চন্দ্ৰধৰ চমুৱা

ড॰ চন্দ্ৰধৰ চমুৱা(ইংৰাজী: Dr.

Chandradhar Chamuah) (ছেপ্টেম্বৰ ১৯৪১ - ১৩ নৱেম্বৰ ২০০৭) এগৰাকী অসমীয়া সাহিত্যিক আছিল। লখিমপুৰ জিলাঢকুৱাখনা মহকুমাৰ বান্তৌ গাঁৱৰ এটা দুখীয়া পৰিয়ালত চন্দ্ৰধৰ চমুৱাৰ জন্ম হয় ১৯৪১ চনৰ ছেপ্টেম্বৰ (আহিন) মাহৰ কোনো এটা শনিবাৰে। পিতৃৰ নাম চক্ৰনাথ চমুৱা।

চন্দ্ৰধৰ চমুৱা
চন্দ্ৰধৰ চমুৱা
জন্ম ছেপ্টেম্বৰ, ১৯৪১
বান্তৌ গাঁও, লখিমপুৰ জিলা
মৃত্যু ১৩ নৱেম্বৰ, ২০০৭
পেচা লেখক, শিক্ষক
ভাষা অসমীয়া
সময় ১৯৫৮-২০০৭
উল্লেখনীয় কৰ্মৰাজি চাৰ্বাক (১৯৯৫)
চ্যালুইনৰ পৰা লুইতলৈ (২০০৫)
দাম্পত্যসংগী গুণপ্ৰভা বৰুৱা

শিক্ষা

চন্দ্ৰধৰ চমুৱাই বান্তৌ গাওঁ প্ৰাথমিক বিদ্যালয়তে শিক্ষাৰম্ভ কৰি বৃত্তিসহ উত্তীৰ্ণ হৈ ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ পৰা ১৯৫৪-৫৫ চনত প্ৰথম বিভাগত এম. ভি. পাছ কৰে। ১৯৬১ চনত ঢকুৱাখনা হাইস্কুলৰ (বৰ্তমান ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়) পৰা অংক বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ কৰি ১৯৬২ চনত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৬৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পুনৰ প্ৰাইভেটকৈ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৮-৭৯ চনত যোৰহাটৰ বি. টি. কলেজৰ পৰা শিক্ষক প্ৰশিক্ষাৰ্থী হিচাপে বি. টি. ডিগ্ৰী লাভ কৰাৰ পিছত প্ৰাইভেটকৈয়ে ১৯৮৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম. এ. আৰু ১৯৯১ চনত ইংৰাজীতে “William Somerest Maugham: A Study Of Attitude To Human Life And Situation As Reflection In His Works Of Fiction” শীৰ্ষক গৱেষণা পত্ৰৰ বাবে ডিব্ৰুগড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

ব্যক্তিগত জীৱন

গণশিল্পী বিষ্ণুৰাভাৰ পৰামৰ্শ মতে, ঢকুৱাখনাৰ ঘিলামৰাৰ গুণপ্ৰভা বৰুৱাৰ সৈতে ১৯৬৭ চনৰ আহিন মাহত চন্দ্ৰধৰ চমুৱাৰ বিয়া হয়।

কৰ্ম-জীৱন

১৯৬২ চনত এখ প্ৰাইভেট এম. ভি. স্কুলত অবৈতনিকভাৱে শিক্ষকতা আৰম্ভ কৰে। তাৰ পাছত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰাথমিক শাখাত ৯ মাহ খালী হৈ থকা পদত বৈতনিক শিক্ষকৰ চাকৰি কৰে। ১৯৬৪ চনত জালভাৰী এম. ভি. স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে যোগদান কৰাৰ লগতে ১৯৬৬-৬৭ চনত পশ্চিম ঢকুৱাখনা হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ কাৰ্যভাৰ পালন কৰে। ১৯৭৪ চনত চাকৰিৰ পৰা কিছুদিন ছুটী লৈ সাপ্তাহিক জনমত কাকতৰ সহকাৰী সম্পাদকৰ কাম কৰে। ১৯৮৩ চনত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজীৰ বিষয় শিক্ষকৰ পদত নিযুক্ত হৈ কাৰ্যকাল চলাই যোৱাৰ লগতে ১৯৮২ চনৰ পৰা ১৯৮৪-৮৫ চনলৈকে ঢকুৱাখনা মহাবিদ্যালয়ত অংশকালীন ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মৰত অৱস্থাতে ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয়টো কিছুদিন অংশকালীন শিক্ষকতা কৰিছিল। ১৯৮৯ চনত ঢকুৱাখনা বালিকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে যোগদান কৰি প্ৰায় দুটা বছৰ পুৱাৰ ভাগত সেৱা আগবঢ়োৱাৰ উপৰি ১৯৯৭ চনত ঢকুৱাখনা বি.এড॰ কলেজ আৰম্ভ কৰি আবেলি ভাগত অধ্যক্ষৰূপে সেৱা আগবঢ়ায়। ইয়াৰ পিছত ২০০০ চনত ঢকুৱাখনা উচ্চতৰ মাধ্যিমক বিদ্যালয়ৰ বৈতনিক শিক্ষকতাৰ চাকৰিৰ পৰা অৱসৰ লৈ ঢকুৱাখনা জাতীয় বিদ্যালয় প্ৰতিষ্ঠাৰ দায়িত্বভাৰ পালন কৰে। ২০০৫ চনত জাতীয় বিদ্যালয়ৰ পৰা অৱসৰ লয় যদিও ড॰ চন্দ্ৰধৰ চমুৱা আমৃত্যু পৰ্যন্ত ঢকুৱাখনা বি. এড॰ কলেজৰ অধ্যক্ষ হৈয়ে থাকে।

সামাজিক জীৱন

১৯৬০ চনত হাইস্কুলত পঢ়ি থাকোঁতেই বান্তৌ গাঁৱত পুথিভৰাল পাতি সম্পাদকৰ দায়িত্ব লয়। ১৯৬২ চনত গাঁৱৰক্ষী বাহিনীৰ সম্পাদক। ১৯৭৪ চনত বান্তৌ গাওঁ উন্নয়ন সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক। ১৯৬৪ চনত ভাৰতৰ কমিউন্ষ্ট পাৰ্টিৰ সভ্যপদ গ্ৰহণ কৰি ঢকুৱাখনা সৃশাখাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। ভাৰতীয় গণ নাট্য সংঘৰ কৰ্মী হিচাপে জড়িত হৈ ১৯৯৪ চনত সংঘৰ পাটনা অধিৱেশনত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে। ষাঠিৰ দশকত কলা-সংস্কৃতিৰ দিশত অৰিহণা যোগোৱাৰ উদ্দেশ্যে কল্পতৰু কলামোদী নামৰ এটা সংগঠন আৰম্ভ কৰিছিল। সত্তৰ দশকত কেইবাটাও কাৰ্ষকালৰ বাবে ধেমাজি জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি আৰু ধেমাজি জিলা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সন্থাৰো সভাপতি আছিল। বহু বছৰ ধৰি ধেমাজি জিলা প্ৰগতিশীল শিল্পী-সাহিত্যিক সংঘৰ সম্পাদক আৰু সংঘৰ ৰাজ্যিক কাৰ্ষনিৰ্বাহকৰ সদস্য চন্দ্ৰধৰ চমুৱাৰ কাৰ্ষকালতে ১৯৮৫ চনত ধেমাজি জিলা শিল্পী-সাহিত্যিক সন্থাৰ ঢকুৱাখনা অধিৱেশন হৈছিল। (বি.দ্ৰ.- সেই সময়ত ঢকুৱাখনাৰ মহকুমা আছিল ধেমাজি) অসম নাট্য সন্মিলনৰ লগত জড়িত চন্দ্ৰধৰ চমুৱা ঢকুৱাখনা আঞ্চলিক কমিটিৰ সভাপতি, ঢকুৱাখনা নাট্য মঞ্চ নামৰ সংগঠনৰ সভাপতি, জ্যোতি নাট ধৰ- ঢকুৱাখনাৰ উপদেষ্টা আৰু অন্যান্য নাট্য সংগঠনৰ উপদেষ্টা হিচাপে জডিত আছিল। ২০০৬ চনত মানৱ অধিকাৰ সংগ্ৰাম সমিটিৰ ঢকুৱাখনা আঞ্চলিক সমিটিৰ অধ্যক্ষ আৰু লখিমপুৰ জিলা সমিটিৰ মুখ্য উপদেষ্টা ৰূপে সংগঠনটিৰ ল্গত জড়িত ড॰ চমুৱা ২০০৪ চনৰ পৰা ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি আৰু ১৯৮৫ চনত স্থাপিত মাধৱদেৱ হাইস্কুল আৰু ১৯৮৩ চনত স্থাপিত ঢকুৱাখনা কলেজিয়েট হাইস্কুলৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

মৃত্যু

১৩ নবেম্বৰ, ২০০৭ তাৰিখে ড॰ চন্দ্ৰধৰ চমুৱাই শেষ নিশ্বাস ত্যাগ কৰে।

সাহিত্যিক জীৱন

১৯৫৮ চনত ঢকুৱাখনা হাইস্কুলৰ হাতে লিখা আলোচনী বিকাশৰ প্ৰথমজন সম্পাদক হৈ সাহিত্য জীৱনৰ পাতনি মেলে। হাস্কুলৰ সপ্তম শ্ৰেণীৰ পৰাই উত্তৰ পৰীয়া ছাত্ৰ সন্মিলনত গল্প, প্ৰবন্ধ আৰু কবিতাৰ প্ৰতিযোগিতাত যোগদান কৰি প্ৰত্যেক বিভাগতে পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। ১৯৭৮-৭৯ চনত যোৰহাটৰ বি.টি. কলেজৰ আলোচনী শিক্ষা ৰ ইংৰাজী শাখাৰ সম্পাদকহোৱাৰ উপৰি ১৯৮৫ চনৰ ধেমাজি জিলা প্ৰগতিশীল শিল্পী-সাহিত্যিক সংঘৰ জিলা অধিৱেশনৰ স্মৰণিকা সংকল্পৰ সম্পাদক হৈছিল। এইবোৰৰ উপৰিও গুৰুত্বপূৰ্ণ সাহিত্যকৰ্মৰ চিন হিচাপে ড॰ চন্দ্ৰধৰ চমুৱাৰ পোৰা ভেটিৰ নতুন ঘৰ নামৰ নাটকখনে ১৯৮৭-৮৮ চনত সৰ্বভাৰতীয় অনাঁতাৰ নাট প্ৰতিযোগিতাৰ অসমীয়া ভাষাত প্ৰথম স্থান লাভ কৰি ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল[উদ্ধৃতিৰ প্ৰয়োজন]

গ্ৰন্থ পঞ্জী

নাটক

  • চাৰ্বাক(১৯৯৫),
  • ম্যুঙ্ দ্যুন ছুন্ খাম্(১৯৯৭),
  • ৰেৱাদেৱী বৰুৱা(২০০২),
  • নাট্যৱলী(২০০৮)

উপন্যাস

  • অনুৰাগ আৰু পৰিক্ৰমা (উপন্যাসিকা সংকলন)২০০০,
  • ধুমুহা আহি আছে(উপন্যাসিকা সংকলন)২০০৩,
  • তেজত গজা দূবৰি(উপন্যাসিকা সংকলন)২০০২,
  • চ্যালুইনৰ পৰা লুইতলৈ(২০০৫)

গল্প পুথি

  • প্ৰেম বনাম ভক্তি( ২০০১),
  • জীয়া সুঁতিত এখন্তেক(চুটিগল্প সংকলন) ২০০১,
  • পূৰ্বৰাগ(২০০২),
  • উৰনীয়া মেঘৰ ছাঁ(২০০৪),
  • প্ৰত্যাৱৰ্তন(২০০৫)

গৱেষণাধৰ্মী প্ৰবন্ধ

  • কৃষ্ণ আৰু বুদ্ধঃ সময় আৰু সমাজ(২০০৩),
  • জৈন ধৰ্ম দৰ্শন আৰু পঞ্চকল্যাণক পৰম্পৰা(২০০৩)

অন্যান্য অপ্ৰকাশিত গ্ৰন্থসমূহ[উদ্ধৃতিৰ প্ৰয়োজন]

  • কঢ়া প্ৰবচন,
  • এই মাটিৰ দুখ,
  • সতী অনন্যা আৰু অন্যান্য,
  • সিদ্ধাৰ্থ অভিমত,
  • এই মাটিৰ মুক্তি সমগ্ৰাম,
  • তাই আহোম ধৰ্ম সংস্কৃতিৰ ৰূপৰেখা আৰু অন্যান্য ঐতিহ্য,
  • ভাৰতীয় ইতিহাসত বৰ্ণবাদৰ কাহিনী,
  • ড॰ চন্দ্ৰধৰ চমুৱাৰ অনাতাঁৰ নাটসম্ভাৰ।

প্ৰচাৰিত অনাতাঁৰ নাটসমূহ

  • শাক্যমুনি গৌতম(১৪টা খণ্ড),
  • প্ৰেম নশ্বৰ অথবা অবিনশ্বৰ(১৩টা খণ্ড)
  • বব্ৰুবাহন,
  • পোৰা ভেটিৰ নতুন ঘৰ,
  • ক’লা বাকচাৰ লেখা,
  • ৰত্নাকৰ,
  • গুণাহগাৰ,
  • চাৰ্বাক(২টা খণ্ড),
  • সোণালী শইচৰ দেশ(২টা খণ্ড),
  • অৰ্জুনৰ শক্তি সাধনা,
  • তেজীমলা,
  • আঁৰত এখন জগত,
  • জয়াৰ জয়,
  • অভিজ্ঞান(কাব্য নাট),
  • হলাহল,
  • ঢকুৱাখনাৰ ফাটবিহু(সঙ্গীতালেখ্য)

মঞ্চস্থ নাটক[উদ্ধৃতিৰ প্ৰয়োজন]

  • পোৰা ভেটিৰ নতুন ঘৰ (অনাতাঁৰৰ পৰা মঞ্চৰূপ),
  • নীলকণ্ঠ,
  • ডাৱৰ মুখৰ জোন,
  • কংস,
  • তমসা তীৰৰ ভূত,
  • সতীৰ সমাধি,
  • অৰাজ্যৰ দিনলিপি,
  • প্ৰভাত পখীৰ আৰ্তস্বৰ,
  • মাদাৰ টে’ৰেছা ইত্যাদি।

এইবোৰৰ উপৰিও বিভিন্ন কাকত আলোচনীত প্ৰকাশ পোৱা প্ৰায় ডেৰকুৰি গল্প, দুকুৰি কবিতা, শতাধিক অসমীয়া আৰু ইংৰাজী প্ৰবন্ধ আৰু অনেক অনুবাদ গল্প আছে[উদ্ধৃতিৰ প্ৰয়োজন]

সম্পাদিত আলোচনী আৰু গ্ৰন্থ[উদ্ধৃতিৰ প্ৰয়োজন]

  • সুৱৰ্ণসীৰা (স্মৰণিকা, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উত্সৱ, ১৯৮৭)
  • ৰূপসাঁকো (স্মৰণিকা, পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী উত্সৱ, ১৯৯১)
  • সংকল্প (স্মৰণিকা, ধেমাজি জিলা প্ৰগতিশীল শিল্পী-সাহিত্যিক সংঘৰ জিলা অধিৱেশন, ১৯৮৫)
  • লখিমী (অসম সাহিত্য সভাৰ লখিমপুৰ অধিৱেশনৰ জনগোষ্ঠীয় প্ৰবন্ধ সংকলন, ২০০৩)
  • অনন্যা ( উত্তৰ লখিমপুৰৰ পৰা উলোৱা সাহিত্য আলোচনী, ২০০৩-২০০৪)

উল্লেখযোগ্য পুৰস্কাৰ

  1. ১৯৮৭-৮৮ চনত সৰ্বভাৰতীয় অনাঁতাৰ নাট প্ৰতিযোগিতাৰ অসমীয়া ভাষাত প্ৰথম স্থান লাভ কৰি ৰাষ্ট্ৰীয় বঁটা লাভ।

সম্বৰ্ধনা[উদ্ধৃতিৰ প্ৰয়োজন]

  • অসম নাট্য সন্মিলন, ২০০২
  • সদৌ অসম ছাত্ৰ সন্থা, ঢকুৱাখনা অধিৱেশন, ২০০৪
  • লখিমপুৰ জিলাৰ উপায়ুক্তপ দ্বাৰা কৃতি শিক্ষকৰূপে, ১৯৯৩
  • উত্তৰ লখিমপুৰ কলা নিকেতন, ২০০৩
  • ধেমাজি জিলা সাহিত্য সভা, ১৯৯৭
  • ধেমাজি গ্ৰন্থমেলা উদযাপন সমিতি,২০০৫
  • অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন, ২০০৭
  • চেকুলাৰ ফ’ৰাম অসম, ২০০৭
  • জ্যোতি নাটঘৰ, ঢকুৱাখনাৰ শ্ৰেষ্ঠ শিক্ষক বঁটা, ২০০৭
  • গোগামুখৰ সাহিত্য-সাংস্কৃতিক অনুষ্ঠান চিনাকি, ২০০৭

তথ্য উৎস

Tags:

চন্দ্ৰধৰ চমুৱা শিক্ষাচন্দ্ৰধৰ চমুৱা ব্যক্তিগত জীৱনচন্দ্ৰধৰ চমুৱা কৰ্ম-জীৱনচন্দ্ৰধৰ চমুৱা সামাজিক জীৱনচন্দ্ৰধৰ চমুৱা মৃত্যুচন্দ্ৰধৰ চমুৱা সাহিত্যিক জীৱনচন্দ্ৰধৰ চমুৱা গ্ৰন্থ পঞ্জীচন্দ্ৰধৰ চমুৱা মঞ্চস্থ নাটক[উদ্ধৃতিৰ প্ৰয়োজন]চন্দ্ৰধৰ চমুৱা সম্পাদিত আলোচনী আৰু গ্ৰন্থ[উদ্ধৃতিৰ প্ৰয়োজন]চন্দ্ৰধৰ চমুৱা উল্লেখযোগ্য পুৰস্কাৰচন্দ্ৰধৰ চমুৱা সম্বৰ্ধনা[উদ্ধৃতিৰ প্ৰয়োজন]চন্দ্ৰধৰ চমুৱা তথ্য উৎসচন্দ্ৰধৰ চমুৱাঢকুৱাখনালখিমপুৰ জিলা

🔥 Trending searches on Wiki অসমীয়া:

ফ্লোৰেন্স নাইটিংগেলগাৰো জনগোষ্ঠীমনোজ কুমাৰ গোস্বামীউত্তৰ-ঔপনিবেশিকতাবাদশব্দ (অভিধান)সন্ধিহাড়গিলাআৱাহন (আলোচনী)লেখকঅসমৰ পিতল শিল্পশোণিতপুৰ জিলাবাজেটশূন্যশিৱসাগৰ পুখুৰীহোলোংইন্দিৰা মিৰিপূৰ্ণিমা দেৱী বৰ্মনঅৰুণ শৰ্মাঅসমৰ জাতীয় গীতআলি হাইদৰপবিতৰা অভয়াৰণ্যমাধৱ কন্দলিসমাজপুঁজিবাদৰূপালীমমাতৃ দিৱসআলোচনীতাল (বাদ্যযন্ত্ৰ)অসমীয়া ভাষাবাইখো পূজাবৰটোকোলাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাওজাপালিস্বদেশী আন্দোলনভাৰতীয় শিল্পকলাচ্যু-কা-ফালিখন পদ্ধতিপাছিঘাটজয়মতী (১৯৩৫ চলচ্চিত্ৰ)যতি-চিনপায়ু সংগমলক্ষ্মীধৰ শৰ্মাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালঅসমৰ পৰম্পৰাগত সাজ- পাৰকুমাৰীত্বকম্পিউটাৰঅষ্ট্ৰেলিয়ানীলপৱন বৰুৱাসংখ্যাসম্পত্তিগুণাভিৰাম বৰুৱাঅসম আন্দোলনভাৰতীয় চলচ্চিত্ৰবুৰঞ্জীঅসমীয়া যুক্তাক্ষৰযোগাসনভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যআহোম জনগোষ্ঠীদামোদৰ দেৱসাতবাহন ৰাজবংশবৰহমথুৰিবিষ্ণুভাৰতীয় ভাষাদেওধনী নৃত্যঈদ-উল-জুহাদুধনৈম’বাইল ফোনভিটামিনঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিপ্ৰাকৃতিক দুৰ্যোগৰামধেনুসত্ৰীয়া নৃত্যবচন (ব্যাকৰণ)বিৰিঞ্চি কুমাৰ বৰুৱাজৈৱিক কৃষি🡆 More