https://youtube.com/@RahulZGCreation Archived 2023-01-06 at the Wayback Machine
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
মেলেৰিয়া | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
A Plasmodium in the form that enters humans and other vertebrates from the saliva of female mosquitoes (a sporozoite) traverses the cytoplasm of a mosquito midgut epithelial cell. | |
আই.চি.ডি.-10 | B50-B54 |
আই.চি.ডি.-9 | 084 |
OMIM | 248310 |
ডিজিজেছ ডে'টাবে'ছ | 7728 |
মেডলাইন প্লাছ | 000621 |
ইমেডিচিন | med/1385 emerg/305 ped/1357 |
MeSH | C03.752.250.552 |
মেলেৰিয়া (ইংৰাজী: Maleria)ক সাধাৰণতে অতিপাত জ্বৰৰ এবিধ ৰোগ হিচাপেই জনা যায়। মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্ৰ জীৱাণুৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ মহৰ দ্বাৰা সংক্ৰমিত হয়। সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে। এই বীজাণুৰ দ্বাৰা আক্ৰান্ত মাইকী এন'ফিলিচ মহৰ লালটি গ্ৰন্থিত মেলেৰিয়া বীজাণুবোৰ থাকে আৰু এনে মহে কামুৰিলেহে ৰোগ সংক্ৰমিত হয়। (অণুবীক্ষণ যন্ত্ৰৰ সহায়ত মেলেৰিয়াৰ বীজাণুবোৰ চাব পৰা যায় ) এই বীজাণুবোৰে জীৱনৰ এছোৱা মানুহৰ গাত আৰু এছোৱা মহৰ গাত কটায়। যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এজন মেলেৰিয়া ৰোগীক কামোৰে তেতিয়া ই মানুহজনৰ তেজৰ লগতে মেলেৰিয়াৰ বীজাণুবোৰো নিজৰ দেহত সুমুৱাই লয়। যেতিয়া এই বীজাণুবোৰ মহৰ পেটত সোমায় তাৰ ১০-১২ দিনৰ পাছত ই ৰোগ সংক্ৰমিত কৰিব পৰা হয়। এনে ৰোগ বিয়পাব পৰা মহে এজন সুস্থ মানুহক কামুৰিলে মেলেৰিয়াৰ বীজাণুবোৰ মানুহজনৰ দেহত প্ৰৱেশ কৰে। তেনে ক্ষেত্ৰত মানুহজন দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ ভিতৰত মেলেৰিয়াত আক্ৰান্ত হয়। এজন মেলেৰিয়া ৰোগীৰ পৰাই বহুজনলৈ এই ৰোগ বিয়পিব পাৰে।
মেলেৰিয়া জ্বৰত সাধাৰণতে তিনিটা স্তৰ থাকে-
(১) শীতল অৱস্থা- এই অৱস্থাটো জাৰ জাৰ লগা ভাৱ,কঁপনি আৰু মূৰ কামুৰণিৰে আৰম্ভ হয়। ৰোগীয়ে লেপ-কম্বলজাতীয় গৰম কাপোৰ ল'বলৈ বিচাৰে। আঙুলিবোৰ আৰু ওঁঠ দুটা শুকাই যোৱাৰ ফলত এইবোৰৰ ৰং সামান্য নীলা চানেকীয়া হয় আৰু ৰোগীৰ গাৰ নোমবোৰ শিয়ঁৰি উঠে। এই অৱস্থাটো ১৫ মিনিট পৰা ১ ঘণ্টা পৰ্যন্ত থাকিব পাৰে।
(২) উষ্ণ অৱস্থা - এই অৱস্থাত জ্বৰ ইমানেই বেছি হয় যে ৰোগীজনৰ প্ৰচণ্ড উত্তাপ অনুভৱ হয় আৰু গাৰ কাপোৰ খুলি পেলাই দিয়ে। ৰোগীৰ তীব্ৰ মূৰ কামুৰণি হয়। মাজে মাজে বমিও হয়। এই অৱস্থা ১ ৰ পৰা ৬ ঘণ্টা পৰ্যন্ত্য থাকে। নাড়ীৰ স্পন্দন জোৰেৰে হয়। ৰোগীৰ খুব পিয়াঁহ লাগে।
(৩) ঘৰ্মাক্ত অৱস্থা- এই অৱস্থাত ৰোগী বৰকৈ ঘামে আৰু জ্বৰ কমি যায়। ৰোগী সাধাৰণতে গভীৰভাৱে টোপনি যায় আৰু সাৰ পালে দুৰ্বল অনুভৱ কৰে। এই অৱস্থা ২ ৰ পৰা ৪ ঘণ্টা পৰ্যন্ত্য থাকে।
পৃথিৱীত মুঠ চাৰিবিধ মেলেৰিয়া ৰোগ আছে। সাধাৰণতে ভাৰতত ইয়াৰে তিনিবিধ মেলেৰিয়া ৰোগহে দেখা পোৱা যায়। এই তিনিবিধৰ ভিতৰতো দুবিধ হ'ল (১) ভাইভেক্স মেলেৰিয়া (সাধাৰণ বিধৰ মেলেৰিয়া) (২) ফেলচিপেৰাম মেলেৰিয়া (তীব্ৰ বিধৰ মেলেৰিয়া)। ইয়াৰ পিছতে তৃতীয় বিধ তথা মাৰাত্মক হ'ল চেৰিব্ৰেল মেলেৰিয়া (মস্তিস্ক সংক্ৰান্ত অতি তীব্ৰতৰ মেলেৰিয়া) এইবিধ মেলেৰিয়া বৰ বিপদজনক। অতি শীঘ্ৰে চিকিৎসা ব্যৱস্থা নকৰিলে ৰোগী ২-৩ দিনৰ ভিতৰত মৃত্যু মুখত পৰিব পাৰে। পূৰ্বে ভাৰতত ভাইভেক্স বা সাধাৰণবিধ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ আছিল আৰু ৰোগীৰ শতকৰা ৬০ ভাগৰ পৰা ৬৫ ভাগেই আছিল এইবিধ ৰোগীহে। শেহতীয়া ভাৱে এই ধাৰাটো বদলি হৈছে। আজিকালি ভয়াবহ পি ফেলচিপৰাম মেলেৰিয়া সকলো ঠাইতে বৃদ্ধি পাইছে।
ৱিকিমিডিয়া কমন্সত মেলেৰিয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
This article uses material from the Wikipedia অসমীয়া article মেলেৰিয়া, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.