লতাকটা ৰণ

লতাকটা ৰণ বুলিলে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত মণিপুৰলৈ চলোৱা অসফল প্ৰথম অভিযানক বুজোৱা হয়। চুখ্ৰংফা বা ৰুদ্ৰ সিংহৰ চতুৰ্থ পুত্ৰ চুৰাম্‌ফাই ৰাজেশ্বৰ সিংহ নাম লৈ ১৭৫১ চনত ৰাজপাটত উঠে। মানৰ আক্ৰমণত ৰাজ্য হেৰুওৱা মণিপুৰৰ ৰজা জয় সিংহ‌ই ১৭৬৫ চনত স্বৰ্গদেউক সহায়ৰ বাবে অনুৰোধ কৰে। বিষয়াসকলৰ লগত আলোচনা কৰি স্বৰ্গদেৱে জয় সিংহক সহায় কৰিবলৈ মান্তি হ'ল। এদল সৈন্য গোটোৱা হ'ল কিন্তু বহুকেইজন বিষয়াই গা বেয়াৰ অজুহাতত দলৰ নেতৃত্ব ল'বলৈ অপাৰগতা প্ৰকাশ কৰিলে। তেওঁলোকক বিষয়বাবৰ পৰা আঁতৰাই সম্পত্তি জব্দ কৰা হ'ল। অৱশেষত হৰনাথ ফুকনক সেনাপতি পাতি সৈন্যদলটোৱে চৰাইদেউৰ দক্ষিণেদি মণিপুৰলৈ অভিযান আৰম্ভ কৰিলে। কিন্তু পথত ইমানেই ডাঠ হাবি আছিল যে তেওঁলোকে পথ মোকলাওঁতেই বহু শক্তি আৰু সময় যায়। বহু সৈন্য আহাৰৰ অভাৱত, নগাৰ আক্ৰমণত আৰু সৰ্পদংশনত মৃত্যু ঘটে। ৰজাৰ কাণত এই কথা পৰাত তেওঁ সৈন্যদলটোক ঘূৰি আহিবলৈ নিৰ্দেশ দিয়ে। মণিপুৰৰ দুৰ্গম পথেদি লতা কাটি আহোম সৈন্য আগবাঢ়িব লগা হোৱা বাবে এই অসফল অভিযানক লতাকটা ৰণ বোলা হয়।

১৭৬৮ চনৰ নৱেম্বৰত দ্বিতীয় এদল সৈন্য কীৰ্তিচন্দ্ৰ বৰুবৰুৱাৰ নেতৃত্বত ৰহা আৰু কছাৰী ৰাজ্যৰ মাজেৰে পঠিওৱা হয়। মূল দলটো ৰহাত হয় আৰু দহ হাজাৰ সৈন্য জয় সিংহৰ লগত মিৰাপ নদীলৈকে আগবাঢ়ি যায়। জয় সিংহ‌ই নগাৰ এটি দল গঠন কৰি মানে সিংহাসনত প্ৰতিষ্ঠা কৰা কেলেম্বাক খেদি পঠিয়ায়। কৃতজ্ঞতাৰ চিনস্বৰূপে জয় সিংহ‌ই ৰাজেশ্বৰ সিংহক বহু উপহাৰ দিয়াৰ লগতে জীয়েক কুৰংগনয়নীক তেওঁলৈ বিয়া দিয়ে। কুঁৱৰীৰ লগত অহা বহু মণিপুৰী লোক দিছৈৰ ওচৰত থাকিবলৈ লোৱাত এই ঠাই মগলুহাট বা মণিপুৰী বজাৰ নামেৰে জনাজাত হয়।

তথ্য সংগ্ৰহ

Tags:

চুখ্ৰংফাচুৰাম্‌ফাচৰাইদেউমণিপুৰসৰ্পদংশনৰাজেশ্বৰ সিংহৰুদ্ৰ সিংহ

🔥 Trending searches on Wiki অসমীয়া:

অস্বাভাৱিক মনোবিজ্ঞাননামঘোষাবিষ্ণুপ্ৰসাদ ৰাভাআহোম-মোগলৰ সংঘৰ্ষবানপানীভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকামুখমৈথুনলীলা গগৈলোকসভালেটিন ভাষাচৈয়দ আব্দুল মালিকঅসমৰ সাহিত্যিকসকলৰ তালিকাগোৱালপাৰা জিলাসম্ৰাট অশোকএচিদ বৰষুণৰাজ্যসভাবুৰঞ্জীযাদৱ পায়েংঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিহীৰেন ভট্টাচাৰ্যপ্ৰদূষণজীৱনীঅসমীয়া উপন্যাসউচ্চ ৰক্তচাপশ্ৰীকৃষ্ণকীৰ্তনথাই ভাষাচৰ্যাপদবহল ব্যাকৰণদুৰ্যোগডিমাছা জনগোষ্ঠীঅসমৰ মুখা শিল্পঅসমৰ জনগোষ্ঠীজয়মতী কুঁৱৰীব্ৰজাৱলী ভাষামহেন্দ্ৰ বৰাঅসীমত যাৰ হেৰাল সীমাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাযোগাসনগোলাঘাট জিলাকাৰেঙৰ লিগিৰীৰাতি বিহুইছলামতিনিচুকীয়া জিলাঅসমৰ লোকবাদ্যবুৰঞ্জী সাহিত্যপূৰ্ণ স্বৰাজবিদ্যুৎনৰকাসুৰপদুমগান্ধাৰীদশাৱতাৰঘৰচলচ্চিত্ৰভাৰতীয় জাতীয় কংগ্ৰেছনগাঁও (লোকসভা সমষ্টি)মোহনদাস কৰমচান্দ গান্ধীবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগসিংহঅসহযোগ আন্দোলনমৈদামবিপন্ন প্ৰজাতিবিজ্ঞাপনলুই পেষ্ট'ৰআলেকজেণ্ডাৰঅসমীয়া প্ৰতিদিনপাইথেগাৰাছজ্যোতিপ্ৰসাদ ৰচনাৱলীপৰিমেয় সংখ্যাবিয়া নাম🡆 More