চাউল: বাহিৰৰ আৱৰণটো গুচোৱাৰ পাছত ধানৰ গুটি

চাউল (ইংৰাজী: Rice) হৈছে অৰাইজা ছেটিভা (Oryza sativa, এছিয়ান ধান) বা সচৰাচৰ কম ব্যৱহাৰ হোৱা অৰাইজা গ্লেবেৰিমা (Oryza glaberrima, আফ্ৰিকান ধান) নামৰ ঘাঁহজাতীয় উদ্ভিদ প্ৰজাতিৰ বীজ। বনৰীয়া ধান শব্দটো সাধাৰণতে খেতিৰ বাবে উপযুক্ত জিজানিয়া (Zizania) আৰু পোৰ্টেৰেচিয়া (Porteresia) গণৰ প্ৰজাতিসমূহৰ বাবে ব্যৱহাৰ কৰা হয়, অৱশ্যে এই শব্দটো অৰাইজা গণৰ আদিম বা খেতি নকৰা প্ৰকাৰসমূহৰ বাবেও ব্যৱহাৰ কৰা হ'ব পাৰে।

চাউল: বাহিৰৰ আৱৰণটো গুচোৱাৰ পাছত ধানৰ গুটি
মুগা, বগা আৰু ৰঙা ইণ্ডিকা চাউলৰ মিশ্ৰণ, লগত জিজানিয়া (Zizania) প্ৰজাতিৰ বনৰীয়া চাউলো আছে।

খাদ্য শস্য হিচাপে, ঘৰুৱা চাউল হৈছে বিশ্বৰ মানৱ জনসংখ্যাৰ আধাতকৈও অধিক লোকৰ বাবে বিশেষকৈ এছিয়া আৰু আফ্ৰিকাৰ সৰ্বাধিক ব্যৱহৃত মুখ্য খাদ্য। কুঁহিয়াৰ (১.৯ বিলিয়ন মেট্ৰিক টন) আৰু মাকৈ (১ বিলিয়ন মেট্ৰিক টন)ৰ পিছত ই হৈছে বিশ্বব্যাপী তৃতীয় সৰ্বাধিক উৎপাদিত (চাউল, ২০১৪ চনত ৭৪১.৫ মিলিয়ন মেট্ৰিক টন) কৃষিজাত সামগ্ৰী। যিহেতু কুঁহিয়াৰ আৰু মাকৈ শস্যৰ বৃহৎ অংশ মানুহৰ ব্যৱহাৰৰ বাহিৰেও আন উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয়, সেয়ে মানুহৰ পুষ্টি আৰু কেলৰি গ্ৰহণৰ ক্ষেত্ৰত চাউল হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য শস্য। মানুহে বিশ্বজুৰি গ্ৰহণ কৰা কেলৰিৰ এক-পঞ্চমাংশতকৈ অধিক কেলৰি চাউলৰ পৰা আহৰণ কৰে। বিশ্বত বিভিন্ন প্ৰকাৰৰ চাউল পোৱা যায় আৰু ইয়াৰ ৰন্ধন প্ৰণালীও অঞ্চলভেদে পৃথক হোৱাৰ দেখা যায়।

চাউল: বাহিৰৰ আৱৰণটো গুচোৱাৰ পাছত ধানৰ গুটি
বতাহৰ দ্বাৰা পৰাগন হোৱা অৰাইজা ছেটিভাৰ সৰু ফুল

ধান খেতি কৰাৰ পৰম্পৰাগত পদ্ধতি হৈছে কঠীয়া ৰোপণ কৰাৰ সময়ত বা পিছত পথাৰ প্লাৱিত কৰা। এই সৰল পদ্ধতিৰ বাবে সুন্দৰ জলসিঞ্চন পৰিকল্পনাৰ প্ৰয়োজন যদিও ই অপতৃণ আৰু কীট−পতংগৰ বিকাশ হ্ৰাস কৰে। ধান খেতিৰ বাবে পথাৰ প্লাৱিত কৰাটো বাধ্যতামূলক নহয় যদিও, জলসিঞ্চনৰ আন সকলো পদ্ধতিৰ বাবে উদ্ভিদৰ বিকাশৰ সময়ত অপতৃণ আৰু কীট−পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থা আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ বাবে এক পৃথক পদ্ধতিৰ প্ৰয়োজন হয়।

সাধাৰণতে বাৰ্ষিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়, যদিও ক্ৰান্তীয় এলেকাত ই বহু−বাৰ্ষিক উদ্ভিদ হিচাপেও জীয়াই থাকিব পাৰে আৰু ৩০ বছৰলৈকে শস্য উৎপাদন কৰিব পাৰে। কম শ্ৰমিক ব্যয় আৰু উচ্চ বৰষুণ থকা দেশ আৰু অঞ্চলৰ বাবে ধান খেতি উপযুক্ত, কিয়নো এই খেতি কৰাৰ বাবে অধিক শ্ৰম আৰু পৰ্যাপ্ত পানী অতি প্ৰয়োজনীয়। অৱশ্যে, পানী নিয়ন্ত্ৰণকাৰী প্ৰণালী ব্যৱহাৰ কৰি থিয় পাহাৰ বা পাহাৰীয়া এলেকাতো ইয়াৰ খেতি কৰিব পাৰি। যদিও ইয়াৰ মূল প্ৰজাতিবোৰ এছিয়া আৰু আফ্ৰিকাৰ কিছুমান অংশৰ স্থানীয়, তথাপিও বিশ্বব্যাপী বহুতো সংস্কৃতিত শতিকা জুৰি হোৱা বাণিজ্য আৰু ৰপ্তানিৰ বাবে সেইবোৰতো বৰ্তমান ই সাধাৰণ খেতিলৈ ৰূপান্তৰ হৈ পৰিছে।

চাউল: বাহিৰৰ আৱৰণটো গুচোৱাৰ পাছত ধানৰ গুটি
সাধাৰণতে এছিয়ান ধান বুলি জনাজাত অৰাইজা ছেটিভা

ব্যৱহাৰ

চাউলৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুত কৰা হয় :

অন্য ব্যৱহাৰ

মধ্যযুগীয় ইছলামিক গ্ৰন্থসমূহত এই উদ্ভিদ চিকিৎসা পদ্ধতিত ব্যৱহাৰ কৰাৰ কথা উল্লেখ আছে।

চাউলৰ শ্বেতসাৰ প্ৰসাধনী পাউডাৰ হিচাপে আৰু কাপোৰ ধোৱাত ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাধান

🔥 Trending searches on Wiki অসমীয়া:

ঠেঙ্গাল কছাৰী জনগোষ্ঠীঅসমৰ পৰম্পৰাগত সাজ-পাৰমহেশ্বৰ নেওগঅসম আৰক্ষীঅসমীয়া ব্যাকৰণবাঁহীগোলকীয় নাগৰিকত্বমৰাণ জনগোষ্ঠীসাধুকথাঅম্বিকাগিৰি ৰায়চৌধুৰীসমাসচিলাৰায়ৱিকিপিডিয়াৰ তালিকাআইনামৰুদ্ৰ কন্দলীধ্বনিবিজ্ঞানঅসমৰ মহকুমাসমূহৰ তালিকাঅসমৰ ইতিহাসঅসমৰ কাঁহ শিল্পলোকসভাগাঁও পঞ্চায়তকালিদাসআউনীআটী সত্ৰজোনাকী (আলোচনী)শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহশংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনাবিৰিঞ্চি কুমাৰ বৰুৱাসুন্দৰীদিয়াৰ সুঁৱেৰী উৎসৱঅৰুণ শৰ্মাঅহিংসাতাপগতি বিজ্ঞানৰুক্মিণী হৰণ নাটফুলপ্ৰাক-ইতিহাসকিশোৰ দাসঅৰুণাচল প্ৰদেশখনিকৰ পুথিপুঁজিবাদচাইবাৰ নাৰীবাদকাৰ্ল মাৰ্ক্সশোণিতপুৰ জিলাঅলিম্পিকআহোম ৰাজ্যভাৰতীয় নাগৰিকত্ব আইনহৈ গুদু খেলভূপেন হাজৰিকাৰ সাহিত্যঅসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকামেক্সিকোগান্ধীবাদমানস ৰাষ্ট্ৰীয় উদ্যানৰমজাননেপালউৎপাদন (অৰ্থনীতি)পৰিৱেশ বিজ্ঞানমাইলছ ব্ৰনছনবুলু ফিল্মকৃষ্ণকান্ত সন্দিকৈকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানসাহিত্যদৰিদ্ৰতাআলবেনিয়ান লোকবিশ্বাসআন্তৰ্জাতিক মান সংস্থা ৩১৬৬-১অসমৰ ধান খেতিৰ সঁজুলিসমূহআৰ্মেনিয়ান শ্ৰুতিকথাভাৰতৰ শাস্ত্ৰীয় নৃত্যওজাপালিশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা২০২২ভাৰতত মহিলা শিক্ষাআয়ুৰ্বেদনিউটনৰ গতিৰ সূত্ৰ🡆 More