আত্মসহায়ক গোট

আত্মসহায়ক গোট (ইংৰাজী: Self-help group বা চমুকৈ SHG) হৈছে এক গ্ৰম্যাঞ্চলৰ স্থানীয় মহিলাসকলৰ বা কোনো কোনো ক্ষেত্ৰত পুৰুষসকলৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এক সমমাত্ৰিক গোট। সাধাৰণতে এনে গোটবোৰ চৰকাৰৰ ১৮ৰ পৰা ৪০ বছৰৰ বয়সৰ ১০ৰ পৰা ২০ গৰাকী স্থানীয় মহিলা বা পুৰুষৰ দ্বাৰা গঠিত। আত্মসহায়ক গোট বিশ্বৰ বিভিন্ন প্ৰান্তত আছে যদিও ইয়াক দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত, বিশেষকৈ ভাৰততে বেছিকৈ দেখা যায়। গোটৰ সদস্যসকল একে ধৰণৰ আৰ্থিক অৱস্থা সম্পন্ন সমাজৰ আৰ্থিকভাৱে পিচপৰা শ্ৰেণীৰ লোক, যিসকলে গোটটোৰ দ্বাৰা ইজনে সিজনক অৰ্থনৈতিক তথা সামাজিকভাৱে সমৰ্থন কৰে। প্ৰত্যেক সদস্যই তেওঁলোকৰ উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটি সমূহীয়া পুঁজি গঠন কৰে। প্ৰয়োজন সাপেক্ষে গোটৰ কোনো সদস্য বা গাঁৱৰ আন কোনো লোকলৈ সমূহীয়া পুঁজিৰ পৰা গোটে নিৰ্দিষ্ট কৰা সুতৰ হাৰত ধন ঋণ হিচাপে আগবঢ়ায়। ভাৰতত বহুতো আত্মসহায়ক গোটে বেংকৰ সহযোগত ক্ষুদ্ৰ ঋণ (micro-credit) প্ৰদান কৰি আহিছে।

আত্মসহায়ক গোট
ভাৰতউত্তৰ প্ৰদেশত বেংক বিষয়াৰ সৈতে আলোচনা কৰি থকা অৱস্থাত এক আত্মসহায়ক গোটৰ সদস্যবৃন্দ

গাঁথনি

এক আত্মসহায়ক গোট হৈছে ১০-২৫ জন সদস্যৰে সৈতে এটা সম্প্ৰদায় আধাৰিত গোট। তেওঁলোক হৈছে সাধাৰণতে স্বেচ্ছাই একত্ৰিত হোৱা আৰু একে ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ পৰা অহা মহিলা, যিসকলে নিয়মীয়াকৈ গোটটোৰ জৰিয়তে সামান্য পৰিমাণৰ ধন সঞ্চয় কৰে। তেওঁলোকে একেলগে মিলি বিত্তীয়ভাৱে সুস্থিৰ হ'বৰ বাবে আৰু জৰুৰীকালীন বা বিত্তীয় অভাৱৰ সময়ত, জীৱনৰ গুৰুত্বপূৰ্ণ ঘটনাৰ সময়ত বা সম্পত্তি ক্ৰয় কৰাৰ সময়ত তেওঁলোকৰ সামূহিক সঞ্চয়ৰ পৰা ঋণ ল'বৰ বাবে নিয়মীয়াকৈ সঞ্চয় কৰে। গোটৰ সদস্যসকলে ঋণৰ সঠিক অন্তিম ব্যৱহাৰ আৰু সময়োচিত পৰিশোধ নিশ্চিত কৰিবলৈ সামূহিক জ্ঞান আৰু দলগত চাপৰ ব্যৱহাৰ কৰে। ভাৰতত কেন্দ্ৰীয় বেংকিং প্ৰতিষ্ঠান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়মাৱলী অনুসৰি ভাৰতৰ বেংকসমূহে আত্মসহায়ক গোটবোৰক বিত্তীয় সেৱা প্ৰদান কৰে, যাৰ ভিতৰত আছে অতি কম সূতৰ হাৰত সন্দৰ্ভ মুক্ত ঋণ প্ৰদান আদি। ইয়াৰ দ্বাৰা আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ মহিলাসকল আনুষ্ঠানিক বিত্তীয় সেৱাৰ পৰা বাদ পৰাৰ প্ৰত্যাহ্বানসমূহ কমাবলৈ চেষ্টা কৰা হৈছে। এই ব্যৱস্থাটো মাইক্ৰ'ফাইনান্স প্ৰতিষ্ঠানসমূহে ব্যাপকভাৱে ব্যৱহাৰ কৰা সংহতি ঋণৰ (solidarity lending) সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত।

আত্মসহায়ক গোটে সঞ্চয় আৰু ঋণৰ গোট হিচাপে কাম কৰাৰ উপৰিও, মহিলাসকলক মাজত একাত্মবোধ গঢ়ি তোলাৰ বাবে এক মঞ্চ প্ৰদান কৰে। গোটবোৰে মহিলাসকলক একত্ৰিত হ'বলৈ আৰু স্বাস্থ্য, পুষ্টি, প্ৰশাসন তথা লিংগ ন্যায়কে ধৰি তেওঁলোকৰ নিজৰ জীৱনৰ সৈতে সম্পৰ্কিত অনেক বিষয়বোৰত কাম কৰিবলৈ সুবিধা প্ৰদান কৰে।

লক্ষ্য

বেচৰকাৰী সংগঠন (এনজিঅ')-ৰ দ্বাৰা আৰম্ভ কৰা আত্মসহায়ক গোটসমূহৰ সাধাৰণতে মূল লক্ষ্য হৈছে দৰিদ্ৰতা নিৰ্মূল কৰা। আত্মসহায়ক গোটক নাৰী সবলীকৰণ কৰা, আৰ্থিকভাৱে পিছপৰা লোকসকলৰ মাজত নেতৃত্বৰ ক্ষমতা বিকাশ কৰা, বিদ্যালয়ৰ নামভৰ্তি বৃদ্ধি কৰা, পুষ্টি উন্নত কৰা, জন্ম নিয়ন্ত্ৰকৰ ব্যৱহাৰ বৃদ্ধি কৰা আদি বিভিন্ন লক্ষ্যত উপনীত হোৱাৰ সঁজুলি হিচাপেও দেখা যায়। এই আন লক্ষ্যবোৰৰ প্ৰাপ্তি কৰাৰ বাবে বিত্তীয় মধ্যস্থতাক সাধাৰণতে প্ৰাথমিক উদ্দেশ্যৰ পৰিৱৰ্তে প্ৰথম পদক্ষেপ ৰূপেহে দেখা যায়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাভাৰত

🔥 Trending searches on Wiki অসমীয়া:

অগ্নিগড়গণিতযোৰহাট জিলাডিমাছা জনগোষ্ঠীভাইৰাছপাচনহেমচন্দ্ৰ বৰুৱামেঘালয়ৰ মাতৃবংশীয় সমাজকুলিদশাৱতাৰইজৰাইলভাৰতীয় মহাকাশ গৱেষণা সংস্থাব্ৰহ্মপুত্ৰ নদঅসমৰ কুঁহিলা শিল্পউপনিষদঘৰ শালিকামুগা (ৰেচম)অসমৰ চিত্ৰকলাৰ ইতিহাসদুৰ্যোগডিগবৈ তেল শোধনাগাৰঅসমীয়া ভাষাৰ শব্দসম্ভাৰভাৰতৰ জাতীয় পতাকাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামোগল সাম্ৰাজ্যনীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাশিশুৰ খেল-ধেমালিযোগাসনডিগবৈএ পি জে আব্দুল কালামছ'ভিয়েট সংঘভাৰতীয় ৰেলকছাৰী ৰাজ্যকেঁচুপোৱামক্কাতগৰকাৰেঙৰ লিগিৰীচামেলি মেমচা'বপ্ৰাকৃতিক দুৰ্যোগসাহিত্যশ্ৰী শ্ৰী বটদ্ৰৱা থানমৃণাল কলিতাকোষ (জীৱবিজ্ঞান)শুৱালকুছিউইলিয়াম শ্বেইকছপীয়েৰধুবুৰী (লোকসভা সমষ্টি)দৰং জিলাএলবাৰ্ট আইনষ্টাইনআৰবী ভাষাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাঅসমৰ সাহিত্যিকসকলৰ তালিকাগুৱাহাটী (লোকসভা সমষ্টি)বাথৌ পূজামৃত্যুপঞ্চভুজকথা কবিতাঅসমীয়া গীতি সাহিত্যজ্যোতিপ্ৰসাদ ৰচনাৱলীখ্ৰীষ্টান ধৰ্মজীৱনৰ বাটতধেমাজি জিলাঅসমীয়া ভাষাৰোমাণ্টিক কবিতাঅসমজ্যোতিপ্ৰসাদ আগৰৱালাবসন্ত ঋতুবেটুপাতআলোচনীচিৰ চেনেহী মোৰ ভাষা জননীবেণুধৰ শৰ্মাগ্ৰহনগেন শইকীয়াবিশ্ব বেংক🡆 More