এশিঙীয়া গঁড়: স্তন্যপায়ী জন্তু

গঁড় (বৈজ্ঞানিক নাম: Rhinoceros unicornis) এটি স্তন্যপায়ী জন্তু। ইয়াক একচৰ, একশৃংগ, খড়্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান ৩০০০ মানহে গঁড় আছে আৰু ইয়াৰে প্ৰায় ২০০০ অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়।

এশিঙীয়া গঁড়
এশিঙীয়া গঁড়: বিস্তৃতি, দৈহিক গঠন, আচৰণ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা এশিঙীয়া গঁড়
সংৰক্ষণ স্থিতি
এশিঙীয়া গঁড়: বিস্তৃতি, দৈহিক গঠন, আচৰণ
অসুৰক্ষিত (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Perissodactyla
পৰিয়াল: Rhinocerotidae
গণ: Rhinoceros
প্ৰজাতি: R. unicornis
বৈজ্ঞানিক নাম
Rhinoceros unicornis
এশিঙীয়া গঁড়: বিস্তৃতি, দৈহিক গঠন, আচৰণ
Indian rhinoceros range

বিস্তৃতি

এশিঙীয়া গঁড় প্ৰধানকৈ বাংলাদেশ, ভূটান, ভাৰত আৰু নেপালত দেখা পোৱা যায়। ভাৰতত একালত এই গঁড় ব্ৰহ্মপুত্ৰ, গংগা আৰু সিন্ধু নদীৰ উপত্যকাৰ বনাঞ্চলত উভৈনদী আছিল যদিও বৰ্তমান কেৱল অসম, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত সীমিত সংখ্যক গঁড় আছেগৈ। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আদিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ঘাঁহনি অঞ্চলত বৃহৎ সংখ্যক এশিঙীয়া গঁড় দেখা পোৱা যায়।

দৈহিক গঠন

এশিঙীয়া গঁড়ৰ ওজন প্ৰায় ১৮০০-২৭০০ কিলোগ্ৰাম, উচ্চতা ১.৭৫-২ মিটাৰ আৰু দৈৰ্ঘ্য ৩-৩.৮ মিটাৰ। ইয়াৰ ছালখন ধোঁৱা বৰণীয়া, নোমবিহীন, দেখাত যুদ্ধত ব্যৱহাৰ কৰা বৰ্মৰ দৰে কঠিন। তথ্য অনুসৰি এশিঙীয়া গড়ৰ ছাল ৪ ছেমি পৰ্য্যন্ত ডাঠ হ’ব পাৰে। এই গঁড়ৰ খড়্গ মাথোঁ এটা। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২০-৬১ ছেমি আৰু ওজন ৩ কিলোগ্ৰাম পৰ্য্যন্ত হয়। এই খড়্গ ভাঙিলে পুনৰ গজিব পাৰে।

আচৰণ

এশিঙীয়া গঁড় মূলতঃ অৰ্ধ জলচৰ। ইহঁতে জলাশয় আৰু পিতনিত চৰি ভাল পায়। ই সাধাৰণতে অকলশৰীয়াকৈ থাকে। কেৱল পোৱালি আৰু মাকেহে একেলগে চৰা দেখা যায়। মতা এশিঙীয়া গঁড়ে নিজৰ ভৌগোলিক পৰিসীমা (territory) ৰক্ষা কৰি চলে আৰু ইয়াৰ ভিতৰত অন্য মতা গঁড়ে প্ৰবেশ কৰিলে হিংস্ৰতাৰে আক্ৰমণ কৰে। মাইকী গঁড়ে অৱশ্যে বিনাবাধাই এনে পৰিসীমাৰ বাহিৰ-ভিতৰ হ’ব পাৰে। এশিঙীয়া গঁড়ে একে ঠাইতে মল ত্যাগ কৰে আৰু এই মলৰ দ’মৰ যোগেদি অন্য প্ৰাণীক নিজৰ ভৌগোলিক পৰিসীমাৰ সংকেত দিয়ে। ইহঁতে সাধাৰণতে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ একেটা বাট ব্যৱহাৰ কৰে আৰু ভৰিৰ তলুৱাত থকা গ্ৰন্থিৰ পৰা ওলোৱা গোন্ধৰে চিন ৰাখি যায়। এই বাটটোক ‘দণ্ডী’ বুলি কোৱা হয়। ইহঁতৰ শ্ৰবণ আৰু গোন্ধ শক্তি তীব্ৰ কিন্তু দৃষ্টিশক্তি তেনেই দুৰ্বল।

মাইকী এশিঙীয়া গঁড় চাৰি বছৰ বয়সত আৰু মতা গঁড় নবছৰ বয়সত প্ৰজননৰ বাবে সাজু হয়। প্ৰায় ১৫-১৬ মাহ গৰ্ভধাৰণ কৰি মাইকী গঁড়ে একোটা পোৱালিৰ জন্ম দিয়ে। পোৱালিৰ ওজন প্ৰায় ৫৮-৭০ কিলোগ্ৰাম হয় আৰু জন্মৰ পিচত প্ৰতিদিনে পোৱালিটোৰ ওজন ১-২ কিলোগ্ৰামকৈ বাঢ়ে। প্ৰথম বছৰটো পোৱালি মাকৰ লগে লগে থাকে। এশিঙীয়া গঁড়ৰ আয়ুস সাধাৰণতে ৩০-৪৫ বছৰ। ই প্ৰধানকৈ ঘাঁহ, গছৰ পাত, জলচৰ উদ্ভিদ আদি খাই জীয়াই থাকে।

স্থিতি তথা সংৰক্ষণ

এশিঙীয়া গঁড়ক আই ইউ চি এন ৰঙা তালিকা (IUCN Red List)-ত অসুৰক্ষিত (vulnerable) বুলি গণ্য কৰা হৈছে। বিস্তীৰ্ণ ঘাঁহনি আৰু পিতনি অঞ্চলৰ ধ্বংসপ্ৰাপ্তি তথা চোৰাং চিকাৰ ইয়াৰ মূল কাৰণ বুলি অভিহিত কৰা হয়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

এশিঙীয়া গঁড় বিস্তৃতিএশিঙীয়া গঁড় দৈহিক গঠনএশিঙীয়া গঁড় আচৰণএশিঙীয়া গঁড় স্থিতি তথা সংৰক্ষণএশিঙীয়া গঁড় তথ্য সংগ্ৰহএশিঙীয়া গঁড় বাহ্যিক সংযোগএশিঙীয়া গঁড়অসমকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানপবিতৰা অভয়াৰণ্যবৈজ্ঞানিক নামমানাহ ৰাষ্ট্ৰীয় উদ্যান

🔥 Trending searches on Wiki অসমীয়া:

কাইলৈৰ দিনটো আমাৰ হ’বৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসমজীৱনীতথ্যহিন্দু ধৰ্মদ'দান থানউমানন্দসাম্যবাদী সমাজপুথিভঁৰালশিলিখাপাইক প্ৰথাবিশ্ব পৰিৱেশ দিৱসতিল পিঠাডিব্ৰুগড় (বিধানসভা সমষ্টি)ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানঅসমৰ পৰম্পৰাগত সাজ-পাৰগণিতআহোম ভাষাদিল্লীঅসমীয়া যুক্তাক্ষৰঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাউত্তৰ-পূব ভাৰতইনষ্টাগ্ৰামকীৰ্তন-ঘোষামিঠু বৰুৱাযুক্তিএচিদ বৰষুণনাৰীবাদনাগাৰা নামগুৱাহাটীসাপদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানমনঝুমুৰজাতনামহাঁওফাঁওস্বামী বিবেকানন্দমোগল সাম্ৰাজ্যচানডুবি বিলপাচনতলাতল ঘৰঅসমৰ পৰম্পৰাগত সাজ- পাৰঅবুজ বেদনা (চলচ্চিত্ৰ)ডাকৰ বচনঅস্থি বা হাড়শ্ৰী শ্ৰী বটদ্ৰৱা থাননীলকণ্ঠী ব্ৰজবৰদৈচিলাভাৰতীয় টকাৰ ইতিহাসগুগলজিকিৰলক্ষ্মীনাথ বেজবৰুৱাচুতীয়া ৰাজ্যপটলঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাচিলাৰায়অসমৰ সাধুকথাপদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকাপাকস্থলীজৱাহৰলাল নেহৰুইউক্ৰেইনৰ খাদ্যঅসমৰ শাক-পাচলিৰ তালিকাতাৰকাৰাজ্যমৰাণ জনগোষ্ঠীপাঠ্যক্ৰমবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদিনপঞ্জীঅসমৰ বনৌষধিমাহঅম্বুবাচী১৫ এপ্ৰিলজণ্ডিছকছাৰী ৰাজ্যমহামায়া ধাম🡆 More