গণেশ চতুৰ্থী

গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী হৈছে এটা হিন্দুসকলৰ উত্‍সৱ। এই সময়ত গণেশ দেৱতাই তেওঁ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত এই উত্‍সৱ পালন কৰা হয়। এই উৎসৱৰ সময়ত ঘৰত ব্যক্তিগতভাৱে গণেশৰ মাটিৰ প্ৰতিমা স্থাপন কৰা হয় বা ৰাজহুৱাভাৱে বিস্তৃত অঞ্চলত পাণ্ডল(অস্থায়ী পৰ্যায়) স্থাপন কৰি গণেশক পূজা কৰা হয়। পূজাৰ সময়ত ব্ৰত পালন কৰি সকলোৱে বেদ শাস্ত্ৰৰ অনুসৰি হিন্দু মন্ত্ৰ, প্ৰাৰ্থনা আদি গায়।এই পূজাত প্ৰসাদ হিচাপে বিশেষভাৱে মোডক মিঠাইবিধ আগবঢ়াই, কিয়নো মোডক ভগবান গণেশৰ প্ৰিয় বুলি বিশ্বাস কৰা হয়।এই উত্‍সৱৰ দশমদিনা অন্ত পৰে আৰু সেইদিনা সকলোৱে মিলি গণেশ দেৱতাক আনন্দ উলাহেৰে, বাজনা-নৃত্য, হৰ্ষ-ধ্বনিৰে নদী বা সাগৰত বিসৰ্জন দিয়া হয়। ভগৱান গণেশক নতুনত্বৰ আৰম্ভণিৰ ঈশ্বৰ আৰু বাধা ৰক্ষক আৰু লগতে জ্ঞান আৰু বুদ্ধিমত্তাৰ ঈশ্বৰ বুলি মানি এই উত্‍সৱ উদযাপন কৰা হয়।

গণেশ চতুৰ্থী
{{{holiday_name}}}
Lalbaugcha Raja, মুম্বাই
সম্পূৰ্ণ নাম Chaturthi/Vinayaka Chaturthi/Vinayaka Chavithi
অন্য নাম গণেশ পূজা, গণোত্‍সৱ
পালন কৰে হিন্দুসকলৰ
প্ৰকাৰ ধাৰ্মিক
আৰম্ভ হয় ভাদ্ৰপদৰ শুক্ল চতুৰ্থী
শেষ হয় আৰম্ভ হোৱাৰ ১১ দিন পিছত
তাৰিখ ভাদ্ৰপদ (আগষ্ট-ছেপ্টেম্বৰ)
উদযাপন বেদ শাস্ত্ৰৰ মতে হিন্দু মন্ত্ৰ আৰু প্ৰাৰ্থনা গোৱা হয়, শেষৰ দিনা মূৰ্তি বিসৰ্জন কৰা হয়
সংঘটন বাৰ্ষিক

ইতিহাস

গণেশ চতুৰ্থী 
Ganesha, Basohli miniature, circa 1730.

ভাৰতীয় স্বাধীনতা সংগ্ৰামী লোকমান্য তিলকে ১৮৯২ চনত ৰাজহুৱা-ৰোধী বিধানসভা আইনৰ মাধ্যমেৰে ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ হিন্দু সন্থাৰ ওপৰত বিৰাজকৰা ঔপনিৱেশিক শাসন ব্যৱস্থাৰ নিষিদ্ধ কৰণৰ এক উপায় হিচাপে ইয়াক প্ৰৱৰ্তন কৰিছিল।

গণপতি

যদিও গনপতিৰ উল্লেখ শাস্ত্ৰীয় ৰূপত কৰা হোৱা নাই, কিন্তু গনপতিৰ প্ৰথম উল্লেখ প্ৰাচীনতম হিন্দু ধৰ্মগ্ৰন্থ ঋকবেদত পোৱা গৈছে। দুটি ঋক মন্ত্ৰত, শ্লোক ২.২৩.১ আৰু শ্লোক ১০.১১২.৯., গণপতিৰ কথা উল্লেখ আছে। কিন্তু, এয়া অনিশ্চিত যে বৈদিক শব্দ গণপতি যাৰ আক্ষৰিক অৰ্থ হৈছে "জনসাধাৰণৰ অভিভাৱক", ইয়ে বিশেষভাৱে পৰৱৰ্তী যুগত গণেশৰ বিষয়ে উল্লেখ কৰিছে; তদুপৰি বৈদিক মন্ত্ৰসমূহত গণেশ চতুৰ্থীৰ বিষয়ে উল্লেখ কৰা হোৱা নাই।

গণেশ চতুৰ্থী 
খৈৰাটাবাদ, হাইডৰাবাদত গণেশৰ মূৰ্তি স্থাপনৰ দৃশ্য

উত্‍সৱ

যদিও গণেশ চতুৰ্থী উত্‍সৱ প্ৰথম কেতিয়া (বা কেনেদৰে) পালন কৰা হৈছিল গ’ম পোৱা নাযাই, তথাপি শিৱাজীৰ যুগ(১৬৩০-১৬৮০)ৰ পৰা এই উৎসৱ পুনেত ৰাজহুৱাভাৱে পালন কৰি অহা হৈছে বুলি জনা যায়।

গণেশ বিসৰ্জন

গণেশ উত্‍সৱৰ অন্তিম দিনা ঐতিহ্যপূৰ্ণ বিসৰ্জন কাৰ্যসূচী অনুষ্ঠিত হয়। ১০ দিনীয়া উৎসৱটোৰ শেষৰ দিনটোক অনন্ত চতুৰ্দশী বুলিও জনা যায়। ‘বিসৰ্জন’ শব্দটোৱে এইটোৱে বুজাই যে এই দিনটোতে ভগৱান গণপতিৰ প্ৰতিমা নদী, সাগৰ বা পানীত উটুৱাই দিয়া হয়।

ভাৰতত গণেশ চতুৰ্থী

ভাৰতত, গণেশ চতুৰ্থী প্ৰাথমিকভাৱে মধ্য আৰু পশ্চিম ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থান, গোৱা আৰু দক্ষিণ ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, টেলেংগানা, টামিলনাডু, কেৰালা আৰু পূৱৰ ৰাজ্যসমূহৰ ভিতৰত পশ্চিমবংগ আৰু উৰিষ্যাত বিশেষভাৱে স্থানীয় সমাজ গোটৰ দ্বাৰা ঘৰত আৰু ৰাজহুৱাভাৱে পালন কৰা হয়। অসমতো কোনো কোনো ঠাইত অনুস্থুপীয়াকৈ গণেশ চতুৰ্থী অনুষ্ঠিত কৰা দেখা যায়।

পৰিৱেশৰ ওপৰত প্ৰভাৱ

মাদ্ৰাজ উচ্চ আদালতে ২০০৪ চনত গণেশৰ প্ৰতিমাসমূহৰ বিসৰ্জনে সাগৰীয় পানী দূষিত কৰে বুলি এটা গুৰুত্বপূৰ্ণ ৰায় দিছিল। প্ৰতিমাসমূহ সাগৰীয় পানী দূষিত কৰিব পৰা ৰাসায়নিক পদাৰ্থৰে বনোৱা হয় বুলি প্ৰতিমা বিসৰ্জন কাৰ্য্য বেআইনী বুলি ঘোষণা কৰিছে।তদুপৰি,গোৱা ৰাজ্যচৰকাৰে গোৱাত প্লাষ্টাৰ-অব-পেৰিছ ব্যৱহৃত গণেশৰ প্ৰতিমা বিক্ৰীৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা কৰিছে আৰু পাৰম্পৰিক কলাকুশলীসকলৰ দ্বাৰা নিৰ্মিত প্ৰতিমা ব্যৱহাৰৰ বাবে উদগনি প্ৰদান কৰে।

চিত্ৰবিথিকা

তথ্য সংগ্ৰহ

গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

Tags:

গণেশ চতুৰ্থী ইতিহাসগণেশ চতুৰ্থী ভাৰতত গণেশ চতুৰ্থী পৰিৱেশৰ ওপৰত প্ৰভাৱগণেশ চতুৰ্থী চিত্ৰবিথিকাগণেশ চতুৰ্থী তথ্য সংগ্ৰহগণেশ চতুৰ্থী বাহ্যিক সংযোগগণেশ চতুৰ্থী

🔥 Trending searches on Wiki অসমীয়া:

সংগীত নাটক একাডেমী বঁটাঅসম বৈভৱ বঁটাবিহুৰ খাদ্যনগাঁও কুইজ ফ'ৰামতলাতল ঘৰভাৰতঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যশ্ৰীনিবাস ৰামানুজনপীতাম্বৰ কবিডিব্ৰুগড় জিলাআমেৰিকা যুক্তৰাষ্ট্ৰবাজেটশিল্প বিপ্লৱছ'ভিয়েট সংঘভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যডিমাছা জনগোষ্ঠীশ্ৰীমন্ত শংকৰদেৱশাল গছছাকিৰাজ্ঞানপীঠ বঁটাপাইথেগাৰাছভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাভাৰতৰ নিৰ্বাচন আয়োগৰমা দাশভটিমাঅসমৰ চাহ জনগোষ্ঠীনিৰ্মলপ্ৰভা বৰদলৈজিকিৰসংগীততিৱা জনগোষ্ঠীশিৱ পুৰাণবিশ্ব বাণিজ্য সংস্থাবিহুৰ বাদ্যযন্ত্ৰদাণ্ডী যাত্ৰাসিংহনলবাৰী জিলাহেম বৰুৱাএচিদ বৰষুণভাৰতৰ মুখ্য ন্যায়াধীশঅসমৰ কাঁহ শিল্পলভিতাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)সৌৰভ কুমাৰ চলিহাপ্ৰাকৃতিক দুৰ্যোগভাৰত-আৰ্য ভাষা পৰিয়ালকৰ'নাভাইৰাছ ৰোগ ২০১৯গুৱাহাটী উচ্চ ন্যায়ালয়জিজিয়াভাৰতত নাৰীবাদইউক্লিডঅসমৰ জনগোষ্ঠীনয়নতৰাকামাখ্যা মন্দিৰশীতল যুদ্ধহিন্দু ধৰ্মভাৰতৰ স্বাধীনতা আন্দোলনচাহনামঘৰসাঁচিপাতমানস ৰাষ্ট্ৰীয় উদ্যানপিয়লি ফুকননেপালউৎসেচকৱাশ্বিংটন ডি.চি.নাৰীলোকসভাবৌদ্ধ ধৰ্মবৰপেটাঅসমীয়া লিপিৰ বুৰঞ্জী🡆 More