কৰম পূজা

কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই পূজা সামান্য অমিল হ'লেও মূলতঃ ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ সৈতে।

কৰম পূজা
কৰম পূজা
সম্পূৰ্ণ নাম অসমীয়া: কৰম পূজা
পালন কৰে অসমৰ চাহ জনগোষ্ঠী
প্ৰকাৰ কৃষিভিত্তিক উৎসৱ
অসমৰ উৎসৱ
ভাৰতীয় উৎসৱ

পূজাৰ সময়

অসমত কৰম পৰব বা কৰম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয়। ভাদ, আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়। ক'ৰবাত তিনি দিন, ক'ৰবাত পাঁচ দিন আৰু ক'ৰবাত সাত দিন ধৰি এই পূজা পালন কৰা হয়। ভাদ মাহৰ শুক্লা-একাদশী তিথিত উদযাপন কৰা কৰম পূজাক 'ৰাজ কৰম' বা 'ৰাজি কৰম'বা 'ডাল কৰম' বোলে। আহিন মাহৰ বিজয়া দশমীৰ দিনা উদযাপন কৰা কৰমক 'বুড়ী কৰম' বোলে। আকৌ আঘোণ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা কৰমক 'জিতিয়া কৰম' বোলে।[উদ্ধৃতিৰ প্ৰয়োজন]

কৰম জাৱা

কৰম পূজাৰ জাৱা জগোৱা নামৰ অনুষ্ঠানটোৱেই আটাইতকৈ আৱশ্যকীয় আৰু শ্ৰেষ্ঠ অনুষ্ঠান বুলি গণ্য কৰা হয়। ইয়াত মুখ্যতঃ গাভৰুসকলে আগভাগ লয়। এওঁলোকক 'কৰমতী' আখ্যা দিয়া হয়। এই পূজাৰ পাঁচ বা সাত দিন মানৰ পৰা ব্ৰতত থাকি ঢোল, তাল, বাঁহী আদি বজাই নৈবেদ্য সহকাৰে নৈৰ ঘাটলৈ গৈ, গা ধুই, আৰতি কৰি, লগত নিয়া নতুন পাচি এটাত সকলোৱে একো আজলিকৈ বালি ভৰাই তাতে কৰমতীসকলে নিয়া মাটিমাহ, বুতমাহ, মগুমাহ, ধান, বজৰা, সৰিয়হ আদি ব্যক্তিগতভাৱে চিন ৰাখি সকলোৱে সিঁচি দিয়ে। নিৰ্দিষ্ট পূজাৰ দিনলৈ মাহ-সৰিয়হ আদিয়ে গঁজালি মেলা অৱস্থাটোক জাৱা বোলা হয়। শুক্লা একাদশী তিথিত পৰম আৰাধ্য দেৱতাক স্মৰণ কৰি পূজা আৰম্ভ কৰা হয়। এই পূজাত মূলতঃ ধৰ্ম আৰু কৰ্মৰ জৰিয়তে মানৱ জীৱনৰ উৎকৰ্ষ সাধন কৰিবলৈ বিচৰা হয়।

পূজাৰ বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ 'ঝুমুই গীত' আৰু নৃত্য পৰিৱেশন কৰা হয়।

কৰম পূজাৰ ঝুমুই গীত-নৃত্য

কৰম পূজাত, বিশেষকৈ জাৱাত ঝুমুৰ বা ঝুমুই গীত-নৃত্যৰ বিশেষ ভূমিকা আছে। কৰম জাৱাৰ প্ৰথম দিনা কৰমতী বা নাৰীসকলক প্ৰাধান্য দি ঝুমুই গোৱা হয়:

          কৰম কৰম কহলে আয়ো
          কৰম কৈ-দি কৈসে আয়ো
          শাওন ভাদ চইলে গেল ৰে
          কুমাৰী ছড়ী কৰম গাড়েৰে।

ঝুমুই গীত আৰু নৃত্যৰ আৰম্ভণিত শ্ৰীহৰি, ঢোল, মাদল, ব্ৰজনাৰী আদিৰ উদ্দেশ্যে পৰম্পৰাগতভাৱে গীত-মাত পৰিৱেশন কৰা হয়। এই গীতবোৰত শ্ৰীকৃষ্ণৰ লীলা-খেলা আৰু ৰামায়ণ-মহাভাৰতৰ কাহিনী বৰ্ণোৱা হয়। প্ৰহৰ অনুসৰি ঝুমুই গীতৰ সুকীয়া বৈশিষ্ট্য থাকে। 'ৰেইসকা' সকলে এইবোৰক 'ঝিগা ফুলীয়া গীত', 'সোণাফুলীয়া গীত', গলবাৰীয়া গীত', 'ভিনচৰীয়া গীত' আদি নামেৰে নামকৰণ কৰে। কৰম পূজা হোৱাৰ আগে আগে বয়োজ্যেষ্ঠ এজনে এনেকৈ ঝুমু্‌ই আখৰা আৰম্ভ কৰে:

          আখৰা বন্দনা কৰি
          সৰস্বতী মা কে ধৰি
          আখৰা বন্দনা কৰি
          মদনে ঝুমুই লাগল ভাৰী।

পাছদিনা ৰাতিপুৱা 'ভিনচৰীয়া গীত' গাই আখৰা সমাপ্ত কৰা হয় আৰু কৰমতীসকলে সাতখন আঞ্জাৰে বাহীভাত খাই কৰম দেৱতেক নৈত উটুৱাই দিয়ে। এই মুহূৰ্তত বিষাদ মনেৰে ঝুমুইৰ গোৱা হয়:

          দেহো দেহো কৰম গসাই
          দেহো আশিসষে, দেহো আশিস
          আৱত ভাদ মাস
          আন ঘূৰাই।

শেষত ঝুমুই গীতেৰে কথা কটা-কটি কৰি ডেকা গাভৰুসকল ঘৰমুৱা হ্য় আৰু কৰম পূজাৰো সামৰণি পৰে।

আৰু চাওক

তথ্য সংগ্ৰহ

Tags:

কৰম পূজা পূজাৰ সময়কৰম পূজা কৰম জাৱাকৰম পূজা ৰ ঝুমুই গীত-নৃত্যকৰম পূজা আৰু চাওককৰম পূজা তথ্য সংগ্ৰহকৰম পূজাঅসমৰ চাহ জনগোষ্ঠীকৃষি

🔥 Trending searches on Wiki অসমীয়া:

আনন্দৰাম ঢেকিয়াল ফুকনমাঘ বিহুমঙ্গলদৈ (লোকসভা সমষ্টি)স্বাধীনতা দিৱস (ভাৰত)মনোমতীলক্ষ্যধৰ চৌধুৰীধাতু আৰু অধাতুঅসমৰ পৰম্পৰাগত সাজ-পাৰগণিতঅলিম্পিকশ্ৰীনিবাস ৰামানুজনঅসমীয়া লোক-সংস্কৃতিমোৰো এটা সপোন আছেবলোৰামভক্তি ৰত্নাৱলীকোচ ৰাজবংশপিয়লি ফুকননিমাতী কইনাভাওনামানস ৰাষ্ট্ৰীয় উদ্যানভিটামিননাগৰিকত্ব (সংশোধনী) আইন, ২০১৯শিৱসাগৰৰ শিৱদৌলচলচ্চিত্ৰআত্মসহায়ক গোটশব্দ প্ৰদূষণদ্য টাইমছ অৱ ইণ্ডিয়াঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তমিঠু বৰুৱাঅন্তৰীপ (উপন্যাস)সাগৰ দেখিছা (কবিতা সংকলন)অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদমাধৱদেৱনগাঁও জিলাহেম বৰুৱাঅসমীয়া লোকসাহিত্যবিশেষ্য পদপথৰুঘাটৰ ৰণঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিনিৰুপমা বৰগোহাঞিহেম সৰস্বতীনাৰীবাদগোৱালপাৰাঅসমীয়া লিপিৰ বুৰঞ্জীহেম বৰুৱা (ত্যাগবীৰ)নীলমণি ফুকন (জ্যেষ্ঠ)ধুবুৰী (লোকসভা সমষ্টি)নৱ-বৈষ্ণৱ ধৰ্মপ্লেটোভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহচি++বিপৰীতাৰ্থক শব্দবিশেষ শিক্ষাঅসমৰ ৰেচম শিল্পঅংগৰাগ মহন্তমিয়া খলিফাপিঠাসংঘাতকাৰ্বি জনগোষ্ঠীৰামধেনুচ্যু-কা-ফাকাল সংহতিঅসমীয়া ব্যাকৰণমামণি ৰয়ছম গোস্বামীকোষ (জীৱবিজ্ঞান)অসমৰ শাক-পাচলিৰ তালিকামৃণাল কলিতাগুমৰাগআলেকজেণ্ডাৰ গ্ৰাহাম বে'লহিউৱেন-চাংআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰলিংগ (জৈৱিক)স্বাভাৱিক সংখ্যাজৱাহৰলাল নেহৰুনিচুকনি গীতৰুবুল মাউত২৫ এপ্ৰিল🡆 More