তেজীমলা হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা বুঢ়ী আইৰ সাধু মূল পুথিখনৰ অষ্টমটো সাধু 'তেজীমলা'ৰ এক বাৰ-তেৰ বছৰীয়া কিশোৰী চৰিত্ৰ। সাধু অনুসৰি তেজীমলা এজন সাউদৰ কন্যা। লক্ষ্মীনাথ বেজবৰুৱাই বৰ্ণনা কৰা অনুসৰি এজন সাউদৰ দুজনী ঘৈণীয়েক আছিল। তেওঁৰ এজনী মাথোঁন ছোৱালী আছিল, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল’ৰা-ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল, সেইদেখি তাইক মাহীয়েকে তুলিতালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল; কিন্তু মাহীয়েকে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল; কেৱল গিৰিয়েকৰ ভয়তহে তেওঁ তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিব লগীয়াত পৰিছিল।
সাধুটোত তেজীমলা এজনী নিৰীহ ছোৱালীৰ প্ৰতীক। মাহীমাকে নানান অত্যাচাৰৰ পিছত তেওঁক হত্যা কৰে। তেজিমলাই গছ, চৰাই আদিৰ ৰূপত পুনৰ জন্ম গ্ৰহণ কৰি সকলোৰে আগত আৰু বিশেষকৈ তেওঁৰ ব্যৱসায়ী দেউতাকৰ সন্মুখত প্ৰকৃত সত্যটো প্ৰকাশ কৰে।
এজন সাউদৰ বৰজনী ঘৈণীয়েকৰ এঘাৰ-বাৰ বছৰীয়া জীয়ৰী তেজীমলা মাহীমাকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হয়। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল; কিন্তু মাহীয়েকে হ’লে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল; কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিব লগীয়াত পৰিছিল।
তেজীমলাৰ বাপেকে এবাৰ মাহীমাকৰ হাতত তেজীমলাক গতাই ৬/৭ মাহলৈ বিদেশলৈ বেহা-বেপাৰৰ কামত যায়। সাউদে নাও মেলি যোৱাৰ দিনৰ পৰা মাহীমাকে তেজীমলাৰ দায়ৰ চেলু বিচাৰিবলৈ ধৰিলে আৰু যিমান পাৰিলে তেজীমলাক অকলে পাই অত্যাচাৰ কৰিবলৈ ধৰিলে।
কিছুদিনৰ পিছতেই তেজীমলাৰ সখীয়েকৰ বিয়ালৈ বুলি যাবলৈ ওলোৱাত মাহীমাকে তেজীমলাই বিয়াত পিন্ধিবলৈ বুলি পাটৰ ৰিহা-মেখেলা এযোৰ আৰু এখন উত্তম ৰিহাৰ গুণাৰ পাৰি দিয়া খনীয়াকাপোৰৰ টোপোলা এটা বান্ধি দিলে। তেওঁ বুদ্ধি কৰি পাটৰ ৰিহা মেখেলাযোৰৰ ভিতৰত মনে মনে এটা নিগনি সুমুৱাই দি আৰু পাৰি দিয়া খনীয়া কাপোৰখনৰ ভিতৰত এটা আঙঠা বান্ধি দি টোপোলা এটা কৰি তেজীমলাৰ হাতত দিলে। সখীয়েকৰ ঘৰ পাওঁ পাওঁ হওঁতেই তেজীমলাই মাহীয়েকৰ কথা মতে পাটৰ ৰিহা-মেখেলা আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলতে কাপোৰযোৰৰ ভিতৰৰ পৰা এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰযোৰৰ ভিতৰৰ পৰা এটা আঙঠা সৰকি পৰিল। তেজীমলাই দেখি বিচূৰ্তি হ’ল যে ৰিহা-মেখেলাযোৰ নিগনিয়ে কূটি থকা-সৰকা কৰিলে আৰু পাৰি দিয়া কাপোৰখন ঠায়ে ঠায়ে পুৰিলে। ভয়ত তেজীমলাৰ মুখ শুকাই ঠক ঠক কৰে কঁপি ফেকুৰি ফেকুৰি কান্দে।
বিয়াৰ পিছত তেজীমলা নিজৰ ঘৰলৈ উভতি আহিলত, মাহীয়েকে পোৰা আৰু কূটা কাপোৰ দেখি কৃত্ৰিম খঙত জলি পকি তেজীমলাক গালি-শপনি পাৰি মাৰি অত্যাচাৰ কৰিলে। ইমানৰ পিছতো মাহীয়েকৰ হেঁপাহ নপলোৱাত তেওঁ তেজীমালক টানি আনি ঢেঁকীৰ আগত বহুৱাই ধান বঢ়াবলৈ লগাই, নিজে ঢেঁকী দিবলৈ লাগে। মাহীয়েকে ঢেঁকী দি থাকোঁতে এবাৰ হঠাত চাব মাৰি ঢেঁকীটো পেলাই দি তেজীমলাৰ সোহাঁতখন খুন্দি পেলাই, সোহাঁতখন খুন্দিলত তেজীমলাই যন্ত্ৰণাত চিয়ঁৰি কান্দিবলৈ ধৰে আৰু তেজীমালক বাওঁ হাতেৰে খুবলিত ধান বঢ়াই দিবলৈ হুকুম দিয়ে আৰু এবাৰত তেওঁ তেজীমলাৰ বাওঁ হাতখনো খুন্দে। এইদৰে তেওঁ তেজীমলাৰ ভৰি দুখন আৰু মুৰটোৱো খুন্দি তেজীমলাক মাৰি সাউদনীয়ে কোনেও নেদেখাকৈ ঢেঁকীশালৰ পানীপোতাতে গাঁত এটা খান্দি পুতি থয়। তেজীমালক পোতা ঠাইডোখৰত কিছুদিনৰ মূৰত এজোপা লাওগছ গজি লহ-পহ কৰে ডাঙৰ হৈ লাও লাগিবলৈ ধৰে। লাও দেখি এগৰাকী বুঢ়ীয়ে সাউদনীক লাও খোজে। লাও চিঙিবলৈ ধৰোঁতেই লাও জোপাই ইনাই-বিনাই কান্দি কথা কোৱা শুনি বুঢ়ী গৰাকীয়ে ভয়খাই আহি সাউদনীক কথাটো জনায়। পিছত সাউদনীয়ে লাওজোপা কাটি পেলাই দিয়া ঠাইতে এজোপা জৰা টেঙা গজি উঠি লমালমে জৰা লাগিবলৈ ধৰে। এবাৰ গৰখীয়া ল'ৰাই জৰা চিঙিবলৈ মন কৰি হাত মেলাত পুনৰ জৰা জোপাই ইনাই-বিনাই কান্দি কথাকবলৈ আৰম্ভ কৰে। এই কথা গম পাই সাউদনীয়ে জৰাজোপা কাটি নদীত উটাই দিয়ে। নদীত উটি গৈ ওচৰৰে ঘূলি এটাত ৰৈ এজোপা পদূম হৈ এটা সুন্দৰ ফুলেৰে জকমকীয়া হ’য়। কিছুদিনৰ মূৰত বেহা-বেপাৰ কৰি সেই নৈয়েদিয়েই তেজীমলাৰ বাপেকে নাৱেৰে উভতি আহোঁতে পদূম ফুল এটা ফুলি থকা দেখি তেজীমলালৈ সেই ফুলটো লৈ যাঁও বুলি ভাবি নাৱৰীয়াক সেই ফুলটো ছিঙি আনিবলৈ ক’লে। নাৱৰীয়াটোৱে ফুলটো ছিঙিবলৈ হাত মেলোঁতেই পদূমে আগৰদৰেই বিনাই কথাক'বলৈ ধৰে। এইকথাত নাৱৰীয়াই ভয় খাই সাউদক কথাটো জনোৱাত সাউদে নিজেই ফুলপাহ চিঙিবলৈ ধৰে। পুনৰ একে পৰিস্থিতিৰ মুখামুখি হোৱা সাউদে পদুমফুলপাহ তেওঁৰেই কন্যা তেজীমলা বুলি প্ৰমাণ কৰি এটি শালিকাৰ ৰূপত ঘৰলৈ লৈ আনে। ঘৰত সাউদে তেজীমলাৰ বিষয়ে নানান প্ৰশ্ন কৰি পিছত শালিকাৰ পৰা পুনৰ আগৰ তেজীমলাক ঘূৰাই আনে আৰু ঘৈণীয়েকক ঘৰৰ পৰা খেদি দিয়ে।
'তেজীমলা' ১৯৬৩ চনত মুক্তি পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধু আধাৰিত এখন নাৰীকেন্দ্ৰিক ছবি। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। তেৱেঁই গুৱাহাটী কুমাৰপাৰৰ আনোৱাৰ ফিল্মচৰ বেনাৰত ছবিখন প্ৰযোজনাও কৰিছিল। তেজীমলাই আঞ্চলিক ছবিৰ শিতানত শ্ৰেষ্ঠ অসমীয়া ছবি হিচাপে ৰাষ্ট্ৰপতিৰ “চাৰ্টিফিকেট অৱ মেৰিট” লাভ কৰে।
২০১১ চনৰ ডিচেম্বৰ মাহত আঁক-বাক প্ৰকাশনৰ বেনাৰত এই সাধুটোৰ আলমতে ৰচিত তেজীমলাৰ মাকৰ সাধু নামৰ মৃদুল শৰ্মাৰ এখন সামাজিক উপন্যাস প্ৰকাশিত হয়। এই উপন্যাসখনত তেজীমলাৰ মাক বা মাহীমাকক কেন্দ্ৰীয় চৰিত্ৰ। উপন্যাসখন তেজীমলাৰ সদাগৰ পিতাকৰ মাধ্যমেৰে আগবাঢ়ে আৰু কাহিনীটোৰ সিংহভাগতে তেজীমলাৰ পিতৃৰ চৰিত্ৰৰ চূড়ান্ত অৱক্ষয়ৰ লগতে তেজীমলাৰ প্ৰতি পিতৃৰ মমতাও উন্মোচিত হৈছে। সাউদে দ্বিতীয় বিবাহ কৰি সখিয়েক মনবৰৰ সম্বন্ধীয় ভনীয়েক সুমিত্ৰাক আপোন কৰাক লৈ কাহিনীয়ে গতিলাভ কৰে। এই উপন্যাসখনে ২০১০-১১ বৰ্ষৰ আঁক-বাক উপন্যাস বঁটাৰ শ্ৰেষ্ঠ উপন্যাসৰ সন্মান লাভ কৰে।
'তেজীমলা' সাধু আৰু চৰিত্ৰক কেন্দ্ৰকৰি ২০১৬ চনত মুক্তি লাভ কৰা ভাস্কৰ হাজৰিকা পৰিচালিত কথানদী এখন হৰৰ ফেণ্টাচী প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। কথানদীৰ ছবিখনৰ কাহিনীটো লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ কেইটিমান জনপ্ৰিয় সাধু আৰু চৰিত্ৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। বুঢ়ী আইৰ সাধুত সন্নিৱিষ্ট "তেজীমলা", "চম্পাৱতী", "ঔ-কুঁৱৰী" আৰু "তাৱৈৰ সাধু" নামৰ চাৰিটা বিশেষ সাধুৰ সংমিশ্ৰণ কৰি কথানদীৰ মূল কাহিনীটো সৃষ্টি কৰা হৈছে।
কথানদীয়ে ২০১৫ চনত এছিয়ান চিনেমা ফাণ্ডৰ প'ষ্ট প্ৰডাক্চন বঁটা লাভ কৰে। ২০১৫ চনৰ ১ ৰ পৰা ১০ অক্টোবৰলৈকে অনুষ্ঠিত বিংশতিতম বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই চলচ্চিত্ৰ প্ৰথমবাৰ প্ৰদৰ্শিত হয়। ২০১৬ চনৰ এপ্ৰিলত ৬৩ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ই শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰে।
ৱিকিউৎসত তেজীমলা বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। |
This article uses material from the Wikipedia অসমীয়া article তেজীমলা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.