তুলা আৰু তেজা: লোককথাৰ চৰিত্ৰ

তুলা আৰু তেজা (ইংৰাজী: Tula and Teja) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত বুঢ়ী আইৰ সাধু গ্ৰন্থৰ অন্তৰ্গত একে নামৰ সাধুটোৰ দুটা মুখ্য নাৰী চৰিত্ৰ। দুয়ো সম্পৰ্কত বৈমাত্ৰেয় বাই-ভনী।

"তুলা আৰু তেজা"
লিখক লক্ষ্মীনাথ বেজবৰুৱা
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ লিখিত সাধু কথা
প্ৰকাশন সময় কলকাতা
প্ৰকাশৰ ধৰণ সাধু কথাৰ সংগ্ৰহ
মিডিয়াৰ প্ৰকাৰ মুদ্ৰণ
প্ৰকাশৰ তাৰিখ ১৯১২

গ্ৰন্থ পৰিচয়

বুঢ়ী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱা সংকলিত এখন সাধুকথাৰ পুথি। ইয়াত মুঠ ৩০টা সাধু সংকলিত হৈছে। বেজবৰুৱাই ১৯১১ চলত তেওঁৰ হাওৰা স্থিত বাসভৱনত বহি গ্ৰন্থখনৰ পাতনি লিখিছিল। পিছৰ বছৰ এইখন প্ৰকাশ পাইছিল ইয়াৰ সাধুসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা। বেজবৰুৱাই মাথোঁ সেইবোৰ নিজা ভাৱ-ভাষাৰে শিশুসকলৰ বাবে লিখি উলিয়াইছিল।

গ্ৰন্থখনৰ বহুকেইটা নাৰীপ্ৰধান সাধুৰ অন্যতম 'তুলা আৰু তেজা'। প্ৰাচীন অসমীয়া সমাজখনত সম্পদশালী পুৰুষসকলে বহুবিবাহ কৰাটো এক স্বাভাৱিক বিষয় আছিল। 'তুলা আৰু তেজা'ত বহুবিবাহৰ অৱধাৰিত ফল- সতিনী বিদ্বেষে কেনেকৈ এখন ঘৰৰ সুখ-শান্তি বিঘ্নিত কৰিব পাৰে বা মাহীমাকে সতিনীৰ সন্তানহঁতৰ জীৱন কেনেকৈ যন্ত্ৰণাময় কৰি তুলিব পাৰে, তাৰে এখন বাস্তৱ চিত্ৰ অঙ্কিত কৰা হৈছে।

সাধুৰ সাৰাংশ

চহকী খেতিয়ক এজনৰ দুজনী ঘৈণীয়েক লাগী আৰু এলাগী। লাগীৰ জীয়েক তুলা আৰু এলাগীৰ জীয়েক তেজা। লাগীয়ে নিমাখিত সতিনীয়েকক আৰু তাইৰ জীয়েক তেজা আৰু পুতেক কানাইক সমুলি দেখিব নোৱাৰে। সেয়েহে এদিন মাছ মৰাৰ চলেৰে মাতি নি লাগীয়ে সতিনীয়েকক পুখুৰীত গতিয়াই মাৰি পেলালে। এলাগীয়ে তাতে বৰকাছ হৈ থাকিল।

লাগীয়ে নিজৰ জীয়েকক একো কাম-বন কৰিব নিদিয়ে; কিন্তু তেজা আৰু কানাইক গৰু চৰাবলৈ পঠায়। খাব ববও ভালকৈ নিদিয়ে। ইফালে তেজা আৰু কানায়ে গৰু চৰাবলৈ যাওঁতে বৰকাছৰূপী এলাগীয়ে পুখুৰীৰ পৰা উঠি আহি সুস্বাদু বস্তু খাবলৈ দিয়ে। ঘটনাক্ৰমে লাগীয়ে এলাগীৰ নতুন ৰূপৰ সম্ভেদ পোৱাত বৰভোজ পতাৰ চলেৰে বৰকাছজনীকো মৰালে। তেজা আৰু কানায়ে কাছজনীৰ আগঠেং দুটা পুখুৰীৰ পাৰত পুতি থলে। তাতে জন্ম হ'ল এজোপা জৰা টেঙাৰ গছ।

বাটেৰে গৈ থাকোঁতে সেই জৰা টেঙা এদিন ৰজাই খালে আৰু তেজাক বিয়া কৰাই অন্তেষপুৰলৈ লৈ গ'ল।

তেজাৰ এনে সুখ দেখি লাগী ঈৰ্ষাত ৰ'ব নোৱাৰা হ'ল। এদিন সতিয়া জীয়েকক লাগীয়ে বুদ্ধিৰে মাতি আনি মন্ত্ৰপুতঃ শলা মূৰত গুছি তেজাক শালিকালৈ ৰূপান্তৰ কৰিলে আৰু নিজৰ জীয়েক তুলাক তেজাৰ সাজেৰে ৰজাৰ হাউলিলৈ পঠিয়াই দিলে। শালিকাজনীও উৰি গৈ ৰজাৰ হাউলি পালে। দুয়োজনী ছোৱালীৰ চেহেৰাৰ মিল থকা গুণে ৰজাই তুলাক তেজা বুলিয়ে ভাবি ল'লে।

শালিকাজনীৰ হাব-ভাব দেখি সেয়া যে কোনোবা আপোনজনহে, তাত ৰজা পতিয়ন গ'ল। চৰাইজনী মৰম কৰি থাকোঁতে মন্ত্ৰপুতঃ শলাডাল হাত লগাত উলিয়াই আনোঁতে তেজাই পুনৰ আগৰ ৰূপ পালে।

ৰজাই মাহীয়েকৰ এনে নীচ চক্ৰান্ত দেখি খঙত একোনাই হৈ তুলাক বধ কৰি টোমত ভৰাই পহুৰ মঙহ বুলি লাগীলৈ দি পঠিয়ালে আৰু তেজাৰ লগত সুখে-সন্তোষে সংসাৰ কৰি থাকিল।

জনপ্ৰিয় সংস্কৃতিত তুলা আৰু তেজা

তুলা আৰু তেজা সাধুটোৰ আধাৰত ২০১২ চনত একে নামৰ অসমীয়া চলচ্চিত্ৰ এখন মুক্তি পায়। জয়ন্ত খাউণ্ডে প্ৰযোজনা কৰা আৰু জোনমণি দেৱী খাউণ্ডে পৰিচালনা কৰা ছবিখনত বিদ্যা ৰাও, অৰুণ নাথ, গীতাৱলী ৰাজকুমাৰী, বৰ্ণালী পূজাৰী আদিয়ে অভিনয় কৰিছিল। প্ৰায় ৭৫ লাখ বাজেটেৰে নিৰ্মাণ কৰা ছবিখনে কিন্তু দৰ্শকৰ পৰা উপযুক্ত সঁহাৰি লাভ নকৰিলে। কেইটামান দৰ্শনী চলাৰ পিছত চিত্ৰগৃহৰ পৰা ছবিখনে বিদায় লৈছিল।

তথ্য উৎস

Tags:

তুলা আৰু তেজা গ্ৰন্থ পৰিচয়তুলা আৰু তেজা সাধুৰ সাৰাংশতুলা আৰু তেজা জনপ্ৰিয় সংস্কৃতিত তুলা আৰু তেজা তথ্য উৎসতুলা আৰু তেজাইংৰাজী ভাষাবুঢ়ী আইৰ সাধুলক্ষ্মীনাথ বেজবৰুৱা

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাআহোম ৰাজ্যদেওধনী নৃত্যসুমিত্ৰা চৰত ৰামঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকানগাঁও কুইজ ফ'ৰামআন্তৰ্জাতিক নাৰী দিৱসশামুকৱাশ্বিংটন ডি.চি.শিৱ পুৰাণঅসমীয়া সাহিত্যমাইকেলেঞ্জেল'মানৰ অসম আক্ৰমণভাৰতত বাল্য বিবাহঅসমত দেখা পোৱা স্তন্যপায়ী প্ৰাণীসমূহবুলু ফিল্মগোলাঘাটকানাই বৰশী বোৱা শিলালিপিবিহুৰ খাদ্যগামোচা২৯ মাৰ্চভাৰতীয় দৰ্শনচিৰ চেনেহী মোৰ ভাষা জননীপাণিনিচাণক্যঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলবধকাব্যপৰিয়ালসত্ৰচৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়বাঁহী (আলোচনী)তিৱা জনগোষ্ঠীঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাজাপিদীপৰ বিল২৭ মাৰ্চদশম স্কন্ধৰ আদিছোৱাৰমা দাশআত্মজীৱনীনিৰ্মলপ্ৰভা বৰদলৈমাৰ্কাছ টুলিয়াছ চিচেৰোঅসমৰ শাক-পাচলিৰ তালিকাবড়ো সাহিত্য সভাআহোম জনগোষ্ঠীকেঁচুবৰপেটাৰমন্যাসবাদঅসমীয়া গীতি সাহিত্যশৰৎচন্দ্ৰ গোস্বামীবৰদলৈ ট্ৰফীস্বাস্থ্যশব্দ প্ৰদূষণঅসমৰ চলচ্চিত্ৰকল্পনা চাওলাঅম্বুবাচীঅসমীয়া ব্যাকৰণউপনিষদজন গণ মনভ্ৰাম্যমাণ থিয়েটাৰচিৰাং জিলানিউটনৰ গতিৰ সূত্ৰপ্ৰদূষণঅৰ্জুন ভঞ্জনবাথৌ পূজানৰনাৰায়ণ সেতুশিক্ষাভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকামাজুলীঅসমত দেখা পোৱা মাছৰ তালিকাএকচেটীয়া বজাৰ🡆 More