চৰাইদেউ জিলা: ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা

চৰাইদেউ জিলা (আহোম ভাষাত চে-ৰাই-ডয়ৰ অৰ্থ: পাহাৰত জিলিকি থকা চহৰ; ইংৰাজী: Charaideo) অসমৰ এখন ন-কৈ গঠন কৰা জিলা যি প্ৰাচীন আহোম ৰাজধানী চহৰ চৰাইদেউ আৰু কিছু অঞ্চলক সামৰি গঠিত। ‌ ২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাক আন চাৰিখন মহকুমাৰ সৈতে জিলাৰূপে ঘোষণা কৰে। জিলাখনৰ সদৰ স্থান সোণাৰি।


চৰাইদেউ জিলা
চে-ৰাই-ডয় (আহোম ভাষা)
—  অসমৰ জিলা  —
চৰাইদেউ জিলা: চৰাইদেউ নামৰ উৎপত্তি, যাতায়ত, পৰ্য্যটন
অসমত চৰাইদেউৰ অৱস্থান
অসমত চৰাইদেউৰ অৱস্থান
দেশ চৰাইদেউ জিলা: চৰাইদেউ নামৰ উৎপত্তি, যাতায়ত, পৰ্য্যটন ভাৰত
ৰাজ্য অসম
প্ৰশাসনিক বিভাগ উজনি অসম
স্থাপিত ১৫ আগষ্ট ২০১৫ (2015-08-15)
সদৰ সোণাৰি
চৰকাৰ
 - লোকসভা সমষ্টি যোৰহাট
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)

চৰাইদেউ নামৰ উৎপত্তি

চৰাইদেউ নামৰ উৎপত্তি টাই আহোম ভাষাৰ শব্দ চে-ৰাই-ডয় পৰা হৈছে। ‌লিখিত আছে যে স্বৰ্গদেউ চাও-লুং-চ্যুকাফাপাটকাই পাহাৰ বগাই চৰাইদেউত বাহৰ পাতিছিল। ‌ চৰাইদেউৰ সৌন্দৰ্য্যত মোহগ্ৰস্থ হৈ চাও-লুং-চ্যুকাফাই চে-তাম-ডয় নামকৰণ কৰি ৰাজধানী পাতিছিল, যাৰ অৰ্থ আছিল পাহাৰৰ জিলিকা চহৰ (চে – চহৰ, ৰাই – জিলিকা, ডয় – পাহাৰ)। এই চে-ৰাই-ডয় পৰৱৰ্তী কালত চৰাইদেউ নামেৰে বিখ্যাত হৈ উঠে। ‌

যাতায়ত

স্থলপথ

ঐতিহাসিক জিলা হোৱা হেতুকে জিলাখনিত বহুতো আহোম ৰজাদিনীয়া পথ আছে। মুখ্য পথৰূপে ধোদৰ আলি পথটি ব্যৱহাৰ কৰা হয়। ই শিৱসাগৰ জিলা, গোলাঘাট জিলা, নাজিৰা, বালিঘাট, শিমলুগুৰি, নামৰূপক সংযোগ কৰিছে। তদুপৰি ধোদৰ আলিয়ে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথকো সংযোগ কৰিছে। ইতিহাসমতে আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত পাইক প্ৰথা বুলি এটা ব্যৱস্থা আছিল। এই পাইকৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বহুতো লোকে ভকতৰ বেশে সত্ৰসমূহত থানিকা পাতিছিল আৰু বিনা পৰিশ্ৰমে জীৱন-নিৰ্বাহ কৰিছিল। স্বৰ্গদেউ গদাধৰ সিংহই এই ভণ্ড ভকত বা ধোদবোৰক ধৰি আনি এটা আলি সাজিবলৈ লগাই দিছিল। গোলাঘাট জিলাৰ কমাৰবন্ধাৰ পৰা ডিব্ৰুগড় জিলাৰ জয়পুৰলৈ নিৰ্মাণ কৰা এই সুদীৰ্ঘ আলিটোকে বোলা হৈছিল ধোদৰ আলি। আন এটা ঐতিহাসিক আলি নাহৰ আলি সোণাৰি নগৰত ধোদৰ আলিৰ সৈতে সংযুক্ত হৈছে।

ৰেলপথ

শিমলুগুৰি জংশ্যন চৰাইদেউ জিলাৰ প্ৰধান ৰে'ল জংশ্যন। দূৰণিবতীয়া ৰে'লসমূহ শিমলুগুৰি জংশ্যনত ৰয়। অন্য ষ্টেশ্যনৰ ভিতৰত সোণাৰিৰ ভজো আৰু নামৰূপ ষ্টেশ্যন উল্লেখযোগ্য। এই ষ্টেশ্যনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ, ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছ আৰু লিডু-গুৱাহাটী ইণ্টাৰচিটী এক্সপ্ৰেছ ৰে'লহে ৰয়।

বায়ুপথ

ডিব্ৰুগড় জিলাৰ মোহনবাৰী বিমানবন্দৰ আৰু যোৰহাট জিলাৰ ৰৰৈয়া বিমাবন্দৰে চৰাইদেউ জিলাক বায়ুমাৰ্গেৰে সংযোগ কৰিছে। ভাৰতৰ মুখ্য বিমান পৰিবহণ সংস্থাসমূহ যেনে— জেট এয়াৰৱেজ, জেট কনেক্ট, ইণ্ডিগ', এয়াৰ ইণ্ডিয়াই এই বিমান বন্দৰকেইটালৈ সেৱা আগবঢ়ায়। পৱন হংস নামেৰে চৰকাৰী হেলিকপ্টাৰ সেৱা আছে। চাৰ্টাৰ্ড বিমানসেৱাও উপলব্ধ। আন্তৰ্জাতিক বিমানবন্দৰৰূপে গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে সেৱা আগবঢ়াই আহিছে। ‌

পৰ্য্যটন

চৰাইদেউ জিলা: চৰাইদেউ নামৰ উৎপত্তি, যাতায়ত, পৰ্য্যটন 
চৰাইদেউ জিলাৰ বিখ্যাত চৰাইদেউ মৈদাম

ন-কৈ জিলাৰূপে ঘোষণাকৰা পূৰ্বে সামগ্ৰিকভাৱে ই ঐতিহাসিক স্মৃতিচিহ্নৰে পৰিপূৰ্ণ শিৱসাগৰ জিলা আছিল। বিভাজনৰ পাছত চৰাইদেউ জিলাত আহোম সম্ৰাজ্যৰ প্ৰসাদ কাৰেংঘৰ, এছিয়াৰ পিৰামিডৰূপে বিখ্যাত চৰাইদেউ মৈদাম, শ-ধোৱা পুখুৰী, টেঙা পুখুৰী, আহোম সৈন্য প্ৰশিক্ষণ কেন্দ্ৰ ইত্যাদিকে কৰি বহুতো পুৰণি গাঁও থাকি যায়। ‌

তথ্য উৎস

Tags:

চৰাইদেউ জিলা চৰাইদেউ নামৰ উৎপত্তিচৰাইদেউ জিলা যাতায়তচৰাইদেউ জিলা পৰ্য্যটনচৰাইদেউ জিলা তথ্য উৎসচৰাইদেউ জিলাআহোমআহোম ভাষাইংৰাজী ভাষাতৰুণ গগৈশিৱসাগৰ জিলাসোণাৰি

🔥 Trending searches on Wiki অসমীয়া:

আকবৰজনপ্ৰব্ৰজনকলঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাজুৰী বৰা বৰগোহাঞিইতিহাস২৩ এপ্ৰিলনৱকান্ত বৰুৱাৰামধেনুপতঞ্জলিভগ্নাংশ (গণিত)শব্দ (অভিধান)প্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যকৰ্কট ক্ৰান্তিগুৱাহাটী (লোকসভা সমষ্টি)ভাষাবিজ্ঞানবন্দে মাতৰম্‌চৈয়দ আব্দুল মালিকলিংগ স্তম্ভনবুঢ়ী আইৰ সাধুঘৰ শালিকাশিক্ষাভ্ৰাম্যমাণ থিয়েটাৰযুগ্ম সংখ্যানাগাৰা নামমামণি ৰয়ছম গোস্বামীবৌদ্ধ ধৰ্মবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহঅৰুণাচল প্ৰদেশবিষ্ণুপ্ৰসাদ ৰাভাবাঁহী (আলোচনী)ঘৰচিৰিকাস্বাভাৱিক সংখ্যাভিটামিনপাঁচালীআত্মজীৱনীবিহুবিশ্ব গ্ৰন্থ দিৱসমোগল সাম্ৰাজ্যদৰং জিলাকাৰ্বি জনগোষ্ঠীজ্যোতিপ্ৰসাদ আগৰৱালাফলৰ তালিকাপৰ্যাবৃত্ত তালিকাবেদনেলছন মেণ্ডেলাঅসমৰ মন্ত্ৰ-সাহিত্যশিৱকীৰ্তন-ঘোষাকুলধৰ শইকীয়ামৰমৰ দেউতাইণ্টাৰনেটৰজনীকান্ত বৰদলৈজীৱনৰ বাটতক্ষযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীএমিবাগঙ্গা নদীঅসম আন্দোলনগণৰাজ্য দিৱস (ভাৰত)পদ্মনাথ গোহাঞি বৰুৱাহুঁচৰিপ্ৰব্ৰজনসংস্কৃত ভাষাদৰ্শনশৰাইঘাট দলংশ্ৰী সূৰ্য পাহাৰবৃক্ষৰুক্মিণী দেৱী অৰুণ্ডেলঅসমৰ কেইগৰাকীমান মহান ব্যক্তিসত্যনাথ বৰাঅসমৰ নদীসমূহৰ তালিকাযোগ দৰ্শনধানজাপি🡆 More