৩), সৰুপথাৰ (৯৪), গোলাঘাট (৯৫), খুমটাই (৯৬)
মাটিকালি
 - মুঠ ৩,৫০২ কি.মি. 
(১,৩৫২.১ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ১০,৬৬,৮৮৮ জন
 - জনঘনত্ব ৩০৪.৭ প্ৰতি বৰ্গ কি.মি. 
(৭৮৯ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৭৭.৪৩%
 - লিংগ অনুপাত ৯৬৪
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 26°00′N 93°00′E / 26.0°N 93.0°E / 26.0; 93.0 93°00′E / 26.0°N 93.0°E / 26.0; 93.0
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

গোলাঘাট নামৰ উৎপত্তি

গোলাঘাট নামৰ উ‍ৎপত্তিৰ এক কাহিনী আছে। ১৯ শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে ধনশিৰী নৈৰ ঘাটৰ কাষতে 'গোলা' অৰ্থাৎ সৰু দোকান পাতিছিল। এই ঠাইতে পাছলৈ গোলাঘাট নামেৰে নগৰ গঢ়লৈ উঠে। তদুপৰি আন এক প্ৰবাদ অনুসৰি ধনশিৰী নৈৰ ঘাটত আহোমসকলৰ গোলা-বাৰুদ থোৱা ঘৰ আছিল কাৰণে এই ঘাটটোৰ নাম গোলাঘাট হয়গৈ। পূৰ্বতে গোলাঘাটক টোপোলা ঘাট বা টোপোলা চাপৰি নামেৰেও জনা গৈছিল। ধনশিৰী নদীখন গোলাঘটীয়া ৰাইজৰ বোঁৱতী জীৱন ৰেখা স্বৰূপ। আহোমসকলৰ পূৰ্বে গোলাঘাট কছাৰী ৰাজ্যৰ অধীনত আছিল। অসমীয়া সমাজ জীৱনৰ কেইবাজনো খ্যাতিমান ব্যক্তিয়ে এই গোলাঘাটতে জন্ম লাভ কৰিছিল। গোলাঘাটত প্ৰধানকৈ চুতীয়া আৰু ঠেঙাল কছাৰীসকলৰ স্বকীয় সংস্কৃতি দেখিবলৈ পোৱা যায়।।

ইতিহাস

সৰুপথাৰৰ নগাজৰী খনিকৰ গাঁৱত পোৱা ৫ম শতিকাৰ শিলালিপিৰ পৰা বুজা যায় যে সেই সময়ত দৈয়াং-ধনশিৰী উপত্যকাত এক স্বাধীন ৰাজ্য আছিল। আকৌ এই অংশত পোৱা নানান ইটাৰে নিৰ্মিত ভৱন, মঠ-মন্দিৰ আদিৰ ধংসাৱশেষ আদিয়ে ৯ম-১০ম শতিকাৰ এখন ৰাজ্যৰ উমান দিয়ে।

১৬ শতিকাত এই দৈয়াং-ধনশিৰী উপত্যকা আহোম ৰাজ্যত চামিল হয়। আহোমসকলে এই ঠাই কছাৰীসকলৰ পৰা দখল কৰে। আহোমৰ ৰাজত্বকালত এই ঠাইৰ শাসনৰ দায়িত্ব মৰঙীখোৱা গোহাঁইৰ আছিল।

    গোলাঘাট জিলা গঠন

ইংৰাজ শাসনকালত এই দৈয়াং-ধনশিৰী উপত্যকা বৃহত্তৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত আছিল। ১৯৮৭ চনৰ ১৫ আগষ্টত গোলাঘাটক এখন জিলা ঘোষণা কৰা হয়।

প্ৰশাসনিক বিভাজন

গোলাঘাট জিলাখন চাৰিটা অসম বিধানসভা সমষ্টিৰ অন্তৰ্গত: বোকাখাত (৯৩), সৰুপথাৰ (৯৪), গোলাঘাট (৯৫) আৰু খুমটাই (৯৬)। এই চাৰিওটা সমষ্টি কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।

বনাঞ্চল

বনজ সম্পদত গোলাঘাট জিলা চহকী। ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গৰমপানী অভয়াৰণ্য আৰু নামবৰ দৈগ্ৰুং অভয়াৰণ্য অৱস্থিত। এশিঙীয়া গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেনদ্ৰ। কাজিৰঙাৰ মুঠ মাটিকালি ৩৭৮ বৰ্গ কি.মি. আৰু অধিকাংশই গোলাঘাট জিলাৰ অন্তৰ্গত। ৯৭.১৫ বৰ্গ-কিলোমিটাৰ আগুৰা নামবৰ দৈগ্ৰুং অভয়াৰণ্য গৰমপানীৰ উঁহৰ বাবে বিখ্যাত।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

গোলাঘাট জিলা গোলাঘাট নামৰ উৎপত্তিগোলাঘাট জিলা ইতিহাসগোলাঘাট জিলা প্ৰশাসনিক বিভাজনগোলাঘাট জিলা বনাঞ্চলগোলাঘাট জিলা তথ্য সংগ্ৰহগোলাঘাট জিলা বাহ্যিক সংযোগগোলাঘাট জিলাগোলাঘাটবোকাখাত

🔥 Trending searches on Wiki অসমীয়া:

কলখ্ৰীষ্টান ধৰ্মপঞ্চতন্ত্ৰগাঁও পঞ্চায়তমহেন্দ্ৰ বৰাৰাষ্ট্ৰসংঘএশিঙীয়া গঁড়কেশৱ মহন্তনবীনচন্দ্ৰ বৰদলৈকোণঅসমৰ সাধুকথাগগনাভটিমাৰাম গগৈজাতনামসাপইষ্ট ইণ্ডিয়া কোম্পানীভৌতিক সংস্কৃতিআত্মামহাকাব্যজন গণ মনশৰৎচন্দ্ৰ চট্টোপাধ্যায়গুৱাহাটীউমানন্দসেউজ গৃহ প্ৰভাৱশব্দঅসমীয়া জাতিআনন্দ চন্দ্ৰ আগৰৱালাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাভাৰতত বনাঞ্চল ধ্বংসভাওনাসৌৰ শক্তিৱেবছাইটগৱেষণাকমলা মিৰিবসন্ত ৰোগৰমন্যাসবাদলোক-নৃত্যআৰবী ভাষাইয়াত এখন অৰণ্য আছিলগামখাৰুপ্ৰজ্ঞাযোগাসনশ্ৰীকৃষ্ণকীৰ্তনএচিদ বৰষুণজলসিঞ্চননৱবিধা ভক্তিঅৰ্জুন ভঞ্জনখাৰখোৱাজোনাকী (আলোচনী)অসমৰ পৰম্পৰাগত সাজ-পাৰঅন্নপ্ৰাশনহাজং জনগোষ্ঠীজাপানপৰিৱেশ বিজ্ঞানসংস্কৃত ভাষাভ্ৰাম্যমাণ থিয়েটাৰভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫বিশেষ শিক্ষাঅসম বিধানসভামৈদামউপেন্দ্ৰনাথ গোস্বামীবিশ্ব বাণিজ্য সংস্থালিংগ (জৈৱিক)হাতীঅসমীয়া লোকসাহিত্যজামুগুৰিহাটশ্ৰী শ্ৰী বটদ্ৰৱা থানআনন্দৰাম বৰুৱানাটকসংস্কৃতিআমলখিভাৰতীয় দৰ্শনহনুমানপৰিমেয় সংখ্যাকেঁচুসাৰ🡆 More