লাজুকী বান্দৰ: বান্দৰৰ প্ৰজাতি

লাজুকী বান্দৰ (ইংৰাজী: Bengal slow loris) প্ৰধানতঃ ভাৰত উপমহাদেশ তথা ইণ্ডোনেচিয়াত পোৱা বান্দৰৰ এটা প্ৰজাতি। সমগ্ৰ বিশ্বত পোৱা অন্যান্য পাঁচটা লাজুকী বান্দৰৰ প্ৰজাতিৰ ভিতৰত এই প্ৰজাতিটোয়ে আটাইতকৈ বহুলভাৱে বিস্তৃত। এই জন্তুবিধৰ মুৰটো ঘূৰণীয়া, সমতল মুখমণ্ডল, বৃহৎ চকু, ক্ষুদ্ৰাকৃতিৰ কাণ তথা নোমাল দেহ ইয়াৰ দেহৰ প্ৰধান বৈশিষ্ট্য।

লাজুকী বান্দৰ (Bengal slow loris)
লাজুকী বান্দৰ: নামকৰণ, বিৱৰণ, বসতিস্থান
সংৰক্ষণ স্থিতি
লাজুকী বান্দৰ: নামকৰণ, বিৱৰণ, বসতিস্থান
অসুৰক্ষিত (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Lorisidae
গণ: Nycticebus
প্ৰজাতি: N. bengalensis
বৈজ্ঞানিক নাম
Nycticebus bengalensis
(Lacépède, 1800)
লাজুকী বান্দৰ: নামকৰণ, বিৱৰণ, বসতিস্থান
লাজুকী বান্দৰৰ গোলকীয় বিতৰণ
সমাৰ্থক
  • Lori bengalensis Lacépède, 1800
  • N. cinereus Milne-Edwards, 1867
  • N. tardigradus typicus Lydekker, 1905
  • N. tenasserimensis Elliot, 1913
  • N. incanus Thomas, 1921

নামকৰণ

লাজুকী বান্দৰ: নামকৰণ, বিৱৰণ, বসতিস্থান 
লাজুকী বান্দৰক পোনপ্ৰথমে ২০০১ চনত পৃথক প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হয়। তাৰ আগলৈকে ইয়াক উপ-প্ৰজাতি ৰূপে গণ্য কৰা হৈছিল

পূৰ্বতে সুন্দা লাজুকী বান্দৰৰ উপপ্ৰজাতি ৰূপে গণ্য কৰা এই জন্তু বিধে ২০০১ চনত পোনপ্ৰথমে পৃথক প্ৰজাতিৰ স্বীকৃতি পায়। অন্যান্য আঞ্চলিক ভাষাত এই প্ৰাণীবিধৰ নামবোৰ এনেধৰণৰ- বড়ো-নীলাজী মাকৰা,হিন্দী- মৰমিন্দি বিল্লি, বাংলা- লজ্জাৱতী বান্দৰ, গাৰো- গলুই ডুৰক, মিজো-চাহুয়াই, মণিপুৰী- সমৰোক গেমকক, খাচী- ইয়াপনঙ ইত্যাদি

বিৱৰণ

লাজুকী বান্দৰৰ শৰীৰ ঘন নোমেৰে আৱৰা। দেহৰ বৰণ ছাই বৰণীয়া, খয়েৰীৰ পৰা বগা ধৰণৰ। দেহ সৰু, ঘূৰণীয়া মুখৰ অধিকাংশ আৱৰি বৃহৎ চকুযোৰ , কাণ ক্ষুদ্ৰাকৃতিৰ। সমগ্ৰ দেহ ভেলভেট ৰঙৰ নোমেৰে আবৃত , মূৰ আৰু বাহুৰ নোমৰ ৰঙ পাতলীয়া। লাজুকী বান্দৰৰ কান্ধৰ ওপৰত আৰু চকুৰ চাৰিওফালে চক্ৰাকাৰ গাঢ় খয়েৰী বৰণৰ দাগ দেখিবলৈ পোৱা যায়। এই লাজকুৰীয়া জন্তুটোৰ বিষয়ে বৈজ্ঞানিক তথ্য এতিয়াও সীমিত। ইয়াৰ দিবতীয় আঙুলিৰ নখটো বেঁকা হয় আৰু ইয়াক গছৰ মুঢ়াৰ পৰা পোক-পতংগ খান্দি উলিওৱাত ব্যৱহাৰ কৰে

লাজুকী বান্দৰৰ দেহৰ দৈৰ্ঘ্য ৩০-৪০ ছে. মি.। ওজন- ১.২-১.৩ কি.গ্ৰা.।

লাজুকী বান্দৰ: নামকৰণ, বিৱৰণ, বসতিস্থান 
উনৈশ শতিকাৰ এটি বিৱৰণত লাজুকী বান্দৰৰ বৃহৎ চকু, ঘূৰণীয়া মুৰ, ক্ষুদ্ৰাকৃতিৰ কাণৰ প্ৰদৰ্শন

লাজুকী বান্দৰৰ মূৰৰ আগৰ পৰা পিঠিৰ ফাললৈ এটা ডাঠ দীঘলীয়া আঁক আছে। ইয়াৰ আগঠেং দুখন প্ৰায় বগা।

১৭ৰ পৰা ২১ মাহ বয়স হ'লে মাইকী লাজুকী বান্দৰে পোৱালি দিয়ে। গৰ্ভধাৰণৰ কাল প্ৰায় ১৯১ দিন হয়। ১২ ৰ পৰা ১৮ মাহৰ মূৰে মূৰে ই এটাকৈ পোৱালি দিয়া দেখা যায়। লাজুকী বান্দৰৰ আয়ুস প্ৰায় ২০ বছৰ।

বসতিস্থান

লাজুকী বান্দৰৰ অন্যন্য সকলো প্ৰজাতিতকৈ ই বহুল ভাৱে বিস্তৃত হৈ আছে। ভাৰত উপমহাদেশ, বাংলাদেশ, ইণ্ডোনেছিয়া, কম্বোডিয়া, লাওছ, ম্যানমাৰ, ভিয়েটনাম, দক্ষিণ চীন তথা থাইলেণ্ড জুৰি এই জন্তুৰ আৱাসভূমি। এই লাজুকী বান্দৰ বিধ মূলত: উত্তৰ-পূব ভাৰত অৰ্থাৎ অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ গভীৰ চিৰসেউজীয়া তথা সেমেকা পৰ্ণপাতী অৰণ্যত পোৱা যায়।

বিচৰণ

লাজুকী বান্দৰ নিশাচৰ জন্তু। ইয়াৰ খাদ্য হ’ল, ফল-মূল, গছৰ পাত, চৰাই, পোক-পতংগ ইত্যাদি। অকলশৰে নাইবাযোৰ পাতি থাকে। ফল-মূল খাওঁতে ওলোটাকৈ ওলমি থাকিব পাৰে।

লাজুকী বান্দৰ: নামকৰণ, বিৱৰণ, বসতিস্থান 
লাজুকী বান্দৰে গছৰ গাৰ পৰা নি:সৃত ৰসো খাদ্য হিচাপে গ্ৰহণ কৰে

দিনৰ ভাগত ই গভীৰ জোপোহা বা গছৰ খোৰোঙত নিদ্ৰামগ্ন হৈ থাকে। মতা-মাইকী উভয়ে নিজা ঠাই (territory) মূত্ৰৰ সহায়ত চিহ্নিত কৰে।

স্থিতি তথা সংৰক্ষণ

লাজুকী বান্দৰ ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনৰ দ্বাৰা কঠোৰভাৱে সংৰক্ষিত। এই আইন অনুসৰি লাজুকী বান্দৰ ১ নঙ তালিকাভুক্ত প্ৰাণী। তদুপৰি ২০০৮ চনৰ আই.ইউ. চি. এন (IUCN) ৰ ৰেড ডাটা লিষ্টত লাজুকী বান্দৰক "বিপথগামী" (Vulnerable) প্ৰজাতি হিচাপে চিহ্নিত কৰা হৈছে। চোৰাংচিকাৰ তথা বনাঞ্ছল ধ্বংসকে ইয়াৰ বাবে জগৰীয়া কৰা হয়।

তথ্যসূত্ৰ

বহি:সংযোগ

  • Francis, Charles A. (2008). A Field Guide to the Mammals of South-East Asia. প্ৰকাশক London: New Holland. ISBN 1-84537-735-4. 
  • Groves, C.P. (2001). Primate Taxonomy. Smithsonian Institution Press. ISBN 978-1560988724. 
  • Osman-Hill, W.C. (1953). Primates: Comparative Anatomy and Taxonomy. Strepsirhini. প্ৰকাশক Edinburgh, Scotland: Edinburgh University Press. 
  • Smith, Andrew T.; Xie, Yan; Hoffman, Robert S.; Lunde, Darrin (2008). A Guide to the Mammals of China. Princeton University Press. ISBN 978-0691099842. 
  • Vivek Menon,2003, A field Guide to Indian Mammals

Tags:

লাজুকী বান্দৰ নামকৰণলাজুকী বান্দৰ বিৱৰণলাজুকী বান্দৰ বসতিস্থানলাজুকী বান্দৰ বিচৰণলাজুকী বান্দৰ স্থিতি তথা সংৰক্ষণলাজুকী বান্দৰ তথ্যসূত্ৰলাজুকী বান্দৰ বহি:সংযোগলাজুকী বান্দৰইংৰাজী ভাষাইণ্ডোনেচিয়াভাৰতীয় উপমহাদেশ

🔥 Trending searches on Wiki অসমীয়া:

পাঁচালীনাৰী সবলীকৰণকামৰূপ ৰাজ্যবিহুগীতভাৰতীয় ৰিজাৰ্ভ বেংকচাণক্যনৰনাৰায়ণকামৰূপী লিপিঅসমৰ জাতীয় গীতঅসমীয়া লোক-সংস্কৃতিঅসমৰ লোকগীতপৰিসংখ্যাপৰ্যটনপাঠ্যক্ৰমঅনিমা গুহৰং পঞ্চমীত্বৰণকবিতাবিহু নৃত্যগণতন্ত্ৰচৰক সংহিতাভগ্নাংশ (গণিত)ছ'ভিয়েট সংঘহেপ্পী বাৰ্থডে মাম্মীজীপ্ৰহ্লাদপিয়লি বৰুৱাশংকৰী সংস্কৃতিহাড়সাঁচিপাতইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাসনৱগ্ৰহ মন্দিৰ, গুৱাহাটীগোলাঘাট জিলাকুশল কোঁৱৰঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫মোহনদাস কৰমচান্দ গান্ধীবিশ্বব্ৰহ্মাণ্ডৰংঘৰকাতি বিহুচ্যু-লিক-ফাবৰপেটা জিলাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীভীমৰাও ৰামজী আম্বেদকাৰলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীপাচন তন্ত্ৰবিহুৰ সাজ-পোচাক আৰু অলংকাৰখো-খোমল্লিকা ফুলকালিদাসগুৱাহাটী পৌৰ নিগমক্ৰিকেটঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাভাৰতৰ শাস্ত্ৰীয় নৃত্যবাঁহজনপ্ৰব্ৰজনঅখণ্ড সংখ্যাপৰিশেষিকা (শৰীৰস্থান)ঁ (চন্দ্ৰবিন্দু)মানৰ অসম আক্ৰমণগদ্যএ পি জে আব্দুল কালামমোৰো এটা সপোন আছেমুহাম্মাদঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগগুৱাহাটী বিশ্ববিদ্যালয়বলচৰকাৰডিমাছা জনগোষ্ঠীঅসমৰ ৰাজ্যিক প্ৰতীকসমূহখনিকৰ পুথিয়লখিমী সবাহমানক বিচলন🡆 More