ধান

ধান হৈছে এবিধ খাদ্যশস্য। অসমৰ লগতে ভাৰত তথা প্ৰাচ্যৰ বিভিন্ন দেশত জনপ্ৰিয় ধানৰ প্ৰজাতিটো হৈছে Oryza sativa, যাক সচৰাচৰ এছিয় ধান (Asian rice আৰু চমুকৈ Rice) বোলা হয়। ধান উষ্ণ জলবায়ুত, বিশেষকৈ পূব-এছিয়াত বহুলভাৱে খেতি কৰা হয়। Rice শব্দটো তামিল ভাষাৰ আৰিছি শব্দৰপৰা অহা। আৰবৰ বণিকে ভাৰতৰপৰা আৰিছি নিলে আৰু তাৰ নাম ৰাখিলে - আল ৰুজ (Ul-ruz)। কালক্ৰমত ইয়ে স্পেইনত হৈ পৰিল - আৰোজ (Arroz) আৰু গ্ৰীছত উৰিজা (Oriza)। ফৰাচীত ৰিজ (Riz), ইটালিত ৰিচো (Riso), জাৰ্মানত ৰেইজ (Reis) আৰু শেষত ইংলেণ্ডত ধান হৈ পৰিল ৰাইছ (Rice)।

ধান
ধান
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
(অশ্ৰেণীকৃত): Commelinids
বৰ্গ: Poales
পৰিয়াল: Poaceae
গণ: Oryza
প্ৰজাতি: O. sativa
বৈজ্ঞানিক নাম
Oryza sativa

ইতিহাস

প্ৰায় ১৩০ নিযুত বছৰ আগেয়ে অন্য তৰু-তৃণৰ সৈতে পৃথিৱীত ধান গজি উঠাৰ প্ৰমাণ পোৱা যায়। ১৫, ০০০ বছৰ পূৰ্বে ভাৱতবৰ্ষৰ উত্তৰ আৰু দক্ষিণ হিমালয়ৰ পাদ অঞ্চলত প্ৰাকৃতিকভাৱে ধান গজি উঠিছিল। কালক্ৰমত ই সিঁচৰিত হ'ল ভাৰতৰ উত্তৰ -পূব অঞ্চললৈ আৰু লাহে লাহে দক্ষিণ-পূব এচিয়া আৰু ঘাইকৈ চীনলৈ। জাপানীসকলে ধানৰ কঠীয়া ল'লে পূব চীনৰ পৰা ৩, ০০০ বছৰ পূৰ্বে। খ্ৰিষ্টপূৰ্ব প্ৰায় ৫৪৩ বছৰ আগেয়ে ভাৰতীয় ধান গৈ মালয় আৰু জাভাত সোমাল। ১১ শতাব্দীৰ আশে-পাশে আৰব বনিকে ভাৰতৰপৰা ধান লৈ ইৰান আৰু ইজিপ্তত ব্যৱসায় কৰিলে। তাৰ পৰাই ধান সোমালগৈ স্পেইন আৰু ছিছিলত। নীল নদীৰ পাৰত ধানৰ খেতি আৰম্ভ হয় প্ৰায় ৬৩৯ খ্ৰিষ্টাব্দত। ইটালিত ধানৰ প্ৰবেশ ১৪৫৮ খ্ৰিষ্টাব্দত। ইটালিৰ পৰাই ধান ক্ৰমে বুলগেৰিয়া, যুগোশ্লাভিয়া আৰু ৰোমানিয়ালৈ সম্প্ৰসাৰিত হ'ল। আমেৰিকাত ধানৰ প্ৰথম প্ৰবেশ ১৬০৯ খ্ৰিষ্টাব্দত। আজি এণ্টাৰ্কটিকাৰ বাহিৰে প্ৰায় সমগ্ৰ বিশ্বতে ধানৰ শস্যৰ সিঁচৰিত।

এচিয়া মহাদেশৰ পটভূমিত ধান

  • বিশ্বৰ ৯৮ শতাংশ ধান উৎপাদন হয় এচিয়া মহাদেশত।
  • বিশ্বৰ ৯১ শতাংশ উৎপাদিত ধানৰ চাউল খাদ্য হিচাপে ব্যৱহাৰ হয় এছিয়ান লোকসকলৰ মাজত।
  • পৃথিৱীৰ তিনিখন জনবহুল দেশ চীন, ভাৰত আৰু ইণ্ডোনেছিয়াৰ বাসিন্দাসকলৰ মূল খাদ্য হ'ল ধানৰ পৰা উৎপাদিত খাদ্য সামগ্ৰী।
  • এছিয়াৰ প্ৰায় এক নিযুত লোকে ধান খেতিৰ ওপৰত জীৱন নিৰ্বাহ কৰে।
  • এছিয়ান মানুহ ৰ খাদ্য তালিকাৰ শতকৰা ৭০ ভাগ কেল'ৰি আহে ধানৰপৰা প্ৰস্তুত খাদ্যৰপৰা।

ভাৰতৰ ধান

  • বৈদিক যুগত ভাৰতত প্ৰায় ৪০, ০০০ বিধ ধানৰ প্ৰজাতি পোৱা গৈছিল।
  • ধান শস্যৰ বিশেষজ্ঞ ড॰ ৰিছাৰিয়াই মধ্যপ্ৰদেশছত্তিছগড় অঞ্চলৰপৰাই ২০, ০০০ বিত ধান সংগ্ৰহ কৰিছিল।
  • ভাৰতীয় মূলৰ ধান সাধাৰণতে কীটবিৰোধী আৰু ৰাসায়নিক সাৰ প্ৰয়োগ অবিহনে বাঢ়ন ক্ষমতাসম্পন্ন।
  • ভাৰতত ধান আৰু ধানৰপৰা উৎপাদিত খাদ্য পৰম্পৰাগত সংস্কৃতিৰ সৈতেও যুক্ত।
  • ভাৰতীয় ধান উৎপাদনৰ শতকৰা ৭৫ ভাগেই আহে ১০ বিধ ধানৰপৰা।

ভাৰতবৰ্ষত প্ৰধানকৈ চাৰিবিধ ধানৰ খেতি কৰা হয়। যেনে - শালিধান, আহুধান, বাওধান আৰু বড়োধান।

শালিধান : শালিধান সচৰাচৰ আহাৰ-শাওন মাহৰ আৰম্ভণিতে ৰোৱা হয় আৰু কাতি আঘোন মাহত চপোৱা হয়। শালিধান কেইবা বিধৰো আছে। ঠাই বিশেষে মাটিৰ উৰ্বৰতা আৰু জলবায়ু অনুযায়ী বেলেগ বেলেগ শালিধানৰ খেতি কৰা হয়। ভাৰতবৰ্ষৰ মুঠ উৎপাদিত ধানৰ ২ অংশ শালিধান। শালিধানৰ খেতিয়ে বেছি সময় লয়। এই খেতি দ্বি-ৰোপণ পদ্ধতিৰে কৰা হয়। এই খেতি প্ৰধানকৈ গ্ৰীষ্মকালত পানীৰে উপচি পৰা নিম্নভূমি অঞ্চলত কৰা হয়।

আহুধান : চ'ত বহাগ মাহত অৰ্থাৎ বাৰিষাৰ ঠিক আগে আগে চহ কৰি এইবিধ ধান সিঁচি দিয়া হয়। আহাৰ শাওন মাহত আহুধান চপাব পৰা হয়। আহুধানৰ খেতিত আৰম্ভণিতে শালিধানৰ দৰে অধিক বৃষ্টিপাতৰ প্ৰয়োজন নহয়। কিন্তু মাজে মাজে দুই এজাক কিনকিনিয়া বৰষুণৰ প্ৰয়োজন। বৰষুণ একেবাৰে নহ'লে আহুধানৰ বীজ শুকাই যায়। আহুধানৰ বাবে ওখ মাটিৰ প্ৰয়োজন। এই খেতি জলসিঞ্চন পদ্ধতিৰেও কৰা হয়। আহুধানৰ গড় উৎপাদন শালিধানতকৈ কম। এই ধানৰ চাউল শালিধানৰ চাউলতকৈ মোটা আৰু ৰঙা। সেয়ে ইয়াৰ চাহিদা কিছু কম। আহু ধানৰ খেতিৰ বাবে ফাল্গুন-চ'ত মাহত মাটি ভালকৈ চহাই বন-জাবৰ গুচাই পৰিষ্কাৰ কৰিব লাগে। আৱশ্যক অনুপাতে শুকান গোবৰ নাইবা ৰাসায়নিক সাৰ দিয়া উচিত। মাটি চাহ হ'লে ধান সিঁচি দীঘে-পথালিয়ে দুচাহ হাল বাই, মৈয়াই দিব লাগে। ধান-গছ গজি ১২–১৪ চেণ্টিমিটাৰমান ওখ হ'লে বিন্ধাব লাগে। বিন্ধাই দিয়াৰ পিছত খন্তিৰে বন-পাত গুচাই নিৰাই দিব লাগে।

বড়োধান : এই ধানৰ খেতি পানী জমা হোৱা দ-ঠাইত কৰা হয়। এই খেতি শীতকালত কৰা হয়। পুহমাহৰ শেষত বা মাঘমাহৰ আৰম্ভণিতে বীজ সিঁচি মাঘমাহৰ শেষত বা ফাগুণ মাহত ধান ৰুই বহাগ মাহৰ শেষত বা জেঠ মাহত ধান কটা হয়। বড়ো ধানৰ খেতিৰ কাৰণে বেছি দীঘলীয়া দিনৰ প্ৰয়োজন নহয়। পিতনি, খাল, বিল আদিৰ কাষৰীয়া দ ঠাই চহাই বড়োধানৰ খেতি কৰা হয়। বৰ্তমান অগভীৰ নলী নাদেৰে (Shallow Filter) পানী যোগান ধৰি কিছু ওখ আৰু চৰচাপৰি এলেকাতো বহুলভাৱে বড়োধানৰ খেতি কৰিবলৈ লৈছে।

বাওধান : বাওধানৰ বাবে শালিধানৰ দৰেই দ মাটিৰ প্ৰয়োজন। পিতনি, হোলা বা সদায় পানী বন্ধ হৈ থকা ঠাইৰ ওচৰে-পাজৰে এই ধান ৰোৱা হয়। বাওধানৰ খেতিৰ কাৰণে সময় বেছি লাগে। সাধাৰণতে আঘোন মাহৰ শেষৰ পৰা পুহ মাহৰ শেষলৈকে এই ধান কাটিব পাৰি। এই ধানৰ উৎপাদন কিছু কম।

উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, ব্ৰহ্মপুত্ৰ উপত্যকা, ত্ৰিপুৰা, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী নদীৰ ব-দ্বীপ অঞ্চলত জলসিঞ্চনৰ দ্বাৰা প্ৰচুৰ ধান খেতি কৰা হয়। কাবেৰী নদীৰ ব-দ্বীপত বেছি ধান খেতি হয় বাবে ইয়াক দাক্ষিণাত্যৰ ধানৰ ভৰাল বুলি কোৱা হয়। পাহাৰীয়া ঠাইবিলাকতো ঝুম আৰু বেদিকা কৃষি কৰি ধান উৎপাদন কৰা হয়।

অসমৰ থলুৱা জাতৰ ধান

মাণিকীমধুৰি, ভোগজহা, ৰামপাল জহা, কৃষ্ণজহা, ফুটুকী আহিনী, পছাৰভোগ, টঙাপাছি, বদ্ধনা, গুজুৰি, পেটপাখৰী, কেকোৱা, মইনাগিৰী, বৰা, বোকা, কলমদানি আদি। উজনি অসমৰ যোৰহাট, বিশেষকৈ তিতাবৰ, বৰহোলা আদি ঠাইবোৰত আজিৰ পৰা ৩০ বছৰ মানৰ আগতে কিছুমান থলুৱা জাতৰ ধান পোৱা গৈছিল। সেইবোৰক দুটা ভাগত ভাগ কৰি শালি আৰু লাহি ধান হিচাপে নাম দি লোৱা হৈছিল। সেয়া হ'ল যেনে- বৰধান। ইয়াৰো জাত আছিল দুটা (১) আঁকিবৰ আৰু (২) লথাবৰ। গমিধান, মিচিধান, কণীজহা আদিয়ে আছিল লাহিধান। এতিয়া উন্নত জাত বুলি নতুন কিছুমান ধানৰ বীজ ওলোৱাত সেই আগৰ পুৰণি ধানসমূহ নোহোৱা হ'ল। [উদ্ধৃতিৰ প্ৰয়োজন]

দক্ষিণ কামৰূপৰ থলুৱা জাতৰ ধান

  • বৰাধান : গুৱাহটীয়া বৰা, নল বৰা, গাৰো বৰা, খোপাৰাঙি বৰা আদি।
  • জহা ধান : মাণিকীমধুৰি জহা, ভোগ জহা, কৃষ্ণ জহা, ৰামপাল জহা, ভুবুৰী জহা (শুং থকা) আদি।
  • বদ্ধনা ধান : হাতীমাল বদ্ধনা, জুৰ বদ্ধনা, শিলগুৰি বদ্ধনা বা শিলগুটি বদ্ধনা।
  • গুজুৰি ধান :মণি গুজুৰি, ৰঙা গুজুৰি, বগা গুজুৰি আদি।

ধানৰ পেটেণ্ট

  • ধান শস্যৰ সম্পূৰ্ণ জিন'মৰ অধিকাৰী হ'ল আমেৰিকাৰ কোম্পানি "মিৰিয়াড জেনেটিক্স" (Myriad geneties) আৰু ছুইজাৰলেণ্ডৰ কোম্পানি "ছিনজেণ্টা" (Syngenta)।
  • সম্প্ৰতি বিশ্বত উচ্চ চাহিদা থকা "সোণালী ধান"ৰ (Golden Rice) পেটেণ্ট আছে পশ্চিমীয়া দেশৰ হাতত।
  • ১৬০৯ খ্ৰিষ্টাব্দত প্ৰথম ধানৰ সম্ভেদ পোৱা আমেৰিকা হ'ল সাম্প্ৰতিক কালত ধান ৰপ্তানি কৰা প্ৰথম স্থানৰ দেশ।
  • ভাৰতীয় সুগন্ধি বাচমতি ধানৰ পেটেণ্ট আমেৰিকাৰ কোম্পানি 'ৰাইছ টেক'ৰ (Rice Tec) অধীনত।


তথ্য সংগ্ৰহ

লগতে পঢ়ক

  • Watson, Andrew (1983). Agricultural innovation in the early Islamic world. Cambridge University Press. ISBN 0-521-06883-5. 
  • The genetic wonder of Thai rice. Plan Motif Publisher. 1998. পৃষ্ঠা. 110. 
  • The genetic wonder of Thai rice. Plan Motif Publisher. 1998. পৃষ্ঠা. 110. 
  • Science and technology with Thai rice, National center for genetic engineering. The plublic information department. 2003. পৃষ্ঠা. 30. 
  • The ecology of life. Plan Motif Plubisher. 1998. পৃষ্ঠা. 44. 
  • The genetic wonder of Thai rice. Plan Motif Publisher. 1998. পৃষ্ঠা. 45. 
  • The genetic wonder of Thai rice. Plan Motif Publisher. 1998. পৃষ্ঠা. 110. 
  • The genetic wonder of Thai rice. Plan Motif Publisher. 1998. পৃষ্ঠা. 45. 
  • The genetic wonder of Thai rice. Plan Motif Publisher. 1998. 

বাহ্যিক সংযোগ

Tags:

ধান ইতিহাসধান এচিয়া মহাদেশৰ পটভূমিত ধান ভাৰতৰ ধান অসমৰ থলুৱা জাতৰ ধান ৰ পেটেণ্টধান তথ্য সংগ্ৰহধান লগতে পঢ়কধান বাহ্যিক সংযোগধানঅসমইংলেণ্ডইটালিতামিল ভাষাভাৰতস্পেইন

🔥 Trending searches on Wiki অসমীয়া:

বায়ু প্ৰদূষণউৎসৱঅসমীয়া ব্যাকৰণস্বামী বিবেকানন্দশীতল যুদ্ধনৱকান্ত বৰুৱাপলাশীৰ যুদ্ধৰাসোৎসৱঅপভ্ৰংশপ্ৰবীণা শইকীয়াঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলবিহুৰ বাদ্যযন্ত্ৰমাৰ্ক্সবাদস্বাস্থ্যকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলদুৰ্গাগোলকীকৰণইতিহাসসন্ধিআহোম ৰাজবংশজৈন ধৰ্মআধুনিকতাবাদশাক-পাচলিভূমিকম্পমৌখিক ইতিহাসসন্ধ্যাৰাগ (চলচ্চিত্ৰ)সংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাবুৰঞ্জী সাহিত্যআৰ্যভট্টবাৰ ভূঞাৰংঘৰশ্ৰীমন্ত শংকৰদেৱগগনাভাৰতীয় জাতীয় কংগ্ৰেছসত্যনাথ বৰাশক্তি২৬ এপ্ৰিললক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানমৌলিক সংখ্যানৱ-বৈষ্ণৱ ধৰ্মদেওপাহাৰনদীছোৱাইন ফ্লুসতীকাৰেঙৰ লিগিৰীসংঘাতবড়ো জনগোষ্ঠীঅৰ্জুন ভঞ্জনঅৰুণোদইঅসম চাহজ্যামিতিবানপানীআহোম বিবাহ পৰম্পৰাপাতসৌৰজগতজলবিদ্যুৎঅসমৰ চিত্ৰকলাৰ ইতিহাসহাজোবচন (ব্যাকৰণ)ভাৰতীয় সাহিত্যভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহজুবিন গাৰ্গভাৰত-আৰ্য ভাষা পৰিয়ালৰুক্মিণীঅসমৰ শাক-পাচলিৰ তালিকামাটিৰ হিচাপসংবিধান দিৱস (ভাৰত)ৰাম বিজয়ভাৰতীয় ৰেলহেমচন্দ্ৰ গোস্বামীঅসম বিধানসভাডিগবৈ তেল শোধনাগাৰপৰিৱেশ অধ্যয়নঅনাভেদী যৌনক্ৰিয়াঅসম🡆 More