চকু

চকু (ইংৰাজী:Eyes) হৈছে দৰ্শন অংগ। চকুৱে পোহৰক নিউৰণত বিদ্যুৎ-ৰাসায়নিক সংকেতলৈ ৰূপান্তৰ কৰে। চকুৰ আইৰিছে চাৰিওকাষৰ পোহৰক নিয়ন্ত্ৰিতভাৱে লেন্স মাজেৰে প্ৰৱেশ কৰিবলৈ দিয়ে। এই পোহৰক নিউৰণে কিছুমান সংকেতৰূপে স্নায়ুৰ সহায়ত মগজুলৈ প্ৰেৰণ কৰে। মগজুত এই সংকেতৰ বিশ্লেষণ হয় আৰু জীৱই দেখা পাবলৈ সক্ষম হয়। প্ৰায় ৯৬% প্ৰাণী প্ৰজাতিৰ জটিল দৰ্শন তন্ত্ৰ আছে। ম'লাস্কা, ক'ৰডাটা আৰু সন্ধিপদীবোৰৰ ইমেজ-ৰিছল্ভিং চকু থাকে।

চকু
চকু
চকুৰ বিভিন্ন অংশবোৰ
সবিশেষ
চিনাক্তকাৰক
লেটিন অকুলাছ
TA98 A15.2.00.001
A01.1.00.007
TA2 113, 6734
দেহতাত্ত্বিক পৰিভাষা

সূক্ষ্মজীৱ বোৰৰ চকুৰ গঠন অতি সৰল, কেৱল আন্ধাৰ আৰু পোহৰহে চিনাক্ত কৰিব পাৰে।

গঠন

মেৰুদণ্ডী আৰু অন্য কিছুমান জীৱৰ চকুত ৰেটিনা নামৰ একতৰপ স্নায়ু কোষেৰে গঠিত এখন পোহৰ-সংবেদী পৰ্দা থাকে। ৰেটিনাত শংকু কোষ (ৰঙৰ বাবে) আৰু দণ্ড কোষ (কম পোহৰৰ বাবে) নামৰ দুই প্ৰকাৰৰ কোষ থাকে। এই কোষবোৰে ৰেটিনাত আপতিত পোহৰক নিউৰেল সংকেতলৈ ৰূপান্তৰ কৰে। এই সংকেত অপটিক স্নায়ুৰ মাধ্যমেদি মগজুত প্ৰৱেশ কৰে। এনে চকুবোৰ কিছু গোলাকৃতি আৰু গোলকটো ভিট্ৰিয়াছ হিউমাৰ নামৰ এবিধ জেলী-সদৃশ স্বচ্ছ তৰলেৰে পূৰ্ণ হৈ থাকে। পোহৰৰ প্ৰৱেশ পথত (পিউপিল) এখন লেন্স থাকে আৰু লেন্সখন আইৰিছ নামৰ এবিধ পেশীয়ে ধৰি ৰাখে। আইৰিছৰ চাৰিওকাষৰ পেশীৰ সংকুচন-প্ৰসাৰণৰ বাবে পিউপিলৰ আকাৰ সৰু-ডাঙৰ হব পাৰে, ফলত চকুত প্ৰৱেশ কৰা পোহৰৰ মাত্ৰা নিয়ন্ৰিত হৈ থাকে, আৰু অত্যধিক পোহৰত দিক্ ভ্ৰান্ত হোৱাৰ অনুপাতো হ্ৰাস কৰে।মাছ, উভচৰ আৰু সাপ আদিৰ চকুৰ লেন্সখনৰ আকৃতি অপৰিবৰ্তনীয়, কাৰ্যপদ্ধতি কেমেৰাৰ দৰেই।

সন্ধিপদী প্ৰাণীবোৰৰ যৌগিক চকু থাকে। এনে চকু বহুতো সৰল ক্ষুদ্ৰচকুৰে গঠিত। এই ক্ষুদ্ৰচকুবোৰে প্ৰত্যেকে স্বাধীনভাৱে এক বা বহুতো ছবি গঠন কৰিব পাৰে। ইহঁতৰ প্ৰত্যেকৰে এখনকৈ নিজা লেন্স আৰু আলোকসংবেদী কোষ থাকে। কিছুমান যৌগিক চকুত ষড়ভূজাকৃতিত সজ্জিত ২৮,০০০ পৰ্যন্ত এনে ক্ষুদ্ৰচকু থাকে। এনে চকুৰ দৰ্শন ক্ষেত্ৰ সম্পূৰ্ণ ৩৬০°। প্ৰতিটো ক্ষুদ্ৰচকুৱে পঠিওৱা ছবিসমূহৰ পৰা মগজুত এখন উচ্চ মানৰ ছবি গঠন হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজীক'ৰডাটাজীৱনিউৰণপোহৰপ্ৰাণীমগজুসন্ধিপদী প্ৰাণীস্নায়ু

🔥 Trending searches on Wiki অসমীয়া:

ভাৰত-আৰ্য ভাষা পৰিয়ালব'হাগ বিহুঋতুস্ৰাৱবিনন্দ চন্দ্ৰ বৰুৱাপাচন তন্ত্ৰআঙুলি সঞ্চালননাগালেণ্ডশ্ৰী শ্ৰী বটদ্ৰৱা থানমৃদুলা বৰুৱাঅভিধানকৰতল কমল কমল দল নয়নমৰমৰ দেউতাবহুভাষাবাদমৌন ওঁঠ মুখৰ হৃদয়কৰপাইক প্ৰথাছক্ৰেটিছআলোচনীশব্দ (অভিধান)অসমৰ চিত্ৰকলাৰ ইতিহাসপ্ৰথম বিশ্বযুদ্ধজয়সাগৰ পুখুৰীঅন্নপ্ৰাশনসৌৰজগতভাৰত ৰত্নঅসমীয়া খাদ্যাভ্যাসঅসমৰ সাহিত্যিকসকলৰ তালিকাঅসমীয়া ভাষাৰ শব্দসম্ভাৰভাৰতবিশ্বনাথ চাৰিআলিসৰস্বতীনিৰ্মলপ্ৰভা বৰদলৈশীতল যুদ্ধসমাজউইলিয়াম শ্বেইকছপীয়েৰপ্লেটোঅসমৰ নদীসমূহৰ তালিকাএশিঙীয়া গঁড়ভাৰতৰ জাতীয় পতাকাশংকৰদেৱ শিশু নিকেতন, ঘিলামৰাপ্ৰব্ৰজনৰুবুল মাউতউৎসৱমনোমতীঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাসংযুক্ত মুক্তি বাহিনী, অসমসংস্কৃতিমাধৱদেৱনীতি আয়োগসাহিত্য অকাডেমি বঁটাঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাচৰ্যাপদমাম্প্‌ছআইজাক নিউটনমহাদেশলাক-নিশূন্যবৰষুণকালিদাসধৰিত্ৰী দিৱসৰম্বাছমহাভৈৰৱ মন্দিৰযুগ্ম সংখ্যাঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিচীনউত্তৰ গুৱাহাটীমায়া সীতাসত্ৰমানস ৰাষ্ট্ৰীয় উদ্যানঅসমৰ পৰম্পৰাগত খেল-ধেমালিনাৰীবাদছি জিনপিংকুকুৰাসোণোৱাল কছাৰীৰাষ্ট্ৰসংঘ দিৱসশব্দফুলআহোম ৰাজবংশ🡆 More