কালী

কালী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী আৰু তেখেতক শ্যামা বা কালীকা নামেৰেও জনা যায়। শাক্ত আৰু বৌদ্ধসকলৰ দহগৰাকী দেৱীৰ তালিকা সন্নিৱিষ্ট মহাবিদ্যাত কালীৰ উল্লেখ আছে।

কালী
সময়, সৃষ্টি, ধ্বংস আৰু শক্তিৰ দেৱী
কালী
ৰাজা ৰবি বৰ্মাৰ চিত্ৰ সমাসাৰ কালী
সম্পৰ্ক মহাকলী, পাৰ্বতী/দুৰ্গা, মহাবিদ্যা, শক্তি
নিবাস শ্মশান (কিন্তু ব্যাখ্যা অনুসাৰে পৰিবৰ্তিত হয়), মণিদ্বীপ
অস্ত্ৰ তৰোৱাল, ত্ৰিশূল
সঙ্গী ভদ্ৰা, মহাকাল (শিৱৰ ৰূপ)
উৎসৱ কালী পূজা, নৱৰাত্ৰি

অপশক্তিৰ ধ্বংসকাৰী হিচাপে কালীৰ প্ৰথম উল্লেখ আছে। তেওঁ হৈছে শক্তিৰ আটাইতকৈ শক্তিশালী উৎস। লগতে তান্ত্ৰিক শৈৱৰ এটা ভাগ কুলমাৰ্গৰ চাৰিটা বিভাগৰ এটা। সময়ৰ লগে লগে কালীক পূজা-পাৰ্ৱণত বা আন তন্ত্ৰ শাখাসমূহত দৈৱিক মা, বিশ্বব্ৰহ্মাণ্ডৰ মা, আদি শক্তি বা আদি পৰাশক্তি আদি নামেৰে অভিহিত কৰা হয়। মা কালীক শাক্ত আৰু তন্তশাখাত ব্ৰাহ্মণৰ সৰ্বশেষ ৰূপ হিচাপে আৰাধনা কৰা হয়।|মা কালীক ঐশ্বৰিক ৰক্ষাকৰ্তা বা মোক্ষপ্ৰদানকাৰী বুলি বিবেচনা কৰা হয় কালীক শান্ত সমাহিতভাৱে শুই থকা শিৱৰ ওপৰত থিয় হৈ থকা হিচাপে প্ৰদৰ্শন কৰা হয়। মা কালীক গোটেই ভাৰতত পূজা-অৰ্চনা কৰা হয়।

ব্যুৎপত্তি

পুৰুষবাচক শব্দ 'কাল' বা সময়ৰ স্ত্ৰীবাচক শব্দ হিচাপে কালীৰ অৰ্থ প্ৰকাশ কৰা হয়। বহল পৰিসৰত সময় হৈছে প্ৰকৃতিৰ পৰিৱৰ্তনৰ কাৰক যিয়ে সৃষ্টিৰ জীৱন বা মৃত্যু কঢ়িয়াই আনে। কালীৰ আন নাম হৈছে 'কালৰাত্ৰি' বা 'কালীকা'।

মূল

হুগ আৰবাৰ মতে অথৰ্ববেদতেই কালীৰ বিষয়ে উল্লেখ আছে, কথক গ্ৰহ্য সূত্ৰ সূত্ৰত পোনপ্ৰথমবাৰৰ বাবে কালীক নামবাচক শব্দৰূপে ব্যৱহাৰ কৰা হৈছিল। মুণ্ডক উপনিষদত কালীক দেৱী হিচাপে নহয়, বৰঞ্চ অগ্নিদেৱতাৰ সাতখন জ্বলন্ত জিভাৰ ঘন নীলা জিভা হিচাপে দেখুওৱা হৈছিল।

ডেভিড কিনছ্লীৰ মতে ৬০০ খ্ৰীষ্টপূৰ্বৰ পৰা কালীক এগৰাকী সুকীয়া দেৱী হিচাপে উল্লেখ কৰা হৈছে, সেইসময়ৰ পাঠ্যসমূহৰ মতে কালীক হিন্দুসমাজৰ পৰিধিত বা যুদ্ধক্ষেত্ৰত স্থান দিয়া হৈছে। ষষ্ঠ শতাব্দীত ৰচিত দেৱী মাহাত্ম্যত কালীৰ ৰণক্ষেত্ৰৰ ভূমিকাৰ বিষয়ে দেখুওৱা হৈছে। উক্ত গ্ৰন্থখনৰ প্ৰথম অধ্যায়ৰ দেৱীগৰাকী হৈছে মহাকালী, যিয়ে নিদ্ৰাৰত বিষ্ণুৰ শৰীৰৰ পৰা যোগনিদ্ৰা হিচাপে প্ৰকট হৈ ভগৱান বিষ্ণুৰ নিদ্ৰাভংগ কৰিব বিচাৰিছে যাতে বিষ্ণুৱে মধু আৰু কৈটভ নামৰ দৈত্য দুটাৰ পৰা ব্ৰহ্মাৰ লগতে গোটেই বিশ্বব্ৰহ্মাণ্ডক ৰক্ষা কৰিব পাৰে। তাৰপিছত বিষ্ণুৱে সাৰ পাই দৈত্য দুটাৰ লগত যুদ্ধ কৰে যদিও বহুবেলিৰ মূৰকতো পৰাস্ত কৰিব নোৱাৰাত মহাকালীয়ে মহামায়াৰ ৰূপ ধাৰণ কৰি দুয়োটা দৈত্যকে বশীভূত কৰি পেলায় আৰু সেই সুযোগতে ভগৱান বিষ্ণুৱে দুয়োটা দৈত্যক বধ কৰে।

কিতাপখনৰ পিছৰ অধ্যায়ত দেৱী কালীয়ে দুটা দৈত্যক বধ কৰাৰ বিষয়ে উল্লেখ আছে। চণ্ডা আৰু মুণ্ডা নামৰ দুটা দৈত্যই দুৰ্গাদেৱীক আক্ৰমণ কৰে। তেতিয়া দুৰ্গাদেৱীয়ে ভয়ানকভাৱে ক্ৰোধান্বিত হৈ পৰাত তেওঁৰ মুখখন অন্ধকাৰ হৈ কপালৰ পৰা কালীৰ ৰূপ প্ৰকট হৈ পৰে। কালীৰ শৰীৰৰ বৰণ ডাঠ নীলা, চকু নিমজ্জিত, পিন্ধনত বাঘৰ ছালৰ পোছাক আৰু ডিঙিত মানুহৰ মূৰৰ মালা। প্ৰকট হৈয়েই কালীয়ে দুয়োটা দৈত্যক পৰাভূত কৰে। কিন্তু ৰক্তবীজ নামৰ দানৱটো সেই যুদ্ধত অপৰাজিত হৈ ৰয়। কাৰণ ৰক্তবীজৰ প্ৰতি বিন্দু তেজ মাটিত পৰাৰ লগে লগে আন এটা ৰক্তবীজৰ জন্ম হৈছিল। তেতিয়া কালীয়া ৰক্তবীজৰ তেজ মাটিত পৰাৰ আগতেই পান কৰি ৰক্তবীজক সমাপ্ত কৰে। কিনছলীৰ মতে কালী হৈছে দেৱী দুৰ্গাৰ প্ৰচণ্ড খঙৰ এটা ৰূপ।

তথ্য সংগ্ৰহ

Tags:

বৌদ্ধ ধৰ্মশাক্ত

🔥 Trending searches on Wiki অসমীয়া:

বাঁহীইয়াণ্ডাবু সন্ধিঅসমত দেখা পোৱা মাছৰ তালিকাছুনামিমাতৃভাষাভাৰতৰ নিৰ্বাচন আয়োগসমাজবুৰঞ্জীব্ৰজাৱলী ভাষাকৃষিধানমামণি ৰয়ছম গোস্বামীব্লগনাৰীআধা লেখা দস্তাবেজহনুমানমৌলিক সংখ্যাঅনুৰাধা শৰ্মা পূজাৰীহেম বৰুৱাপৰ্যাবৃত্ত তালিকাআজান পীৰৰঘুনাথ চৌধাৰীলক্ষ্মীনাথ বেজবৰুৱাভূমিস্খলনপুঁজিবাদআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিকোকৰাঝাৰ (লোকসভা সমষ্টি)ৱিকিমিডিয়া ফাউণ্ডেশ্যনবিশেষ শিক্ষাআন্তৰ্জাতিক মানৱ অধিকাৰ আইনদৌল গোবিন্দ মন্দিৰযাদৱ পায়েংনলবাৰীশৰাইঘাটৰ যুদ্ধপায়ু সংগমউইলিয়াম শ্বেইকছপীয়েৰবহল ব্যাকৰণলখিমপুৰ জিলাগুৱাহাটী (লোকসভা সমষ্টি)পদুমকাতি বিহুজিকিৰজাতীয়তাবাদঅসমীয়া সাহিত্যত মালিতাবুঢ়ী আইৰ সাধুৰাইমনা ৰাষ্ট্ৰীয় উদ্যানচিলাৰায়এলবাৰ্ট আইনষ্টাইনঢোলপাচন তন্ত্ৰতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ভোলানাথ দাসআউনীআটী সত্ৰকনকলতা বৰুৱাউপন্যাসঅম্বিকাগিৰি ৰায়চৌধুৰীঅসমৰ মাছ ধৰা সঁজুলিইংলেণ্ডমহাকাব্যবিত্তীয় ব্যৱস্থাভাৰত-আৰ্য ভাষা পৰিয়ালব্ৰহ্মপুত্ৰ নদকামৰূপী উপভাষাআকাশবাণী গুৱাহাটীশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘঅসমৰ নদীসমূহৰ তালিকামোগল সাম্ৰাজ্যনেপোলিয়ন বোনাপাৰ্টঘৰচিৰিকাভঠেলিবৃত্ত🡆 More