অসম বিধানসভা

অসম বিধানসভা (ইংৰাজী: Assam Legislative Assembly) ভাৰতবৰ্ষৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন এককক্ষীয় সভা। অসমৰ ৰাজধানী দিশপুৰত ইয়াৰ অৱস্থিতি। অসম বিধানসভা মুঠ ১২৬ জন বিধানসভা সদস্যৰে গঠিত। এই সদস্য সকলক পোনপটীয়াভাৱে অসমৰ বিভিন্ন এক আসন বিশিষ্ট নিৰ্বাচনী সমষ্টিৰ পৰা নিৰ্বাচিত কৰা হয়। অসম বিধানসভাৰ সম্পূৰ্ণ কাৰ্যকাল ৫ (পাঁচ) বছৰ কিন্তু যিকোনো সময়তে অনাস্থা প্ৰস্তাৱ নতুবা ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দ্বাৰা এই সভা ভঙ্গ কৰিব পাৰি।

অসম বিধানসভা
Assam Legislative Assembly
১৪তম বিধানসভা
অসম বিধানসভা
ধৰন
ধৰন এককক্ষীয়
নেতা
বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ভাৰতীয় জনতা পাৰ্টি
২০২১
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টি
২০২১
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ভাৰতীয় জাতীয় কংগ্ৰেছ
২০২১
গঠন
সদস্য ১২৬ জন
অসম বিধানসভা
ৰাজনৈতিক দলসমূহ চৰকাৰ (৭৫)

এন ডি এ (৭৯)

বিৰোধী (৫১)

ইউ পি এ (৫০)

অন্যান্য (১)

  •      নিৰ্দলীয় (১)
নিৰ্বাচন
নিৰ্বাচন পদ্ধতি First-past-the-post
বিগত নিৰ্বাচন ২০২১
সভাৰ স্থান
অসম বিধানসভা ভৱন, দিশপুৰ,
গুৱাহাটী, অসম, ভাৰত - ৭৮১০০৬.
ৱেবছাইট
http://assamassembly.nic.in

ইতিহাস

১৯৩৫ চনৰ ২ আগষ্টত ব্ৰিটিছ সংসদত ভাৰত চৰকাৰ অধিনিয়ম ১৯৩৫ (Government of India Act 1935)গৃহীত হয়। এই অধিনিয়মৰ উপবন্ধ অনুসৰি ১৯৩৭ চনত অসম প্ৰদেশৰ বাবে দ্বিকক্ষীয় বিধানমণ্ডল প্ৰনয়ন কৰা হয়। বিধানমণ্ডলৰ নিম্ন কক্ষ, অসম বিধানসভাৰ প্ৰথম বৈঠক বহে ছিলঙৰ সভা কক্ষত ১৯৩৭ চনৰ এপ্ৰিল মাহৰ ৭ তাৰিখে। ছিলং সেই সময়ৰ সংযোজিত অসমৰ ৰাজধানী আছিল। বিধানসভাৰ সদস্য সংখ্যা আছিল ১০৮। এই আটাইকেইজন সদস্যই আছিল নিৰ্বাচিত। উচ্চ সদন বিধান পৰিষদৰ (Legislative Council) সদস্য সংখ্যা আছিল ২১ বা ২২ জন।

ভাৰত বিভাজনৰ পাছত অসমৰ চিলেট জিলা পূব পাকিস্তানত (বৰ্তমানৰ বাংলাদেশ) অন্তৰ্ভুক্ত হ'ল। স্বাভাৱিকতে বিধানসভাৰ আসনৰ সংখ্যা ৭১খনলৈ নামিল। অৱশ্যে স্বাধীনতাৰ পাছত আসনৰ সংখ্যা পুনৰ ১০৮খন হ'ল। ১৯৪৭ চনত বিধান পৰিষদৰ (উচ্চ সদন) অৱলুপ্তি ঘটাই অসমৰ বিধান মণ্ডল এককক্ষীয় কৰা হয়। স্বাধীনতা-উত্তৰ কালচোৱাত অসমৰ বিভাজন ঘটি বহুকেইখন নতুন ৰাজ্যৰ সৃষ্টি হয়। ১৯৬৩ চনত নাগালেণ্ড গঠিত হয়। ১৯৭১ চনত ভাৰতৰ সংসদত গৃহীত হোৱা এখন আইনযোগে মেঘালয়ক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হয়। মিজোৰাম আৰু অৰুণাচল প্ৰদেশো অসমৰপৰা আঁতৰি যায়। মেঘালয় গঠনৰ পাছত ছিলং অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ যুটীয়া ৰাজধানী হয়। ১৯৭২ চনত অসম চৰকাৰে দিশপুৰলৈ ৰাজধানী স্থানান্তৰৰ সিদ্ধান্ত লয়। ১৯৭৩ চনৰ ১৬ মাৰ্চত দিশপুৰৰ অস্থায়ী ৰাজধানীত অসম চৰকাৰৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। ১৯৫২ চনত স্বাধীনতা-উত্তৰ ভাৰতত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হয়। সেয়েহে ১৯৫২ চনত গঠিত হোৱা বিধানসভাখনক স্বাধীনোত্তৰ অসমৰ প্ৰথম বিধানসভা বুলি কোৱা হয়। সেই লেখেৰে ২০১১ চনলৈকে অসমত ১৩খন বিধানসভা গঠন কৰা হ'ল।

ৰাজ্যৰ বিভাজন আৰু সমষ্টিৰ পুনৰ্গঠনৰ বাবে অসম বিধানসভাৰ আসনৰ সংখ্যা সময়ে-সময়ে পৰিবৰ্তন হৈ আহিছে। অসম বিধানসভাৰ আসনৰ সংখ্যা এনে ধৰণৰ

      প্ৰথম বিধানসভা (১৯৫২-৫৭) ১০৮খন
      দ্বিতীয় বিধানসভা (১৯৫৭-৬২) ১০৫খন
      তৃতীয় বিধানসভা (১৯৬৭-৭২) ১১৪খন
      পঞ্চম বিধানসভাৰ (১৯৭২-৭৮) পৰা বৰ্তমানলৈ ১২৬খন।

অসম বিধানসভাৰ অধ্যক্ষসকলৰ তালিকা

অসম বিধানসভাৰ অধ্যক্ষসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল:

অসম প্ৰদেশ

# নাম কাৰ্যভাৰ গ্ৰহণ কাৰ্যভাৰ ত্যাগ ৰাজনৈতিক দল
বাবু বসন্ত কুমাৰ দাস ৭ এপ্ৰিল ১৯৩৭ ১১ মাৰ্চ, ১৯৪৬
দেৱেশ্বৰ শৰ্মা ১২ মাৰ্চ, ১৯৪৬ ১০ অক্টোবৰ, ১৯৪৭
লক্ষেশ্বৰ বৰুৱা ৫ নৱেম্বৰ, ১৯৪৭ ৩ মাৰ্চ, ১৯৫২
অসম বিধানসভা 
অসম বিধানসভা ভৱন

অসম ৰাজ্য

# নাম কাৰ্যভাৰ গ্ৰহণ কাৰ্যভাৰ ত্যাগ ৰাজনৈতিক দল
কুলধৰ চলিহা ৫ মাৰ্চ ১৯৫২ ৭ জুন, ১৯৫৭
দেৱকান্ত বৰুৱা ৮ জুন, ১৯৫৭ ১৫ ছেপ্তেম্বৰ, ১৯৫৯
মহেন্দ্ৰ মোহন চৌধুৰী ৯ ডিচেম্বৰ, ১৯৫৯ ১৯ মাৰ্চ, ১৯৬৭
হৰেশ্বৰ গোস্বামী ২০ মাৰ্চ, ১৯৬৭ ১০ মে, ১৯৬৮
মহীকান্ত দাস ২৭ আগষ্ট, ১৯৬৮ ২১ মাৰ্চ, ১৯৭২
ৰমেশ চন্দ্ৰ বৰুৱা ২২ মাৰ্চ, ১৯৭২ ২০ মাৰ্চ, ১৯৭৮
যোগেন্দ্ৰ নাথ হাজৰিকা ২১ মাৰ্চ, ১৯৭৮ ৪ ছেপ্তেম্বৰ, ১৯৭৯
শেইখ চান্দ মহম্মদ ৭ নৱেম্বৰ, ১৯৭৯ ৭ জানুৱাৰী, ১৯৮৬
পুলকেশ বৰুৱা ৯ জানুৱাৰী, ১৯৮৬ ২৭ জুলাই, ১৯৯১
১০ জীৱকান্ত গগৈ ২৯ জুলাই, ১৯৯১ ৯ ডিচেম্বৰ, ১৯৯২
১১ দেবেশ চন্দ্ৰ চক্ৰৱৰ্তী ২১ ডিচেম্বৰ, ১৯৯২ ১১ জুন, ১৯৯৬
১২ গণেশ কুটুম ১২ জুন, ১৯৯৬ ২৪ মে, ২০০১ অসম গণ পৰিষদ
১৩ পৃথিৱী মাঝি ৩০ মে, ২০০১ ১৯ মে, ২০০৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ টংক বাহদুৰ ৰায় ২৯ মে, ২০০৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৫ প্ৰণৱ কুমাৰ গগৈ ৬ জুন, ২০১১ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৬ ৰনজিত কুমাৰ দাস ১ জুন, ২০১৬ ভাৰতীয় জনতা পাৰ্টি
১৭ হিতেন্দ্ৰ নাথ গোস্বামী ৩০ জানুৱাৰী, ২০১৭ ভাৰতীয় জনতা পাৰ্টি
18 বিশ্বজিৎ দৈমাৰী ২১ মে',২০২১ বৰ্তমানলৈকে ভাৰতীয় জনতা পাৰ্টি

বিধানসভাৰ উপাধ্যক্ষসকল

বিধানসভাৰ উপাধ্যক্ষসকলৰ তালিকা তলত দিয়া হৈছে।

# নাম কাৰ্য্যভাৰ গ্ৰহণ অৱসৰ
মৌলবী মহম্মদ আমৰুদ্দিন ৭ এপ্ৰিল ১৯৩৭ চন ১৯৪৬
বনিলি খংমেন ১৪ মাৰ্চ ১৯৪৬ চন
আৰ এন বৰুৱা ৬ মাৰ্চ ১৯৫২ চন ১৯৫৭ চনৰ ১ এপ্ৰিল
আৰ এন বৰুৱা ১৯৫৭ চনৰ ১০ জুন ২৮ ফেব্ৰুৱাৰী ১৯৬২ চন
ডি হাজৰিকা ৩১ মাৰ্চ ১৯৬২ ২৮ ফেব্ৰুৱাৰী ১৯৬৭
এম. কে. দাস ৩১ মাৰ্চ ১৯৬২ চন 26 August 1968
এ. ৰহমান ২০ ছেপ্টেম্বৰ ১৯৬৮ ৯ নৱেম্বৰ ১৯৭০ চন
জে. শইকীয়া ১৩ নৱেম্বৰ ১৯৭০ ৯ জুন ১৯৭১ চন
আৰ.এন. সেন ২৪ মে ১৯৭১ ১৪ মাৰ্চ ১৯৭২ চন
১০ গোলোক ৰাজবংশী ৬ এপ্ৰিল ১৯৭২ ৩ মাৰ্চ ১৯৭৮ চন
১১ শ্বেখ চান্দ মহম্মদ ৩০ মাৰ্চ ১৯৭৮ ৬ নৱেম্বৰ ১৯৭৯
১২ জি আহমেদ ১৩ নৱেম্বৰ ১৯৭৯ ১৯ মাৰ্চ ১৯৮২ চন
১৩ এন.চি. কাথ হাজৰিকা ২৫ মাৰ্চ ১৯৮৩ - ১৪ ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই ১ এপ্ৰিল ১৯৮৬ ১০ এপ্ৰিল ১৯৯০ চন
১৫ বলোভদ্ৰ তামুলী ২২ অক্টোবৰ ১৯৯০ ৮ জানুৱাৰী ১৯৯১
১৬ দেৱেশ চক্ৰৱৰ্তী ১৯৯১ চনৰ ১ আগষ্ট ২০ ডিচেম্বৰ ১৯৯২ চন
১৭ পৃথিবী মাঝি ২৩ মাৰ্চ ১৯৯৩ ১১ মে’ ১৯৯৬
১৮ নুৰুল হুছেইন ১৯৯৬ চনৰ ১৩ জুন ১৯৯৮ চনৰ ১৮ আগষ্ট
১৯ ৰেণুপমা ৰাজখোৱা ১৪ মে’ ১৯৯১ চন ১৭ মে’ ২০০১
২০ টংকা বাহাদুৰ ৰায় ৩ এপ্ৰিল ২০০২ ১৪ মে’ ২০০৬ চন
২১ প্ৰণতি ফুকন ৩১ মে’ ২০০৬ ১৬ মে’ ২০১১
২২ ভীমানন্দ তাঁতী ৬ জুন ২০১১ ১৯ মে’ ২০১৬
২৩ দিলীপ কুমাৰ পাল ৩ জুন ২০১৬ ৮ মে’ ২০১৮
২৪ কৃপানাথ মাল্লা ২৬ ছেপ্টেম্বৰ ২০১৮ ৪ জুন ২০১৯
২৫ আমিনুল হক লস্কৰ ৩১ জুলাই ২০১৯ ২ মে' ২০২১
২৬ নোমল মমিন ২১ মে’ ২০২১ বৰ্তমান

বৰ্তমানৰ বিধায়কসকলৰ তালিকা

সমষ্টি এম.এল.এ. পাৰ্টি
কৰিমগঞ্জ জিলা
ৰাতাবাৰী (এছচি) বিজয় মালাকাৰ ভাৰতীয় জনতা পাৰ্টি
পথাৰকান্দি কৃষ্ণেন্দু পল ভাৰতীয় জনতা পাৰ্টি
কৰিমগঞ্জ উত্তৰ কামলাখ্য দে পুৰকায়স্থ ভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জ দক্ষিণ চিদ্দেক আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
বদৰপুৰ আব্দুল আজিজ অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
হাইলাকান্দি জিলা
হাইলাকান্দি জাকিৰ হুছেইন লস্কৰ অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
কাটলিচেৰা চুজাম উদ্দিন লস্কৰ অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
আলগাপুৰ নিজাম উদ্দিন চৌধুৰী অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
কাছাৰ জিলা
শিলচৰ দিপায়ান চক্ৰৱৰ্তী ভাৰতীয় জনতা পাৰ্টি
সোনাই কৰিমুদ্দিন বৰভূ্ঞা অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
ধলাই (এছচি) পৰিমল শুক্লবৈদ্য ভাৰতীয় জনতা পাৰ্টি
উধৰবন্দ মিহিৰ কান্তি সোম ভাৰতীয় জনতা পাৰ্টি
লক্ষীপুৰ কৌশিক ৰায় ভাৰতীয় জনতা পাৰ্টি
বৰখোলা মিছবাহুল ইছলাম লস্কৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
কাটিগোৰাহ খলিল উদ্দিন মজুমদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
ডিমা হাচাও জিলা
হাফলং (এচটি) নন্দিতা গৰ্লোচা ভাৰতীয় জনতা পাৰ্টি
কাৰ্বি আংলং জিলা
বোকাজান (এছটি) নোমল মমিন ভাৰতীয় জনতা পাৰ্টি
হাওৰাঘাট (এছটি) ডাৰ্চিং ৰংহাং ভাৰতীয় জনতা পাৰ্টি
ডিফু (এচটি) বিদ্যাসিং এংলেং ভাৰতীয় জনতা পাৰ্টি
পশ্চিম কাৰ্বি আংলং জিলা
বাইথালাংচো (এছটি) ৰূপচিং টেৰন ভাৰতীয় জনতা পাৰ্টি
দক্ষিণ শালমাৰা জিলা
মানকাচাৰ আমিনুল ইছলাম অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
দক্ষিণ শালমাৰা ৱাজেদ আলী চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
ধুবুৰী জিলা
ধুবুৰী নজৰুল হক অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
গৌৰীপুৰ নিজানুৰ ৰহমান অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
গোলকগঞ্জ আব্দুছ ছুবাহান আলী সৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
পশ্চিম বিলাসীপাৰা হাফিজ ৱছিৰ আহমেদ অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
পূব বিলাসীপাৰা ছামছুল হুদা অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
কোকৰাঝাৰ জিলা
গোসাইগাঁও
কোকৰাঝাৰ পশ্চিম (এছটি) ৰবিৰাম নাৰ্জাৰী বড়োলেণ্ড পিপলছ ফ্ৰণ্ট
কোকৰাঝাৰ পূব (এছটি) লৰেন্স ইছলাৰী ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
চিৰাং জিলা
চিডলি (এছটি) জয়ন্ত বসুমতাৰী ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
বঙাইগাঁও জিলা
বঙাইগাঁও ফণী ভূষন চৌধুৰী অসম গণ পৰিষদ
চিৰাং জিলা
বিজনী অজয় কুমাৰ ৰয় ভাৰতীয় জনতা পাৰ্টি
বঙাইগাঁও জিলা
অভয়পুৰী উত্তৰ আব্দুল ভতিম খান্দকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
অভয়াপুৰী দক্ষিণ (এছচি) প্ৰদীপ চৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
গোৱালপাৰা জিলা
দুধনৈ (এছটি) যাদব স্বৰগিয়াৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
গোৱালপাৰা পূব আব্দুল কালাম ৰছিদ আলম ভাৰতীয় জাতীয় কংগ্ৰেছ
গোৱালপাৰা পশ্চিম আব্দুৰ ৰছিদ মণ্ডল ভাৰতীয় জাতীয় কংগ্ৰেছ
জলেশ্বৰ আফতাব উদ্দিন মোল্লা ভাৰতীয় জাতীয় কংগ্ৰেছ
বৰপেটা জিলা
সৰভোগ মনোৰঞ্জন তালুকদাৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
বৰপেটা আব্দুৰ ৰহিম আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
জানিয়া ৰফিকুল ইছলাম অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
বাঘবৰ শ্বেৰমেন আলী আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
সৰুক্ষেত্ৰী জাকিৰ হুছেইন চিকদ্দৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
চেঙা আশ্ৰাফুল হুছেইন অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
বজালী জিলা
ভৱানীপুৰ ফনীধৰ তালুকদাৰ অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
পাটাছাৰকুচি ৰণজিৎ কুমাৰ দাস ভাৰতীয় জনতা পাৰ্টি
কামৰূপ জিলা
বকো (এছচি) নন্দিতা দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
ছয়গাঁও ৰেকিবুদ্দিন আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
পলাশবাৰী হেমাংগ ঠাকুৰীয়া ভাৰতীয় জনতা পাৰ্টি
হাজো সুমন হৰিপ্ৰিয়া ভাৰতীয় জনতা পাৰ্টি
কমলপুৰ দিগন্ত কলিতা ভাৰতীয় জনতা পাৰ্টি
ৰঙিয়া ভৱেশ কলিতা ভাৰতীয় জনতা পাৰ্টি
কামৰূপ মেট্ৰপলিটান
জালুকবাৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জনতা পাৰ্টি
দিছপুৰ অতুল বৰা ভাৰতীয় জনতা পাৰ্টি
পূৱ গুৱাহাটী সিদ্ধাৰ্থ ভট্টাচাৰ্য ভাৰতীয় জনতা পাৰ্টি
পশ্চিম গুৱাহাটী ৰমেন্দ্ৰ নাৰায়ণ কলিতা অসম গণ পৰিষদ
বাক্সা জিলা
তামুলপুৰ লেহো ৰাম বড়ো ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
বৰমা (এছটি) ভূপেন বড়ো ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
চাপাগুৰি (এছটি) উৰ্খাও গৌৰা ব্ৰহ্ম ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
নলবাৰী জিলা
নলবাৰী জয়ন্ত মল্ল বৰুৱা ভাৰতীয় জনতা পাৰ্টি
বৰক্ষেত্ৰী দিগন্ত বৰ্মন ভাৰতীয় জাতীয় কংগ্ৰেছ
ধৰ্মপুৰ চন্দ্ৰ মোহন পাটোৱাৰী ভাৰতীয় জনতা পাৰ্টি
ওদালগুৰি জিলা
পানেৰী বিশ্বজিৎ দৈমাৰী ভাৰতীয় জনতা পাৰ্টি
ওদালগুৰি (এছটি) গোৱিন্দ চন্দ্ৰ বসুমতাৰী ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
মাজবাট চৰণ বড়ো বড়োলেণ্ড পিপলছ ফ্ৰণ্ট
দৰং জিলা
কলাইগাঁও দুৰ্গা দাস বড়ো বড়োলেণ্ড পিপলছ ফ্ৰণ্ট
চিপাঝাৰ পৰমানন্দ ৰাজবংশী ভাৰতীয় জনতা পাৰ্টি
মঙ্গলদৈ (এছচি) বসন্ত দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
দলগাঁও মাজিবুৰ ৰহমান অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
শোণিতপুৰ জিলা
ঢেকিয়াজুলি অশোক সিংঘাল ভাৰতীয় জনতা পাৰ্টি
বৰশলা গণেশ কুমাৰ লিম্বু ভাৰতীয় জনতা পাৰ্টি
তেজপুৰ পৃথ্বীৰাজ ৰাভা অসম গণ পৰিষদ
ৰঙাপাৰা কৃষ্ণ কমল তাঁতী ভাৰতীয় জনতা পাৰ্টি
চতিয়া পদ্ম হাজৰিকা ভাৰতীয় জনতা পাৰ্টি
গহপুৰ উৎপল বৰা ভাৰতীয় জনতা পাৰ্টি
বিশ্বনাথ জিলা
বিশ্বনাথ প্ৰমোদ বৰঠাকুৰ ভাৰতীয় জনতা পাৰ্টি
বিহালী ৰঞ্জিত দত্ত ভাৰতীয় জনতা পাৰ্টি
মৰিগাঁও জিলা
জাগীৰোড (এছচি) পিযুষ হাজৰিকা ভাৰতীয় জনতা পাৰ্টি
মৰিগাঁও ৰমা কান্ত দেউৰী ভাৰতীয় জনতা পাৰ্টি
লাহাৰীঘাট আচিফ মহম্মদ নাজাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
নগাঁও জিলা
ৰহা (এছচি) শশী কান্ত দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
ধিং আমিনুল ইছলাম অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
বাটদ্ৰবা শিৱামণি বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
ৰূপহীহাট নুৰুল হুদা ভাৰতীয় জাতীয় কংগ্ৰেছ
নাওগং ৰূপক শৰ্মা ভাৰতীয় জনতা পাৰ্টি
বৰহমপুৰ জিতু গোস্বামী ভাৰতীয় জনতা পাৰ্টি
চমাগুৰি ৰকিবুল হুছেইন ভাৰতীয় জাতীয় কংগ্ৰেছ
কালিয়াবৰ কেশৱ মহন্ত অসম গণ পৰিষদ
হোজাই জিলা
যমুনামুখ চিৰাজুদ্দিন আজমল অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট
হোজাই ৰামকৃষ্ণ ঘোষ ভাৰতীয় জনতা পাৰ্টি
লামডিং শিবু মিশ্ৰ ভাৰতীয় জনতা পাৰ্টি
গোলাঘাট জিলা
বোকাখাত অতুল বৰা অসম গণ পৰিষদ
সৰুপথাৰ বিশ্বজিৎ ফুকন ভাৰতীয় জনতা পাৰ্টি
গোলাঘাট অজন্তা নেওগ ভাৰতীয় জনতা পাৰ্টি
খুমটাই মৃনাল শইকীয়া ভাৰতীয় জনতা পাৰ্টি
দেৰগাঁও (এছচি) ভবেন্দ্ৰ নাথ ভৰালী অসম গণ পৰিষদ
যোৰহাট জিলা
যোৰহাট হিতেন্দ্ৰ নাথ গোস্বামী ভাৰতীয় জনতা পাৰ্টি
তিতাবৰ ভাস্কৰ জ্যোতি বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
মৰিয়নি ৰূপজ্যোতি কুৰ্মী ভাৰতীয় জনতা পাৰ্টি
টিয়ক ৰেনুপমা ৰাজখোৱা অসম গণ পৰিষদ
মাজুলী জিলা
মাজুলী (এচটি) ভুবন গাম ভাৰতীয় জনতা পাৰ্টি
শিৱসাগৰ জিলা
আমগুৰি প্ৰদীপ হাজৰিকা অসম গণ পৰিষদ
নাজিৰা দেৱব্ৰত শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
থাওৰা সুশান্ত বৰগোহাঁই ভাৰতীয় জনতা পাৰ্টি
শিৱসাগৰ অখিল গগৈ স্বতন্ত্ৰ
চৰাইদেউ জিলা
মাহমৰা যোগেন মোহন ভাৰতীয় জনতা পাৰ্টি
সোণাৰি ধৰ্মেশ্বৰ কোঁৱৰ ভাৰতীয় জনতা পাৰ্টি
লখিমপুৰ জিলা
বিহপুৰীয়া অমিয় কুমাৰ ভূঞা ভাৰতীয় জনতা পাৰ্টি
নাওবৈচা ভৰত নৰহ ভাৰতীয় জাতীয় কংগ্ৰেছ
লখিমপুৰ মানৱ ডেকা ভাৰতীয় জনতা পাৰ্টি
ঢকুৱাখানা (এচটি) নৱ কুমাৰ দলে ভাৰতীয় জনতা পাৰ্টি
ধেমাজি জিলা
ধেমাজি (এছটি) ৰণোজ পেগু ভাৰতীয় জনতা পাৰ্টি
জোনাই (এছটি) ভূৱন পেগু ভাৰতীয় জনতা পাৰ্টি
ডিব্ৰুগড় জিলা
মৰাণ চক্ৰধৰ গগৈ ভাৰতীয় জনতা পাৰ্টি
ডিব্ৰুগড় প্ৰশান্ত ফুকন ভাৰতীয় জনতা পাৰ্টি
লাহোৱাল বিনোদ হাজৰিকা ভাৰতীয় জনতা পাৰ্টি
দুলিয়াজান তেৰাশ গোৱালা ভাৰতীয় জনতা পাৰ্টি
টিংখং বিমল বৰা ভাৰতীয় জনতা পাৰ্টি
নাহৰকটীয়া তৰংগ গগৈ ভাৰতীয় জনতা পাৰ্টি
চাবুৱা পোনাকন বৰুৱা অসম গণ পৰিষদ
তিনিচুকীয়া জিলা
তিনিচুকীয়া সঞ্জয় কিষাণ ভাৰতীয় জনতা পাৰ্টি
ডিগবৈ সুৰেন ফুকন ভাৰতীয় জনতা পাৰ্টি
মাৰ্ঘেৰিটা ভাস্কৰ শৰ্মা ভাৰতীয় জনতা পাৰ্টি
ডুমডুমা ৰূপেশ গোৱালা ভাৰতীয় জনতা পাৰ্টি
শদিয়া বলিন চেতিয়া ভাৰতীয় জনতা পাৰ্টি

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

অসম বিধানসভা ইতিহাসঅসম বিধানসভা ৰ অধ্যক্ষসকলৰ তালিকাঅসম বিধানসভা বিধানসভাৰ উপাধ্যক্ষসকলঅসম বিধানসভা বৰ্তমানৰ বিধায়কসকলৰ তালিকাঅসম বিধানসভা তথ্য সংগ্ৰহঅসম বিধানসভা বাহ্যিক সংযোগঅসম বিধানসভাStates and territories of Indiaঅসমইংৰাজী ভাষাএকসদনবাদদিশপুৰভাৰতবৰ্ষ

🔥 Trending searches on Wiki অসমীয়া:

সৌৰভ কুমাৰ চলিহাঅসমীয়া বৰ্ণমালাবাজেটসংগীতখামটি জনগোষ্ঠীঅতুল চন্দ্ৰ হাজৰিকাবৃহস্পতি গ্ৰহঅপভ্ৰংশকমলাকান্ত ভট্টাচাৰ্য্যবড়ো ভাষাজোনাকী (আলোচনী)লিমাৰিক (কবিতা)বানপানীঅসীমত যাৰ হেৰাল সীমাঅসমীয়া যুক্তাক্ষৰস্বাস্থ্যপ্ৰাকৃতিক দুৰ্যোগমোৰো এটা সপোন আছেবৰ্মণ ৰাজবংশঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঅৰ্জুন ভঞ্জননাগালেণ্ডঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাওৰাং ৰাষ্ট্ৰীয় উদ্যানহেমচন্দ্ৰ গোস্বামীজল প্ৰদূষণআহোম বিবাহ পৰম্পৰাৰুক্মিণী হৰণ নাটৰাম বিজয়গৰু বিহুমৰুভূমিভিটামিনৰুক্মিণীঅশোকৰ অনুশাসনঅসমৰ গামোচাঅসমৰ লোকবাদ্যশব্দ (অভিধান)গদ্যসাগৰ দেখিছা (কবিতা সংকলন)ভগ্নাংশ (গণিত)ঘৰ শালিকালোকাচাৰপাইক প্ৰথাহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)উদাৰনৈতিকতাবাদনামেৰি ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাকবিতাপাৰিপাৰ্শ্বিক সংঘাতমানচিত্ৰআহোম ৰাজ্যবগেজাৰী গীতভাৰতৰ উচ্চতম ন্যায়ালয়আনন্দৰাম ঢেকিয়াল ফুকনভট্টদেৱৰ গদ্যশৈলীভেঁকুৰভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅপাৰেটিং চিষ্টেমযৌন নিৰ্যাতনঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)হৃদযন্ত্ৰজন গণ মনবুঢ়ী আইৰ সাধুবতৰচলচ্চিত্ৰন'বেল বঁটাচিৰ চেনেহী মোৰ ভাষা জননীভাষাবিজ্ঞানমানৱ উন্নয়ন সূচকনীলমণি ফুকন (জ্যেষ্ঠ)ৰূপালীমজ'মাট'ইয়াত এখন অৰণ্য আছিলজাতীয়তাবাদ🡆 More