বুঢ়ী আইৰ সাধু

বুঢ়ী আইৰ সাধু হৈছে শিশু উপযোগী এখন সাধু সংকলন। এই কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১২ চনৰ অক্টোবৰ অথবা নৱেম্বৰ মাহত। লক্ষ্মীনাথ বেজবৰুৱাদেৱে নানা প্ৰবন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰিছিল। এই সাধুকথা বোৰকে বুঢ়ী আইৰ সাধু নাম দি সাধু সংকলনৰূপে প্ৰকাশ কৰিছিল।

বুঢ়ী আইৰ সাধু  
বুঢ়ী আইৰ সাধু
লেখক লক্ষ্মীনাথ বেজবৰুৱা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ সাধু সংকলন
প্ৰকাশক বনলতা
প্ৰকাশ ১৯১২
মিডিয়া প্ৰকাৰ মুদ্ৰণ
আই.এচ.বি.এন. 81-7339-215-3
বুঢ়ী আইৰ সাধু ৱিকিউৎসত বুঢ়ী আইৰ সাধুৰ সম্পূৰ্ণ পাঠ পঢ়ক

উৎস

লেখকে এই কাহিনীবোৰ অসমৰ সাধাৰণ স্থানীয় লোকসকলৰ পৰা সংগ্ৰহ কৰি এই কিতাপখন প্ৰস্তুত কৰিছিল। তেওঁ কিতাপখনৰ প্ৰস্তাৱনাত উল্লেখ কৰা নামবোৰ যি সকলে লোককাহিনীৰ অৱদান আগবঢ়াইছিল (কিন্তু কোনে কোনটো অৱদান আগবঢ়াইছিল সেয়া স্পষ্টভাৱে উল্লেখ কৰা নাই) আছিল ভ্ৰমৰেন্দ্ৰ ডেকা, মহী চন্দ্ৰ বৰা, সীতানাথ শৰ্মা, সৰ্বেশ্বৰ শৰ্মা কটকী, ৰুদ্ৰকান্ত গোস্বামী, ৱাজেড আলি, নৰনাথ শৰ্মা, ৰোসেশ্বৰ শৰ্মা, পদ্মধৰ চলিহা, ৰত্নকান্ত শৰ্মা, হলধৰ ভূঞা, গোলোক চন্দ্ৰ শৰ্মা, মেঘনাথ ডেকা, ৰূপচন্দ্ৰ বৰুৱা, দিননাথ মেধি, লোকনাথ দাস, গোবিন্দ চন্দ্ৰ চৌধুৰী আৰু দিনেশ্বৰ দত্ত।

ইংৰাজী অনুবাদ

এই কিতাপখন ইংৰাজীলৈ নৃপেন দত্ত বৰুৱাৰ দ্বাৰা "Old Mother's Wise Tales" নামেৰে অনুবাদ কৰা হৈছিল আৰু ভাৰতৰ এলবিএছ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হৈছিল।

জনপ্ৰিয় সংস্কৃতিত

১৯৬৩ চনত বেজবৰুৱাৰ গ্ৰন্থখনৰ তেজীমলা নামৰ সাধুটোৰ আধাৰত আনোৱাৰ হুছেইন পৰিচালিত একে নামৰ ছবি এখনে মুক্তি পায়। তেজীমলাই আঞ্চলিক ছবিৰ শিতানত শ্ৰেষ্ঠ অসমীয়া ছবি হিচাপে ৰাষ্ট্ৰপতিৰ “চাৰ্টিফিকেট অৱ মেৰিট” লাভ কৰে।

১৯৮৫ চনত মুক্তি পায় হীৰেণ চৌধুৰী আৰু সুপ্ৰভা দেৱীয়ে যুগ্মভাবে পৰিচালনা কৰা সৰবজান নামৰ ছবিখনে। উল্লেখনীয় যে ছবিৰ পৰিচালক সুপ্ৰভা দেৱী অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা পৰিচালক।

বেজবৰুৱাৰ সাধুৰ আধাৰত মুক্তি পোৱা তৃতীয়খন অসমীয়া চলচ্চিত্ৰ হ'ল- তুলা আৰু তেজা (২০১২)।

২০১৬ চনত মুক্তি লাভ কৰা ভাস্কৰ হাজৰিকা পৰিচালিত কথানদী এখন হৰৰ ফেণ্টাচী প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। কথানদীৰ ছবিখনৰ কাহিনীটো লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ কেইটিমান জনপ্ৰিয় সাধু আৰু চৰিত্ৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। বুঢ়ী আইৰ সাধুত সন্নিৱিষ্ট "তেজীমলা", "চম্পাৱতী", "ঔ-কুঁৱৰী" আৰু "তাৱৈৰ সাধু" নামৰ চাৰিটা বিশেষ সাধুৰ সংমিশ্ৰণ কৰি কথানদীৰ মূল কাহিনীটো সৃষ্টি কৰা হৈছে। কথানদীয়ে ২০১৫ চনত এছিয়ান চিনেমা ফাণ্ডৰ প'ষ্ট প্ৰডাক্‌চন বঁটা লাভ কৰে। ২০১৫ চনৰ ১ ৰ পৰা ১০ অক্টোবৰলৈকে অনুষ্ঠিত বিংশতিতম বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই চলচ্চিত্ৰ প্ৰথমবাৰ প্ৰদৰ্শিত হয়। ২০১৬ চনৰ এপ্ৰিলত ৬৩ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ই শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰে।

বুঢ়ী আইৰ সাধুৰ সাধুকেইটা

বুঢ়ী আইৰ সাধুৰ সাধু সমূহৰ চৰিত্ৰ আদিৰ কাল্পনিক ডিজিটেল চিত্ৰায়ন
বুঢ়ী আইৰ সাধু 
তেজীমলাৰ এখন কাল্পনিক চিত্ৰ
তেজীমলাৰ এখন কাল্পনিক চিত্ৰ  
বুঢ়ী আইৰ সাধু 
অন্তিমটো সাধু কাঞ্চনীৰ এক কাল্পনিক চিত্ৰ
অন্তিমটো সাধু কাঞ্চনীৰ এক কাল্পনিক চিত্ৰ  
বুঢ়ী আইৰ সাধু 
চম্পাৱতী সাধুৰ এক কাল্পনিক চিত্ৰ
চম্পাৱতী সাধুৰ এক কাল্পনিক চিত্ৰ  
বুঢ়ী আইৰ সাধু 
ঔ-কুঁ‌ৱৰীৰ মাতৃৰ কাল্পনিক চিত্ৰ
ঔ-কুঁ‌ৱৰীৰ মাতৃৰ কাল্পনিক চিত্ৰ  

বুঢ়ী আইৰ সাধুত মুঠ ৩০টা সাধু আছে। সাধুকেইটাৰ নাম তলত উল্লেখ কৰা হ'ল :

  • মেকুৰীৰ জীয়েকৰ সাধু
  • বান্দৰ আৰু শিয়াল
  • ঔ-কুঁৱৰী
  • ঢোঁৰাকাউৰী আৰু টিপচীচৰাই
  • এজনী মালিনী আৰু এজোপা ফুল
  • বুধিয়ক শিয়াল

  • বাঘ আৰু কেঁকোৰা
  • তেজীমলা
  • বুঢ়া-বুঢ়ী আৰু শিয়াল
  • দীঘল ঠেঙীয়া
  • গঙ্গাটোপ
  • নুমলীয়া পো

  • সৰবজান
  • এটা শিঙৰা মাছৰ কথা
  • এটা বলী মানুহ
  • চিলনী জীয়েকৰ সাধু
  • তুলা আৰু তেজা
  • কটা যোৱা নাক,খাৰণী দি ঢাক

  • তীখৰ আৰু চুটিবাই
  • চম্পাৱতী
  • জৰদগৱ ৰজাৰ উপাখ্যান
  • পানেশৈ
  • জোঁৱাইৰ সাধু
  • কুকুৰীকণা

  • ভেকুলীৰ সাধু
  • তাৱৈয়েকৰ সাধু
  • লট্‌কন
  • লখিমী তিৰোতা
  • দুই বুধিয়ক
  • কাঞ্চনী

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

বুঢ়ী আইৰ সাধু উৎসবুঢ়ী আইৰ সাধু ইংৰাজী অনুবাদবুঢ়ী আইৰ সাধু জনপ্ৰিয় সংস্কৃতিতবুঢ়ী আইৰ সাধু ৰ সাধুকেইটাবুঢ়ী আইৰ সাধু তথ্য সংগ্ৰহবুঢ়ী আইৰ সাধু বাহ্যিক সংযোগবুঢ়ী আইৰ সাধুwikisource:as:বুঢ়ী আইৰ সাধুলক্ষ্মীনাথ বেজবৰুৱা

🔥 Trending searches on Wiki অসমীয়া:

ধৰ্মসৌৰজগতঅংগৰাগ মহন্তকালিকা পুৰাণথাই ভাষাদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰধৰিত্ৰী দিৱসসংবিধান দিৱস (ভাৰত)অৰুণোদইভাৰতৰ সংৰক্ষণ ব্যৱস্থাবুঢ়া চাপৰি অভয়াৰণ্যজাভাশৰৎচন্দ্ৰ চট্টোপাধ্যায়অসমৰ নদীসমূহৰ তালিকাবায়ু প্ৰদূষণআলি আঃয়ে লৃগাংভক্তি ৰত্নাৱলীচক্ৰধ্বজ সিংহ (নাটক)জৈৱ বৈচিত্ৰ্যজাতি লাউতথ্য প্ৰযুক্তিভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাযকৃৎকুলধৰ শইকীয়াধাতু আৰু অধাতুচুতীয়া ৰাজ্যদুৰ্যোগশক্তিভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাএডৱাৰ্ড জেনাৰইয়াত এখন অৰণ্য আছিলশিৱসাগৰ জিলাঅসমৰ সমস্যাচকৰি ফেঁটী বুৰঞ্জীৰামমোহন ৰায়অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটামেলেৰিয়াভগৱানভেঁকুৰঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিৰাষ্ট্ৰসংঘ দিৱসৰাষ্ট্ৰসংঘচাচনি মেৰবিলবড়ো জনগোষ্ঠীঅশ্বিনী কুমাৰ বৰুৱাহিউৱেন-চাংব্যৱস্থাপনাঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যব্ৰহ্মগুপ্তআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিশ্ৰীনিবাস ৰামানুজনবচন (ব্যাকৰণ)অৰ্জুন ভঞ্জনকৃষ্ণচূড়াকমলাবাৰী সত্ৰফকৰা যোজনাচামেলি মেমচা'বমহাভাৰতকোষ (জীৱবিজ্ঞান)কৰ্কট ক্ৰান্তিসত্যনাথ বৰালোকভাষাপৰ্যাবৃত্ত তালিকাৰাণী লক্ষ্মীবাই২৩ এপ্ৰিলৰামমোৰ জীৱন সোঁৱৰণহৰিবৰ বিপ্ৰজাতিসংঘঅসমীয়া ভাষা উন্নতি সাধিনী সভামাতৃভাষাহেম সৰস্বতীপলাশীৰ যুদ্ধ🡆 More