সমাজতত্ত্ব

সমাজতত্ত্ব (ইংৰাজী: Sociology) হ'ল মানুহৰ সামাজিক আচৰণ, সমাজ, সামাজিক সমন্ধ, সামাজিক আন্তঃক্ৰিয়া আৰু সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰা বিষয়। ই হ'ল এক সমাজ বিজ্ঞান যি সামাজিক শৃংখলা আৰু সামাজিক পৰিবৰ্তনৰ বিষয়ে জ্ঞান অৰ্জন কৰিবৰ বাবে পৰীক্ষালব্ধ অনুসন্ধান আৰু সমালোচনাত্মক বিশ্লেষণৰ বিভিন্ন পদ্ধতি প্ৰয়োগ কৰে। সমাজতত্ত্বৰ গৱেষকসকলে প্ৰায়োগিক অৰ্থাৎ সামাজিক আঁচনি প্ৰস্তুত আৰু সামাজিক কল্যাণৰ বাবে অধ্যয়ন কৰাৰ লগতে সামাজিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে তাত্বিক অধ্যয়ন কৰে। সমাজতত্ত্বৰ অধ্যয়নৰ বিষয়বস্তু সমাজৰ সূক্ষ্ম পৰ্যায়ৰ পৰা (কৰ্তা আৰু ব্যক্তিৰ আন্তঃক্ৰিয়া) বৃহৎ পৰ্যায়লৈ(সামাজিক পদ্ধতি আৰু সামাজিক সংৰচনা) অন্তৰ্ভুক্ত। মানুহৰ সকলো কাৰ্যকলাপেই সামাজিক সংৰচনা আৰু ব্যক্তিৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াত সংঘটিত হয়। সেয়ে সমাজতত্ত্বই ক্ৰমাগতভাৱে সমাজৰ অন্য বিষয় সমূহ যেনেঃ স্বাস্থ্য, চিকিৎসা ব্যৱস্থা, প্ৰতিৰক্ষা ব্যৱস্থা, ন্যায়ালয়, সংগীত, ইণ্টাৰনেট ইত্যাদি আৰু সংস্থাক ইয়াৰ অধ্যয়নৰ বিষয় কৰি লৈছে।

বিষয় বস্তু

পৰম্পৰাগতভাৱে সমাজতত্ত্বৰ অন্তৰ্গত বিষয়বোৰ হ'ল-

  1. সামাজিক স্তৰীকৰণ,
  2. সামাজিক শ্ৰেণী,
  3. সামাজিক গতিশীলতা,
  4. সামাজিক আন্তঃক্ৰিয়া,
  5. সামাজিক সংস্থা,
  6. সামাজিক সমূহ,
  7. সামাজিক পদ্ধতি,
  8. সামাজিক শৃংখলা,
  9. বিচ্যুতি,
  10. প্ৰতিমান,
  11. লিঙ্গ, ইত্যাদি।

সমাজতত্ত্বীয় অধ্যয়নৰ বিভাজন

সমাজতত্ত্বীয় অধ্যয়নক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল-

  1. ব্যষ্টিবাদী অধ্যয়ন (Micro Study)
  2. সমষ্টিবাদী অধ্যয়ন (Macro Study)

ব্যষ্টিবাদী অধ্যয়ন

সমাজতত্ত্বৰ ব্যষ্টিবাদী অধ্যয়ন হ'ল সমাজৰ ক্ষুদ্ৰ পৰ্যায়ৰ অধ্যয়ন। সমাজৰ ক্ষুদ্ৰ পৰ্যায় হ'ল ব্যক্তিৰ ক্ৰিয়া আৰু আন্তঃক্ৰিয়া (সমাজতত্ত্বত যিহেতু ব্যক্তিক অধ্যয়ন কৰা নহয়) । গতিকে ব্যক্তিৰ ক্ৰিয়া আৰু আন্তঃক্ৰিয়াৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা সামাজিক ঘটনাৰ বিষয়ে অধ্যয়নেই হ'ল ব্যষ্টিবাদী অধ্যয়ন।

সমষ্টিবাদী অধ্যয়ন

সমাজতত্ত্বৰ সমষ্টিবাদী অধ্যয়নে সমাজৰ বৃহৎ পৰ্যায়ত কৰা অধ্যয়নৰ কথা বুজায়। সাধাৰণতে ই সমাজৰ সংৰচনামূলক অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমাজৰ ব্যক্তিসকল বিভিন্ন পদবীত অধিষ্ঠিত হৈ থাকে আৰু এই পদবীসমূহ সংগঠিত কৰি একোটা সংৰচনা গঠন কৰে সামাজিক নীতি-নিয়মে। গতিকে এই সংৰচনা ভিত্তিক যিকোনো সামাজিক ঘটনাৰ অধ্যয়নেই হ'ল সমষ্টিবাদী অধ্যয়ন।

ব্যুৎপত্তি

সমাজতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ Sociology শব্দটো লেটিন শব্দ socius যাৰ অৰ্থ হ'ল

'সংগী' বা 'সমাজ' আৰু গ্ৰীক শব্দ logos যাৰ অৰ্থ হ'ল 'জ্ঞান'ৰ সংযোগত গঢ় লৈ উঠিছে । 

সহায়ক গ্ৰন্থপঞ্জী

  • The American Heritage Science Dictionary.2011.Random House.
  • Dictionary of Social Sciences.2008.Calhoun,Craig(ed.).New York:Oxford University Press.
  • Giddens,Anthony,Duneier,Mitchell,Applebaum,Richard.2007.Introduction to Sociology.Sixth Edition.New York:W.W.Norton and Company.Chapter 1.

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

সমাজতত্ত্ব বিষয় বস্তুসমাজতত্ত্ব ীয় অধ্যয়নৰ বিভাজনসমাজতত্ত্ব ব্যুৎপত্তিসমাজতত্ত্ব সহায়ক গ্ৰন্থপঞ্জীসমাজতত্ত্ব তথ্য সংগ্ৰহসমাজতত্ত্ব বাহ্যিক সংযোগসমাজতত্ত্বইংৰাজী ভাষাইণ্টাৰনেট

🔥 Trending searches on Wiki অসমীয়া:

পৰিৱেশ তন্ত্ৰগুৱাহাটীচিকিৎসা বিজ্ঞানৰুক্মিণী হৰণ নাটঅৰ্জুন ভঞ্জনডিমাছা জনগোষ্ঠীঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাউপেন্দ্ৰনাথ গোস্বামীকালিদাসবিষ্ণুৰাম মেধিসাম্যবাদৰাজ্যসভাঅংগৰাগ মহন্তমালিনী থানলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীভাৰতীয় ৰেলচীনপদাৰ্থৰ অৱস্থামহেশ্বৰ নেওগতথ্য জনাৰ অধিকাৰ আইন, ২০০৫আৰ্যভট্টশচীন তেণ্ডুলকাৰআলি আঃয়ে লৃগাংভাৰতৰ সংবিধান২৬ এপ্ৰিলহাজং জনগোষ্ঠীপঞ্চায়তী ৰাজশিক্ষাৰ অধিকাৰঅনুৰাধাৰ দেশযৌন সংক্ৰামক ৰোগদীপলিনা ডেকাৰাসায়নিক মৌলপীযুষ হাজৰিকাসংগীতডাকৰ বচনঅসমৰ ইতিহাসমানুহব'হাগ বিহুচুতীয়া ৰাজ্যপৰিৱেশ অধ্যয়নমাঘ বিহুমহাসাগৰবেদব্যাসসাক্ষৰতাঅসমৰ চাহ জনগোষ্ঠীতুলাপাতএককোষী জীৱঅযোধ্যা (পৌৰাণিক নগৰ)আল্লাহহেমকোষভৌতিক সংস্কৃতিঅসমীয়া ভাষাহেমচন্দ্ৰ গোস্বামীসাহিত্যঅভিধানপদ (ব্যাকৰণ)ইয়াত এখন অৰণ্য আছিলনামঘৰবিপৰীতাৰ্থক শব্দনিগনিবিয়া নামপায়ু সংগমঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাকাঠনিবাৰী ঘাটলোক-নৃত্যঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলগুৰু আসনযতি-চিনশ্ৰীমদ্ভগৱতগীতাতলাতল ঘৰঅসমৰ মাছ ধৰা সঁজুলিসত্যাগ্ৰহশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমীয়া ভাষাৰ শব্দসম্ভাৰবেদভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহকাৰ্ল মাৰ্ক্সউত্তৰ গুৱাহাটী🡆 More