নাহৰফুটুকী বাঘ

নাহৰফুটুকী বাঘ (ইংৰাজী: Leopard, বৈজ্ঞানিক নাম: Panthera pardus) ফেলিডি (Felidae) গোত্ৰৰ বৃহৎ মেকুৰী (big cat)ৰ চাৰিটা প্ৰজাতিৰ আটাইতকৈ সৰু সদস্য। বাকী তিনিটা হৈছে ঢেঁকীয়াপতীয়া বাঘ, সিংহ আৰু জাগুৱাৰ। পূৰ্বতে নাহৰফুটুকী বাঘ আফ্ৰিকাৰ দক্ষিণ আফ্ৰিকা জুৰি বিস্তৃত আছিল যদিও বৰ্তমান বাসস্থানৰ অভাৱ তথা চোৰাংচিকাৰৰ ফলত ইয়াৰ বিস্তৃতি বহুখিনি হ্ৰাস পাইছে। বৰ্তমান ইয়াক প্ৰধানকৈ আফ্ৰিকাত দেখা পোৱা যায়। ইয়াৰ দ্ৰুত জনসংখ্যা হ্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি নাহৰফুটুকী বাঘক আইইউচিএন-ৰ ৰেড লিষ্টত বিপথগামী (Near Threatened) বুলি অভিহিত কৰা হৈছে।

নাহৰফুটুকী বাঘ
Leopard
জীৱাশ্ম কাল: Late Pliocene or Early Pleistocene to Recent
নাহৰফুটুকী বাঘ
সংৰক্ষণ স্থিতি
নাহৰফুটুকী বাঘ
সংকট আসন্ন  (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
পৰিয়াল: Felidae
গণ: Panthera
প্ৰজাতি: P. pardus
বৈজ্ঞানিক নাম
Panthera pardus
(Linnaeus, 1758)
নাহৰফুটুকী বাঘ
নাহৰফুটুকী বাঘৰ বিতৰণ, পূৰ্বৰ[কেতিয়া ?] (ৰঙা), বৰ্তমান (সেউজীয়া), আৰু অনিশ্চিত (হালধীয়া)
সমাৰ্থক

Felis pardus Linnaeus, 1758

বিৱৰণ

নাহৰফুটুকী বাঘ 
Rear view of female leopard. Note ocelli—the white spots on the back of the ears are used to communicate with other leopards.
নাহৰফুটুকী বাঘ 

নাহৰফুটুকী বাঘ এবিধ দ্ৰুতগামী আৰু সদাসতৰ্ক (agile and stealthy) ভক্ষক (predator)। পেন্থেৰা (Panthera') গোত্ৰৰ অন্য জন্তু সমূহতকৈ ই আকাৰত সৰু যদিও ইহঁতে শক্তিশালী মাংসপেশী (jaw muscles) ৰ বাবে ডাঙৰ জন্তুও আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰে। দেহৰ দৈৰ্ঘ্য ৯৫-১৬৫ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য ৬০-১১০ ছে: মি: পৰ্য্যন্ত হব পাৰে। মতা বাঘ বাঘিণীতকৈ আকাৰত ডাঙৰ।

দেহৰ বৰণ (coat color) আৰু আঁচ (rosette patterns)ৰ ক্ষেত্ৰত নাহৰফুটুকী বাঘৰ মাজত যথেষ্ট ভিন্নতা দেখা যায়। হালধীয়া ছালখন মৰুভূমি অঞ্চলৰ নাহৰফুটুকী বাঘৰ ক্ষেত্ৰত শেঁতা হোৱাৰ বিপৰীতে চিৰসেউজীয়া বনাঞ্চলৰ বাঘৰ ক্ষেত্ৰত গাঢ় সোণালী হোৱা দেখা যায়। সাধাৰণতে পেট অংশৰ নোমৰ বৰণ দেহৰ অন্যান্য অংশতকৈ পাতল হয়।

টেক্সনমি তথা ক্ৰমবিৱৰ্তন

১৭৫৮ চনত প্ৰকাশিত লিনিয়াছ (Carl Linnaeus) ৰ Systema Naturae গ্ৰন্থৰ দশম প্ৰকাশনত বৰ্ণনা কৰা আধুনিক জৈৱবৈজ্ঞানিক শ্ৰেণীবিভাজন পদ্ধতি অনুসৰি উল্লিখিত প্ৰাণীসমূহৰ ভিতৰত নাহৰফুটুকী বাঘ অন্যতম। লিনিয়াছে ইয়াক ফেলিছ (Felis) গোত্ৰৰ অন্তৰ্ভুক্ত কৰিছিল। তথ্য অনুসৰি ফেলিডি (Felidae) গোত্ৰৰ ১১ মিলিয়ন বৰ্ষৰ পূৰ্বে বিভাজন আৰম্ভ হয়। সিংহ, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, জাগুৱাৰ, গোধাফুটুকী বাঘ (snow leopard) আৰু clouded leopard ৰ মূল পূৰ্বপুৰুষ ৬.৩৭ মিলিয়ন বছৰৰ আগতে উদ্ভৱ হৈছিল বুলি জনা যায়। পেন্থেৰা (Panthera)গোত্ৰৰ এছিয়াত উদ্ভৱ হৈছিল আৰু তাৰ পিছতেই নাহৰফুটুকী বাঘ আৰু বাকী মেকুৰী প্ৰজাতি সমূহৰ আফ্ৰিকালৈ প্ৰব্ৰজন ঘটে।

ক্ৰমবিৱৰ্তনৰ বিশ্লেষণ অনুসৰি নাহৰফুটুকী বাঘ সিংহৰ সৈতে ওচৰ বংশোদ্ভৱ (closely related)। অৱশ্যে শেহতীয়াকৈ মাইট'কণ্ড্ৰিয়াৰ ডি. এন. এৰ অন্য এটা গৱেষণাই প্ৰকাশ কৰিছে যে নাহৰফুটুকী বাঘ আৰু গোধাফুটুকী বাঘ (snow leopard) হে ওচৰ সম্পৰ্কীয়।

বৰ্তমানলৈকে নাহৰফুটুকী বাঘৰ নটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে। আই. ইউ. চি. এনৰ স্বীকৃতি প্ৰাপ্ত এই উপ-প্ৰজাতি সমূহ হ'ল-

  • আফ্ৰিকাৰ নাহৰফুটুকী বাঘ (African leopard) (P. p. pardus), (Linnaeus, 1758) — উপ-চাহাৰা আফ্ৰিকা (sub-Saharan Africa);
  • ভাৰতীয় নাহৰফুটুকী বাঘ (Indian leopard) (P. p. fusca), (Friedrich Albrecht Anton Meyer, 1794) — ভাৰত উপমহাদেশ (Indian Subcontinent);
  • জাভাৰ নাহৰফুটুকী বাঘ (Javan leopard) (P. p. melas), (Georges Cuvier|Cuvier, 1809) — জাভা, ইণ্ডোনেছিয়া
  • আৰবিয়ান নাহৰফুটুকী বাঘ (Arabian leopard) (P. p. nimr), (Wilhelm Hemprich|Hemprich আৰু Christian Gottfried Ehrenberg|Ehrenberg, 1833) — আৰৱ (Arabian Peninsula);
  • আমোৰ নাহৰফুটুকী বাঘ (Amur leopard) (P. p. orientalis), (Hermann Schlegel|Schlegel, 1857) — কোৰিয়া (Korean), উত্তৰ-পূব চীন (Northeast China)
  • উত্তৰ চিনীয় নাহৰফুটুকী বাঘ (North Chinese leopard) (P. p. japonensis), (John Edward Gray|Gray, 1862) — উত্তৰ চীন
  • ককেছিয়ান নাহৰফুটুকী বাঘ (Caucasian leopard) (P. p. ciscaucasica), (Konstantin Alexeevitsch Satunin|Satunin, 1914)— ককেছাছ (Caucasus), টুৰ্কমেনিষ্টান (Turkmenistan) আৰু ইৰাণ
  • ইণ্ডো-চাইনীজ নাহৰফুটুকী বাঘ (Indochinese leopard) (P. p. delacouri), (Pocock, 1930) — দক্ষিণ-পূব এছিয়া
  • শ্ৰীলংকাৰ নাহৰফুটুকী বাঘ (Sri Lankan leopard) (P. p. kotiya), (Paules Edward Pieris Deraniyagala|Deraniyagala), 1956) —শ্ৰীলংকা

তদুপৰি নাহৰফুটুকীৰ খোলা (skull) ৰ বাহ্যিক গঠনগত এটা গৱেষণাত আৰু দুটা উপ-প্ৰজাতি যোগ কৰা হৈছে

  • আনাত'লিয়ান নাহৰফুটুকী বাঘ (Anatolian leopard) (P. p. tulliana), (Achille Valenciennes|Valenciennes, 1856) —তুৰ্কী
  • বেল'কিষ্টান নাহৰফুটুকী বাঘ (Balochistan leopard) (P. p. sindica), (Pocock, 1930) —পাকিস্তান, আফগানিস্তান আৰু ইৰাণ।

বিতৰণ তথা বসতিস্থল

বনৰীয়া মেকুৰীৰ প্ৰজাতি সমূহৰ ভিতৰত নাহৰফুটুকী বাঘ আটাইতকৈ বহুলভাৱে বিস্তৃত প্ৰজাতি। ই আফ্ৰিকা মহাদেশত ভিন্ন বসতিস্থলত বাস কৰে। অৱশ্যে উত্তৰ আফ্ৰিকাত ইয়াৰ জনবসতি প্ৰায় নোহোৱা হৈ পৰিছে। এছিয়া মহাদেশত দক্ষিণ-পশ্চিম আৰু কেন্দ্ৰীয় ভাগত নাহৰফুটুকী সৰু সৰু জনসংখ্যাৰ গোটত বিভক্ত হৈ আছে। উত্তৰ-পূব এছিয়াত নাহৰফুটুকী বাঘ বিপথগামী (critically endangered) অৱস্থাত আছে। অৱশ্যে ভাৰতবৰ্ষ, দক্ষিণ-পূব এছিয়া আৰু চীনত এই বাঘ বৰ্তমানে বিপদমুক্ত

নাহৰফুটুকী বাঘ সাধাৰণতে ঘাঁহনি (grassland), কাঠনি (woodland) তথা নদীকাষৰীয়া বনাঞ্চল সমূহত পোৱা যায়। এই প্ৰজাতিটো প্ৰধানকৈ চাভানা (savanna) আৰু চিৰসেউজীয়া বনাঞ্চল (rainforest) দেখা যায়। নাহৰফুটুকী বাঘ অভিযোজন (adaptation)ত অত্যন্ত পাকৈত আৰু সেয়ে ইয়াক অন্যান্য বাসস্থান যেনে পৰ্ণপাতী অৰণ্যতো নিজকে সুন্দৰকৈ খাপ খুৱাই বসবাস কৰা দেখা যায়।

আচৰণ

নাহৰফুটুকী বাঘ সাধাৰণতে নিশাচৰ আৰু ই অকলশৰে থাকে। বাসস্থান আৰু খাদ্য ভেদে ইয়াৰ আচৰণ ভিন্ন হোৱা দেখা যায়। পশ্চিম আফ্ৰিকাত কৰা ৰেডিঅ' ট্ৰেকিং (Radio-tracking) আৰু মল বিশ্লেষণ (scat analysis) ৰ পৰা তথ্য অনুসৰি চিৰসেউজীয়া অঞ্চলৰ নাহৰফুটুকী বাঘৰ দিনত সক্ৰিয় (Diurnal) হোৱাৰ প্ৰবণতা বেছি। তদুপৰি ঋতু অনযায়ীও ইহঁতৰ আচৰণৰ পাৰ্থক্য দেখা যায়।

নাহৰফুটুকী বাঘ 
গছত থকা অৱস্থাত এটা নাহৰফুটুকী বাঘ

নাহৰফুটুকী বাঘ গছত বগাব পৰা ক্ষমতাৰ বাবে খ্যাত। দিনৰ ভাগত ইহঁতে গছৰ ডালত জিৰণি লৈ থাকে, খাদ্যও গছৰ ওপৰলৈ নি খোৱা দেখা যায়। ই সাঁতোৰা, বেগ, আৰু জপিওৱাত খুবেই শক্তিশালী। ই কেইবাধৰণৰ মাত (vocalizations) উলিয়াব পাৰে, যেনে- গোঁজৰণি (growls), grunts, roars,meows, আৰু কৰতেৰে কটা ধৰণৰ শব্দ (sawing)।

নাহৰফুটুকী বাঘ 
দক্ষিণ আফ্ৰিকাত এজনী বাঘিণী

মতা বাঘৰ বিচৰণ স্থল (Home ranges) 30 বৰ্গ কি.মি. (12 বৰ্গ মাইল) ৰ পৰা 78 বৰ্গ কি.মি. (30 বৰ্গ মাইল) পৰ্যন্ত আৰু বাঘিণীৰ 15 ৰ পৰা 16 বৰ্গ কি.মি. (5.8 ৰ পৰা 6.2 বৰ্গ মাইল) হয়।তথ্য অনুসৰি মতা বাঘৰ বিচৰণ স্থল বাঘিণীটকৈ ডাঙৰ হয়। মতা বাঘৰ বিচৰণ স্থলী মাজত সাধাৰণতে উপৰা-উপৰি (overlap) নহয়। কিন্তু মতা- মাইকীৰ মাজত হয়। ৰেডিঅ' কলাৰৰ যোগেদি কৰা এটা গৱেষণাত বাঘিণীৰ বিচৰণস্থলী সম্পূৰ্ণকৈ মতা বাঘৰ বিচৰণস্থলীৰ ভিতৰতে পৰা দেখা গৈছিল।

নাহৰফুটুকী বাঘ সুযোগসন্ধানী চিকাৰী (opportunistic hunters) আৰু ইয়াৰ খাদ্য বিভিন্ন। ই গুবৰুৱা (dung beetles) ৰ পৰা আৰম্ভ কৰি বৃহৎ তৃণভোজী প্ৰাণী লৈকে সকলো খাব পাৰে। নাহৰফুটুকী বাঘে সাধাৰণতে তৃণভোজী প্ৰাণী, বান্দৰ, নিগনি (rodent), সৰীসৃপ (reptile), উভচৰ (amphibian), চৰাই-চিৰিকটি আদি খাদ্য হিচাপে গ্ৰহণ কৰে। ই নীৰৱে চিকাৰক আক্ৰমণ কৰে আৰু ডিঙিত দ্ৰুত কামোৰ বহুৱাই হত্যা কৰে।

নাহৰফুটুকী বাঘৰ প্ৰজননৰ সময় ঠাই ভেদে বেলেগ বেলেগ হ'লেও ই সাধাৰণতে বছৰজুৰি প্ৰজনন কৰিব পাৰে। এবাৰত ২ টাৰ পৰা ৪ টাকৈ পোৱালি জন্ম হয়।

মানুহৰ সৈতে সম্পৰ্ক

নাহৰফুটুকী বাঘ 
A mosaic depicting Dionysus on a leopard. 4th century BC. Pella, Greece.

ইতিহাসৰ পাতত নাহৰফুটুকী বাঘৰ বহুলভাৱে উল্লেখ আছে। বহু দেশৰ কলা-কৃষ্টি, লোকগীত আদিত ইয়াৰ বৰ্ণনা পোৱা যায়। বৰ্তমান আফ্ৰিকাত ইয়াক খেল-ধেমালিত প্ৰতীক হিচাপে ব্যবহাৰ কৰে।

যদিও সাধাৰণভাৱে স্বাস্থ্যৱান নাহৰফুটুকী বাঘে মানুহক আক্ৰমণ নকৰে কিন্তু আঘাতপ্ৰাপ্ত বা বুঢ়া বাঘে সহজ খাদ্যৰ আশাত মানুহ আক্ৰমণ কৰে। পৰ্য্যায়ক্ৰমে ইহঁত মানুহৰ মাংস ভক্ষণত অভ্যস্ত হৈ নৰখাদক হৈ পৰে। ভাৰতৰ উল্লেখযোগ্য নৰখাদক নাহৰফুটুকী বাঘৰ ভিতৰত ৰুদ্ৰপ্ৰয়াগৰ নৰখাদক (Leopard of Rudraprayag)' আৰু পানাৰ নৰখাদক (Panar Leopard)নাহৰফুটুকী বাঘে ক্ৰমান্বয়ে ১২৫ আৰু ৪০০ ৰ ওপৰৰ মানুহ হত্যা কৰিছিল। বিখ্যাত চিকাৰী জিম কৰবেটে দুয়োটা নৰখাদকক মাৰিবলৈ সক্ষম হয়।

আলোকচিত্ৰ

তথ্য সংগ্ৰহ

অন্যান্য উৎস

বাহ্যিক সংযোগ

Tags:

নাহৰফুটুকী বাঘ বিৱৰণনাহৰফুটুকী বাঘ টেক্সনমি তথা ক্ৰমবিৱৰ্তননাহৰফুটুকী বাঘ বিতৰণ তথা বসতিস্থলনাহৰফুটুকী বাঘ আচৰণনাহৰফুটুকী বাঘ মানুহৰ সৈতে সম্পৰ্কনাহৰফুটুকী বাঘ আলোকচিত্ৰনাহৰফুটুকী বাঘ তথ্য সংগ্ৰহনাহৰফুটুকী বাঘ অন্যান্য উৎসনাহৰফুটুকী বাঘ বাহ্যিক সংযোগনাহৰফুটুকী বাঘআফ্ৰিকাইংৰাজী ভাষাঢেঁকীয়াপতীয়া বাঘসিংহ

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া লোক-সংস্কৃতিইউক্লিডঅৰ্জুন ভঞ্জনকাঠনিবাৰী ঘাটঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিইয়াণ্ডাবু সন্ধিনিমাতী কইনাঅসীমত যাৰ হেৰাল সীমাশামুকবৰগীতঅসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীআইজাক নিউটনশেলাইগৰুএলবাৰ্ট আইনষ্টাইনবড়ো জনগোষ্ঠীকমলা মিৰিঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগহিমবাহলক্ষ্মীধৰ শৰ্মাগুৱাহাটী (লোকসভা সমষ্টি)বিশ্ব গ্ৰন্থ দিৱসলোকবিশ্বাসৰামবৰপেটাচি এছ এছহস্তীবিদ্যাৰ্ণৱজাপানআহোম-মোগলৰ সংঘৰ্ষলুই পেষ্ট'ৰবতৰহোমেন বৰগোহাঞিঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতজাতনামধনশিৰি নদীএশিঙীয়া গঁড়লোক-সংগীতঅসমত মহাত্মাৰাষ্ট্ৰসংঘঅসমৰ গামোচাস্বৰাজঅসম আৰক্ষীচুতীয়া ৰাজ্যবাবৰভাৰতীয় ভাষাসৌৰ শক্তিজামুগুৰিহাটপাচনআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডভাৰতীয় দৰ্শনজ্যামিতিশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘকেশৱ মহন্তসাধুকথাৱিকিপিডিয়াশব্দ প্ৰদূষণসত্যজিৎ ৰায়আনন্দৰাম ঢেকিয়াল ফুকনচ্যু-কা-ফাপ্লেটোভূগোলৰঘুনাথ দাস মহন্তকাতি বিহুগণৰাজ্য দিৱস (ভাৰত)ভূমি প্ৰদূষণভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাসৰ্বেপল্লী ৰাধাকৃষ্ণণৰাভা ভাষাজীৱনীমহিম বৰাজৰ্জ বেকাৰবিশেষ্য পদভাইটি (চলচ্চিত্ৰ)চন্দ্ৰঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাবাগ্‌ধ্বনি🡆 More