বগেজাৰী গীত: একপ্ৰকাৰৰ গীত।

বগেজাৰী গীত হৈছে পাতি ৰাভাসকলৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ গীত। পুৰণি কামৰূপ জিলাৰ (বৰ্তমান দক্ষিণ কামৰূপ) ঔগুৰি, বামুনীগাওঁ, বকো, বনগাওঁ আৰু বগে ৰাজ্যত ৰচিত হৈছিল বগেজাৰী গীত।

পৰিচয়

অসমীয়া সংস্কৃতি বাৰেৰহনীয়া। এই বাৰেৰহনীয়া অসমীয়া সংস্কৃতিৰ মূলতে বিভিন্ন জাতি-জনজাতিৰ অৱদান | এই বিভিন্ন জনজাতিৰে অন্যতম ৰাভাসকল | এই ৰাভাসকলৰে পাতি ৰাভাসকলৰ এক মূল্যৱান সম্পদ বগেজাৰী গীত। এই বগেজাৰী গীতসমূহ 'বহুৰঙী 'গীত বুলিও জনা যায়। এই বগেজাৰী বা বহুৰঙী গীতবিলাক পাতি ৰাভাসকলৰ মাজত প্ৰচলিত।

উদ্ভৱ

বগেজাৰী গীতৰ উদ্ভৱ সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও বগেজাৰী গীতৰ উদ্ভৱ সম্পৰ্কত জনশ্ৰুতি বা কিম্বদন্তীৰ প্ৰচলন আছে। প্ৰচলিত কিম্বদন্তীৰ অনুসৰি গুৱাহাটীৰ পৰা দৰঙলৈ আহোঁতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পূৰ্বতে 'বগে' নামৰ এখন ৰাজ্য আছিল। সেই ৰাজ্যৰ এগৰাকী ৰাজকন্যাৰ নাম আছিল জাৰী। বগে ৰাজ্যত জন্মা কাৰণে মানুহে বুলিছিল ‘বগেজাৰী’। এই বগে ৰাজকন্যাৰ বিবাহ হৈছিল পাঁচালী কবি মনকৰৰ সৈতে। পৰবৰ্তী সময়ত মনকৰে কোঁচ ৰাজ্যৰ ৰাজকবিৰ পদলাভ কৰাত সেই ৰাজ্যলৈ যাবলৈ ওলায়। কিন্তুু 'বগে ' নিজৰ ৰাজ্য এৰি সেই ৰাজ্যলৈ যাবলৈ অমান্তি হয়। পিচত মনকৰে 'বগে'ক এৰি থৈ কোঁচৰাজ্যলৈ গুচি যায়। এই বিচ্ছেদ সহিব নোৱাৰি বগেৰ মুখেৰে কিছুমান গীত সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময়ত এই গীতবোৰকে 'বগেজাৰী গীত' বুলি জনা যায়।

বিষয়বস্তু

বগেজাৰী গীতৰ বিষয়বস্তু বিৰহাত্মক।

বাদ্য

বগেজাৰী গীতত ঢোল, পেপা, ডুণ্ডৰী, থৰকা, খুটিতাল আদি বাদ্য সমূহ বজোৱা দেখিবলৈ পোৱা যায়।

পৰিবেশন শৈলী

বগেজাৰী গীত এবিধ দলীয় পৰিৱেশ্য কলা। বগেজাৰী গীত পৰিবেশনত মহিলাসকলেই প্ৰধান ভূমিকা গ্ৰহণ কৰে যদিও পুৰুষসকলেও অংশগ্ৰহণ কৰে। এই গীত নৃত্য পৰিবেশনৰ সময়ত মহিলাসকলৰ চুলি বন্ধা থাকে আৰু পুৰুষসকলে গেঞ্জী পিন্ধাৰ লগতে আঁঠুৰ ওপৰত গামোচা আৰু মূৰত গামোচাৰ পাগ মাৰে।

ৰচনাশৈলী

এই গীতৰ ৰচনাশৈলী ছন্দোময়, ভাবঘন আৰু প্ৰণয়াত্মক। গীতৰ সুৰ বিহুসুৰীয়া।

‘আকাশত তৰা নাই জোন দেখ্ং পুৱা। মনে চিতে নিমিলিলে দেহা নকৰ্ং চুৱা।


সম্প্ৰতি এই বগেজাৰী গীতবোৰ পাতিৰাভাসকলৰ মাজতেই সীমাবদ্ধ হৈ নাথাকি অসমৰ বিভিন্ন জাতি তথা বাৰেবৰণীয়া স্ংস্কৃতিত স্থান পাবলৈ সক্ষম হৈছে। এই বগেজাৰী গীতবোৰ কেৱল বগেজাৰীয়েই যে ৰচনা কৰিছিল তেনে নহয়, হয়তো ইয়াৰ পিছতো বহুতো লোকেই এই বগেজাৰী গীত বোৰৰ ৰচনা কৰিছিল।

বগেজাৰী বাই অ’ তোৰে গিত খাং…

এই বগেজাৰী গীতসমূহে পাতিৰাভাসকলৰ ৰাভা সংস্কৃতিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

তথ্য সংগ্ৰহ

Tags:

বগেজাৰী গীত পৰিচয়বগেজাৰী গীত উদ্ভৱবগেজাৰী গীত বিষয়বস্তুবগেজাৰী গীত বাদ্যবগেজাৰী গীত পৰিবেশন শৈলীবগেজাৰী গীত ৰচনাশৈলীবগেজাৰী গীত তথ্য সংগ্ৰহবগেজাৰী গীত

🔥 Trending searches on Wiki অসমীয়া:

কীৰ্তন-ঘোষাসৰ্থেবাৰীসাংখ্য দৰ্শনকোৰআনশোভা ব্ৰহ্মসুমিত্ৰা চৰত ৰামৰাজ্যসভাসৰ্বশিক্ষা অভিযানগুৱাহাটীঅৰ্পণা কোঁৱৰচ্যু-কা-ফাপৰিৱেশ তন্ত্ৰউষ্ণতাকপিলীপৰীয়া সাধুদশাৱতাৰমৌন ওঁঠ মুখৰ হৃদয়পঞ্জাৱ নেচনেল বেংকঅসমৰ কুঁহিলা শিল্পভাৰতীয় ৰিজাৰ্ভ বেংকএশিঙীয়া গঁড়সিংহপ্ৰাকৃতিক সম্পদনেপোলিয়ন বোনাপাৰ্টলেখকমাইকেলেঞ্জেল'৯ জুনঅসম আৰক্ষীঅগ্নিগড়দেৱকান্ত বৰুৱাকল্পনা চাওলাঅসমচিত্ৰ-ভাগৱতলাক্সেমবাৰ্গবৃত্তৰাইমনা ৰাষ্ট্ৰীয় উদ্যানফিফা বিশ্বকাপনগাঁওদেও লাংখুইবাহৰেইনৰ নাৰীজীৱনীচুতীয়া ৰাজ্যমায়ংমৌখিক লোকসাহিত্যভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহঅসমৰ ইতিহাসশিলঘাটজাতীয়তাবাদমনোমতীশীতল যুদ্ধইটাখুলিৰ ৰণসেউজ গৃহ প্ৰভাৱঅসমীয়া গালি-গালাজশ্ৰীনিবাস ৰামানুজনঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাচৈয়দ আব্দুল মালিকভট্টদেৱচানডুবি বিলছক্ৰেটিছইউনিয়ন বেংক অৱ ইণ্ডিয়াস্বামী বিবেকানন্দমোৰ জীৱন সোঁৱৰণপ্ৰথম বিশ্বযুদ্ধতিৱা জনগোষ্ঠীসন্ধিহেঙুল আৰু হাইতালউদাৰনৈতিকতাবাদঅনুৰাধাৰ দেশইণ্ডিয়ান বেংকপুৰাণকৃষ্ণতাল (বাদ্যযন্ত্ৰ)ৰাভা জনগোষ্ঠীগড়গাঁওদিহানামঅসহযোগ আন্দোলনৰজনীকান্ত বৰদলৈপথেৰ পাঁচালী🡆 More