নেমু

নেমু (Citrus × limon) এবিধ টেঙা জাতীয় ফল। চিৰসেউজ গুল্মজাতীয় উদ্ভিদ নেমু মূলত দক্ষিণ এছিয়াৰ ঘাইকৈ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় উদ্ভিদ। নেমু হৈছে ফুলৰ উদ্ভিদ পৰিয়াল Rutaceae ৰ এবিধ সৰু চিৰসেউজ গছৰ প্ৰজাতি, ই এছিয়া, প্ৰধানকৈ উত্তৰ-পূব ভাৰত (অসম), উত্তৰ ম্যানমাৰ বা চীনৰ স্থানীয়। গোটেই বিশ্বত নেমুৰ ফল ৰান্ধি বা কেঁচাই দুই ধৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ টেঙা ৰসৰ বাবে ই বিশেষভাৱে জনাজাত। নেমুৰ বিশেষ গোন্ধ আৰু স্বচ্ছকাৰক গুণৰ বাবে বিভিন্ন প্ৰকাৰে ব্যৱহৃত হয়। নেমুৰ ৰসত ৫% ৰ পৰা ৬% লৈ ২.২ পিএইচৰ চাইট্ৰিক এচিড পোৱা যায়। এওঁ অম্লৰ কাৰণে নেমুৰ ৰসৰ সোৱাদ টেঙা। নেমুৰ ভিতৰত অসমত উৎপাদিত কাজী নেমুৰ ভূমিকা উল্লেখযোগ্য। কাজী নেমু আন নেমুতকৈ তুলনামূলকভাৱে যথেষ্ট ডাঙৰ আৰু ইয়াৰ গোন্ধও আন নেমুতকৈ পৃথক।

নেমু
নেমু
নেমু ফল আৰু ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Rutaceae
গণ: Citrus
প্ৰজাতি: C. × limon
বৈজ্ঞানিক নাম
Citrus × limon
(L.) Burm.f.
নেমু
নেমুৰ উৎপাদন, ২০১২

ইতিহাস

নেমু 
গোটা নেমু আৰু নেমুৰ প্ৰস্থছেদ

নেমুৰ উৎপত্তিৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। কিন্তু বেছিভাগৰ মতে নেমু পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অসমত খেতি কৰা হৈছিল। জিনীয় অধ্যয়নৰ পৰা গম পোৱা গৈছে জৰ নেমু টেঙা কমলা আৰু চাইট্ৰন ফলৰ সংকৰ।

ৰোমান সম্ৰাজ্যৰ সময়ত আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত নেমু দক্ষিণ ইটালীৰ পৰা ইউৰোপত প্ৰৱেশ কৰিছিল। কিন্তু নেমু খেতি তেতিয়া জনপ্ৰিয়তা অৰ্জন কৰা নাছিল। পিছলৈ ই ৭০০ খ্ৰীষ্টাব্দত পাৰস্য আৰু তাৰপিছত ইৰাক আৰু ইজিপ্তলৈ প্ৰৱেশ কৰে। দশম শতিকাৰ আৰৱীয় সাহিত্যৰ ইছলামিক বাগিচা সমূহত আলংকাৰিক উদ্ভিদ হিচাপে নেমু ৰোৱাৰ বিষয়ে উল্লেখ আছে। ১০০০ ৰ পৰা ১১৫০ খ্ৰীষ্টাব্দলৈ ই গোটেই মধ্য প্ৰাচ্য অঞ্চল বিয়পি পৰে।

১৫ শতিকাত ইউৰোপৰ জিনোৱা অঞ্চলত প্ৰথম নেমু খেতি আৰম্ভ হয়। ১৪৯৩ চনত কলম্বাছে নেমু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ নিয়ে। ১৭৪৭ চনত ডাঃ জেমছ লিণ্ডে স্কাৰ্ভি বেমাৰৰ চিকিৎসাৰ বাবে খাদ্যত নেমুৰ ৰস ব্যৱহাৰ কৰিছিল। ভিটামিন চি আৱিষ্কাৰ হোৱাৰ আগৰে পৰা নেমু গুৰুত্বপূৰ্ণ খাদ্যৰ উপকৰণ আছিল।

নামৰ উৎপত্তি

অসমীয়া নেমু নামটো সংস্কৃত ভাষা "নিম্বু"ৰ পৰা আহিছে।

খেতি

সাৰুৱা, খনিজ পদাৰ্থ বেছিকৈ থকা মাটিত নেমু খেতি ভাল লয়। ইয়াক সৰ্বনিম্ন ৭° চেলছিয়াছৰ প্ৰয়োজন। ক্ৰান্তীয় জলবায়ু নেমুৰ বাবে উত্তম। নেমু জাতীয় গছৰ কলম দিয়া প্ৰয়োজন। সময় মতে কলম দিলে গছ জোপা জোপোহা হয়।

পুষ্টি

বাকলিবিহীন কেঁচা নেমু
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 121 কিলোজুল (29 কিলোকেলৰি)
শৰ্কৰাসমূহ 9.32 g
- চেনি 2.5 g
- খাদ্য আঁহ 2.8 g
চৰ্বী 0.3 g
প্ৰ’টিন 1.1 g
থায়েমিন (ভিটামিন বি) 0.04 mg (3%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.02 mg (2%)
নিয়াচিন (ভিটামিন বি) 0.1 mg (1%)
পেণ্টথেনিক এচিড (বি) 0.19 mg (4%)
ভিটামিন বি 0.08 mg (6%)
ফলেট (ভিটামিন বি) 11 μg (3%)
চলিন 5.1 mg (1%)
ভিটামিন চি 53 mg (64%)
কেলচিয়াম 26 mg (3%)
লো 0.6 mg (5%)
মেগনেছিয়াম 8 mg (2%)
মেংগানিজ 0.03 mg (1%)
ফছফ’ৰাছ 16 mg (2%)
পটাছিয়াম 138 mg (3%)
জিংক 0.06 mg (1%)
Link to USDA Database entry
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ

নেমু ভিটামিন চিৰ উৎকৃষ্ট উৎস। ইয়াৰ ১০০ গ্ৰামত ৬৪% ভিটামিন চি পোৱা যায়। অন্যান্য লাগতিয়াল পুষ্টি নেমুত কমকৈ পোৱা যায়। ইয়াৰ উপৰিও নেমুত পলিফিনল, তাৰপিন আৰু টেনিন পোৱা যায়। নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে চাইট্ৰিক এচিড পোৱা যায়। ইয়াৰ পৰিমাণ সম পৰিমাণৰ কমলা টেঙাৰ ৰসতকৈ পাঁচ গুণ বেছি। নেমুত অন্যান্য খনিজ লৱণ আৰু ভিটামিনো পোৱা যায়।

ব্যৱহাৰ

খাদ্য হিচাপে

গোটা নেমু, ইয়াৰ ৰস, বাকলি আদি খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। গোটা নেমুৰে আচাৰ, জাম আদি বনোৱাৰ লগতে নেমুৰ টুকুৰাৰে খাদ্য সজাবলৈ আৰু সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়। নেমুৰ ৰস চৰবত আদি বনাবলৈ ব্যৱহাৰ কৰা হয়। সংৰক্ষক হিচাপেও নেমুৰ ৰস ব্যৱহৃত হয়। নেমুৰ বাকলিৰে খোৱা বস্তুত গোন্ধ যোগ কৰিবলৈ ব্যৱহাৰ কৰা হয়। নেমুৰ বাকলিৰ পৰা পেকটিন নিষ্কাশন কৰি জেলী বনাবলৈ ব্যৱহাৰ কৰা হয়। নেমুৰ পাত সুগন্ধিত চাহ বনাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক মাংস আৰু সাগৰীয় খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। গোটা নেমুৰ পৰা মাৰ্মেলেড, নেমু দৈ আৰু নেমুৰ ৰাগীয়াল পানীয় তৈয়াৰ কৰা হয়। নেমুৰ টুকুৰা আৰু নেমুৰ ছাল খাদ্য আৰু পানীয়ৰ বাবে গাৰ্নিচ হিচাপে ব্যৱহাৰ কৰা হয়। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ স্বাস্থ্যৰ বাবে ভিটামিন চি অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে। অধ্যয়নত এই কথাটোৰ পোষকতা কৰা হৈছে যে নিয়মিতভাৱে নেমুৰ ৰস বা ইয়াৰ পৰিপূৰক গ্ৰহণ কৰিলে বহু ৰোগৰ বিৰুদ্ধে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব পাৰে।

ঔদ্যোগিক ব্যৱহাৰ

নেমুৰ পৰা বাণিজ্যিক ভাবে চাইট্ৰিক এচিড প্ৰস্তুত কৰা হয়। পৰিষ্কাৰক হিচাপে নেমুৰ ৰস ব্যৱহাৰ কৰা হয়। তাম আদি ধাতুৰ পাত্ৰ পৰিষ্কাৰ কৰিবলৈ নেমু আৰু ছডা ব্যৱহাৰ কৰা হয়। চাবোন প্ৰস্তুতকৰণত নেমু ব্যৱহাৰ কৰা হয়। কাঠ চাফা কৰিবলৈ আৰু পলিছ কৰিবলৈ নেমুৰ ব্যৱহাৰ হয়। কিম্বন ভিত্তিক প্ৰক্ৰিয়াৰ বিকাশৰ পূৰ্বে নেমু চাইট্ৰিক এচিডৰ প্ৰধান বাণিজ্যিক উৎস আছিল।

চিকিৎসা বিজ্ঞান

আয়ুৰ্বেদিক ঔষধ হিচাপে নেমু বহু বছৰৰ পৰা ব্যৱহাৰ হৈ আহিছে। নিমখত থোৱা নেমুৰ ঔষধি গুণাগুণ বহু বেচি। পেট কামোৰণি,পেটৰ অসুখ,পেট ফুলা,আভোক আদি পেটৰ অনেক ধৰণৰ বেমেজালিত এই নেমুৰ ৰস বা শাহখিনি খালে উপকাৰ পোৱা যায়। নেমুৰ বীজ কৃমিনাশক। ভিটামিন চিৰ অভাৱত হোৱা স্কাৰ্ভিৰ ই উত্তম ঔষধ। সৌন্দৰ্য বৰ্ধনৰ বাবেও নেমু উত্তম। ইয়াৰ তেল এৰমাথেৰাপীত ব্যৱহৃত হয়। ইয়াৰ লগতে নেমুয়ে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। নেমুৱে ওজন নিয়ন্ত্ৰন কৰি ৰখাত সহায় কৰে।

অন্যান্য

নেমুৰে বিদ্যালয়ত বিভিন্ন শিক্ষামূলক পৰীক্ষা কৰা হয়। ইয়াৰ সহায়ত বেটেৰী বনাব পাৰি। সেইদৰে লিটমাছ টেষ্টত অম্লৰ উদাহৰণ হিচাপে ব্যৱহাৰ কৰা হয়। নেমুৰ ৰসৰে অদৃশ্য চিয়াঁহী হিচাপে ব্যৱহাৰ কৰা হয়। পিছত তাপ প্ৰয়োগ কৰি চিয়াঁহীৰ পাঠোদ্ধাৰ কৰিব পাৰে। এৰোমাথেৰাপিত নেমুৰ তেল ব্যৱহাৰ কৰিব পাৰি। নেমুৰ তেলৰ সুগন্ধীয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক প্ৰভাৱিত নকৰে। কিন্তু ই বিশ্ৰামত অৰিহণা যোগাব পাৰে। নেমুৰ ৰস তাপৰ দ্বাৰা বিকশিত হোৱা সৰল অদৃশ্য চিয়াঁহী হিচাপে ব্যৱহাৰ কৰিব পাৰি। নেমু গছৰ পাত চাহ বনাবলৈ আৰু সিজোৱা মাংস আৰু সাগৰীয় খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

উৎপাদন

নেমুৰ উৎপাদন, ২০১৭

(মিলিয়ন টন)

দেশ
2017
নেমু  মেক্সিকো
২.৫
নেমু  ভাৰত
২.৪
নেমু  চীন
২.৩
নেমু  আৰ্জেণ্টিনা
১.৭
নেমু  ব্ৰাজিল
১.৩
নেমু  তুৰস্ক
১.০
বিশ্ব
১৭.২

২০১৭ চনত গোটেই পৃথিৱীত নেমুৰ উৎপাদন আছিল ১৭.২ মিলিয়ন টন। বিশ্বৰ শীৰ্ষ নেমু উৎপাদনকাৰী দেশ সমূহ হ'ল: মেক্সিকো, ভাৰত, চীন, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু তুৰস্ক। এইকেইখন দেশে পৃথিৱীৰ মুঠ উৎপাদনৰ ৬৫% উৎপাদন কৰে।

চিত্ৰবিঠিকা

তথ্য উৎস

লগতে চাওক

বাহ্যিক সংযোগ

  • নেমু  ৱিকিমিডিয়া কমন্সত নেমু সম্পৰ্কীয় মিডিয়া ফাইল।
  • নেমু  ৱিকিপ্ৰজাতিত নেমু সম্পৰ্কীয় তথ্য

Tags:

নেমু ইতিহাসনেমু নামৰ উৎপত্তিনেমু খেতিনেমু পুষ্টিনেমু ব্যৱহাৰনেমু উৎপাদননেমু চিত্ৰবিঠিকানেমু তথ্য উৎসনেমু লগতে চাওকনেমু বাহ্যিক সংযোগনেমুউত্তৰ পূৰ্বাঞ্চল

🔥 Trending searches on Wiki অসমীয়া:

খামটি জনগোষ্ঠীসম্ৰাট অশোকলখিমপুৰ জিলাফাকে জনগোষ্ঠীকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানফাট বিহুকুলিতুলসীশুৱালকুছিনীলমণি ফুকন (জ্যেষ্ঠ)ভাৰতৰ ইতিহাসপূৰ্ণ স্বৰাজমালিতালেটিন ভাষাচৈয়দ আব্দুল মালিকভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাধানজীৱঅসমীয়া খাদ্যাভ্যাসঅসমৰ চলচ্চিত্ৰশ্ৰীমদ্ভগৱতগীতাগুৰু আসনমাজুলীড়যোৰহাট জিলাৰ ইতিহাসশ্ৰী সূৰ্য পাহাৰগোলকীয় উষ্ণতা বৃদ্ধিপদুমজলসিঞ্চনভূপেন হাজৰিকাবেলিমাৰ (নাটক)বনঘোষাশৰাইঘাট দলংভাৰতত মহিলাৰ স্বাস্থ্যগণতন্ত্ৰকুলধৰ শইকীয়াজোনাকী (আলোচনী)৭ ফেব্ৰুৱাৰীৱিকিপিডিয়াপৰ্যটনআজান পীৰঅসমীয়া উপন্যাসদামোদৰ দেৱমৃত্যুউইলিয়াম শ্বেইকছপীয়েৰশদিয়াঅসম আন্দোলনঅংকঅসমীয়া সাহিত্যত মালিতাকেঁচু২৬ এপ্ৰিলঢ়লোকভাষাকনকলতা বৰুৱানামঘোষাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহসন্ধিছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)কাৰেংঘৰমংগোলিয়াপ্ৰদূষণকীৰ্তন-ঘোষামহাসাগৰআন্তৰ্জাতিক শ্ৰমিক দিৱসভাৰতৰ সংবিধানহনুমানতথ্যব্যৱস্থাপনাসংগীতআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিঅসমৰ লোকবাদ্যতথ্য জনাৰ অধিকাৰ আইন, ২০০৫🡆 More