ফাৰ্চী ভাষা: পশ্চিমীয় ইৰাণীয় ভাষা

ফাৰ্চী ভাষা বা পাৰ্ছিয়ান ভাষা (ইংৰাজী: Persian language) হৈছে এটা পশ্চিমীয় ইৰাণীয় ভাষা যিটো ইণ্ডো ইউৰোপীয়ান ভাষাসমূহৰ ইণ্ডো ইৰাণীয়ান বিভাগৰ ইৰাণীয়ান শাখা। এই ভাষাটো ইৰান, আফগানিস্তান আৰু তাজিকিস্তানত ক্ৰমে ইৰাণীয়ান ফাৰ্চী, ডাৰি ফাৰ্চী (১৯৫৮ চনৰ পৰা চৰকাৰীভাৱে ডাৰি) আৰু তাজিক ফাৰ্চী (ছোভিয়েটৰ সময়ৰ পৰা কেৱল তাজিক) হিচাপে তিনিটা বিশেষ ৰূপত চৰকাৰীভাৱে ব্যৱহাৰ কৰা হয়। তদুপৰি ইয়াৰ তাজিক ৰূপটো উজবেকিস্তানত বৃহৎ সংখ্যক লোকে ব্যৱহাৰ কৰে। ইৰান আৰু আফগানিস্তানত আৰবী লিপিৰ পৰা অহা পাৰ্ছিয়ান বৰ্ণমালা ব্যৱহাৰ কৰা হয়। আনহাতে তাজিকিস্তানত চিৰালিকৰ পৰা অহা তাজিক বৰ্ণমালা ব্যৱহাৰ কৰা হয়।

ফাৰ্চী ভাষা
فارسی (fārsi), форсӣ (forsī)
ফাৰ্চী ভাষা: পশ্চিমীয় ইৰাণীয় ভাষা
Fārsi written in Persian calligraphy (Nastaʿlīq)
উচ্চাৰণ সাঁচ:IPA-fa
থলুৱা অঞ্চল
জাতীয়তা Persians
স্থানীয় ভাষিক
70 million
(110 million total speakers)
ভাষা পৰিয়াল
Indo-European
  • Indo-Iranian
    • Iranian
      • Western Iranian
        • Southwestern Iranian
          • ফাৰ্চী ভাষা
পূৰ্বসূৰী
Old Persian
  • Middle Persian
মান্য ৰূপ
Iranian Persian
Dari
Tajik
উপভাষা *Iranian Persian
  • Dari
  • Tajik
  • Bukhori
  • Pahlavani
  • Hazaragi
  • Aimaq
  • Judeo-Persian
  • Dehwari
  • Judeo-Tat
  • Caucasian Tat
  • Armeno-Tat
লিখন প্ৰণালী
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
নিয়মাধীন হয়
  • Academy of Persian Language and Literature (Iran)
ভাষা সংকেত
ISO 639-1 fa
ISO 639-2 per (B)
fas (T)
ISO 639-3 fas – inclusive code
Individual codes:
pes – Iranian Persian
prs – Dari
tgk – Tajik
aiq – Aimaq dialect
bhh – Bukhori dialect
haz – Hazaragi dialect
jpr – Judeo-Persian
phv – Pahlavani
deh – Dehwari
jdt – Judeo-Tat
ttt – Caucasian Tat
গ্লোটোলগ fars1254
লিংগোৱাস্ফেয়াৰ
58-AAC (Wider Persian)
> 58-AAC-c (Central Persian)
ফাৰ্চী ভাষা: পশ্চিমীয় ইৰাণীয় ভাষা
Areas with significant numbers of people whose first language is Persian (including dialects)
ফাৰ্চী ভাষা: পশ্চিমীয় ইৰাণীয় ভাষা
  Countries where Persian is an official language
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

ফাৰ্চী ভাষা চাচানিয়ান সাম্ৰাজ্য (২২৪-৬৫১ খ্ৰী:)-ত ব্যৱহাৰ হোৱা মধ্য ফাৰ্চী (Middle Persian) ভাষাৰ পৰা আহিছে আৰু এই মধ্য ফাৰ্চী ভাষা আকামেনিড সাম্ৰাজ্য (৫৫০-৩৩০খ্ৰী:পূ:)-ৰ প্ৰাচীন ফাৰ্চী ভাষা(Old Persian Language)ৰ পৰা আহিছে। এই ভাষাটো দক্ষিণ পশ্চিম ইৰাণৰ ফাৰচ(Fars) অঞ্চলত সৃষ্টি হৈছিল। আৰু ইয়াৰ ব্যাকৰণো বহুত ইউৰোপীয় ভাষাৰ সৈতে একে।

সমগ্ৰ ইতিহাসত ফাৰ্চী হৈছে এটা সন্মানজনক সাংস্কৃতিক ভাষা যিটো পশ্চিম এছিয়া,মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ বিভিন্ন ৰাজবংশই ব্যৱহাৰ কৰিছিল। প্ৰাচীন ফাৰ্চী ভাষা ষষ্ঠ আৰু চতুৰ্থ খ্ৰীষ্টপূৰ্বলৈ পুৰণি ফাৰ্চী লিপিৰ সৈতে পোৱা গৈছে। মধ্য ফাৰ্চীৰ সাহিত্যসমূহ তৃতীয়ৰ পৰা দশম শতাব্দীলৈ মূলতঃ পাৰ্থিয়ান সাম্ৰাজ্যৰ সময়ছোৱাত ৰছিত জোৰাষ্ট্ৰিয়ান আৰু মেনিকেইন ধৰ্মপুথিসমূহত আৰ্মাণিকৰ পৰা উদ্ভৱ হোৱা লিপিৰ সৈতে পোৱা যায়। ইয়াৰ পিছত ইৰানত আৰবৰ আক্ৰমণৰ পিছত আৰবী লিপি গ্ৰহণ কৰাৰে পৰা নতুন ফাৰ্চী সাহিত্যৰ বিকাশ ঘটিবলৈ আৰম্ভ কৰে। ফাৰ্চী হৈছে প্ৰথমটো ভাষা যিয়ে মুছলিম বিশ্বত আৰবী ভাষাৰ আধিপত্য ভংগ কৰিবলৈ সক্ষম হৈছিল। যিহেতু প্ৰাচ্যৰ বহুতো দৰবাৰত ফাৰ্চী কবিতাক প্ৰাধান্য দিয়া হৈছিল। মধ্য ফাৰ্চীৰ বিখ্যাত কামসমূহ হৈছে ফিৰদৌছিৰ চাহনামেহ, ৰুমিৰ কৰ্মসমূহ, ওমৰ খৈয়ামৰুবায়েট, নিজামি গঞ্জভিৰ পাঞ্জ গঞ্জ, আট্টাৰ অৱ নিশাপুৰৰ দ্য কনফাৰেন্স অৱ বাৰ্ডছ আৰু সাদি শিৰাজিৰ গুলিস্তান আৰু বুস্তান।

ফাৰ্চী ভাষাই চুবুৰীয়া তুৰ্কী, আৰ্মেনিয়ান, জৰ্জিয়ান আৰু ইণ্ডো আৰ্য (বিশেষকৈ উৰ্দু আৰু দোভাষী) ভাষাত উল্লেখযোগ্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছিল। তদুপৰি মধ্যযুগৰ আৰবৰ শাসনৰ সময়ছোৱাত আৰবী ভাষালৈ শব্দ সম্ভাৰৰ অৱদান আগবঢ়াবলৈ সক্ষম হৈছিল।

ফাৰ্চী, তাজিক, হাজাৰা, ককেছীয় তাত আৰু আইমাকসকলক মিলাই সমগ্ৰ বিশ্বত প্ৰায় ১১ কোটি ফাৰ্চীভাষী লোক আছে।

ভাৰতত পাৰ্চী মানুহ

তথ্য সংগ্ৰহ

Tags:

আফগানিস্তানইংৰাজী ভাষাইৰানতাজিকিস্তান

🔥 Trending searches on Wiki অসমীয়া:

ভট্টদেৱসন্ধ্যাৰাগ (চলচ্চিত্ৰ)পদাৰ্থৰ অৱস্থাঅণুগল্পআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰউত্তৰ গুৱাহাটীধানবহনক্ষম উন্নয়নৰ লক্ষ্যইয়াণ্ডাবু সন্ধিবহনক্ষম ভূমি ব্যৱস্থাপনাভটিমাযোৰহাট জিলাআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিআন্তৰ্জাতিক মানৱ অধিকাৰ আইনঅসমীয়া ভাষা আন্দোলনদশাৱতাৰবিজ্ঞাপননীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাশিৱজ্ঞানপীঠ বঁটাসংক্ৰমণবিত্তীয় ব্যৱস্থাভাৰতীয় ৰেলএচিদ বৰষুণৰাজনীতিশালস্তম্ভ ৰাজবংশঅসমৰ মহকুমাসমূহৰ তালিকাদিনভাৰতৰ উপৰাষ্ট্ৰপতিযৌন সংগমবানপানীব'হাগ বিহুকামৰূপ ৰাজ্যচৰকাৰভলিবলৰাজ্যসভাকোণহেমচন্দ্ৰ গোস্বামীমেঘালয়ৰ মাতৃবংশীয় সমাজভেদাই লতাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনহুঁচৰিচৰ্যাপদশ্বিলংইণ্টাৰনেটএৰী ৰেচমমৌখিক পৰম্পৰাশিশু সাহিত্যলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীমণিৰাম দেৱান (চলচ্চিত্ৰ)আফগানিস্তানশোণিত কুঁৱৰীজৈৱ বৈচিত্ৰ্যকাৰ্বি আংলং জিলাঅম্বিকাগিৰি ৰায়চৌধুৰীসাত বিহুআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিভাৰত ত্যাগ আন্দোলনপূৰ্ণ স্বৰাজবিষুৱ ৰেখাএলবাৰ্ট আইনষ্টাইনমোৰ জীৱন সোঁৱৰণঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহঅমিয় কুমাৰ ভূঞামনোবিজ্ঞানকামৰূপী লোকগীতনুৰ জাহান (মোগল সম্ৰাজ্ঞী)বনঘোষানামঘোষাঢ়হোমেন বৰগোহাঞিচাইকেলমাধৱী লতাপায়ু সংগমচ্যু-কা-ফাপৰ্যাবৃত্ত তালিকা🡆 More