আমলখি

আমলখি (ইংৰাজী: Amla, বৈজ্ঞানিক নাম- Phyllanthus emblica) ‘Phyllanthaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত পৰ্ণপাতী উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদৰ পৰা পোৱা একে নামৰ ফলৰ বাবে ইয়াক জনা যায়। ভাৰতবৰ্ষৰ সকলো অঞ্চলতে ১৫০০ মিটাৰ উচ্চতা পৰ্যন্ত আমলখি গছ গজে। আমলখি ভিটামিন 'চি' সমৃদ্ধ।

আমলখি
আমলখি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Malpighiales
পৰিয়াল: Phyllanthaceae
গোত্ৰ: Phyllantheae
Subtribe: Flueggeinae
গণ: Phyllanthus
প্ৰজাতি: P. emblica
বৈজ্ঞানিক নাম
Phyllanthus emblica
L.
সমাৰ্থক

Cicca emblica Kurz
Emblica officinalis Gaertn.
Mirobalanus embilica Burm.
Phyllanthus mairei Lév.

বিৱৰণ

আমলখি গছৰ আকাৰ সৰুৰ পৰা মজলীয়া আৰু উচ্চতা প্ৰায় ৮-১৮ মিটাৰ পৰ্যন্ত হয়। এই গছৰ ডালবোৰ ফনা মেলা ধৰণৰ হয়। আমলখিৰ পাতবোৰ সৰু আৰু ঘন হয়। পাতবোৰ ১০ মিলিমিটাৰমান দীঘল আৰু ২ মিলিমিটাৰমান বহল হয়। ঠাৰিৰ দুয়োকাষে ঘন ঘনকৈ পাত লাগে। একেজোপা গছতে পুং আৰু স্ত্ৰী পুষ্প ফুলে। আমলখিৰ ফুলৰ ৰং সেউজ-হালধীয়া আৰু পাতৰ তলে তলে থূপ পাতি ফুলে। পুং পুষ্প স্ত্ৰীপুষ্পতকৈ সংখ্যাত অধিক। ইয়াৰ ফলটো প্ৰায় ঘুৰণীয়া, পাতল হালধীয়া বৰণৰ আৰু মিহি হয়। ফল ১.৫ - ২.৫ চেণ্টিমিটাৰলৈকে ডাঙৰ হয়। ফল মঙহাল আৰু বহিৰ্ভাগ ছটা খণ্ডত স্পষ্ট। বীজ ছটালৈকে থাকে।

স্থানীয় নাম

  • সংস্কৃত ভাষাত amalika (अमलिक)
  • মৈথিলী ভাষাত Dhatric (धात्रिक)
  • হিন্দী ভাষাত āmlā (आमला]]
  • গুজৰাটী ভাষাত āmla (આમળાં)
  • উৰ্দূ ভাষাত aavnlaa (awla)
  • মাৰাঠী ভাষাত āvaḷā (आवळा)
  • গাৰো ভাষাত ambare (अमबरे)
  • কোংকণী ভাষাত āvāḷo (आवाळो)
  • মিজো ভাষাত sunhlu
  • নেপালী ভাষাত amalā (अमला)
  • বঙালী ভাষাত amloki (আমলকী)
  • ওড়িয়া ভাষাত anlaa (ଅଁଳା)
  • পঞ্জাবী ভাষাত Aula (ਔਲਾ)
  • মালায়ালম ভাষাত nellikka (നെല്ലിക്ക)
  • মণিপুৰী ভাষাত heikru
  • আৰবী ভাষাত halïlaj or ihlïlaj (اهليلج هليلج)
  • খাচী ভাষাত sohmylleng
  • তেলুগু ভাষাত rasi usiri ( రాశి ఉసిరి కాయ)
  • তামিল আৰু কন্নড় ভাষাত nellikkaai or nellikaayi
  • থাই ভাষাত ma kham pom (มะขามป้อม)
  • চীনা ভাষাত anmole (庵摩勒)

ঔষধি গুণ

পৰম্পৰাগতভাৱে আৰু আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। এই উদ্ভিদৰ প্ৰায় সকলোবোৰ অংশই যেনে ফল, গুটি, পাত, শিপা আৰু বাকলি বিভিন্ন ৰোগত ব্যৱহাৰ হয়। আমলখিয়ে পিত্তদোষ নিৰাময়ত সহায় কৰে। ভিটামিন 'চি'ৰ অভাৱত হোৱা খহুলা (Scurvy) ৰোগ নিৰাময়ত আমলখি খাবলৈ দিয়া হয়। হাঁওফাঁওযক্ষ্মা ৰোগত ভোগা ৰোগীৰ ওপৰত কৰা পৰীক্ষাৰ পৰা জনা গৈছে যে, সংশ্লেষিত ভিটামিন 'চি'ৰ উপকাৰিতা অধিক। তুৰষ্কত আমলখি হাঁওফাঁওৰ পোৰণিত ব্যৱহাৰ কৰে। পাৰস্যত পেলুনাশক হিচাপে আমলখিৰ ৰস খুৱায়। আমলখিৰ বীজত ফছফেটাইড পোৱা যায়। কেঁচা আমলখি শীতলকাৰক, শক্তিকাৰক, চৰ্মৰোগনাশক আৰু ৰোধক, মূত্ৰকাৰক, জুলাপ, জ্বৰনাশক, বমনৰোধী, অজীৰ্ণতা, কোষ্ঠকাঠিন্য, কৃমি, পেটৰ বিষ, গ্ৰহণী, ৰক্তক্ষৰণ আদি অনেক ৰোগ আৰু স্বাস্থ্য ৰক্ষাত উপকাৰী।

কি ৰোগত কেনেদৰে ব্যৱহাৰ হয়

  • অম্লপিত্ত ৰোগত আমলখিৰ ৰস চেনিৰ সৈতে নিয়মিত খালে ৰোগ উপশম হয়।
  • এঁৱা ভঙা অৰ্থাৎ নাকৰপৰা তেজ ওলোৱা বেমাৰত আমলখি ঘিঁউত ভাজি বাহি পানীত বাতি তালুত ভৰণ দিয়া হয়।
  • নেমুৰ ৰস আৰু আমলখিৰ ৰস মিহলাই খালে তেজ গ্ৰহণী আৰোগ্য হয়।
  • চকু ৰঙাপৰা ৰোগত আমলখিৰ ৰস ১/২ টোপাল চকুত দিয়ে।
  • একেৰাহে জ্বৰ উঠি থাকিলে আমলখিৰ ৰস ঘিঁউত মিহলাই খালে উপকাৰ পোৱা যায়।
  • আমলখিৰ ৰস ২/৩ চাহ চামোচ,এচামোচ মৌজোলত মিহলাই নিয়মিত পুৱা খালে দৃষ্টিশক্তি অটুট থাকে।
  • আমলখিৰ কিম্বন কৰা ৰস পাণ্ডুৰোগ,অজীৰ্ণতা আৰু কাহত ব্যৱহৃত হয়।
  • আমলখি ফলৰ তেল ঘঁহিলে চুলি পকা বন্ধ হয়।
  • শুকান আমলখি পানীত তিয়াই তাৰ ৰস খালে পিত্তৰোগ আৰু পিত্তশূল উপশম হয়।
  • বহুমূত্ৰ ৰোগত ২/৩ টা আমলখি দৈনিক খালে সুফল পোৱা যায়।
  • লৌহ ধাতু আৰু আমলখি ৰক্তাল্পতাৰ (পাণ্ডুৰোগৰ) মহৌষধ।
  • শ্বাস কষ্টত আমলখিৰ ৰস,মৌজোল আৰু পিপলিৰ সৈতে খালে উপশম পোৱা যায়।
  • আমলখিৰ ৰসে বমি আৰু হেঁকটি অহা ৰোধ কৰে।
  • আমলখিৰ কুঁহিপাতৰ ৰস খালে অজীৰ্ণতা আৰু বদহজম দূৰ হয়।
  • আমলখিৰ ছালৰ ৰস,মৌজোল আৰু হালধিৰ লগত প্ৰমেহ ৰোগত খায়।
  • বীজ হাঁপানি আৰু ব্ৰংকাইটিছ ৰোগত আমলখি ব্যৱহাৰ কৰা হয়।
  • আমলখিত পোৱা মিথানল দ্ৰব্য HIV (RT) ৰ দমনকাৰী ঔষধ।

অন্যান্য ব্যৱহাৰ

চিয়াঁহী, চেম্পু, চুলিত ঘঁহা তেল আদি প্ৰস্তুত কৰাত আমলখি ব্যৱহাৰ কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

আলোকচিত্ৰৰ ভঁৰাল

তথ্যসূত্ৰ

লগতে চাওক

  • Winston, David; Maimes, Steven (2007). Adaptogens: Herbs for Strength, Stamina, and Stress Relief. Healing Arts Press. ISBN 1-59477-158-8.  Contains a detailed monograph on Emblica officinalis (Amla; Indian gooseberry; Amalaki) as well as a discussion of health benefits.
  • Puri, Harsharnjit Singh (2002). "Amalaki (Phyllanthus emblica)". Rasayana: Ayurvedic Herbs for Longevity and Rejuvenation. Traditional Herbal Medicines for Modern Times, Vol. 2. প্ৰকাশক Boca Raton: CRC. পৃষ্ঠা. 22–42. ISBN 0-415-28489-9. 
  • Caldecott, Todd (2006). Ayurveda: The Divine Science of Life. Elsevier/Mosby. ISBN 0-7234-3410-7.  Contains a detailed monograph on Phyllanthus emblica (Amla; Indian gooseberry; Amalaki) as well as a discussion of health benefits and usage in clinical practice. Available online at http://www.toddcaldecott.com/index.php/herbs/learning-herbs/397-amalaki Archived 2010-10-13 at the Wayback Machine

Tags:

আমলখি বিৱৰণআমলখি স্থানীয় নামআমলখি ঔষধি গুণআমলখি কি ৰোগত কেনেদৰে ব্যৱহাৰ হয়আমলখি অন্যান্য ব্যৱহাৰআমলখি আলোকচিত্ৰৰ ভঁৰালআমলখি তথ্যসূত্ৰআমলখি লগতে চাওকআমলখিইংৰাজী ভাষাভাৰতবৰ্ষ

🔥 Trending searches on Wiki অসমীয়া:

হাড়বিশ্বকোষশীতল যুদ্ধনেপোলিয়ন বোনাপাৰ্টপাৰিপাৰ্শ্বিক সংঘাতআমঅসমৰ সাহিত্যিকসকলৰ তালিকাহেমচন্দ্ৰ বৰুৱাবড়ো জনগোষ্ঠীসমাজঅসহযোগ আন্দোলনমিচিং জনগোষ্ঠীমেঘালয়ৰ মাতৃবংশীয় সমাজএ পি জে আব্দুল কালামযোৰহাট জিলাৰ ইতিহাসকোকৰাঝাৰ (লোকসভা সমষ্টি)ধৰ্মঅসীমত যাৰ হেৰাল সীমাৰাভা ভাষাহিউৱেন-চাংমণিৰাম দেৱান (চলচ্চিত্ৰ)মনোমতীভাৰতীয় মহাকাশ গৱেষণা সংস্থাহিতেশ্বৰ বৰবৰুৱাভাৰতীয় জনতা পাৰ্টিমূৰাৰা, ৰঙিয়াগোলকীয় উষ্ণতা বৃদ্ধিশৰাইঘাট দলংব্ৰহ্মগুপ্তজুবিন গাৰ্গ২৫ এপ্ৰিলপিঠাগুৰু আসনলক্ষ্মীধৰ শৰ্মানিৰুপমা বৰগোহাঞিনাটকজাভাব'হাগ বিহুঅষ্ট্ৰেলিয়া২৬ এপ্ৰিলসাপগগনাযুগ্ম সংখ্যামোগল সাম্ৰাজ্যব্ৰজাৱলী ভাষাঅসম সাহিত্য সভাপৰিয়ালবৰপেটা (লোকসভা সমষ্টি)কীৰ্তন ঘোষা সংকলনগগৈকানাই বৰশী বোৱা শিলালিপিগণৰাজ্য দিৱস (ভাৰত)বাথৌ পূজাঅসমৰ চলচ্চিত্ৰভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকালোকবিশ্বাসডিগবৈঅসমৰ বাঁহ-বেতৰ শিল্পচলচ্চিত্ৰহস্তীবিদ্যাৰ্ণৱবিল গেট্‌ছঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিপদ (ব্যাকৰণ)আন্তৰ্জাতিক শ্ৰমিক দিৱসঅম্বিকাগিৰি ৰায়চৌধুৰীভাষাযাদৱ পায়েংসম্পাদনাপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনআধুনিকতাবাদঅসমীয়া গালি-গালাজমহাসাগৰঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলবৰগীত🡆 More