বিশ্ব থিয়েটাৰ দিৱস

বিশ্ব থিয়েটাৰ দিৱস (ইংৰাজী: World Theatre Day) প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে পালন কৰা হয়। এই দিৱস পোন প্ৰথমে ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল। আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান ৰাষ্ট্ৰসংঘৰ ইউনেস্কৰ এটা শাখা। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে এই দিৱস পালন কৰা হয়। এই দিৱসৰ দিনা থিয়েটাৰ কৰ্মীসকলৰ সভা সমিতি অনুষ্ঠিত হোৱাৰ লগতে বিভিন্ন অনুষ্ঠান, নাটক আদি প্ৰদৰ্শন কৰা হয়।

বিশ্ব থিয়েটাৰ দিৱস
ঘচিৰাম কটৱালৰ নাটক

ইতিহাস

১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে( International Theatre Institute) আৰম্ভ কৰিছিল। প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ কেন্দ্ৰ সমূহত আৰু আন্তৰাষ্ট্ৰীয় থিয়েটাৰ গোষ্ঠীয়ে এই দিৱস পালন কৰে। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় থিয়েটাৰৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই দিৱস উদযাপনৰ লক্ষ্যে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে এজন তাৰকা ব্যক্তিৰ দ্বাৰা থিয়েটাৰৰ থীম, শান্তিৰ সংস্কৃতি বিষয়ক এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে।

বিশ্ব থিয়েটাৰ দিৱস 
কোৰ্ট মাৰ্চিয়েল নাটক

প্ৰথম বিশ্ব থিয়েটাৰ দিৱসৰ বাৰ্তা ১৯৬২ চনত ফ্ৰান্সৰ জিন কোকটিয়াওয়ে লিখিছিল। প্ৰথমে হেলচিংকি আৰু তাৰ পিছত ভিয়েনাত ১৯৬১ চনৰ জুন মাহত অনুষ্ঠিত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ নৱম কংগ্ৰেছত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ ফিনিছ কেন্দ্ৰৰ হৈ অধ্যক্ষ আৰ্ভি কিভিমায়ে বিশ্ব থিয়েটাৰ দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল। স্কেণ্ডিনেভিয়ান কেন্দ্ৰ সমূহে ইয়াৰ সমৰ্থন কৰাৰ পিছত এই দিৱস বিশ্বব্যাপি পালন কৰা আৰম্ভ হ'ল। ভাৰততো প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচীৰ মাধ্যমত এই দিৱস পালন কৰা হয়।

বিশ্ব থিয়েটাৰ দিৱস 
চাণক্য নাটক

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাৰাষ্ট্ৰসংঘ

🔥 Trending searches on Wiki অসমীয়া:

কালিকা পুৰাণকৃষ্ণৰাষ্ট্ৰসংঘবিশ্ব গ্ৰন্থ দিৱসপাকস্থলীআৰ্দ্ৰতাইলন মাস্ক্যৌন নিৰ্যাতনকপৌ ফুলঢোলমহিম বৰামোপিন উত্‍সৱছ'ভিয়েট সংঘত্ৰিভুজলীলা গগৈকলনৱগ্ৰহ মন্দিৰ, গুৱাহাটীভাৰত-আৰ্য ভাষা পৰিয়ালজেতুকাপ্ৰাচীন গ্ৰীচৰংহৰিবৰ বিপ্ৰগাঁও পঞ্চায়তসৌৰভ কুমাৰ চলিহাবব্ৰুবাহনৰ যুদ্ধবনফুলৰামধেনু (আলোচনী)খামটি ভাষাআহোম বিবাহ পৰম্পৰাগৰু বিহুআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫যতীন্দ্ৰ নাথ দুৱৰাছক্ৰেটিছব্যৱস্থাপনাঅনাভেদী যৌনক্ৰিয়াধেমাজি জিলাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাসূৰ্যশ্ৰী শ্ৰী বটদ্ৰৱা থানবলোৰামকুলিবিবাহকবিৰত্ন সৰস্বতীঅংকীয়া নাটমনালিছাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যনগাঁও জিলাআহোম জনগোষ্ঠীপৰিস্থিতি বিজ্ঞানঅসমৰ পৰম্পৰাগত খেল-ধেমালিশিশু সাহিত্যৰাষ্ট্ৰসংঘ দিৱসঅসম চাহহেম বৰুৱা (ত্যাগবীৰ)ভটিমাহেমচন্দ্ৰ গোস্বামীকনকলতা বৰুৱাশাল গছমিকী মাউছযতি-চিনঅসমীয়া জাতিব্ৰিটিছ ৰাজঅসমীয়া কবিতাপোৱামক্কাকাৰ্বি ভাষাআলাবৈৰ ৰণৰুদ্ৰেশ্বৰ দেৱালয়ভৌতিক সংস্কৃতিঅৰুণ শৰ্মাগোলকীয় উষ্ণতা বৃদ্ধিওজাপালি🡆 More