অপুষ্টি

অপুষ্টি (ইংৰাজী: Malnutrition; বা malnourishment) হৈছে কম পুষ্টিকাৰক আহাৰ বা অত্যাধিক পুষ্টিকাৰক আহাৰৰ খোৱাৰ ফলত হোৱা এক প্ৰকাৰৰ স্বাস্থ্যজনিত সমস্যাৰ পৰিস্থিতি। ইয়াৰ লগত কেল'ৰি, প্ৰ'টিন, শৰ্কৰা, ভিটামিন বা খনিজ লৱন জড়িত হৈ থাকে। শৰীৰক প্ৰয়োজনীয় পুষ্টিৰ অভাৱ হ’লে পুষ্টিহীনতা বুলি কোৱা হয় আৰু মাত্ৰাধিক পুষ্টিজনিত সমস্যাক অতিপুষ্টি বোলে। সাধাৰণভাৱে অপুষ্টি বুলিলে পুষ্টিহীনতাকেই বুজায়। গৰ্ভাৱস্থা, বা দুবছৰতকৈ আগত পুষ্টিহীনতা হ’লে শাৰিৰীক আৰু মানসিক বিকাশৰ স্থায়ী সমস্যাই দেখা দিব পাৰে। বিৰল পুষ্টিহীনতা, যাক starvation বুলি কোৱা হয়, তাৰ কিছুমান ফলাফল হৈছে: চাপৰ, ক্ষীণ, অতি দুৰ্বল, আৰু ফেৰেকা ভৰি আৰু উফন্দা উদৰ। পুষ্টিহীনতাত ভোগা লোকসকল সহজে সংক্ৰমিত হয় আৰু প্ৰায়ে পানীলগাত আক্ৰান্ত হয়। অভাৱ হোৱা পুষ্টিৰ প্ৰকাৰ অনুসৰি পুষ্টিহীনতাৰ লক্ষণবোৰ ভিন ভিন হয়।

অপুষ্টি
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
অপুষ্টি
এডাল কমলাৰঙী ফিটা—অপুষ্টিৰ সজাগতা ফিটা।
আই.চি.ডি.-10 E40-E46
আই.চি.ডি.-9 263.9
মেডলাইন প্লাছ 000404
ইমেডিচিন ped/1360
MeSH D044342

২০১০ চনত সমগ্ৰ পৃথিৱীৰ পুষ্টিহীন লোকৰ সংখ্যা আছিল ৯২৫ নিযুত। ই ১৯৯০ চনতকৈ প্ৰায় ৮০ নিযুত অধিক। ইয়াৰোপৰি অন্য বহুলোকৰে ভিটামিন তথা খনিজ লৱনৰ অভাৱগ্ৰস্থ বুলি অনুমান কৰা হৈছিল। ২০১৩ চনত, প্ৰ'টিন-শক্তি অপুষ্টিৰ বাবে ৪,৬৯,০০০ জন লোক মৃত্যুমুখত পৰিছিল—১৯৯০ চনত এই সংখ্যা আছিল ৫,১০,০০০ জন। অন্যান্য পুষ্টিৰ অভাৱ, আঅ'ডিনৰ অভাৱ আৰু আইৰণৰ অভাৱত হোৱা ৰক্তহীনতাৰ ফলত, অন্য ৮৪,০০০ জনৰ মৃত্যু হৈছিল। ২০১০ চনত, সকলো ধৰণৰ অক্ষমতাৰ ১.৪% কাৰণ আছিল অপুষ্টি। শিশু মৃত্যুৰ তিনি ভাগৰ এভাগৰ কাৰণ পুষ্টিহীনতা বুলি বিশ্বাস কৰা হয়। উন্নয়নশীল দেশসমূহত পুষ্টিহীনতা এটা সাধাৰণ বিষয়।মহিলা—বিশেষকৈ গৰ্ভৱতী অথবা সন্তানক দুগ্ধ পাণ কৰোৱা মাতৃ সকল—পাঁচ বছৰতকৈ কম বয়সৰ শিশু সকল, আৰু বয়োবৃদ্ধ সকলকে ধৰি কিছুমান নিৰ্দিষ্ট গোটৰ লোকৰ মাজত পুষ্টিহীনতাৰ হাৰ সৰ্বাধিক হোৱা পৰিলক্ষিত হয়। বৃদ্ধাৱস্থাত, শাৰীৰিক, মানসিক, আৰু সামাজিক কাৰকৰ বাবে পুষ্টিহীনতাত ভোগাটো এটা অতি সাধাৰণ কথা হৈ পৰে।

তথ্য সংগ্ৰহ

Tags:

অপুষ্টি তথ্য সংগ্ৰহঅপুষ্টিইংৰাজী ভাষাগৰ্ভাৱস্থাপুষ্টিকাৰকপ্ৰ'টিনভিটামিনশৰ্কৰা

🔥 Trending searches on Wiki অসমীয়া:

দানৱ ৰাজবংশপৰিৱেশ তন্ত্ৰজেং বিহুচাণক্যভূমি প্ৰদূষণঅপৰিমেয় সংখ্যাউমাচল শিলালিপিটিকেন্দ্ৰজিৎঋতুপ্ৰাকৃতিক সম্পদনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯চাট (বাঁ‌হৰ সঁ‌জুলি)বৰুণীঅশোক ফুলঅসমীয়া যুক্তাক্ষৰআয়তক্ষেত্ৰকথা কবিতানতুন দিল্লীঅশোকাষ্টমীসূৰ্যথমাছ আলভা এডিচনমানৱ উন্নয়ন সূচকঅষ্টাংগিক আৰ্য মাৰ্গৰঘুনাথ চৌধাৰীধৰিত্ৰী দিৱসচকলংঅপৰূপাঅসমীয়া খাদ্যাভ্যাসশংকৰী সংস্কৃতিমুখমৈথুনসমীৰ তাঁতীনামঘোষাচৰকাৰকুটিল লিপিতেজপুৰছুনামিঅসমকৃষিবেংকশালস্তম্ভ ৰাজবংশভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যপ্ৰেমচন্দঅসমৰ পৰম্পৰাগত সাজ- পাৰসৌৰজগতহিতেশ ডেকাঅংকৰামধেনু (আলোচনী)আল্লাহসুবাসনা দত্তপায়ু সংগমকৰ্ণ (অংগ)গদ্যদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানপৰিসংখ্যামালিনী থানফুলগুৰি ধেৱাভাৰত ৰত্নপ্ৰাকৃতিক পৰিৱেশবনঘোষাপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰজিকিৰবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰামধেনুনাটকহিৰণ্যকশিপুবকুলচলচ্চিত্ৰৰঙিয়া (বিধানসভা সমষ্টি)সংঘাতআধুনিকতাবাদৰুক্মিণী হৰণ নাটনৰেন্দ্ৰ মোদীসদৌ অসম ছাত্ৰ সন্থাবৰপেটা (লোকসভা সমষ্টি)🡆 More