ঋকবেদ

ঋকবেদ হিন্দু ধৰ্মশাস্ত্ৰৰ চাৰিখন বেদৰ ভিতৰত প্ৰথমখন বেদ। ঋকবেদ বৈদিক সাহিত্যৰ সৰ্বপ্ৰাচীন আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ। বেদমন্ত্ৰসমূহৰ ভিতৰত যিবোৰ মন্ত্ৰ ছন্দোবদ্ধ আৰু একো একোটি পূৰ্ণ অৰ্থৰ প্ৰকাশক, সেই মন্ত্ৰবোৰকে ঋক বুলি জনা যায়। ঋকবেদ বা ঋকবেদ সংহিতা হ’ল এনে ঋকৰ সংকলন। সেয়েহে ই ঋক সংহিতা নামেৰেও জনাজাত।

ঋকবেদ
ঋকবেদ

ঋকবেদৰ ৰচনাকাল আৰু বৈশিষ্ট্য

ঋকবেদৰ ৰচনাকাল সম্পৰ্কে বুৰঞ্জীবিদ আৰু বিশেষজ্ঞ সকলৰ মাজত মতভেদ দেখা যায়। তথাপিও খ্ৰীষ্টপূৰ্ব দশমৰ পৰা দ্বিতীয় শতিকাৰ ভিতৰত ঋকসমূহ ৰচনা কৰা হৈছিল বুলি সকলোৱে সহমত পোষণ কৰিছে। ঋকবেদত মুঠ ১০,৫৮০টা ঋক আছিল আৰু তাৰ ভিতৰত ১৬৩টা ঋক লোপ পাইছে। সংস্কৃত ভাষাত ৰচিত ঋকসমূহ একো একোজন দেৱতাক উদ্দেশ্যি ৰচিত। ঋকবেদৰ সৰ্বাধিক শ্লোক ইন্দ্ৰক উদ্দেশ্যি ৰচিত। মুঠ শ্লোকৰ এক চতুৰ্থাংশতকৈও অধিক শ্লোক দেৱৰাজ ইন্দ্ৰৰ গুণ-গানেৰে পৰিপূৰ্ণ। ইন্দ্ৰৰ পিছতে অগ্নিৰ প্ৰাধান্য। ঋকবেদৰ প্ৰথম শ্লোকটোকে ধৰি মুঠ শ্লোকৰ এক পঞ্চমাংশ অগ্নিৰ নামত উৎসৰ্গিত। ইয়াৰ উপৰিও ঋকবেদত সূৰ্য, বৃহস্পতি, বৰুণ, যম, বিষ্ণু, ৰুদ্ৰ(শিৱ) আদি দেৱতাৰ উল্লেখ পোৱা যায়। এই ঋকসমূহ প্ৰধানকৈ পুৰোহিতসকলৰ মাজত ধৰ্মানুষ্ঠানৰ বাবে ৰক্ষিত হৈ আছিল। আৰ্যসকলে যাগযজ্ঞত সিদ্ধিলাভৰ বাবে ঋকবেদৰ মন্ত্ৰৰে দেৱতাসকলক প্ৰাৰ্থনা কৰিছিল। পৃথিৱীৰ সৃষ্টি সম্পৰ্কে দাৰ্শনিক তত্ত্ব অন্তৰ্নিহিত হৈ থকা শ্লোক কিছুমানেৰে ঋকবেদৰ সামৰণি মৰা হৈছে।

তথ্যসূত্ৰ:

Tags:

বেদহিন্দু ধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

উপভাষাৰাজিয়া চুলতানামৌখিক ইতিহাসহস্তীবিদ্যাৰ্ণৱকালিদাসকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলমানৱ ভূগোলঅসমৰ পৰম্পৰাগত খেল-ধেমালিশিশুৰ খেল-ধেমালিঅসমবাঁহীসাম্যবাদী সমাজবাণীকান্ত কাকতিসোৱণশিৰি নদীজোনবিল মেলাশৰৎচন্দ্ৰ গোস্বামীবহনক্ষম উন্নয়নৰ লক্ষ্যবিষ্ণুপ্ৰসাদ ৰাভাকমলাকান্ত ভট্টাচাৰ্য্যঅসম সাহিত্য সভাবাৰেচহৰীয়া ভাওনা মহোৎসৱআধুনিকতাবাদআপংব্যাকৰণত্ৰিভুজপদাৰ্থৰ অৱস্থাঅসমৰ সমস্যামাইলছ ব্ৰনছনকুলিভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামনোমতীঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকানেতাই ধুবুনী ঘাটপুৰাণজৈৱিক কৃষিপাণিনিকবিতামোহনদাস কৰমচান্দ গান্ধীবৃত্তঅসমীয়া ভাষাৰ শব্দসম্ভাৰগান্ধাৰীভলিবলহনুমানপথেৰ পাঁচালীগোলকীয় উষ্ণতা বৃদ্ধিকলশামুকবানপানীভাৰতত মহিলাৰ স্বাস্থ্যপাচন তন্ত্ৰঅসমৰ শাক-পাচলিৰ তালিকাচ্যু-লিক-ফাঅৰুণোদইভাৰতীয় সাহিত্যঅসমীয়া গালি-গালাজপাৰ চৰাইদৰ্শনইণ্ডোনেছিয়াশিৱসাগৰৰ শিৱদৌলজল সংৰক্ষণইন্দিৰা মিৰিযুগ্ম সংখ্যাআকাশবাণী গুৱাহাটীমানস ৰাষ্ট্ৰীয় উদ্যানঘৰঅসম আৰক্ষীবৰগীতভঠেলিভাৰত ত্যাগ আন্দোলনভাৰতৰ প্ৰধানমন্ত্ৰীসংক্ৰমণছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)চুটিগল্পউৎসৱ🡆 More