ইৰান

ইৰান (ইংৰাজী: Iran) হৈছে দক্ষিণ-পশ্চিম এছিয়াৰ পাৰস্য উপসাগৰৰ তীৰত অবস্থিত এখন ৰাষ্ট্ৰ। ইৰান বিশ্বৰ সকলোতকৈ বেছি পৰ্বতমালাৰ দেশৰ ভিতৰত অন্যতম; ইয়াত হিমালয়ৰ পাছতেই এছিয়াৰ সৰ্বোচ্চ পৰ্বত ডামভান্দ অৱস্থিত। দেশৰ জনগণ জাতিগত আৰু ভাষাগতভাৱে বিচিত্ৰ হ'লেও ইয়াৰ প্ৰায় সকলো লোকেই মুছলিম। শতাব্দী শতাব্দী ধৰি এই অঞ্চলটো ইছলামৰ ছিয়া মতাৱলম্বীসকলৰ কেন্দ্ৰ। ইৰানত বিশ্বৰ অন্যতম বৃহৎ খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে। পাৰস্য উপসাগৰৰ অন্যান্য তেলসমৃদ্ধ দেশৰ দৰে ইৰানৰ তেল ৰপ্তানি ২০শ শতিকাত আৰম্ভ হৈছিল আৰু দেশৰ অৰ্থনীতিৰ মূল চালিকাশক্তি।

ইছলামী প্ৰজাতন্ত্ৰী ইৰান
جمهوری اسلامی ایران
দ্জুম্‌হুৰিয়ে এশ্লমিয়ে ইৰণ্
ইৰান ইৰান
নীতিবাক্য
استقلال. آزادی. جمهوری اسلامی
স্বাধীনতা, মুক্ততা, ইছলামীক প্ৰজাতন্ত্ৰ
ৰাষ্ট্ৰীয় সঙ্গীত
ছুৰুউদ-এ মেল্লি-এ জুমহুৰি-এ এছলামি-এ ইৰান  (চৰকাৰী)
এৱ ইৰান  (দ্য ফেক্ট')
(ফাৰ্চী: ও ইৰান)
ইৰান-ৰ অৱস্থান
ইৰান-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
তেহৰাণ
35°41′N 51°25′E / 35.683°N 51.417°E / 35.683; 51.417
ৰাষ্ট্ৰভাষা (সমূহ) ফাৰ্ছি
অন্যান্য ভাষা আৰ্মেনীয়, আছিৰীয় নব্য-আৰামীয়, আজাৰবাইজানি, কুৰ্দি, লৰি, বেলুচি, আৰৱী, তুৰ্কমেনীয়
জাতীয়তাসূচক বিশেষণ ইৰানীয়ান
চৰকাৰ ইছলামী প্ৰজাতন্ত্ৰ
 -  সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি
 -  ৰাষ্ট্ৰপতি আয়াতুল্লাহ ৰুহানি
 -  প্ৰথম উপৰাষ্ট্ৰপতি মহম্মদ-ৰাজা ৰাহিমি
 -  বিধানসভাৰ প্ৰবক্তা আলি লাৰিজানি
 -  প্ৰধান বিচাৰপতি আলি লৰিজানি
একত্ৰীকৰণ
 -  মধ্যস্থিত সাম্ৰাজ্য খ্ৰীষ্টপূৰ্ৱ ৬২৫ 
 -  ছাফাভিড সাম্ৰাজ্য ১৫০১ 
 -  ইছলামী প্ৰজাতন্ত্ৰ ১ এপ্ৰিল ১৯৭৯ 
 -  বৰ্তমানৰ সংবিধান ২৪ অক্টোবৰ ১৯৭৯ 
মাটিকালি
 -  মুঠ ১৬,৪৮,১৯৫ বৰ্গ কিমি (১৮তম)
৬,৩৬,৩৭২ বৰ্গ মাইল 
 -  জলভাগ (%) ০.৭ (১১,৫৩৭ বৰ্গ কিমি)
জনসংখ্যা
 -  2010 আনুমানিক ৭,৬৯,২৩,৩০০ (১৭তম)
 -  ২০১০ লোকপিয়ল ৭,৪৭,০০,০০০ 
 -  ঘনত্ব ৪৫ প্ৰতি বৰ্গকিমি (১৬৩তম)
১১৬.৬ প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০১০ আনুমানিক
 -  মুঠ $৫৮৬৫.২ কোটি (১৮তম)
 -  জনমুৰি $১১,৩৯৫ 
জিডিপি (নামমাত্ৰ) ২০১০ আনুমানিক
 -  মুঠ ৩৫৯৯৭ কোটি 
 -  জনমুৰি $৪,৭৭৭ 
জিনি সহগ? (২০০৮) ৩৮ (মধ্যম
মানৱ উন্নয়ন সূচক (২০১০) বৃদ্ধি ০.৭০২ (উচ্চ) (৭০তম)
মুদ্ৰা ৰিয়েল (﷼) (IRR)
সময় অঞ্চল IRST (ইউটিচি+৩:৩০)
 -  গ্ৰীষ্মকালীন (ডিএছটি) ইৰান দিবালোক সংৰক্ষণ সময় (IIRD) (ইউটিচি+৪:৩০)
গাড়ী চলোৱা হয় সোঁফালে
ইণ্টাৰনেট টিএলডি .ir
কলিং ক'ড +৯৮
1 Bookrags.com
2 Iranchamber.com
3 ষ্টেটিছটিকেল চেণ্টাৰ অৱ ইৰান. "جمعيت و متوسط رشد سالانه" (পাৰ্ছিয়ান ভাষাত). http://www.sci.org.ir/content/userfiles/_sci/sci/SEL/f02/2.1.html। আহৰণ কৰা হৈছে: ২০০৯-০২-১৩. 
4 CIA Factbook

খ্ৰীষ্টপূৰ্ৱ ৬ষ্ঠ শতাব্দীত বৰ্তমান ইৰান আছিল বিশ্ব শ্ৰেষ্ঠ পাৰস্য সাম্ৰাজ্যৰ কেন্দ্ৰ। প্ৰায় ২০০০ বছৰ ধৰি এই অঞ্চলৰ অধিবাসীয়ে নিজৰ দেশক "ইৰান" (ইৰণ্) নামেৰে মাতে। ইৰান নামটো, এই এলেকাত বসতি স্থাপনকাৰী আৰ্য গোত্ৰৰ নামৰ পৰা লোৱা হৈছে। কিন্তু গ্ৰীকত এই অঞ্চলক পাৰ্ছ (বৰ্তমান ইৰানৰ ফাৰ্ছ প্ৰদেশ) বুলি কয়, আৰু সেইবাবে ইউৰোপীয় ভাষাত ইয়াৰ নাম হয় পাৰ্ছিয়া বা পেৰ্ছিয়া। ১৯৩৫ চনত ইৰানৰ শাসকসকলে দেশখনক কেৱল "ইৰান" বুলি কবলৈ অনুৰোধ জনোৱাৰ পৰা সমগ্ৰ বিশ্বত দেশখন এই নামেৰেই পৰিচিত হয়। ১৫০১ চনৰ পৰা ১৯৭৯ চন পৰ্যন্ত ৰাজতন্ত্ৰী ইৰান হয় শ্বাহ নাইবা ৰজাই শাসন কৰিছিল। ১৯৭৯ চনত ইৰানী বিপ্লৱ গণঅভ্যুত্থানৰ মাধ্যমেৰে ৰাজতন্ত্ৰৰ পতন ঘটে আৰু ইৰানত এক ইছলামী প্ৰজাতন্ত্ৰ স্থাপন হয়।

ইৰান ভৌগোলিক আৰু সাংস্কৃতিকভাৱে মধ্যপ্ৰাচ্যৰ পূৱপ্ৰান্তত অৱস্থিত এক সম্পৰ্কীত অঞ্চল। ইয়াৰ উত্তৰে আৰ্মেনিয়া, আজাৰবাইজান, কাস্পিয়ান সাগৰ আৰু তুৰ্কমেনিস্তান; পূৱে আফগানিস্তান আৰু পাকিস্তান; দক্ষিণে ওমান উপসাগৰ, হৰমুজ প্ৰণালী আৰু পাৰস্য উপসাগৰ, আৰু পশ্চিমে ইৰাক আৰু তুৰষ্ক আছে। তেহৰাণ ইৰানৰ বৃহত্তম চহৰ আৰু ৰাজধানী; চহৰখন ইৰানৰ উত্তৰ অঞ্চলত অৱস্থিত।

ভূগোল

ইৰান 
ইৰানৰ ভূ-সংস্থানিক মানচিত্ৰ

ছৌদি আৰৱৰ পিছতেই ইৰান হৈছে মধ্যপ্ৰাচ্যৰ দ্বিতীয় বৃহত্তম দেশ। দেশখনৰ মুঠ আয়তন ১,৬৪৮,০০০ বৰ্গ কিলোমিটাৰ। দেশখনৰ আকৃতি প্ৰায় ত্ৰিভুজাকৃতিৰ, যাৰ দীৰ্ঘতম বাহু প্ৰায় ২,৫০০ কিমি দীঘল আৰু ই উত্তৰ-পশ্চিমে তুৰস্ক সীমান্তৰ পৰা আৰম্ভহৈ দক্ষিণ-পূৱৰ পাকিস্তান সীমান্তত শেষ হৈছে। উত্তৰ-দক্ষিণে ইৰানৰ সৰ্বোচ্চ বিস্তাৰ ১,৬০০ কিমি, আৰু পূৱ-পশ্চিমে ১,৭০০ কিমি।

জনসংখ্যা

২০০৬ চনৰ লোকপিয়ল অনুযায়ী ইৰানৰ জনসংখ্যা ৭,০০,৪৯,২৬২ জন। ইয়াৰ ভিতৰত এক-চতুৰ্থাংশৰ বয়স ১৫ বছৰ বা তাতকৈ কম। ইৰান জাতিগতভাৱে আৰু ভাষাগতভাৱে এক বিচিত্ৰ দেশ। তেহৰাণৰ দৰে কিছুমান চহৰত বিভিন্ন জাতিৰ লোকৰ সহাৱস্থান পৰিলক্ষিত হয়। ইয়াৰোপৰি প্ৰায় ৪০ লাখ ইৰানী বহিঃদেশত, মূলতঃ উত্তৰ আমেৰিকা, পশ্চিম ইউৰোপ, তুৰষ্ক, পাৰস্য উপসাগৰীয় দেশসমূহ আৰু অষ্ট্ৰেলিয়াত প্ৰৱাসী হিচাপে বসৱাস কৰে। চিআইএ ফেক্টবুক অনুসৰি ইৰানত বাস কৰা বিভিন্ন জাতিসমূহ এনেধৰণৰ: পাৰ্ছিক জাতি ৫১%, আজেৰি জাতি ২৪%, গিলাকি জাতি আৰু মাজান্দাৰাণী জাতি ৮%, কুৰ্দি জাতি ৭%,আৰৱ জাতি ৩%, লুৰ জাতি২%, বেলুচি জাতি ২%, তুৰ্কমেন জাতি ২% আৰু অন্যান্য ১%।

ধৰ্ম

জাফৰি ছিয়া ইছলাম ১৬শ শতকৰ পৰা ইৰানৰ ৰাষ্ট্ৰধৰ্ম। ছিয়া মুছলিমসকল আৰৱ আৰু মুছলিম বিশ্বৰ অন্যান্য ছুন্নী মুছলিমসকলৰ সৈতে হজৰত মহম্মদৰ (ছাঃ) উত্তৰাধিকাৰী হয়নে নহয় সেই বিষয়ে মতভেদ প্ৰকাশ কৰে। ইৰানৰ ১৯৭৯ চনৰ সংবিধানত ছিয়া ধৰ্মগুৰুক সৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীত স্থান দিয়া হৈছে। ইৰানৰ প্ৰায় ৯৩% মুছলিম ছিয়া ধৰ্মাৱলম্বী আৰু ইয়াৰ প্ৰায় সকলোৱেই জাফৰি ছিয়া মতবাদত বিশ্বাসী। জাফৰি ছিয়াৰ মতে মহম্মদৰ ১২জন উত্তৰাধিকাৰী ইমাম আছিল। ইৰানৰ বাকী জনগণ ছুন্নী ধৰ্মাৱলম্বী। বিভিন্ন সময়ত মিশ্ৰ ধৰ্মৰ লোকেৰে গঠিত চহৰত ধৰ্মীয় উৎসৱৰ সময়ত ধৰ্মীয় উত্তেজনা পৰিলক্ষিত হয়। ছুফিবাদ বা ইছলামী আধ্যাত্ম্যবাদ ইৰানীসকলৰ মাজত অতি জনপ্ৰিয়। ইয়াৰোপৰি ইৰানত আৰ্মেনীয় আৰু আছিৰীয় খ্ৰীষ্টান, ইহুদী আৰু জৰথুষ্ট্ৰবাদী লোকৰ সৰু সৰু সম্প্ৰদায়ো আছে। ১৯শ শতকত বাহাইবাদৰ আবিৰ্ভাৱ ঘটে। ১৯৭৯ চনত ইৰানত ইছলামী প্ৰজাতন্ত্ৰৰ প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা চৰকাৰৰ ৰোষত পৰে যদিও, বাহাই ধৰ্মৰো বহু হাজাৰ অনুসৰণকাৰী আছে।

ভাষা

ইৰানত মূলতঃ তিনিটা ভাষাপৰিয়ালৰ ভাষা প্ৰচলিত: ইৰানীয়, তুৰ্কীয় আৰু ছেমিটীয় ভাষাসমূহ। সকলোতকৈ বেছি ভাষা-ভাষীবিশিষ্ট আৰু ভৌগোলিকভাৱে সকলোতকৈ বেছি বিস্তৃত ভাষাপৰিয়াল হৈছে ইৰানীয় ভাষাসমূহ। ইয়াৰ ভিতৰত ফাৰ্ছি ভাষা প্ৰধানতম ভাষা। ফাৰ্ছি ইৰানৰ জাতীয় ভাষা। ইৰানৰ ফাৰ্ছ প্ৰদেশত প্ৰচলিত ভাষাৰ পৰা ইয়াৰ উৎপত্তি আৰু ইয়াৰ লিখিত ভাষাৰ ইতিহাস ১০০০ বছৰতকৈও অধিক পুৰণি। অন্যান্য ইৰানীয় ভাষাসমূহৰ ভিতৰত পশ্চিম ইৰানৰ কুৰ্দী ভাষা, উত্তৰ-পশ্চিমৰ তাটি উটালিছি ভাষা, এলবুৰ্জ পৰ্বতমালাৰ উত্তৰ অংশৰ মাজান্দাৰাণী উগিলাকি ভাষা, আৰু দক্ষিণ-পূৱ ইৰানৰ বেলুচি ভাষা অন্যতম। ইৰানত প্ৰচলিত তুৰ্কীয় ভাষাসমূহৰ ভিতৰত উত্তৰ-পশ্চিমৰ আজাৰবাইজানি ভাষা আৰু উত্তৰ-পূৱৰ তুৰ্কমেন ভাষা প্ৰধান। ইয়াৰোপৰি ইৰানৰ দক্ষিণ-পশ্চিমৰ খোজেস্তান প্ৰদেশ আৰু পাৰস্য উপসাগৰৰ উপকূল অঞ্চলত ছেমিটীয় ভাষাপৰিয়ালৰ আৰৱী ভাষাৰ প্ৰচলন পৰিলক্ষিত হয়।

আধুনিক ফাৰ্ছি ভাষা ইৰানৰ চৰকাৰী ভাষা। ফাৰ্ছি হৈছে এটা প্ৰাচীন সাহিত্যিক ভাষা। ৭ম শতাব্দীৰ আৰৱৰ আক্ৰমণৰ আগতে এই ভাষা পাহলভী লিপিত লিখা হৈছিল। ৯ম আৰু ১০ম শতাব্দীত ভাষাটো আৰৱী লিপি ব্যৱহাৰ কৰি লিখিবলৈ আৰম্ভ কৰা হয়। ১৯৫০ চনলৈকে কথিত ফাৰ্ছি অনেক স্বতন্ত্ৰ উপভাষা আছিল, তাৰ পিছৰ পৰা চৰকাৰী শিক্ষা আৰু গণমাধ্যমৰ প্ৰসাৰৰ ফলত এক মান্য কথিত ফাৰ্ছি ভাষাৰ উদ্ভৱ ঘটে। ইৰানৰ কিছু ভাষিক সংখ্যালঘুৰ নিজস্ব প্ৰচাৰ মাধ্যম আৰু প্ৰকাশনাত তুৰ্কী, আজেৰি, কুৰ্দী, আৰৱী, আৰু আৰ্নেনীয় আদি ভাষাৰো ব্যৱহাৰ কৰা দেখা পোৱা যায়।

তথ্য সংগ্ৰহ

Tags:

ইৰান ভূগোলইৰান জনসংখ্যাইৰান ধৰ্মইৰান ভাষাইৰান তথ্য সংগ্ৰহইৰানইংৰাজী ভাষাএছিয়ামুছলিমহিমালয়

🔥 Trending searches on Wiki অসমীয়া:

বহুমূত্ৰ ৰোগভাৰতৰ উপৰাষ্ট্ৰপতিঅষ্ট্ৰেলিয়াচৈয়দ আব্দুল মালিকজলসিঞ্চনমোহনদাস কৰমচান্দ গান্ধীবিশ্ব গ্ৰন্থ দিৱসকথা-ভাগৱতচি++ৰাজনীতিঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগমিচিং জনগোষ্ঠীৰ সাজপাৰভাওনাকেঁচুশিৱসাগৰৰ শিৱদৌলঅসমীয়া লোকসাহিত্যবৰগীতভাৰতৰ প্ৰধানমন্ত্ৰীভূপেন হাজৰিকাসৌৰভ কুমাৰ চলিহাপীতাম্বৰ কবিকৃষ্ণ ভূঞাভগদত্তমহিলাৰ বিৰুদ্ধে হিংসাকেশৱ মহন্তঅসমৰ পৰম্পৰাগত খেল-ধেমালিউইলিয়াম শ্বেইকছপীয়েৰস্বৰাজসৰস্বতী পূজা২৫ এপ্ৰিলঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯মহিম বৰাভাৰতত বনাঞ্চল ধ্বংসনীলমণি ফুকন (কনিষ্ঠ)কালিদাসভীমৰাও ৰামজী আম্বেদকাৰঅসমৰ মাছ ধৰা সঁজুলিপ্ৰাকৃতিক পৰিৱেশমুগা (ৰেচম)সম্পাদনাউমাকান্ত শৰ্মাভাৰত ৰত্নশিশু সাহিত্যকাৰাটেঋতুকমলাকান্ত ভট্টাচাৰ্য্যবড়ো চুক্তি ২০২০বড়ো ভাষাআহোম ধৰ্মৰাম সৰস্বতীগণৰাজ্য দিৱস (ভাৰত)বক ফুলকামৰূপ জিলাজেং বিহুইয়াত এখন অৰণ্য আছিলখোলনিৰ্মলপ্ৰভা বৰদলৈবিহুগীতচোৰধৰাৰামমোহন ৰায়তামোলফলভাষাবিজ্ঞানডিব্ৰুগড়অসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতভট্টদেৱওজাপালিভাৰত-চীন যুদ্ধঅসমীয়া সাহিত্যগৰুঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাআনন্দ চন্দ্ৰ আগৰৱালামৈদামভাৰতৰ জাতীয় পতাকাঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহঅসমীয়া উপন্যাস🡆 More