স্কাৰ্ভী

স্কাৰ্ভী ভিটামিন চি-ৰ অভাৱত হোৱা এক ৰোগ। দুৰ্বলতা, ভাগৰ লগা আৰু হাত-ভৰিৰ বিষ এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ। চিকিৎসাৰ অবিহনে লোহিত ৰক্ত কণিকাৰ সংখ্যা কমা, দাঁতৰ আলুৰ ৰোগ, চুলিৰ গুণাগুণ সলনি আৰু ছালৰ পৰা ৰক্তপাত হ'ব পাৰ। ৰোগ বাঢ়ি গ'লে ঘাঁ সোনকালে নুশুকুৱা, ব্যক্তিত্বৰ সলনিৰ দেখা যোৱাৰ লগতে সংক্ৰমণ বা ৰক্তপাতৰ ফলত শেষত মৃত্যু পৰ্যন্ত হ'ব পাৰে।

স্কাৰ্ভী
অন্য নাম ম'লাৰৰ ৰোগ (Moeller's disease), চিডলৰ ৰোগ (Cheadle's disease), স্কৰ্বিউটাছ, বাৰ্ল'ৰ ৰোগ (Barlow's disease), হাইপ'এস্ক'বেমিয়া
স্কাৰ্ভী
স্কাৰ্ভী ৰোগাক্ৰান্ত দাঁতৰ আলু। দাঁতবোৰৰ মাজৰ ঠাই ৰঙা পৰাটো লক্ষ্য কৰক।
বিভাগ অন্তঃস্ৰাৱী বিজ্ঞান
লক্ষণ দুৰ্বলতা, ভাগৰ লগা, চুলিৰ পৰিৱৰ্তন, হাত-ভৰিৰ বিষ, দাঁতৰ আলুৰ ৰোগ, সহজে তেজ ওলোৱা
কাৰণ ভিটামিন চি-ৰ অভাৱ
আশংকাৰ কাৰণ মানসিক ৰোগ, অস্বাভাৱিক খাদ্যাভ্যাস, সুৰাসক্তি, অকলে থকা বয়সীয়াল লোক, অন্ত্ৰৰ অশোষণ, ডায়েলাইছিছ
ৰোগ নিৰূপণ লক্ষণৰ ওপৰত ভিত্তি কৰি
চিকিৎসা ভিটামিন চি-ৰ ঔষধ
পুনৰাবৃত্তি দুৰ্লভ

খাদ্যত ভিটামিন চি-ৰ অভাৱতে স্কাৰ্ভী ৰোগ হয়। অতি কমেও এমাহলৈ খাদ্যপ্ৰাণ গ-ৰ অভাৱ ঘটিলে লক্ষণ দেখা যায়। আজিকালি এই ৰোগ মানসিক ৰোগী, অস্বাভাৱিক খাদ্যাভ্যাস, সুৰাসক্ততা আৰু অকলে থকা বয়সীয়াল লোকৰ ক্ষেত্ৰতহে বেছিকৈ পোৱা যায়। আন কাৰকৰ ভিতৰত আছে অন্ত্ৰৰ অশোষণ (intestinal malabsorption) আৰু ডায়েলাইছিছ। মানুহ আৰু আন কিছুমান প্ৰাণীৰ বাবে ক'লাজেন তৈয়াৰ কৰিবলৈ খাদ্যত ভিটামিন চি-ৰ প্ৰয়োজন। দৈহিক লক্ষণ, এক্স ৰে' আৰু চিকিৎসাৰ পাছত অৱস্থাৰ উন্নতি হোৱাকৈ চাই ৰোগ নিৰ্ণয় কৰা হয়।

ভিটামিন চি ঔষধ মুখেৰে খাই ইয়াৰ চিকিৎসা কৰা হয়। কেইদিনমানৰ পছতে লক্ষণৰ উন্নতি দেখা যায় আৰু কেইসপ্তাহমানৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য লাভ হয়। ভিটামিন চি থকা খাদ্যৰ ভিতৰত টেঙা ফল-মূল, বিলাহী আৰু আলুৰ দৰে শাক-পাছলি প্ৰধান। খাদ্য ৰান্ধিলে সাধাৰণতে ভিটামিন চি-ৰ পৰিমাণ কমি আহে।

বৰ্তমান কালত ভাৰ্ভী দুৰ্লভ। উন্নয়নশীল দেশবোৰত পুষ্টিহীনতাৰ লগত সচৰাচৰ স্কাৰ্ভী দেখা যায়। শৰৰ্নাৰ্থীসকলৰ মাজত স্কাৰ্ভীৰ হাৰ ৫%ৰ পৰা ৪৫%। প্ৰাচীন ইজীপ্টৰ সময়তে প্ৰথমে স্কাৰ্ভীৰ বিৱৰণ পোৱা যায়। দীৰ্ঘ দূৰত্বৰ সাগৰ যাত্ৰাত স্কাৰ্ভীয়ে আহুকালৰ সৃষ্টি কৰিছিল। অনুমান কৰা হয় যে জলপথৰ যুগত (Age of Sail) যিকোনো যাত্ৰাত প্ৰায় ৫০% নাবিকৰ স্কাৰ্ভীত মৃত্যূ হৈছিল। ১৭৫৩ চনত স্কটিছ শল্য চিকিৎসক জে'মছ লিণ্ডে স্কাৰ্ভীক টেঙা ফল-মূলেৰে ভাল কৰিব পাৰি বুলি প্ৰমাণ কৰে। কিন্তু ১৭৯৫ চনমানতহে স্বাস্থ্য সংস্কাৰক গিলবাৰ্ট ব্লেন আৰু আনসকলে নাবিকক নিয়মিত নেমু ৰস খুৱাবলৈ ব্ৰিটিছ ৰাজকীয় নৌবাহিনীক সৈমান কৰে।

তথ্যসূত্ৰ

অতিৰিক্ত পঠন

বাহ্যিক সংযোগ

  • স্কাৰ্ভী  ৱিকিমিডিয়া কমন্সত Scurvy সম্পৰ্কীয় মিডিয়া ফাইল।
বৰ্গীকৰণ
বাহ্যিক সমল

Tags:

🔥 Trending searches on Wiki অসমীয়া:

সাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকানিৰুপমা বৰগোহাঞিলাচিত বৰফুকনঅষ্ট্ৰেলিয়াচৰ্যাপদকোচ ৰাজবংশব’হাগসংযুক্ত মুক্তি বাহিনী, অসমভাৰতৰ ইতিহাসধৰ্মস্বদেশী আন্দোলনবসন্ত ঋতুঅসমৰ সমস্যাপাৰিপাৰ্শ্বিক সংঘাতঅসমীয়া ভাষা উন্নতি সাধিনী সভাধেমাজি জিলাপৃথুবংগ বিভাজন (১৯০৫)লক্ষ্মীধৰ শৰ্মামহাদেশআৰবী ভাষাবহনক্ষম ভূমি ব্যৱস্থাপনানুৰ জাহাননাগৰিকত্ব (সংশোধনী) আইন, ২০১৯চ্যু-খ্ৰুং-ফাব্ৰহ্মপুত্ৰ নদফলৰ তালিকাঅসমৰ লোকবাদ্যউত্তৰ গুৱাহাটীঢোলবুলু ফিল্মঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহহৰি-হৰ যুদ্ধবুৰঞ্জী সাহিত্যকলিতা জনগোষ্ঠীমাইলছ ব্ৰনছনসংক্ৰমণবিজ্ঞানসমাৰ্থক শব্দঅসম গণ পৰিষদগান্ধীবাদআৱাহন (আলোচনী)হিন্দী ভাষাচিত্ৰা মণ্ডলঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলগুৰু আসনশিক্ষাৰাষ্ট্ৰসংঘ দিৱসঅসমীয়া ভাষাযতীন বৰানৰকাসুৰসতী সাধনীদৰং জিলাআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিব্ৰহ্মপুত্ৰ উপত্যকাঅসমীয়া বৰ্ণমালামৰাণ জনগোষ্ঠীকোষ (জীৱবিজ্ঞান)আয়ুৰ্বেদবীৰেন্দ্ৰনাথ দত্তবায়ু প্ৰদূষণঅসমপাৰিজাত হৰণ নাটপাচন তন্ত্ৰমানৱ ভূগোল🡆 More