বনৰীয়া ম’হ

বনৰীয়া ম'হ (ইংৰাজী: Asiatic water buffalo, বৈজ্ঞানিক নাম: Bubalus arnee)এটা ডাঙৰ আকাৰৰ ম'হৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াত স্থানীয় প্ৰজাতি। আই.ইউ.চি.

এনৰ ৰঙা তালিকাত এই প্ৰাণীবিধক সংকটগ্ৰস্ত ( endangered species)বুলি স্বীকৃতি দিয়া হৈছে। বৰ্তমান ইয়াৰ জনসংখ্যা ৪,০০০ তকৈও কম বুলি ধাৰণা কৰা হৈছে। সমগ্ৰ বিশ্বত ইয়াৰ প্ৰায় ৩,৪০০টা প্ৰাণী জীয়াই আছেগৈ। তাৰে ৩,১০০ (৯১%) ভাৰতবৰ্ষত বিশেষকৈ অসমত আছে। .

বনৰীয়া ম'হ
Wild water buffalo
বনৰীয়া ম’হ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Artiodactyla
পৰিয়াল: Bovidae
উপপৰিয়াল: Bovinae
গোত্ৰ: Bovini
গণ: Bubalus
প্ৰজাতি: B. arnee
বৈজ্ঞানিক নাম
Bubalus arnee
(Kerr, 1792)
Subspecies
  • B. a. arnee (much of India and Nepal)
  • B. a. fulvus (Assam and neighbouring areas)
  • B. a. theerapati (southeast Asia)
বনৰীয়া ম’হ
Asiatic water buffalo range

দৈহিক গঠন

বনৰীয়া ম’হ 
Skull of a wild water buffalo in the Bavarian State Collection of Zoology

বনৰীয়া ম'হ পোহনীয়া ম'হতকৈ আকাৰত ডাঙৰ আৰু ইয়াৰ ওজনো অধিক। ইহঁতৰ ওজন সাধাৰণতে ৭০০-১২০০ কিলোগ্ৰাম হয়। মূৰৰ পৰা দেহৰ দৈৰ্ঘ্য প্ৰায় ২৪০-৩০০ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য ৬০-১০০ ছে:মি: হয়। মতা আৰু মাইকী উভয়ৰে শিং থাকে। বনৰীয়া ম'হৰ ছালৰ বৰণ গাঢ় মুগা বা ক'লা হয়। ইয়াৰ কপালত এটা সৰু চুলিৰ কোঁচা থকা দেখা যায়। ইয়াৰ কাণ দুখণ তুলনামূলকভাৱে সৰু। ইয়াৰ নেজৰ আগটোত একোঁচা চুলি থাকে।

টেক্স'নমি

বনৰীয়া ম’হ 
Water buffalo sculpture, Lopburi, Thailand, 2300 BCE

কেৰলাছ লিনিয়াছে পোণপ্ৰথমে ১৭৫৮ চনত Bos bubalis হিচাপে পোহনীয়া ম'হৰ বৈজ্ঞানিক নামকৰণ কৰে। ১৭৯২ চনত ৰবাৰ্ট কেৰ (Robert Kerr) এ বনৰীয়া ম'হক Bos arnee আখ্যা দিয়ে।

বাসস্থান আৰু বিস্তৃতি

বনৰীয়া ম’হ 
Landscape in Kaziranga National Park with a herd of water buffaloes in the background

বনৰীয়া ম'হ প্ৰধানকৈ ভাৰত, নেপাল, বাংলাদেশ, ভূটান, থাইলেণ্ড আৰু কম্বোডিয়াত দেখিবলৈ পোৱা যায়। এই প্ৰাণীবিধ পাকিস্তান, বাংলাদেশ, লাওছ আৰু ভিয়েটনামৰ পৰা ইতিমধ্যে বিলুপ্ত হৈছে বুলি জনা গৈছে। এই প্ৰাণীবিধে প্ৰধানকৈ পানীপূৰ্ণ ঘাঁহনি, বিল আৰু নৈৰ উপত্যকা অঞ্চলত দেখা যায়।

ভাৰতবৰ্ষত বনৰীয়া ম'হ প্ৰধানকৈ অসমৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল যেনে কাজিৰঙা, মানস, ডিব্ৰু ছৈখোৱা, লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য আদিত বিস্তৃত হৈ আছে। তদুপৰি অৰুণাচল প্ৰদেশৰ 'D'Ering Memorial Wildlife Sanctuary' তো ইয়াক দেখা যায়। ইয়াৰ বাহিৰে পশ্চিমবংগৰ বাক্সা ব্যাঘ্ৰ্য প্ৰকল্প, মেঘালয়ৰ বালপাকৰাম (Balpakram ) ৰাষ্ট্ৰীয় উদ্যান আদিতো বনৰীয়া ম'হ সৰু সৰু গোটত বিস্তৃত হৈ আছে। নব্বৈ শতিকাৰ প্ৰধমভাগত অসম আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহতো প্ৰায় ৩,৩০০-৩,৫০০ মান বনৰীয়া ম'হ আছিল বুলি জনা যায়। কিন্তু বিভিন্ন কাৰণত এই জনসংখ্যা হ্ৰাস পাই ১৯৯৭ চনত কেৱল ১,৫০০ হৈ পৰে।

নেপালত কেৱল Koshi Tappu Wildlife Reserveত বনৰীয়া ম'হ দেখা যায়। ১৯৭৬ চনত ইয়াৰ জনসংখ্যা ৬৩ টাৰ পৰা ২০০৯ চনত ২১৯ টালৈ বৃদ্ধি পালে। ভূটানৰ ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে সৰু সৰু গোটত বনৰীয়া ম'হ দেখিবলৈ পোৱা যায়। ই প্ৰকৃততে অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে একেটা বৃহৎ গোটৰ অংশ। ম্যানমাৰৰ Hukaung Valley Tiger Reserveতো কিছুসংখ্যক বনৰীয়া ম'হ দেখা যায়।

থাইলেণ্ডত, ৪০ টাতকৈ সৰু সৰু গোটত কিছু বনৰীয়া ম'হ বিস্তৃত হৈ আছে। Huai Kha Khaeng Wildlife Sanctuary ত প্ৰায় ২৫-৩০টা মান বনৰীয়া ম'হৰ গোট এটা থকাৰ তথ্য পোৱা গৈছে। কিন্তু যোৱা ১৫ বছৰ মান ধৰি এই গোটটোত বনৰীয়া ম'হৰ সংখ্যা বৃদ্ধি পোৱা নাই।

তেনেদৰে কম্বোডিয়াতো 'Mondulkiri' আৰু Ratanakiri Provinces ত কেইডজনমান বনৰীয়া ম'হ বিস্তৃত হৈ আছে।

আচৰণ

বনৰীয়া ম'হ দিন আৰু ৰাতি সমানে সক্ৰিয় হৈ থাকে। পূৰ্ণবয়স্ক মাইকী ম'হ আৰু পোৱালিয়ে মিলি ৩০টা পৰ্যন্ত প্ৰাণীৰ স্থায়ী গোট ( clans) গঠন কৰে। এনে গোট একোটাই প্ৰায় ১৭০-১০০০ হেক্টৰ পৰ্যন্ত এলেকা অধিকাৰ কৰি ৰাখে। এনে গোটসমূহ সাধাৰণতে . পূৰ্ণবয়স্ক ম'হে নেতৃত্ব দিয়ে। এনে কেইবাটাও সৰু গোট লগ হৈ একোটা বৃহৎ দল (herd) গঠন হয়। এনে দলত ৩০-৫০০ টামান বনৰীয়া ম'হ থাকে। পূৰ্ণবয়স্ক মতা ম'হে 'bachelor group' গঠন কৰে নাইবা অকলশৰীয়াকৈ থাকে।

বনৰীবা ম'হে ঋতু অনুযায়ী প্ৰজনন কৰে। সাধাৰণতে অক্টোবৰৰ পৰা নৱেম্বৰ পৰ্যন্ত ইহঁত প্ৰজননত লিপ্ত হয়। অৱশ্যে কিছু কিছু অঞ্চলত ই বছৰ জুৰি প্ৰজনন কৰাৰো তথ্য পোৱা যায়।

মাইকী বনৰীয়া ম'হে ১০-১১ মাহ গৰ্ভধাৰণ কৰাৰ পিছত একোটাকৈ পোৱালিৰ জন্ম দিয়ে। মতা ম'হে ১৮ মাহত আৰু মাইকী ম'হে তিনিবছৰৰ বয়সত প্ৰজননৰ বাবে উপযুক্ত হৈ উঠে। বনৰীয়া ম'হৰ এতিয়ালৈকে জানিব পৰা মতে সৰ্বাধিক আয়ুসকাল হ'ল ২৫ বছৰ।

বনৰীয়া ম'হে সাধাৰণতে উদ্ভিদ খাই জীয়াই থাকে। ই খেতি পথাৰত বিশেষকৈ ধান, কুঁহিয়াৰ, মৰাপাট আদিও খায়।

স্থিতি

শেহতীয়াকৈ বনৰীয়া ম'হৰ প্ৰায় ৫০% পৰ্যন্ত জনসংখ্যা হ্ৰাস পাইছে। এই প্ৰাণীবিধে সন্মুখীন হোৱা প্ৰধান সমস্যাবোৰ হৈছে-

  • interbreeding -বনাঞ্চলৰ আশে পেশে থকা পোহনীয়া ম'হৰ সৈতে অন্ত:প্ৰজনন;
  • থাইলেণ্ড, কম্বোডিয়া, ম্যানমাৰ আদিত চোৰংচিকাৰ;
  • খেতিপথাৰলৈ পৰিৱৰ্ত্তন হোৱাৰ ফলত আৰু অন্যান্য কাৰণত হোৱা বনাঞ্চল ধ্বংস;
  • জলাহ-ভূমিৰ বিনষ্টিকৰণ;
  • পোহনীয়া ম'হৰ পৰা সোঁচৰা বিভিন্ন ৰোগ;
  • পোহনীয়া ম'হৰ সৈতে খাদ্যৰ বাবে হোৱা আন্ত; প্ৰজাতি প্ৰতিযোগিতা।

সংৰক্ষণ

Bubalus arnee ক ইতিমধ্যে CITES Appendix III ৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ভূটান, ভাৰত, নেপাল আৰু থাইলেণ্ডত আইনী সংৰক্ষণ প্ৰদান কৰা হৈছে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

বনৰীয়া ম’হ দৈহিক গঠনবনৰীয়া ম’হ টেক্সনমিবনৰীয়া ম’হ বাসস্থান আৰু বিস্তৃতিবনৰীয়া ম’হ আচৰণবনৰীয়া ম’হ স্থিতিবনৰীয়া ম’হ সংৰক্ষণবনৰীয়া ম’হ তথ্যসূত্ৰবনৰীয়া ম’হ বাহ্যিক সংযোগবনৰীয়া ম’হইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

হাবুংসংস্কৃতিবুঢ়ী আইৰ সাধুকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমানুহহিন্দু ধৰ্মঅসমীয়া ভাষা উন্নতি সাধিনী সভামণিপুৰ সংঘৰ্ষ ২০২৩মামণি ৰয়ছম গোস্বামীতামোলবেটুপাতৰাৱণঅসমীয়া লোকসাহিত্যঅসমীয়া জাতিউত্তৰ-পূব ভাৰতসত্যাগ্ৰহঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহযোগ দৰ্শনগোপীনাথ বৰদলৈলক্ষ্মীনন্দন বৰাজোনাকী (আলোচনী)সাধুকথাবড়ো চুক্তি ২০২০উমাকান্ত শৰ্মামাধৱদেৱঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাচাৰ্লছ ডাৰউইনভাৰত-আৰ্য ভাষা পৰিয়ালশব্দ (অভিধান)হিমন্ত বিশ্ব শৰ্মাশব্দনাৰী সবলীকৰণকাৰেঙৰ লিগিৰীআজান পীৰচ্যু-লিক-ফাখেৰাইপ্ৰাগজ্যোতিষপুৰ২২ এপ্ৰিলইয়াণ্ডাবু সন্ধিনলিনীবালা দেৱীমুগা (ৰেচম)কেঁচুমণিৰাম দেৱানকৃষ্ণগণিতহনুমানলোকসভাআৰৱ সাগৰঅসমীয়া ব্যাকৰণকছাৰী ৰাজ্যসাম্যবাদভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাদশৰথৰামধেনু (আলোচনী)পঞ্চায়তী ৰাজসিংহডুবি তাম্ৰলিপি আৰু ছীলআনন্দ চন্দ্ৰ আগৰৱালাহিমালয়নামঘোষাপ্ৰাকৃতিক সম্পদডাকৰ বচনবড়ো ভাষাভাৰতৰ উপৰাষ্ট্ৰপতিমাহবিশেষ্য পদভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবিষ্ণুৰাম মেধিমই আৰু নেফাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঅসমৰ সাহিত্যিকসকলৰ তালিকাসম্পাদনাভাৰতীয় ভাষাপাচন তন্ত্ৰনাটকতেজ🡆 More