অসমৰ জিলাসমূহ: ভাৰতৰ অসম ৰাজ্যৰ জিলাসমূহ

ভাৰতবৰ্ষৰ জিলাৰ সংজ্ঞা হ'ল - জিলা উপায়ুক্তৰ দ্বাৰা শাসিত এক প্ৰশাসনিক ভৌগোলিক অঞ্চল, আইন শৃংখলা অটুট ৰখা দায়িত্ব বহন কৰা জিলা ন্যায়াধীশৰ কাৰ্যালয় সমূহ আৰু ৰাজহ সংগ্ৰহৰ দায়িত্বত থকা ৰাজহ বিষয়া সকলৰ সমন্বয় ৰক্ষা কৰা। সাধাৰণতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকল জিলা উপায়ুক্ত হয় যদিও কেতিয়াবা অসম প্ৰশাসনিক সেৱাৰ বিষয়া সকলকো এই পদত নিযুক্তি দিয়া হয়। জিলা উপায়ুক্তক সহায় কৰিবলৈ যথেষ্ট সংখ্যক বিভিন্ন অতিৰিক্ত প্ৰশাসিনক বিষয়া থাকে। আইন শৃংখলা আৰু তেনে ধৰণৰ বিষয় সমূহ নিয়াৰিকৈ চলোৱাৰ দায়িত্বত এজন ভাৰতীয় পুলিচ সেৱাৰ বিষয়া এজন আৰক্ষী অধীক্ষক ৰূপে থাকে।

অসমৰ জিলাসমূহ: ভাৰতৰ অসম ৰাজ্যৰ জিলাসমূহ
১. তিনিচুকীয়া, ২. ডিব্ৰুগড়, ৩. ধেমাজী, ৪. চৰাইদেও, ৫. শিৱসাগৰ, ৬. লখিমপুৰ, ৭. মাজুলী, ৮. যোৰহাট, ৯. বিশ্বনাথ, ১০. গোলাঘাট, ১১. কাৰ্বি আংলং, ১২. শোণিতপুৰ, ১৩. নগাঁও, ১৪. হোজাই, ১৫. কাৰ্বি আংলং পশ্চিম, ১৬. ডিমা হাচাও, ১৭. কাছাৰ, ১৮. হাইলাকান্দি, ১৯. কৰিমগঞ্জ ২০. মৰিগাঁও, ২১. ওদালগুৰি, ২২. দৰং, ২৩. কামৰূপ মহানগৰ, ২৪. বাক্সা, ২৫. নলবাৰী, ২৬. কামৰূপ, ২৭. বৰপেটা, ২৮. চিৰাং, ২৯. বঙাইগাঁও, ৩০. গোৱালপাৰা, ৩১. কোক্‌ৰাঝাৰ, ৩২. ধুবুৰী, ৩৩. দক্ষিণ শালমাৰা-মানকাচৰ, ৩৪. বজালী, ৩৫. তামোলপুৰ (২০২২ৰ মতে)

বৰ্তমান অসমৰ মুঠ জিলা ৩৫ খন। ২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পাঁচখন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰে। পুনৰ ২৬ জানুৱাৰী ২০১৬ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আৰু দুখন জিলা ক্ৰমে পূব কামৰূপ আৰু দক্ষিণ কামৰূপ ঘোষণা কৰে, যদিও পৰ্যাপ্ত প্ৰশাসনিক আন্তঃগাঁঠনি নথকাৰ বাবে ৭ অক্টোবৰ ২০১৬ তাৰিখে এক কেবিনেট সভাত সাময়িকভাৱে স্থগিত ৰখা হয়।

২৭ জুন ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩ হ’ল। ২০২০ চনৰ ৮ আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাৰ বজালী মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত অসমৰ মুঠ জিলাৰ সংখ্যা ৩৪খন হ'ল। ২০২২ চনৰ ২৩ জানুৱাৰী তাৰিখে অসম চৰকাৰে এক অধিসূচনাৰ জৰিয়তে তামোলপুৰক জিলা হিচাপে ঘোষণা কৰে আৰু ইয়াৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ হয়।

২০২২ চনৰ ৩১ ডিচেম্বৰত অসম কেবিনেটে চাৰিখন নতুনকৈ গঠিত জিলাক বৰ্তমানৰ চাৰিখন জিলাৰ সৈতে একত্ৰিত কৰাৰ সিদ্ধান্ত লয়। এই জিলাসমূহ আছিল,

  • বাক্সাৰ সৈতে তামোলপুৰ
  • বৰপেটাৰ লগত বজালী
  • নগাঁৱৰ সৈতে হোজাই
  • শোণিতপুৰৰ সৈতে বিশ্বনাথ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত ইচিআইৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু চৰকাৰে পুনৰ বিবেচনা কৰাৰ আগতে এইটো এটা অস্থায়ী ব্যৱস্থা। পৰৱৰ্তী সময়ত হোজাই, বিশ্বনাথ, তামুলপুৰ, বজালী জিলাই মৰ্যদা ঘূৰাই পোৱাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জিলাসমূহ

অসমৰ ৩৫খন জিলা হ'ল:

কোড জিলা সদৰ জনসংখ্যা (২০১১) মাটিকালি (বৰ্গ কিমি) ঘনত্ব (প্ৰতি বৰ্গ কিমি)
UD ওদালগুৰি# ওদালগুৰি ৮৩২,৭৬৯ ১,৬৭৬ ৪৯৭
CA কাছাৰ শিলচৰ ১,৭৩৬,৩১৯ ৩,৭৮৬ ৩৮১
KU কামৰূপ আমিনগাঁও ১,৫১৭,২০২ ৩,১০৫ ৫২০
KM কামৰূপ মহানগৰ গুৱাহাটী ১,২৬০,৪১৯ ৯৫৫ ৮২০
KG কাৰ্বি আংলং ডিফু ৯৬৫,২৮০ ৭,৩৯৯ ৭৮
KJ কোকৰাঝাৰ# কোকৰাঝাৰ ৯৩০,৪০৪ ৩,১২৯ ২৯৭
KR কৰিমগঞ্জ কৰিমগঞ্জ ১,২১৭,০০২ ১,৮০৯ ৫৫৫
GG গোলাঘাট গোলাঘাট ১,০৫৮,৬৭৪ ৩,৫০২ ২৭০
GP গোৱালপাৰা গোৱালপাৰা ১,০০৮,৯৫৯ ১,৮২৪ ৪৫১
CH চিৰাং# কাজলগাঁও ৪৮১,৮১৮ ১,৪৬৮ ৩২৮
CD চৰাইদেউ সোণাৰি ৯৩৯
DI ডিব্ৰুগড় ডিব্ৰুগড় ১,৩২৭,৭৪৮ ৩,৩৮১ ৩৪৭
DH ডিমা হাছাও হাফলং ২১৩,৫২৯ ৪,৮৯০ ৪৪
TI তিনিচুকীয়া তিনিচুকীয়া ১,৩১৬,৯৪৮ ৩,৭৯০ ৩০৩
- তামোলপুৰ# তামোলপুৰ - - -
SM দক্ষিণ শালমাৰা-মানকাচৰ হাটশিঙিমাৰি ৫৫৫,১১৪ ৫৬৮ ৯৮০
DR দৰং মঙ্গলদৈ ৯০৮,০৯০ ৩,৪৮১ ৪৩২
DU ধুবুৰী ধুবুৰী ১,৯৪৮,৬৩২ ২,৮৩৮ ৫৭৬
DM ধেমাজি ধেমাজি ৬৮৮,০৭৭ ৩,২৩৭ ১৭৬
NN নগাঁও নগাঁও ২,৮২৬,০০৭ ৩,৮৩১ ৬০৪
NB নলবাৰী নলবাৰী ৭৬৯,৯১৯ ২,২৫৭ ৫০৪
WK পশ্চিম কাৰ্বি আংলং হামৰেণ ২,০০,০০০ ৩,০৩৫
BO বঙাইগাঁও বঙাইগাঁও ২,০৬০,৫৫০ ১,৭২৪ ৪২৫
BK বাক্সা# মুছলপুৰ ৯৫৩,৭৭৩ ২,৪০০ ৩৯৮
BS বিশ্বনাথ বিশ্বনাথ চাৰিআলি ৫,৮০,০০০ ৩,০০০ ৫৩০
BP বৰপেটা বৰপেটা ১,৬৯৩,১৯০ ৩,২৪৫ ৫০৬
- বজালী পাঠশালা - - -
MJ মাজুলী গড়মূৰ ১৬৭,৩০৪ ৮৮০ ৩০০
MA মৰিগাঁও মৰিগাঁও ৯৫৭,৮৫৩ ১,৭০৪ ৪৫৫
JO যোৰহাট যোৰহাট ১,০৯১,২৯৫ ২,৮৫১ ৩৫৪
LA লখিমপুৰ উত্তৰ লখিমপুৰ ১,০৪০,৬৪৪ ২,২৭৭ ৩৯১
SV শিৱসাগৰ শিৱসাগৰ ১,১৫০,২৫৩ ২,৬৬৮ ৩৯৫
ST শোণিতপুৰ তেজপুৰ ১,৯২৫,৯৭৫ ৫,৩২৪ ৩১৫
HA হাইলাকান্দি হাইলাকান্দি ৬৫৯,২৬০ ১,৩২৭ ৪০৯
HJ হোজাই হোজাই ৯৩১,২১৮

# - চিহ্ন দিয়া জিলাকেইখন বড়োলেণ্ড স্বায়ত্ত্বশাসিত এলেকাৰ অধীনত পৰে

তথ্য সংগ্ৰহ

Tags:

ভাৰতবৰ্ষভাৰতীয় প্ৰশাসনিক সেৱা

🔥 Trending searches on Wiki অসমীয়া:

পুথিভঁৰালঅসমৰ সাধুকথাঅসমীয়া ভাষা আন্দোলনসাত বিহুভূগোলপ্ৰাকৃতিক সম্পদচিকিৎসা বিজ্ঞানযুক্তৰাজ্যকামৰূপ ৰাজ্যথমাছ আলভা এডিচনদৰিদ্ৰতাফাট বিহুউত্তৰ-পূব ভাৰতমানৱ উন্নয়ন সূচকদেউলগোপীনাথ বৰদলৈদ্য টেল অফ গেঞ্জিআঙঠি পিন্ধোৱাযৌন সংগমদৌল গোবিন্দ মন্দিৰবিষ্ণুবানপানীভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঅসমীয়া খাদ্যাভ্যাসমাধৱ কন্দলিঅসমৰ বয়ন শিল্পঅসহযোগ আন্দোলনৰংঘৰবৰ্মণ ৰাজবংশযোগাত্মক বিপৰীত সংখ্যাগোৱালপাৰা জিলাঅখণ্ড সংখ্যাকৰ'নাভাইৰাছ ৰোগ ২০১৯ডিব্ৰুগড় (লোকসভা সমষ্টি)ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসমদীপলিনা ডেকাভগ্নাংশ (গণিত)নাহৰঅপৰিমেয় সংখ্যাইয়াত এখন অৰণ্য আছিলপ্ৰাচীন গ্ৰীচঋকবেদনামঘোষামৌখিক পৰম্পৰাঅণুবীক্ষণ যন্ত্ৰজাতীয়তাবাদগৱেষণামনোবিজ্ঞানদীৰ্ঘেশ্বৰী দেৱালয়কুলিভাৰতৰ প্ৰধানমন্ত্ৰীঅসমীয়া ভাষাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনউপভাষাঅশোক ফুলঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাশিশু সাহিত্যঅসমৰ শাক-পাচলিৰ তালিকাকলাবগা কাঞ্চনমাছগগনাহাবুংবৰপেটাপাঁচালীজৈৱ বৈচিত্ৰ্যনাটকআয়তক্ষেত্ৰউদপুৰুষোত্তম দাসনৃত্যনাগাৰা নামআবেগসমাজবাদবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যচ'জুনটিকেন্দ্ৰজিৎবাঁহী🡆 More