অসমীয়া বান্দৰ: বান্দৰৰ প্ৰজাতি

অসমীয়া বান্দৰ (ইংৰাজী: Assamese macaque) অসমকে ধৰি দক্ষিণ-পূব এছিয়াৰ বিভিন্ন অঞ্চলত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷ অসমীয়া বান্দৰৰ দুটা মূল উপ-প্ৰজাতি আছে৷ পূব দেশীয় অসমীয়া বান্দৰ আৰু পশ্চিম-দেশীয় অসমীয়া বান্দৰ৷ পূব দেশীয় অসমীয়া বান্দৰৰ নেজডাল পশ্চিম দেশীয় উপপ্ৰজাতিতকৈ চুটি৷ অসমীয়া বান্দৰ মূলত: চিৰসেউজীয়া তথা শুকান পৰ্ণপাতী অৰণ্য, খেতি পথাৰ আদিত সাগৰ পৃষ্ঠৰ পৰা ২০০০ মিটাৰ উচ্চতালৈকে পোৱা যায়৷ অসমীয়া বান্দৰে সাধাৰণতে ফল-মূল, পাত, পোক-পৰুৱা, খেতিত হোৱা শস্য আৰু পাচলি আদি আৰু কেতিয়াবা সৰু জীৱ-জন্তু যেনে জেঠী আদি খায়৷ অসমীয়া বান্দৰ ত্ৰিছ বছৰ পৰ্য্যন্ত জীয়াই থাকিব পাৰে৷

অসমীয়া বান্দৰ (Assamese Macaque)

Assam macaque

অসমীয়া বান্দৰ: দৈহিক গঠন, বিতৰণ, বিচৰণ
সংৰক্ষণ স্থিতি
অসমীয়া বান্দৰ: দৈহিক গঠন, বিতৰণ, বিচৰণ
সংকট আসন্ন  (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Cercopithecidae
গণ: Macaca
প্ৰজাতি: M. assamensis
বৈজ্ঞানিক নাম
Macaca assamensis
M'Clelland, 1840
অসমীয়া বান্দৰ: দৈহিক গঠন, বিতৰণ, বিচৰণ
অসমীয়া বান্দৰৰ বিতৰণ

দৈহিক গঠন

অসমীয়া বান্দৰৰ দেহ মুগা-মটীয়া বৰণৰ নোমেৰে আবৃত ৷ ইয়াৰ দেহ মুগা-মটীয়া বৰণৰ নোমেৰে আবৃত, পেটৰ অংশ বগা আৰু চকুৰ চাৰিওফালে শেঁতা বগা বৰণৰ৷ ইয়াৰ গাল দুখন দীঘল নোমেৰে আৱৰা৷ মতা বান্দৰবোৰৰ মুখত দাড়ি থাকে৷ ইয়াৰ দেহৰ ওজন ৪.৬-১২ কি.গ্ৰা., মতা বান্দৰৰ দৈৰ্ঘ্য  ৭৩ ছেমি আৰু মাইকীৰ ৫৯ ছেমি পৰ্য্যন্ত হ’ব পাৰে৷

বিতৰণ

অসমীয়া বান্দৰৰ দুটা মূল উপ-প্ৰজাতি আছে -

বিভিন্ন ধৰণৰ পৰিৱেশত জীৱন-ধাৰণ কৰাৰ দক্ষতা থকাৰ ফলত বিভিন্ন ধৰণৰ অৰণ্যত এই প্ৰজাতিটো দেখা পোৱা যায়৷ভাৰতবৰ্ষত অসমীয়া বান্দৰ মূলত: চিৰসেউজীয়া তথা শুকান পৰ্ণপাতী অৰণ্যত পোৱা যায়৷

বিচৰণ

অসমীয়া বান্দৰ হিংস্ৰ নহয়৷ মলুৱা বান্দৰৰ তুলনাত ইহঁত শান্ত প্ৰকৃতিৰ৷ মানুহৰ ওচৰে-পাঁজৰে এই প্ৰজাতিটোৱে বাধ্য হৈয়ে বিচৰণ কৰে৷ ইহঁতে ১৫-২০ টাৰ দল বান্ধি থাকে৷

অসমীয়া বান্দৰে সাধাৰণতে খাদ্য, ফল-মূল, পাত, পোক-পৰুৱা ইত্যাদি খাদ্য হিচাপে গ্ৰহণ কৰে৷ ই মানুহৰ খেতিত হোৱা শস্য আৰু পাচলি আদিও খায়৷

প্ৰজনন

অসমীয়া বান্দৰ সাধাৰণতে পাঁচ বছৰ বয়সত প্ৰজননৰ বাবে সাজু হয়৷ এই বয়সত মতা বান্দৰে দল এৰি অন্য দলত যোগ দিয়ে কিন্তু মাইকীবোৰ একেটা দলতে ৰৈ যায়৷ সাধাৰণতে অসমীয়া বান্দৰে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত প্ৰজনন কৰে কিন্তু ঠাইবিশেষ এই সময়ৰ তাৰতম্য হোৱা দেখা যায়৷ মাইকী বান্দৰ প্ৰায় ১৬৫ দিন গৰ্ভৱতী হৈ থাকি এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত এটা পোৱালীৰ জন্ম দিয়ে৷ মতা বান্দৰে পোৱালিৰ যত্নত মাকৰ সমানে অংশ লোৱা দেখা যায়৷

স্থিতি তথা সংৰক্ষণ

অসমীয়া বান্দৰ: দৈহিক গঠন, বিতৰণ, বিচৰণ 
চাংহাই চিৰিয়াখানা ত অসমীয়া বান্দৰ

বসতিস্থল ধ্বংস, চোৰাং চিকাৰ আদি বিভিন্ন কাৰণত এই প্ৰাণীবিধৰ জনসংখ্যা অতি দ্ৰুত গতিক হ্ৰাস পোৱাৰ বাবে ২০০৮ চনত ইয়াক আই.ইউ. চি. এন (International Union for Conservation of Nature, IUCN)-এ সংকতাসন্ন প্ৰজাতি (Near Threatened) বুলি ঘোষণা কৰিছে। ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনে (Indian Wildlife Protection Act,1972) এই প্ৰজাতিবিধক ১নং তালিকাভুক্ত প্ৰাণী হিচাপে স্বীকৃতি দিছে৷ এই প্ৰাণীবিধক ধৰা, মাৰা বা কিনা-বেচা কৰা আইন মতে দণ্ডনীয় অপৰাধ৷

তথ্যসূত্ৰ

বহিঃসংযোগ

Tags:

অসমীয়া বান্দৰ দৈহিক গঠনঅসমীয়া বান্দৰ বিতৰণঅসমীয়া বান্দৰ বিচৰণঅসমীয়া বান্দৰ প্ৰজননঅসমীয়া বান্দৰ স্থিতি তথা সংৰক্ষণঅসমীয়া বান্দৰ তথ্যসূত্ৰঅসমীয়া বান্দৰ বহিঃসংযোগঅসমীয়া বান্দৰইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া খাদ্যাভ্যাসএডাম স্মিথ২৩ এপ্ৰিলসত্যাগ্ৰহঅসম বিধানসভামুহাম্মাদসংক্ৰমণসন্ধিফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাআৱাহন (আলোচনী)উপন্যাসসাপজৱাহৰলাল নেহৰুমহাকাব্য২৬ এপ্ৰিলব'হাগ বিহুছনেটডিব্ৰুগড়পাৰিপাৰ্শ্বিক সংঘাতহীৰেন ভট্টাচাৰ্যশকুন্তলাধেমাজিনবীনচন্দ্ৰ বৰদলৈগোপাল কৃষ্ণ গোখলেজিএছটিপ্ৰথম বিশ্বযুদ্ধভেঁকুৰচলচ্চিত্ৰগুকেশ ডিসমীৰ তাঁতীহোমেন বৰগোহাঞিচিলাৰায়অসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতভগদত্তগান্ধীবাদভাৰতীয় ভাষাসালোক সংশ্লেষণচিপাহী বিদ্ৰোহ ১৮৫৭ৰাভা ভাষাঅসমৰ সাহিত্যিকসকলৰ তালিকাআত্মজীৱনীতৰল পদাৰ্থৰামায়ণপাটকাইৰ ইপাৰে মোৰ দেশ২৪ এপ্ৰিলশিৱসাগৰ জিলাবিষুৱ ৰেখাশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাপ্লাষ্টিকব্লগমোৱামৰীয়া বিদ্ৰোহচকলংস্বদেশী আন্দোলনমঙ্গল গ্ৰহশেলাইপৰ্যটনৰুদ্ৰেশ্বৰ দেৱালয়কামৰূপ জিলাব্ৰহ্মপুত্ৰ নদবিশ্ব মেলেৰিয়া দিৱসৰূপালীমনাথান ব্ৰাউনৱিকিমিডিয়া ফাউণ্ডেশ্যনবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদুৰ্যোগঅসমীয়া বৰ্ণমালাসমাৰ্থক শব্দসতী সাধনীউৎসৱৰংফুৰালুং ধৰ্মকছাৰী ৰাজ্যকেঁচুসাৰবসন্ত ঋতুস্বামী বিবেকানন্দ🡆 More