উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য

উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য (ইংৰাজী: North Karbi Anglong Wildlife Sanctuaries ) অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে অৱস্থিত আৰু সেয়ে জীৱ-জন্তুৰ পৰিভ্ৰমণৰ দিশৰ পৰা ইয়াৰ গুৰুত্ব অপৰিসীম।

উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য ( North Karbi Anglong Wildlife Sanctuaries (Proposed))
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
অৱস্থান অসম, ভাৰত
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

ইতিহাস

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰায় ৯৬ বৰ্গ কিলোমিটাৰ (৯৬০০ হেক্টৰ) অঞ্চল আগুৰি আছে। ২০০০ চনৰ ২১ জুলাই তাৰিখে অসম চৰকাৰে এক অধিসূচনা অনুযায়ী এই অৰণ্য অঞ্চলক অভয়াৰণ্যৰূপে ঘোষণা কৰে। সাগৰপৃষ্ঠৰপৰা অভয়াৰণ্যখনৰ উচ্চতা ঠাই ভেদে ৮০ৰপৰা ৫০০ মিটাৰ।

ভৌগিলিক বিৱৰণ

ই যোৰহাট আৰু ডিফুৰ পৰা ক্ৰমান্বয়ে ৮৮ আৰু ২০৫ কিমি দুৰত্বত অৱস্থিত।

জলবায়ু

অভয়াৰণ্যখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গড় হিচাপত ১৮০০ মিলিমিটাৰতকৈ কম, গড় সৰ্বোচ্চ তাপমাত্ৰা ৩৪° চেণ্টিগ্ৰেড আৰু সৰ্বনিম্ন তাপমাত্ৰা ৬ চেণ্টিগ্ৰেড।

জৈৱবৈচিত্ৰ্য

উদ্ভিদ:

অভয়াৰণ্যখনত ক্ৰান্তীয় অৰ্ধ চিৰসেউজ আৰু ঠায়ে ঠায়ে ক্ৰান্তীয় সেমেকা পৰ্ণপাতী অৰণ্যই আগুৰি আছে। তদুপৰি অভয়াৰণ্যখনৰ এক বৃহৎ অঞ্চল বাঁহগছেৰে আগুৰি আছে। হলখ, খকন, ভেলেউ, শিলিখা, ঔ-টেঙা, পমা, বাঁহ আদি প্ৰধান উদ্ভিদ।

প্ৰাণী:

ঢেঁকীয়াপতিয়া বাঘ,শৰপহু, হাতী, বনৰীয়া মেকুৰী,লাজুকী বান্দৰ, কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ,মলুৱা বান্দৰ, হলৌ বান্দৰ ইত্যাদি।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে এই অভয়াৰণ্যখন লাগি থকা বাবে বানপানীৰ সময়ত কাজিৰঙাৰ গড়, ভালুক, বনৰীয়া ম'হ, খটীয়া পহু, শৰপহু আদিয়ে ইয়াত আশ্ৰয় লয়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

১। উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য Archived 2020-10-18 at the Wayback Machine (North Karbi Anglong Wildlife Sanctuary)।

Tags:

উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য ইতিহাসউত্তৰ কাৰ্বি আংলং অভয়াৰণ্য ভৌগিলিক বিৱৰণউত্তৰ কাৰ্বি আংলং অভয়াৰণ্য জলবায়ুউত্তৰ কাৰ্বি আংলং অভয়াৰণ্য জৈৱবৈচিত্ৰ্যউত্তৰ কাৰ্বি আংলং অভয়াৰণ্য উদ্ভিদ:উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য প্ৰাণী:উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য তথ্য সংগ্ৰহউত্তৰ কাৰ্বি আংলং অভয়াৰণ্য বাহ্যিক সংযোগউত্তৰ কাৰ্বি আংলং অভয়াৰণ্যঅসমইংৰাজী ভাষাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদ

🔥 Trending searches on Wiki অসমীয়া:

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ২৭ মাৰ্চমাৰ্কাছ টুলিয়াছ চিচেৰোআৰ্যভট্টঅজন্তা গুহাসমূহহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যইটাখুলিৰ ৰণভাৰতৰ উপৰাষ্ট্ৰপতিগামখাৰুসাধুকমতা ৰাজ্যতাপগতি বিজ্ঞানসতীদাহ প্ৰথাঅসমৰ সাহিত্যিকসকলৰ তালিকাৰঘুনাথ চৌধাৰীমাজুলীপাঠ পৰিকল্পনাৰামধেনুসামাজিক উপভাষাদক্ষিণপাট সত্ৰভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যচ্যু-খ্ৰং-ফাশ্ৰী শ্ৰী বটদ্ৰৱা থানশিক্ষাঅসম চাহনামদাঙৰ শিলৰ সাঁকোবনঘোষাবিবাহমাধৱদেৱগৌতম বুদ্ধশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯মাধৱ কন্দলিনাৰী সবলীকৰণইংৰাজী ভাষাঅসমীয়া ব্যাকৰণবিহুগীতপ্ৰাচীন গ্ৰীচনাটকনাৰীবীজগণিতজয়মতী কুঁৱৰীমৌখিক লোকসাহিত্যব'হাগ বিহুচিৰ চেনেহী মোৰ ভাষা জননীজাপিঅনুৰাধাৰ দেশকৃষিমাৰ্ক্সবাদকোচ ৰাজবংশীকামাখ্যা মন্দিৰগোলকীকৰণভাৰতীয় ৰেলযোগেশ দাসবৃশ্চিক (ৰাশি)ছক্ৰেটিছমণিৰাম দেৱান (চলচ্চিত্ৰ)কোষ (জীৱবিজ্ঞান)মনোবিজ্ঞানবেণুধৰ শৰ্মাপোহৰৰ বেগFale sootagaকপিলীপৰীয়া সাধুনিৰুপমা বৰগোহাঞিইমেইলমানৰ অসম আক্ৰমণঅসমৰ পুৰণি স্থাপত্যসাঁচিগছঊষাকলাজঅৰ্জুন ভঞ্জনসাঁথৰপ্ৰাৰ্থনা সমাজআইনামউৎসেচকৰজনীকান্ত বৰদলৈচাহখ্ৰীষ্টান ধৰ্মএমিবা🡆 More